[ Rabindranath Tagore University Hojai Assam Assamese Major Question Paper 2022 ]
2022
ASSAMESE (HONOURS)
Paper : 2.2
(Xahitya Xamalochana)
Full Marks: 80
Time : 3 hours
The figures in the margin indicate full marks for the questions.
১. চমু উত্তৰ দিয়া :
(ক) অলংকাৰশাস্ত্ৰত কোনখন গ্রন্থক ‘পঞ্চম বেদ' আখ্যা দিয়া হয় ?
(খ) 'শৃংগাৰ ৰস’ কোনবিধ স্থায়ীভাৱৰ পৰা উৎপত্তি হয় ?
(গ) ‘বাক্যং ৰসাত্মকং কাব্যম্' সংজ্ঞাটো কোনে আগবঢ়াইছিল ?
(ঘ) ধ্বনি কাক বোলে ?
(ঙ) অলংকাৰ শাস্ত্ৰৰ প্ৰথম গৰাকী প্রবক্তা কোন ?
(চ) ত্রৈলোক্যনাথ গোস্বামীয়ে ৰচনা কৰা সাহিত্যতত্ত্ব সম্পৰ্কীয় গ্ৰন্থ এখনৰ নাম লিখা।
(ছ) অসমীয়াত ৰচিত প্রথম উদ্ভট নাটকখনৰ নাম কি?
(জ) এৰিষ্ট'টলে তেওঁৰ 'Poetics' গ্ৰন্থত দিয়া নাটকৰ সংজ্ঞাটো লিখা।
(ঝ) কার্ল য়ুঙে লিখা প্রতীকবাদ বিষয়ক গ্ৰন্থখনৰ নাম কি ?
(ঞ) ‘মৃত্যুঞ্জয়' নামৰ বিখ্যাত অসমীয়া উপন্যাসখন কাৰ ৰচনা ?
২। চমু উত্তৰ দিয়া : (যিকোনো পাঁচটা) 2×5= 10
(ক) ভাৰতৰ নাট্যশাস্ত্ৰৰ আধাৰত অভিনৱ গুপ্তই ৰচনা কৰা টীকা দুখনৰ নাম কি কি ?
(খ) অনুভাৱ কাক বোলে ? উদাহৰণসহ লিখা (গ) কাব্যস্যাত্মা ধ্বনিৰীতি'- এই প্রসিদ্ধ উক্তিয়াৰ কাৰ ? ব্যক্তিগৰাকীয়ে ৰচনা কৰা বিখ্যাত গ্ৰন্থখনৰ নাম কি ?
(ঘ) 'Symbolism' (প্রতীকবাদ) শব্দটো পোনপ্ৰথমে কোনে, কিমান চনত প্ৰয়োগ কৰে?
(ঙ) রেখটীয় নাট্যধাৰাৰ আধাৰত ৰচিত যিকোনো দুখন অসমীয়া নাটকৰ নাম নাট্যকাৰগৰাকীৰ নামৰ উল্লেখসহ লিখা।
(চ) ২০২১ বৰ্ষত কোনগৰাকী অসমীয়া সাহিত্যিক, কোনখন গ্ৰন্থৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰে ?
৩. চমুটোকা লিখা : (যিকোনো চাৰিটা)
(ক) স্থায়ীভাৱ
(খ) মাধুর্য গুণ
(গ) প্রতীকবাদ
(ঘ) ৰমন্যাসিক কবিতাত কল্পনাৰ স্থান
(ঙ) ব্রেখ্টীয় নাট্যধাৰা
(চ) অসমীয়া ঐতিহাসিক উপন্যাস
৪। যিকোনো চাৰিটাৰ উত্তৰ লিখা :১+৯=১০
(ক) ভৰতৰ ৰসসূত্ৰটো উল্লেখ কৰি তাৰ এটা ব্যাখ্যা দাঙি ধৰা ।
(খ) ৰস কাক বোলে ? ৰসৰ প্ৰকাৰসমূহ উল্লেখ কৰি প্রত্যেকবিধৰে সংজ্ঞা আগবঢ়োৱা।
(গ) ৰীতি কাল বোলে ? ৰীতিবাদৰ প্ৰধান আচার্য হিচাপে কাক জনা যায় ? ৰীতিৰাত্মা কাব্যস্য' উক্তিটো বিচাৰ কৰা।
(ঘ) চিত্রকল্পবাদ কি ? চিত্রকল্পবাদৰ তিনি গৰাকী প্ৰবক্তাৰ নাম লিখা। চিত্ৰকল্পবাদৰ প্ৰধান বৈশিষ্ট্যসমূহ আলোচনা কৰা।
(ঙ) এৱছার্ড নাটক কাক বোলে ? এই শ্ৰেণীৰ নাটকৰ বিশেষত্বসমূহ উল্লেখ কৰি 'অসমীয়া এৱছাৰ্ড নাটক' সম্পর্কে এটা টোকা লিখা। ১+(৫+৪)=১০
(চ) উপন্যাস এখনত চৰিত্ৰৰ ভূমিকা কি ? উপন্যাসত সচৰাচৰ দেখিবলৈ পোৱা চৰিত্ৰসমূহ বিভাজন কৰি এটা প্ৰবন্ধ যুগুত কৰা।
(ছ) এৰিষ্ট টলে তেওঁৰ ‘পয়েটিকছ' গ্ৰন্থত ট্ৰেজেডীৰ সংজ্ঞা কেনেদৰে নিৰূপণ কৰিছে ? ট্ৰেজেডীৰ মূল বৈশিষ্ট্যসমূহ কি কি ? এৰিষ্ট'টলে ব্যৱহাৰ কৰা ‘কেথাৰছিছ' শব্দটোৰ ব্যাখ্যা পণ্ডিতসকলে কিদৰে কৰিছে আলোচনা কৰা ।
(জ) পণ্ডিতসকলে আগবঢ়োৱা চুটিগল্পৰ যিকোনো দুটা সংজ্ঞা লিখি চুটিগল্পৰ উপাদানসমূহ বিষয়ে বহলাই আলোচনা কৰা।
*********