AHSEC Class 11 Assamese (MIL) Chapter 11 বৰগীত :জয় জয় যাদৱ - [HS 1st Year Assamese(MIL) গোট ৩: কবিতা বৰগীত :জয় জয় যাদৱ ]

 

Are you an HS 1st year student in Assam Preparing  for your upcoming Assamese (MIL) exams? Feeling a little apprehensive about Unit-3 গোট ৩: কবিতা Chapter 11 Titled "বৰগীত :জয় জয় যাদৱ – শংকৰদেৱৰ ? Worry not! This post is your one-stop guide to conquering this chapter with confidence here we have provided complete notes of this Chapter including most important questions with perfect answer use this notes as a reference along with this notes also follow your own notes or your academic notes.


বৰগীত :জয় জয় যাদৱ শংকৰদেৱৰ

পাঠ:

তৃতীয় গোট -কবিতা 

(ক) অতি চমু প্ৰশ্ন: (মূল্যাংক -১)

প্ৰশ্ন ১: শংকৰদেৱৰ প্ৰথম বৰগীত কোনটো ?

উত্তৰঃ মন মেৰি ৰাম চৰণহি লাগু

প্ৰশ্ন ২: শংকৰদেৱে সংস্কৃত ভাষাত ৰচনা কৰা পুথিখনৰ নাম কি

উত্তৰঃ ভক্তি ৰত্নাকৰ । 

প্ৰশ্ন ৩: শংকৰদেৱে কেইখন নাট ৰচনা কৰিছিল

উত্তৰঃ ছয়খন ।

প্ৰশ্ন ৪: বৰগীতবোৰ কি ভাষাত ৰচিত

উত্তৰঃ ব্ৰজাৱলী ভাষাত ।

প্ৰশ্ন ৫: শংকৰদেৱৰ বৰগীতৰ প্ৰধান বক্তব্য কি

উত্তৰঃ হৰিভক্তিয়েহে জীৱক উদ্ধাৰ কৰিব পাৰে । এয়েই শংকৰদেৱৰ বৰগীতৰ প্ৰধান বক্তব্য । 

(খ) চমু প্ৰশ্ন : (মূল্যাংক ২/৩) 

প্ৰশ্ন ১: শ্ৰুত মাত্ৰাখিলত্ৰাতাশব্দটোৰ অৰ্থ কি ? ইয়াৰ দ্ধাৰা কাৰ কথা কোৱা হৈছে

উত্তৰঃ শ্ৰুত মাত্ৰাখিলত্ৰাতাশব্দটোৰ অৰ্থ হল শুনা বা শ্ৰৱণ কৰা মাত্ৰকে পৃথিৱীৰ সকলোকে উদ্ধাৰ কৰা ।ইয়াৰ দ্ধাৰা শ্ৰীকৃষ্ণৰ কথা কোৱা হৈছে । তেওঁৰ নাম শ্ৰৱণ কৰা মাত্ৰকে জগতৰ সকলো বস্তুৱেই পবিত্ৰ হয় । এইজন ভগৱানেই প্ৰবল জলত বেদসমূহক উদ্ধাৰ কৰিছিল । 

প্ৰশ্ন ২: বৰগীতটিত উল্লেখ কৰা দুজন অসুৰৰ নাম লিখা ।

উত্তৰঃ মধুৰিপু আৰু মুৰনাশী । 

প্ৰশ্ন ৩: বৰগীতটিত ভগৱানৰ শ্ৰীকৃষ্ণক মহদানন্দ কন্দবুলি কোৱা হৈছে

উত্তৰঃ মহদানন্দ কন্দমানে মহ বা পৰম আনন্দৰ যি মূল কাৰণ । শ্ৰীকৃষ জগতৰ সকলোৱে জীৱন শ্বৰূপ আৰু সকলোৰে দুখহৰ্তা । তেওঁ সকলোৰে আনন্দৰ মূল কাৰণ । সেই কাৰণে শ্ৰীকৃষ্ণক মহদানন্দ কন্দবুলি কোৱা হৈছে । 

প্ৰশ্ন ৪: শ্ৰীকৃষ্ণই কোন অৱতাৰত কেনেদৰে বেদসমূহ উদ্ধাৰ কৰিছিল

উত্তৰঃ শ্ৰীকৃষ্ণই বেদসমূহ মস অৱতাৰ লৈ উদ্ধাৰ কৰিছিল । তেওঁ প্ৰলয় জলত বেদসমূহ উদ্ধাৰ কৰিছিল । 

প্ৰশ্ন ৫: বৰগীতটিত শ্ৰৱণ আৰু স্মৰণৰ মহিমা কবিয়ে কেনেদৰে প্ৰকাশ কৰিছে

উত্তৰঃ শ্ৰৱণ মানে শুনা কাৰ্য আৰু স্মৰণ মানে অভিজ্ঞান বা মনত পেলোৱা কাৰ্য ।

ভক্তই যেতিয়া সঁচা অন্তৰেৰে ভগৱানৰ নাম স্মৰণ কৰে তেতিয়া ভগৱানে সকলো বিপদৰ পৰা ভক্তক উদ্ধাৰ কৰে । ভগৱান শ্ৰীকৃষ্ণৰ মহিমা অপাৰ । তেওঁৰ নাম শুনা বা স্মৰণ কৰাৰ লগে লগে জগতৰ সকলো বস্তুৱেই পবিত্ৰ হয় আৰু উদ্ধাৰ হয় । এইজন ভগৱানেই প্ৰলয় জলত বেদসমূহক উদ্ধাৰ কৰিছিল । 

(গ) দীঘল প্ৰশ্ন : (মূল্যাংক ৪/৫) 

প্ৰশ্ন ১: শংকৰদেৱৰ জয় জয় যাদৱ জলনিধিজাবৰগীতটিৰ মূলভাব লিখা । 

উত্তৰঃ শংকৰদেৱৰ জয় জয় যাদৱ জলনিধিজাবৰগীতটি ভগৱান শ্ৰীকৃষ্ণৰ জয় জয় ধ্বনিৰে আৰম্ভ হৈছে । বৰগীতটিৰ মাজেৰে ভগৱান শ্ৰীকৃষ্ণৰ নামৰ মহিমা, পৰম মঙ্গলময় ৰূপ আৰু ভক্তিৰ গম্ভীৰ ধাৰা প্ৰকাশিত হৈছে । 

ভগৱান শ্ৰীকৃষ্ণৰ মহিমা অপাৰ । তেওঁৰ নাম শ্ৰৱণ কৰাৰ লগে লগে জগতৰ সকলো বস্তুৱেই পবিত্ৰ হয় । এইজন ভগৱানেই প্ৰলয় জলত বেদসমূহক উদ্ধাৰ কৰিছিল । 

এই জগতৰ জীৱন স্বৰূপ শ্ৰীকৃষ্ণ চিৰন্তন, সত্য আৰু সনাতন মঙ্গলময় শিৱৰূপে বিৰাজমান । শ্ৰীকৃষ্ণই ৰাক্ষসকলক বধ কৰি পৃথিৱীত শান্তি প্ৰতিষ্ঠা কৰিছিল লগতে কেশীমধু, মুৰ আদি অসুৰক বধি জগতৰ আন্ধাৰ হৰণ কৰিছিল বাবে তেওঁক জগতবন্ধুবিধুবুলি কোৱা হয় । বৰগীতটোত শংকৰদেৱে শ্ৰীকৃষ্ণৰ অনুপম শাৰীৰিক ৰূপৰ বৰ্ণনাও কৰিছে । পিতবসন পৰিধান কৰা শ্ৰীকৃষ্ণৰ শাৰীৰিক সৌন্দৰ্যই শৰকালৰ জোনৰ সৌন্দৰ্যকো চেৰ পেলাইছে । শ্ৰীমন্ত শংকৰদেৱে বৰগীতটিত শ্ৰীকৃষ্ণৰ অপাৰ মহিমাৰ কথা বৰ্ণনা কৰিছে । 

প্ৰশ্ন ২: বৰগীতটিৰ মাজেৰে ভগৱান শ্ৰীকৃষ্ণৰ পৰম মঙ্গলময় ৰূপ কিদৰে প্ৰকাশ পাইছে বুজাই লিখা । 

উত্তৰঃ বৰগীতটিৰ মাজেৰে ভগৱান শ্ৰীকৃষ্ণৰ মহিমা, পৰম মঙ্গলময় ৰূপ আৰু ভক্তিৰ গম্ভীৰ ধাৰা প্ৰকাশিত হৈছে । ভগৱান শ্ৰীকৃষ্ণ এই জগতৰ ত্ৰাণকৰ্তা । তেওঁৰ নাম স্মৰণ কৰাৰ লগে লগে জগতৰ সকলো বস্তুৱেই পৱিত্ৰ হয় আৰু উদ্ধাৰ হয় । এইজন ভগৱানেই প্ৰলয় জলত মস্য অৱতাৰ লৈ বেদমূহক উদ্ধাৰ কৰিছিল । দীন-দুখীয়া আৰু অভাগাৰ প্ৰতি তেওঁৰ কৰুণা অপাৰ । শ্ৰীকৃষ্ণই ৰাক্ষসসকলক বিনাশ কৰি পৃথিৱীত শান্তি প্ৰতিষ্ঠা কৰাৰ লগতে কেশীমধু, মুৰ আদি অসুৰক বধি জগতৰ আন্ধাৰ হৰণ কৰিছিল বাবেই শ্ৰীকৃষ্ণক জগতবন্ধুবিধুবুলি কোৱা হয় । চন্দ্ৰই যেনেদৰে জগতৰ অন্ধকাৰ হৰণ কৰে, তেনেদৰে ভগবানেও দৈস্যু দানৱসকলক বধ কৰি জগতৰ পাপ হৰণ কৰি সকলোৰে মঙ্গল সাধন কৰি আহিছে । 

প্ৰশ্ন ৩: বৰগীতটিৰ জৰিয়তে শ্ৰীকৃষ্ণৰ অপৰূপ শাৰীৰিক অব্যয়বৰ বৰ্ণনা কিদৰে কৰিছে বুজাই লিখা । 

উত্তৰঃ শ্ৰীমন্ত শংকৰদেৱে বৰগীতটিত শ্ৰীকৃষ্ণৰ মঙ্গলময় ৰূপৰ উপৰিও অনুপম শাৰীৰিক ৰূপৰ বৰ্ণনাও কৰিছে । 

শ্ৰীকৃষ্ণ এই জগতৰ জীৱন স্বৰূপ । তেৱেঁই সত্য আৰু সনাতন মঙ্গলময় । শিৱৰূপে জগতত বিৰাজমান । সেইবাবেই তেওঁক সত্যম শিৱম সুন্দৰম বুলি কোৱা হয় । বৰগীতটোত শ্ৰীমন্ত শংকৰদেৱে পীতবসন পৰিধান কৰা শ্ৰীকৃষ্ণৰ শাৰীৰিক সৌন্দৰ্যই শৰকালৰ জোনৰ সৌন্দৰ্যকো চেৰ পেলাইছে বুলি উল্লেখ কৰিছে । অনন্ত নাগৰ ফণাত শয়ন কৰোঁতা শ্ৰীকৃষ্ণৰ অপৰূপ সৌন্দৰ্যই সকলোকে মোহিত কৰিছে । 

প্ৰশ্ন ৪: বৰগীতটিৰ ভাৱ-ভাষাৰ সৌন্দৰ্য সম্পৰ্কে আলোচনা কৰা । 

উত্তৰঃ বিষয়বস্তুৰ মহত্ব, সুৰৰ গাম্ভীৰ্য আৰু ভক্তিভাবৰ আকুল প্ৰকাশেৰে বৰগীতসমূহ অসমীয়া সংস্কৃতিৰ আপুৰুগীয়া সম্পদ । কবিতা বা গীতৰ লগত নিবিড়ভাৱে জড়িত হৈ থকা এটি বিষয় হৈছে কাব্যিক সৌন্দৰ্য । ভাব, ভাষা, ছন্দ, অলংকাৰ ব্যঞ্জনা আদিৰ মাজেৰে কাব্যিক সৌন্দৰ্য প্ৰকাশিত হয় । বৰগীতটিত জগত জনজীৱন অৰ্জন জনাৰ্দন দনুজ দমন দুখহাৰীশাৰীটোত আৰু ব্যঞ্জন বৰ্ণ দুটা বাৰে বাৰে ব্যৱহাৰ কৰি কবিয়ে ধ্বনি মাধুৰ্যৰ সৃষ্টি কৰিছে । ঠিক তেনেদৰেই শৰতৰ জোনৰ লগত তুলনা কৰি শ্ৰীকৃষ্ণৰ সৌন্দৰ্য মাধুৰী অধিক সুন্দৰ ৰূপত তুলি ধৰিছে । গতিকে চাবলৈ গলে বৰগীতটি সাহিত্য সৌন্দৰ্যৰ ফালৰ পৰা এটি উকৃষ্ট সৃষ্টি । 

প্ৰশ্ন ৫: ব্যাখ্যাঃ 

(ক)    জগজনজীৱন এজন জনাৰ্দন দনুজদমন দুখহাৰী । 

         মহদানন্দ কন্দ পৰমানন্দ নন্দনন্দন বনচাৰী ।।

উত্তৰঃ উক্ত কবিতা দুইশাৰী আমাৰ পাঠ্যপুথি সাহিত্য সৌৰভৰ অন্তৰ্গত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিৰচিত জয় জয় যাদৱ জলনিধিজা নামৰ বৰগীতটিৰ পৰা তুলি দিয়া হৈছে । 

ইয়াত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে শ্ৰীকৃষ্ণ এই জগতৰ জীৱনস্বৰূপ আৰু তেৱেঁই যে সকলো আনন্দৰ মূল কাৰণ তাকেই কোৱা হৈছে ।

শ্ৰীকৃষ্ণ এই জগতৰ সকলোৰে জীৱনস্বৰূপ । তেওঁৰ নাম শুনা মাত্ৰকে জগতৰ সকলো বস্তুৱেই পৱিত্ৰ হয় । এইজন ভগৱানেই প্ৰলয় জলত বেদসমূহ উদ্ধাৰ কৰিছিল । তেওঁ ৰাক্ষসসকলক বিনাশ কৰি পৃথিৱীত শান্তি প্ৰতিষ্ঠা কৰিছিল আৰু কেশীমধু, মুৰ আদি অসুৰক বধি জগতৰ আন্ধাৰ হৰণ কৰিছিল বাবেই শ্ৰীকৃষ্ণক জগত বন্ধুবিধবুলিও কোৱা হয় । ইয়াত শ্ৰীকৃষ্ণৰ অপাৰ মহিমাৰ কথা বৰ্ণনা কৰা হৈছে ।

যদি আপুনি AHSEC Class 11 Assamese (MIL) Complete Solution Chapterwise  PDF Format ত Download কৰিব বিচাৰে Download Now ত ক্লিক কৰক ।


About the author

Team Treasure Notes
We're here to make learning easier for you! If you have any questions or need clarification, feel free to drop a comment we’d love to help!

Post a Comment