Are you an HS 1st year student in Assam Preparing for your upcoming Assamese (MIL) exams? Feeling a little apprehensive about Chapter 4 Titled "কিতাপৰ কথা – প্ৰফুল্ল দত্ত গোস্বামী" "Kitapar kotha"? Worry not! This post is your one-stop guide to conquering this chapter with confidence here we have provided complete notes of this Chapter including most important questions with perfect answer use this notes as a reference along with this notes also follow your own notes or your academic notes.
কিতাপৰ কথা – প্ৰফুল্ল দত্ত গোস্বামী
পাঠ: ৪
প্ৰথম গোট – গদ্য
(ক) অতি চমু
প্ৰশ্ন: (মূল্যাংক -১)
প্ৰশ্ন ১: ছপাখানা আৰু কাগজ আবিষ্কাৰ কোন দেশৰ আবিষ্কাৰ ?
উত্তৰঃ চীন দেশৰ আবিষ্কাৰ ।
প্ৰশ্ন ২: গুৰুৰ স্থান আজিৰ যুগত কিহে কাঢ়ি লৈছে ?
উত্তৰঃ গুৰুৰ স্থান আজিৰ যুগত কিতাপে কাঢ়ি লৈছে ।
প্ৰশ্ন ৩: ইংৰাজ দার্শনিক বেকনে কিতাপ অধ্যয়নৰ বিষয়ে কি দিহা দিছিল
?
উত্তৰঃ ইংৰাজ দাৰ্শনিক বেকনে দিয়া দিহাটো এনেধৰণৰ – “কিছুমান কিতাপৰ সোৱাদ ল’ব লাগে, আন কিছুমান লাগে গিলিব আৰু অলপ সংখ্যক লাগে চোবাব আৰু হজম কৰিব ।
প্ৰশ্ন ৪: বিদ্যাৰ অনুশীলন নহ’লে কি হয় ?
উত্তৰঃ বিদ্যাৰ অনুশীলন নহ’লে মানুহৰ মন ভীৰুতা আৰু
কু-সংস্কাৰে আৱৰি ৰাখে ।
প্ৰশ্ন ৫: কিতাপ আৰু কিতাপ অধ্যয়নৰ বিষয়ে কোন কোন দেশত কি কি যোজনা
প্ৰচলিত আছে ?
উত্তৰঃ চিনদেশীয় লোকৰ মাজত কিতাপ সম্পৰ্কে প্ৰচলিত যোজনা হ’ল –
কিতাপ মেলা মানেই লাভ ।
বিদ্বান লোকে চোৰাং কাম নকৰে ।
প্ৰথম বাৰ কিতাপ এখন হাতত লোৱা মানে নতুন বন্ধু এজনেৰে চিনাকি হোৱা, দ্বিতীয়বাৰ সেইখন হাতত লোৱা মানে পিৰণি বন্ধুক লগ পোৱা । যদিহে
কোনোবাই অতীত আৰু বৰ্তমান জানিব খোজে তেনেহ’লে তেওঁ পাঁচ গাড়ী কিতাপ পঢ়ি ল’ব লাগে ।
(খ) চমু প্ৰশ্ন
:(মূল্যাংক -২/৩)
প্ৰশ্ন ১: হলেন কেলাৰৰ আত্মজীৱনীত থকা কি কথাই মানুহক কিতাপ অধ্যয়নৰ
বাবে অনুপ্ৰাণিত কৰিছিল ?
উত্তৰঃ হলেন কেলাৰে তেওঁৰ আত্মজীৱনীত লিখিছিল – “সাহিত্যই মোৰ নন্দন কানন । ইয়াত মোৰ ভোট নথকা নহয় । কোনো
ইন্দ্ৰিয়ৰ হেঙাৰে মোক মোৰ কিতাপ বন্ধুসকলৰ পৰা আঁতৰাই নাৰাখে । এওঁলোকে মোৰ লগত
নিঃসংকোচে সহজভাৱে কথা পাতে ।”
আচলতে হলেন কেলাৰে কেঁচুৱাত দৃষ্টি
শক্তি আৰু শ্ৰৱণ শক্তি হেৰুৱাইছিল । তেওঁৰ কিতাপৰ প্ৰতি থকা অদম্য স্পৃহাৰ বাবে ক’লা মানুহৰ বাবে বিশেষভাৱে তৈয়াৰী কিতাপ পঢ়িও তেওঁ মনত উপজা সেই
স্পৃহা পূৰণ কৰিছিল । শাৰীৰিক প্ৰতিবন্ধকতাই তেওঁৰ সেই গ্ৰন্থ পৃহা পূৰণত হেঙাৰ হ’ব পৰা নাছিল । হলেন কেলাৰৰ
আত্মজীৱনীৰ এই কথাই মানুহক কিতাপ অধ্যয়নৰ বাবে অনুপ্ৰাণিত কৰিছিল ।
প্ৰশ্ন ২: আনন্দৰাম ঢেকিয়াল ফুকনে বিদ্যা আৰু জ্ঞান সন্দৰ্ভত
অসমীয়া মানুহক কোৱা কথাখিনি বিশ্লেষণ কৰা ।
উত্তৰঃ আনন্দৰাম ঢেকিয়াল ফুকনে বিদ্যা আৰু জ্ঞানতকৈ যে আন একোৱে
ডাঙৰ হ’ব নোৱাৰে সেই কথা বুজাবলৈ চেষ্টা কৰিছিল । তেওঁ অসমীয়া বন্ধুসকলক
বিদ্যাৰ উপকাৰৰ বিষয়ে ক’বলৈ গৈ কৈছিল যে বিদ্যাৰ সমকক্ষ এই জীৱনকালত একোৱে হ’ব নোৱাৰে কিন্তু সভ্য আৰু সুখী হ’ব খোজাজনে কৃষি, শিল্প আদি কৰ্মত ইংৰাজসকলৰ দৰে পাৰ্গত হ’বলৈ চেষ্টা কৰিব লাগে । তেওঁৰ মতে অসমীয়াসকলে অজ্ঞনতা আৰু
শ্ৰমবিমুখিতা স্বভাৱ পৰিহাৰ কৰি কৰ্মৰ যোগেদি বিদ্যা অৰ্জনত কঠোৰ পৰিশ্ৰম কৰিব লাগিব তেতিয়াহে তেওঁলোকে জীৱনত উন্নতি কৰিব পাৰিব ।
প্ৰশ্ন ৩: দেশ আৰু জাতিক গ্ৰন্থ অধ্যয়নে কিদৰে উপকৃত কৰে, প্ৰবন্ধটিৰ আধাৰত বিচাৰ কৰা ।
উত্তৰঃ বিদ্যাৰ চৰ্চা বাঢ়িলে কিতাপৰ সমাদৰ বৃদ্ধি পায়, কিতাপৰ যোগেদি বিভিন্ন কথা জানিব পাৰি । কথা বতৰা জানিলে বিবেচনা বাঢ়ে, সাহস বাঢ়ে, বুদ্ধি মুকলি হয় । কোনো এখন সমাজত গ্ৰন্থ স্পৃহা বঢ়াৰ লগে লগে
ৰাইজে নিজৰ অভাৱ অভিযোগ বুজি উঠে । ৰাইজে সজ্ঞান আৰু সজীৱ হ’লে ৰাষ্ট্ৰৰ শাসনত কেৰোণ নালাগে, শাসন ৰাইজৰ ওপৰত মহাভাৰ হৈ পৰাৰ ভয়
নাথাকে । কিছুমান কিতাপে ৰাইজৰ ওপৰত অদ্ভুত প্ৰভাৱ পেলায় । উদাহৰণস্বৰূপে, বিবেকানন্দ, ৰামমোহন ৰায়, গান্ধীজী আদি লোকৰ ৰচনাই আমাৰ জাতীয় জাগৰণ বহুতো বেগী কৰিছে, তেনেকৈ ইউৰোপত ৰুছো,
মাৰ্ক্স আদি চিন্তাবিদৰ ৰচনাই
সমাজলৈ পৰিৱৰ্তন আনিছে ।
প্ৰশ্ন ৪: সাহিত্যৰ প্ৰতি থকা প্ৰীতিয়ে জীৱনক কেনেদৰে উদ্ভাসিত কৰিব
পাৰে, হেলেন কেলাৰৰ আত্মজীৱনীৰ আঁত ধৰি
বিচাৰ কৰা ।
উত্তৰঃ সাহিত্যৰ প্ৰতি থকা প্ৰীতিয়ে জীৱনক উদ্ভাসিত কৰি তুলিব পাৰে।
জ্ঞানৰ দুৱাৰ মুকলি কৰাৰ ক্ষেত্ৰত সাহিত্যৰ ভূমিকা গুৰুত্বপূৰ্ণ । সাহিত্যই আমাক
জীৱনৰ বিভিন্ন দিশ ফঁহিয়াই চাবলৈ শিকায় । সংসাৰৰ জটিলতা বুজিবলৈ, মনৰ শান্তিৰ বাবে সাহিত্যৰ প্ৰয়োজনীয়তা আছে । জ্ঞান বিদ্যাৰে চহকী, জীৱনৰ চেপাত পোৱা তিতা-কেঁহাৰে চহকী বহুতো লোকে তেওঁলোকৰ
অভিজ্ঞতাসমূহ কিতাপৰ জৰিয়তে সঞ্চয় কৰে । এনে কিছুমান সাহিত্যৰ মাজতে পাঠকে
বিচাৰি পায় নিজ জীৱনৰ অনুপ্ৰেৰণাৰ উৎস । এইবিলাকে পাঠৰ
অন্তৰাত্মাত সহাৰি যোগায় । হেলেন কেলাৰৰ আত্মজীৱনীখনকে ধৰা যাওক । সাহিত্য তেওঁৰ বাবে নন্দন কানন সদৃশ । যদিও
তেওঁ কেঁচুৱাতে দৃষ্টি শক্তি হেৰুৱাই পেলাইছিল, সাহিত্যৰ প্ৰতি থকা প্ৰীতিয়ে তেওঁক
এই প্ৰতিবন্ধকতা হেলাৰঙে পাৰ কৰাত সহায় কৰিছিল । কলা মানুহৰ বাবে বিশেষকৈ সজা কিতাপেৰে
তেওঁ সাহিত্যৰ ভিন্ন জ্ঞান অৰ্জন কৰিছিল । তেওঁ কৈছিল – “কোনো ইন্দ্ৰিয়ৰ হেঙাৰে মোক মোৰ কিতাপ বন্ধুসকলৰ পৰা আঁতৰাই নাৰাখে ।
এওঁলোকে মোৰ লগত নিঃসংকোচে সহজভাৱে কথা পাতে ।”
প্ৰশ্ন ৫: “…..কিন্তু যি কিতাপ এখন ধ্বংস কৰে, বিবেচনাকে হত্যা কৰে ।”- কথাষাৰ ব্যাখ্যা
কৰা ।
উত্তৰঃ সজ কিতাপ এখন পঢ়িলে তাৰ পৰা বহুতো জ্ঞান অৰ্জন কৰিব পাৰি। সজ কিতাপে মানুহৰ অন্তৰাত্মা পবিত্ৰ কৰে । জ্ঞানৰ পৰিসৰ বৃদ্ধি কৰে ।
তাৰ পোহৰত ভাস্বত হৈ উঠে মানুহ,
ভাস্বত হৈ উঠে জীৱন । কিন্তু
কেতিয়াবা, কেতিয়াবা নিজৰ
স্বাৰ্থৰ বাবে কোনো কোনো শাসকে এনে
সজ কিতাপ একোখন নষ্ট কৰি পেলায় । কিন্তু সজ কিতাপ এখন ধ্বংস কৰাটো অতি নিকৃষ্ট
কাম । কাৰণ ইয়াৰ লগে লগে ধ্বংস হয়, কিছুমান সজ বিবেচনা, যিটোৱে নেকি আন দহজনৰ কল্যান সাধিব পাৰে ।
(গ) দীঘল প্ৰশ্ন
:(মূল্যাংক -৪/৫)
প্ৰশ্ন ১: “অনাখৰী চহা লোকেও কিতাপৰ পৰা লাভ
কৰিব পৰা জ্ঞানক অশ্ৰদ্ধা মেদেখুৱাই ।” পাঠটিৰ সহায়ত
আলোচনা কৰা ।
উত্তৰঃ নিৰক্ষৰ লোকসকলে নিজা যিহেতু লিখা পঢ়া নাজানে, সেয়ে তেওঁলোকে কিতাপৰ পৰা পাব পৰা জ্ঞানৰ পৰা বঞ্চিত হয় । তেওঁলোকে
ইয়াৰ বাবে বিভিন্ন অসুবিধাৰ সন্মুখীন হ’ব লগাত পৰে । সেয়েহে কিতাপ পঢ়াটো
যথেষ্ট দৰকাৰী বুলি অনুভৱ কৰে । চহালোক সকলৰ ভাৱধাৰাৰ বিষয়ে জানিবলৈ হ’লে আমি জন-সাহিত্য সমূহৰ চৰ্চা কৰিব লাগে । পৃথিৱীৰ বিভিন্ন দেশ
সমূহৰ জনসাহিত্যই আমাক ইয়াৰ সঠিক উত্তৰ দিয়ে । চীন দেশত পুৰণি কালৰে পৰা জ্ঞানৰ
সমাদৰ আছিল, ছপাশাল আৰু কাগজো এই দেশৰে আৱিষ্কাৰ । চীন দেশত প্ৰচলিত যোজনাই আমাক
কিতাপ সম্পৰ্কে জনসাধাৰণৰ মাজত প্ৰচলিত কিছুমান ধাৰণা আভাস দিয়ে । চীনদেশৰ
কেইটিমান এনে যোজনা হ’ল-
কিতাপ মেলা মানেই লাভ ।
বিদ্বান লোকে চোৰাং কাম নকৰে ।
প্ৰথম বাৰ কিতাপ লোৱা মানে নতুন
বন্ধু এজনেৰে চিনাকি
হোৱা, দ্বিতীয়বাৰ সেইখন হাতত লোৱা মানে পুৰণি বন্ধুক লগ পোৱা । যদিহে
কোনোবাই অতীত আৰু বৰ্তমান জানিব খোজে তেনেহ’লে তেওঁ পাঁচ গাড়ী কিতাপ পঢ়ি ল’ব লাগে ।
অলবানিয়াত প্ৰচলিত যোজনা এটিয়েও
অনাখৰী লোকৰ মনৰ ভাৱ এনেদৰে ব্যক্ত কৰিছে – যি পঢ়িব আৰু লিখিব পাৰে তাৰ চকু
চাৰিটা । তেখেতে পৃথিৱীত এনে বহুতো জন সাহিত্য পোৱা যায় য’ত অনাখৰী লোকে কিতাপৰ শিক্ষাৰ ওপৰত যথেষ্ট গুৰুত্ব আৰোপ কৰিছে । আমাৰ
অসমৰ জনসাহিত্যও ইয়াৰ ব্যতিক্ৰম নহয় । অসমীয়া লোক সমাজৰ মাজতো পঢ়া শুনা বা
কিতাপ সম্বন্ধীয় যোজনা আছে ।
যেনে – (ক) পঢ়াই পঢ়ে, ৰুৱে পাণ
এই তিনিয়ে নিশ্চিন্তে আন ।
(খ) লিখা পঢ়া জানে
যি
হাতী ঘোঁৰাত উঠে সি ।
উপৰোক্ত যোজনাবোৰৰ পৰা ইয়াকে জনা যায় যে অনাখৰী লোকসকলে কেতিয়াও
কিতাপক বা পঢ়া শুনা আদিক আশ্রদ্ধা কৰা নাছিল । বৰঞ্চ এই লোকসকলে আনক কিতাপৰ জ্ঞান
লাভৰ বাবে উৎসাহহে যোগাইছিল ।
প্ৰশ্ন ২: ”
কিছুমান কিতাপৰ সোৱাদ ল’ব লাগে,
আন কিছুমান লাগে গিলিব, আৰু অলপ সংখ্যক লাগে চোবাব আৰু হজম কৰিব ।” কথাখিনিৰ তাৎপৰ্য নিশ্লেষণ কৰা ।
উত্তৰঃ এয়া আছিল ইংৰাজ দাৰ্শনিক বেকনৰ কিতাপৰ অধ্যয়নৰ সম্পৰ্কে
দিয়া দিহা । আমি আমাৰ জীৱনত বহুতো কিতাপৰ সংস্পৰ্শলৈ আহোঁ । আমি পোৱা সকলো কিতাপ
আমি গূঢ়াৰ্থ বুজি পঢ়াৰ আৱশ্যক নহয় । কিতাপ সমূহক আমি নিৰ্বাচন কৰি পঢ়োঁ ।
কিতাপৰ প্ৰকাৰ অনুযায়ী আমি সেইবোৰক পঢ়াৰ ধৰণো সলনি কৰোঁ । কোনো বিখ্যাত লিখকৰ
ধৰাহ’ল কোনো এখন কিতাপ নতুনকৈ ওলাইছে, কিতাপে পত্ৰে সেই কিতাপখনৰ খুউব
চৰ্চা হৈ আছে কিতাপখননো আচলতে কেনেকুৱা বুলি আমি তাৰ পাত সমূহ লুটিয়াই চাওঁ
তেতিয়াহ’লে কিতাপখনৰ আমি সোৱাদ লোৱা বা চাকি চোৱা কথাটো বুজাব । কেতিয়াবা
বতৰ বেয়া থাকিলে, বিশেষ কাম কাজো নাই,
সময় কটাবৰ বাবে বিছনাত পৰি পৰি যদি
আমি কোনো গ্ৰন্থ পঢ়োঁ, পঢ়ি পঢ়ি একে পঢ়াই কিতাপখন যদি শেষ কৰোঁ অথচ পঢ়াৰ অন্তত আমাৰ
বিশেষ একো মনত নাথাকিলে, কোনোবাই সুধিলেও সঠিককৈ ক’ব নোৱাৰিলে কিতাপখন গিলি পেলোৱা
অৰ্থটো বুজায় ।
আকৌ আমি দোকানলৈ গৈ কোনো এখন কিতাপ কিনি আনিলোঁ । কিতাপখনৰ কোনো এটা
বিশেষ ঘটনাই বা কথাই আমাৰ মন এনেকৈ চুই গ’ল যে যাৰ বাবে আমি সেই ঘটনা বা কথাৰ
গূঢ়াৰ্থ বুজিবলৈ কিতাপখন অতি পু্ংখানুপূংখভাৱে অধ্যয়ন কৰিলোঁ । তেতিয়া সেই
কিতাপখন চোবাই পাগুলি হজম কৰা কথাটোকে বুজায় ।
প্ৰশ্ন ৩: “হে মোৰ অসমীয়া মিত্ৰ সকল, বিদ্যা যেনেকৈ ইহকালত উপকাৰক আন একো তেনে নহয়;”- কথাষাৰৰ যুক্তি-যুক্ততা বিচাৰ কৰা ।
উত্তৰঃ হে মোৰ অসমীয়া মিত্ৰসকল বিদ্যা যেনেকৈ ইহকালত উপকাৰক আন একো
তেনে নহয় –
এই কথাষাৰ আনন্দৰাম ঢেকিয়াল ফুকনে অসমীয়া লোকসকলক ইংলেণ্ডৰ বিৱৰণ
দিয়াৰ সময়ত কৈছিল । তেখেতে অসমীয়া সকলক ইংলেণ্ডৰ লোকসকলক অনুসৰণ কৰি নিজকে সকলো
দিশৰ পৰা শ্ৰেষ্ঠ বনাবলৈ কৈছিল । তেখেতৰ মতে আমাৰ দেশখন পূৰ্বতে ইংলেণ্ডৰ তুলনাত
সভ্য আছিল । কিন্তু পিছলৈ ইংলেণ্ডৰ বিদ্যোৎসাহি লোকসকলে নিজৰ
যোগ্যতাৰ গুণত পৃথিৱীৰ সভ্য জাতিৰ আগশাৰীত স্থান ল’লে । কিন্তু আমাৰ অসমীয়া জাতিটোৱে
দিনে দিনে সভ্য হোৱাতকৈ তলৰ ফালেহে নামি গৈছিল । আজিৰ পৰা এশ বছৰ মান আগেয়ে
অসমীয়া জাতিয়ে কানি বৰবিহৰ পিছত পৰি ধ্বংস হোৱাৰ উপক্ৰম হৈছিল । তাৰোপৰি জাতিটো
হৈ পৰিছিল চূড়ান্ত এলেহুৱা আৰু অজ্ঞানী । এই সময়ত এই অজ্ঞানীলোক সকলক আন্ধাৰৰ
কবলৰ পৰা উঠাই আনিবলৈ বিদ্যা শিক্ষাৰ প্ৰয়োজন হৈছিল ।
এই জগতত জ্ঞান অৰ্জনৰ ক্ষেত্ৰত বিদ্যাৰ সমকক্ষ একো নহয় আৰু জ্ঞান
থাকিলেহে আদৰ সন্মান থাকে । অসমীয়া সকলে নিজৰ অজ্ঞানী আৰু শ্ৰম বিমুখতা স্বভাৱ
এৰি একান্ত ভাৱে বিদ্যা আহৰণ কৰে তেতিয়াহ’লে তেওঁলোকেও নিশ্চয় এদিন সকলো
ক্ষেত্ৰত পাৰদৰ্শিতা দেখুৱাব পাৰিব । বেঙ্গলী সকলে যেনেকৈ এই ইংৰাজ সকলৰ পৰাই নানা
বিদ্যা অৰ্জন কৰি ভিন্ন ক্ষেত্ৰত সফল হৈছে, অসমীয়া জাতিয়েও এনে ধৰণৰ উপায়
অৱলম্বন কৰাটো দৰকাৰ । সেয়েহে আনন্দৰাম ঢেকিয়াল ফুকনে অসমীয়া সকলক বুজাবলৈ
চেষ্টা কৰিছে – বিদ্যা অৰ্জন কৰিবলৈ হ’লে লাজ নকৰিবা । অলসতা অজ্ঞানতা
আঁতৰাই মাত্ৰ বিদ্যাৰ অনুশীলন কৰা । কাৰণ বিদ্যাতকৈ ডাঙৰ সম্পদ আৰু নাই । বিদ্যাই
যেনেকৈ উপকাৰ কৰে, এই জনমত আন কোনো বস্তুৱে নোৱাৰে । বিদ্যা আৰু জ্ঞানেই হ’ল উন্নতিৰ মূল ।
প্ৰশ্ন ৪: “কিছুমান কিতাপে ৰাইজৰ ওপৰত অদ্ভুত
প্ৰভাৱ পেলায় ।” পাঠটোৰ সহায়ত বুজাই লিখা ।
উত্তৰঃ কিতাপে ৰাইজৰ ওপৰত অদ্ভূত প্ৰভাৱ পেলায় । কিতাপ হ’ল জ্ঞানৰ ভাণ্ডাৰ । আন কথাত কব পাৰি কিতাপৰ বিদ্যা থুপাই থোৱা ধনৰ
নিচিনা । আনে থুপাই থোৱা ধন যেনেকৈ কষ্ট নকৰাকৈ ভোগ কৰিব পাৰি তেনেকৈ কিতাপৰ
জ্ঞানো কষ্ট নকৰাকৈ আৰ্জিব পাৰি । কিতাপে আমাক দূৰৈৰ মাণিক হাততে পোৱাত সহায় কৰে
। দেশ বিদেশৰ বিভিন্ন জনৰ ভিন্ন ধৰণৰ জ্ঞান আমি ঘৰত বহিয়েই লাভ কৰিব পাৰোঁ ।
এইবোৰ পঢ়িলে আমাৰ বিবেচনা শক্তি বাঢ়ে, সাহস বাঢ়ে, বুদ্ধিও মুকলি হয় ।
অতি প্ৰাচীন কালৰ পৰাই কিতাপে ৰাইজৰ ওপৰত প্ৰভাৱ পেলাই আহিছে । আমি
আমাৰ ৰামায়ণ, মহাভাৰত, গীতা আদি পুথিসমূহক এই শ্ৰেণীত ধৰিব পাৰো । এই পুথিসমূহে প্ৰাচীন
কালৰে পৰা বৰ্তমান সময়লৈকে বহুতো জ্ঞানৰ সমল যোগায় আহিছে । তেনেকৈ বিবেকানন্দ, ৰামমোহন ৰায়, গান্ধীজী আদি লোকৰ ৰচনাই আমাৰ জাতীয় জাগৰণ বহুতো বেগী কৰিছে ।
তেনেকৈ ইউৰোপত ৰুছো, মাৰ্ক্স আদি চিন্তাবিদৰ ৰচনাই সমাজ পৰিবৰ্তনত প্ৰেৰণা যোগাইছে ।
ৰুছোৰ ‘The Social
Contract,’ ‘Emile,’ ‘Confessions’ কালমাৰ্ক্সৰ ‘The communist
Manifesto,’ ‘Das Kapital’ আদি গ্ৰন্থই অত্যাচাৰৰ বিৰুদ্ধে থিয় দিবলৈ শিকাইছিল । তেনেকৈ
মেক্সিম গৰ্কীৰ কিতাপেও ৰুচিয়াত নৱজাগৰণৰ সৃষ্টি কৰিছিল । গৰ্কীৰ নাটক, উপন্যাস আৰু কবিতাত মুখৰিত হৈ উঠিছিল সাহিয়াল, নিষ্কৰ্মী আৰু প্ৰদদলিত হৈ সপোন দেখোতা জনৰ উন্মাদনা ।
পৃথিৱীৰ যিমানবিলাক ধৰ্মগ্ৰন্থ, দৰ্শনৰ কিতাপ, আত্মজীৱনী বা অন্যান্য বিষয়ৰ কিতাপ লিখা হৈছে সকলোতে আছে অভিজ্ঞতা
আৰু জীৱনমুখী চিন্তা, যি মানুহক ভবাই তোলে আৰু জীৱন ধাৰণ কৰিবলৈ সহজ, শুদ্ধ আৰু পবিত্ৰ পথৰ নিৰ্দেশ দিয়ে । কিতাপ হ’ল সত্যৰ পোহৰ বিলোৱা, কাহানিও নুনুমোৱা এক বন্তি । মানুহৰ
অন্তৰত কোনো এটা বিষয়ৰ শুদ্ধতা বা অশুদ্ধতাৰ প্ৰমাণ দিয়াৰ ক্ষেত্ৰত কিতাপ হ’ল উৎকৃষ্ট মাধ্যম সেয়েহে পৃথিৱীৰ উৎকৃষ্ট কিতাপ কিছুমানে ৰাইজৰ ওপৰত অদ্ভুত প্ৰভাৱ
পেলোৱা দেখা যায় ।
প্ৰশ্ন ৫: “আজি যন্ত্ৰৰ যুগত গুৰুৰ স্থান
সৰহখিনি কিতাপে কাঢ়ি লৈছে । এতিয়া কিতাপেই গুৰু ।” কথাখিনি পাঠটিৰ সহায়ত আলোচনা কৰা ।
উত্তৰঃ কিতাপ পঢ়িব লাগে জ্ঞানৰ কাৰণে । দেখাত জ্ঞান দৈনন্দিন জীৱনত
আৱশ্যকীয় যেন নালাগিলেও, সংসাৰৰ জটিলতা বুজিবলৈ, মনৰ শান্তিৰ বাবে লাগতিয়াল ।
জ্ঞান-বিদ্যাৰে চহকী, জীৱনৰ চেপাত পোৱা তিতা-কেঁহাৰে চহকী বহুতো লোকে তেওঁলোকৰ
অভিজ্ঞতাসমূহ সঞ্চিত কৰি কিতাপত সৃষ্টি কৰি এইবিলাকে পাঠকৰ অন্তৰাত্মাত সঁহাৰি
তোলে ।
আজিৰ যুগৰ সৰহভাগ কিতাপে বৰ্তমান সভ্যতাৰ বিভিন্ন আভাস দিয়ে ।
পাঠ্যপুথি আৰু বোৱা-কটা, ৰন্ধা-বঢ়া আদি কেনেকৈ কৰিব লাগে তাৰ সংকেত দিয়া কিতাপৰ পৰা সাধাৰণ
উপন্যাস আৰু ভ্ৰমণ কাহিনীলৈ আজিৰ দিনত কিতাপৰ অলেখ পো-পোৱালি ।
আগৰ দিনত কিতাপৰ অভাৱ আছিল । প্ৰয়োজন অনুপাতে কিতাপ নথকাত যথেষ্ট
অসুবিধাৰ সৃষ্টি হৈছিল । এই অভাৱৰ বাবে ছাত্ৰসকলে সেই সময়ত গুৰু গৃহত থাকি গুৰুৰ
মুখৰ পৰা যি ওলায় তাকে ‘বিদ্যা শিক্ষা’
হিচাপে গ্ৰহণ কৰিছিল ।
বৰ্তমান যুগ যিহেতু যন্ত্ৰৰ যুগ । এতিয়া আৰু আগৰ সেই কিতাপৰ অভাৱোঁ
নাই, গুৰু গৃহত গৈ বিদ্যা শিক্ষা লোৱাৰ প্ৰয়োজনীয়তাও নাই । এতিয়া
কিতাপেই গুৰু । বৰ্তমানত কিতাপ প্ৰকাশৰ বাবে বহুতো উন্নত ছপাশালৰ ব্যৱহাৰ হোৱা
প্ৰায় সকলো ধৰণৰ কিতাপে আমাৰ মাজত আছে । আমি আঁতৰ প্ৰয়োজন অনুসৰি সেইবোৰ গোটেই ল’লেই হ’ল । অৱশ্য কিতাপৰ বিষয়টো বুজিবলৈ প্ৰয়োজনীয় বিচাৰ বুদ্ধি আমাৰ
থাকিব লাগিব । এই বিচাৰ বুদ্ধি থাকিলে আমি স্কুল কলেজত নপঢ়িও ঘৰতে কিতাপৰ সহায়ত
জ্ঞান অৰ্জন কৰিব পাৰো ।
অতিৰিক্ত প্রশ্নোত্তৰ
১৷ তলত দিয়া প্রশ্নবােৰৰ চমু উত্তৰ দিয়া ।
প্ৰশ্ন (ক) প্রফুল্লদত্ত গোস্বামীৰ এখন ভ্রমণকাহিনীৰ নাম লিখা।
উত্তৰঃ মােৰ ৰাছিয়া ভ্রমণ।
প্ৰশ্ন (খ) শেষ ক’ত’উপন্যাসখনৰ লিখক কোন?
উত্তৰঃ প্রফুল্লদত্ত গােস্বামী।
প্ৰশ্ন (গ) কিতাপৰ কথা পাঠটি ক’ৰ পৰা সংগ্ৰহ কৰা হৈছে?
উত্তৰ : হােমেন বৰগােহাঞি সম্পাদিত ‘শ্রেষ্ঠ অসমীয়া নির্বাচিত প্ৰৱন্ধ’ শীর্ষক গ্ৰন্থৰ পৰা লােৱা হৈছে।
প্ৰশ্ন (ঘ) প্রফুল্ল দত্ত গােস্বামীয়ে ৰচনা
কৰা এখন উপন্যাসৰনাম লিখা।
উত্তৰঃ“কেঁচা পাতৰ কঁপনি”।
প্ৰশ্ন (ঙ) প্রফুল্লদ
গােস্বামীৰআত্মজীৱনীখনৰনাম কি?
উত্তৰ মনৰ পক্ষী উভতি উৰে।
প্ৰশ্ন (চ) “বুৰঞ্জী আৰু সংস্কৃতিগ্ৰন্থখনৰ লিখক কোন?
উত্তৰঃ প্রফুল্লদত্ত গােস্বামী।