AHSEC Class 11 Assamese (MIL) Chapter: 5 গিবন–হোমেন বৰগোহাঞি- [HS 1st Year Assamese(MIL) পাঠ: ৫ গিবন – হোমেন বৰগোহাঞি ]

Chapter 5 Titled "গিবন – হোমেন বৰগোহাঞি" "Jibon - Homen Borgohai


Are you an HS 1st year student in Assam Preparing  for your upcoming Assamese (MIL) exams? Feeling a little apprehensive about Chapter 5 Titled "গিবন – হোমেন বৰগোহাঞি" "Jibon - Homen Borgohai"? Worry not! This post is your one-stop guide to conquering this chapter with confidence here we have provided complete notes of this Chapter including most important questions with perfect answer use this notes as a reference along with this notes also follow your own notes or your academic notes.


গিবন হোমেন বৰগোহাঞি

পাঠ:

প্ৰথম গোট গদ্য

(ক) অতি চমু প্ৰশ্ন: (মূল্যাংক -১)

প্ৰশ্ন ১: এডৱাৰ্ড গিবন কোন আছিল

উত্তৰঃ এডৱাৰ্ড গিবন বিশ্বৰ এগৰাকী ঐতিহাসিক আৰু লেখক আছিল । 

প্ৰশ্ন ২: এডৱাৰ্ড গিবনে অধ্যয়ন কৰা কলেজখনৰ নাম লিখা ।

উত্তৰঃ : অক্সফোৰ্ড মেগডালেন কলেজ ।

প্ৰশ্ন ৩: এডৱাৰ্ড গিবনে ৰচনা কৰা প্ৰখ্যাত গ্ৰন্থ এখনৰ নাম লিখা ।

উত্তৰঃ “The History of the decline and Fall of the Roman Empire.”

প্ৰশ্ন ৪: শ্বপেনহাৱাৰ কোন আছিল ?

উত্তৰঃ এগৰাকী বিখ্যাত জাৰ্মান দাৰ্শনিক ।

প্ৰশ্ন ৫: আলেকজেন্দ্ৰিয়ান কোৱাৰ্টেটনামৰ উপন্যাস মালাৰ লেখক কোন আছিল

উত্তৰঃ ডাৰেল । 

(খ)চমু প্ৰশ্ন : (মূল্যাংক ২/৩) 

প্ৰশ্ন ১: জন মিল্টন কোন শতিকাৰ কবি আছিল ? তেওঁ ৰচনা কৰা বিখ্যাত মহাকাব্যখনৰ নাম লিখা ।

উত্তৰঃ জন মিল্টন সপ্তদশ শতিকাৰ কবি আছিল । তেওঁ ৰচনা কৰা বিখ্যাত মহাকাব্যখনৰ নাম পেৰাডাইজ লষ্ট 

প্ৰশ্ন ২: দাৰ্শনিক ৰুছোৱে ৰচনা কৰা দুখন গ্ৰন্থৰ নাম লিখা । 

উত্তৰঃ ‘The Social contract’ আৰু Confressions’

প্ৰশ্ন ৩: গিবনৰ সম্পূৰ্ণ নামটো কি আছিল ?তেওঁ কোন শতিকাৰ লেখক আছিল

উত্তৰঃ গিবনৰ সম্পূৰ্ণ নাম এডৱাৰ্ড গিবন । তেওঁ সপ্তদশ শতিকাৰ লেখক আছিল ।

প্ৰশ্ন ৪: ‘Age of Reason’ নামৰ গ্ৰন্থখন কোনে কেতিয়া ৰচনা কৰিছিল ?

উত্তৰঃ ‘Age of Reason’ নামৰ গ্ৰন্থখন অষ্টদশ শতিকাৰ থমাছ পেইনে ৰচনা কৰিছিল । এই গ্ৰন্থখন ১৭৯০ চনত প্ৰকাশিত হৈছিল । 

প্ৰশ্ন ৫: যৌৱন কালত এডৱাৰ্ড গিবন কোনখন দেশৰ, কোনখন চহৰৰ বাসিন্দা আছিল

উত্তৰঃ যৌৱন কালত এডৱাৰ্ড গিবন ছুইজাৰলেণ্ডৰ লুছাঁন চহৰৰ বাসিন্দা আছিল ।

(গ) দীঘল প্ৰশ্ন : (মূল্যাংক ৪/৫) 

প্ৰশ্ন ১: এডৱাৰ্ড গিবনৰ চমু পৰিচয় দিয়া । 

উত্তৰঃ এডৱাৰ্ড গিবনৰ ১৭৩৭ চনত ইংলেণ্ডত জন্ম হৈছিল । ছাত্ৰ অৱস্থাত অসাধাৰণ প্ৰতিভাৰ বিশেষ পৰিচয় দিব নোৱাৰিলেও পৰৱৰ্তীকালত বিশ্বৰ এগৰাকী ঐতিহাসিক আৰু লেখকৰূপে খ্যাতি লাভ কৰিছিল । এডৱাৰ্ড গিবন এগৰাকী প্ৰখ্যাত বুৰঞ্জীবিদ আৰু সাংসদ আছিল । তেওঁ ১৭৮১ চনৰ পৰা ১৭৮৪ চনলৈ ব্ৰিটিছ সংসদৰ সদস্য হিচাপে দায়িত্ব পালন কৰিছিল । গিবনৰ অমৰ কীৰ্তি হ‘The History of the Decline and Fall of the Roman Empire’ শক্তিশালী আৰু ব্যতিক্ৰমী গদ্যশৈলীৰ বাবে গিবন আজিও বিখ্যাত । 

প্ৰশ্ন ২: এডৱাৰ্ড গিবনে ৰচনা কৰা ৰোমান সাম্ৰাজ্যৰ ইতিহাস বিষয়ক গ্ৰন্থখনৰ চমু পৰিচয় দাঙি ধৰা ।

উত্তৰঃ এডৱাৰ্ড গিবনে ৰচনা কৰা ৰোমান সাম্ৰাজ্যৰ ইতিহাস বিষয়ক গ্ৰন্থখন সাতটা খণ্ডত সমাপ্ত । এই বিপুলায়তন ইতিহাস গ্ৰন্থই সম্ৰাট এণ্টনিনেছৰ ৰাজত্বকলৰ পৰা আৰম্ভ কৰি তুৰ্কীসকলৰ দ্বাৰা কনষ্টাণ্টিনপলৰ  অধিকাৰৰ সময়লৈকে সুদীৰ্ঘ চৌধ্যটা শতাব্দী সামৰি লৈছে । ৰোমান সাম্ৰাজ্যৰ অৱক্ষয়ৰ সূচনা, খ্ৰীষ্টিয়ানিটিৰ উত্থান, ইছলামৰ বিজয় অভিজান, ইউৰোপত জাতীয় ৰাষ্ট্ৰ গঠনৰ আৰম্ভণি আদি পৃথিৱীৰ ইতিহাস তোলপাৰ লগোৱা অজস্ৰ যুগান্তকাৰী ঘ্টনা ঘটিছিল এই চৌধ্যটা শতাব্দীত । এনে এখন গ্ৰন্থৰ লেখক গিবনৰ ব্যক্তিত্বই কিদৰে গঢ় লৈছিল তাৰো বৰ্ণনা আছে প্ৰবন্ধটোত । ৰোমান সাম্ৰাজ্যৰ ইতিহাস গ্ৰন্থখনৰ ইংৰাজী মূল গ্ৰন্থখন হ‘The History of the Decline and Fall of the Roman Empire.’ 

প্ৰশ্ন ৩: এডৱাৰ্ড গিবনে কত কিদৰে শিক্ষা গ্ৰহণ কৰিছিল, বুজাই লিখা । 

উত্তৰঃ এডৱাৰ্ড গিবনে পোন্ধৰ বছৰ বয়সত এক্সফোৰ্ডৰ মেগডালেন কলেজত ভৰ্তি হৈছিল যদিও সেই সময়ত জগত বিখ্যাত অক্সফোৰ্ড বিশ্ববিদ্যালয়ৰ অতি শোচনীয় অৱস্থা আছিল । পঢ়া শুনা নাই বুলিয়েই কব পাৰি । কিন্তু অধ্যাপকসকলৰ পৰা বিশেষ সহায় নাপালেও গিবনে নিজে প্ৰচুৰ কিতাপ পঢ়িছিল । গিবনে অক্সফোৰ্ডত থাকোতেই প্রটেষ্টাণ্ট ধৰ্মমত ত্যাগ কৰি ৰোমান কেথলিক ধৰ্মমত দীক্ষিত হবলৈ মন মেলাত তেওঁৰ মতি-গতি দেখি অভিভাৱকসকল আতংকিত হৈ তেওঁক কলেজৰ পৰা নাম কটাই জোৰকৈ ছুইজাৰলেণ্ডৰ লুছাঁন চহৰলৈ পঠাই দিছিল । লুছাঁনত থকা সৰ্বশ্ৰেষ্ঠ বছৰকেইটা গিবনে নোপোৱা হলে গিবন আজি গিবন হলহেঁতেন নে নাই সেই বিষয়ে সন্দেহ আছে । 

প্ৰশ্ন ৪: চমু টোকা লিখা : 

(ক) শ্বপেনহাৱাৰ 

উত্তৰঃ এওঁ গৰাকী বিখ্যাত জাৰ্মান দার্শনিক (১৭৮৮-১৮৬০) । তেওঁৰ নন্দনতাত্বিক, নৈতিক আৰু মনোবৈজ্ঞানিক লিখনিসমূহে উনবিংশ আৰু বিংশ শতিকাৰ চিন্তানায়ক আৰু শিল্পীসকলক বাৰুকৈয়ে প্ৰভাৱিত কৰিছিল । শ্বপেনহাৱাৰ বিশেষকৈ নাস্তিক নিৰাশাবাদদৰ্শনৰ বাবে প্ৰসিদ্ধ আছিল । ‘The World as Will and Representation’ তেওঁৰ বিখ্যাত ৰচনা । 

(খ) ভলতেয়াৰ

উত্তৰঃ ভলতেয়াৰ অষ্টাদশ শতিকাৰ ফ্ৰান্সৰ এগৰাকী বিখ্যাত লেখক দাৰ্শনিক । তেওঁ মূলতঃ ব্যংগাত্মক ৰচনাৰ বাবে প্ৰসিদ্ধ । সমকালীন ফ্ৰান্সৰ বিভিন্ন দিশৰ ওপৰত তেওঁ আলোকপাত কৰি লিখা ব্যংগাত্মক লেখাসমূহ ফৰাছী সাহিত্যৰ অমূল্য সম্পদ । কান্দিদতেওঁৰ দ্ধাৰা ৰচিত ব্যংগাত্মক উপন্যাস । ভলতেয়াৰ ফৰাছী বিপ্লৱ আদৰ্শৰ অন্যতম অনুপ্ৰেৰণাকাৰি ।

প্ৰশ্ন ৫: প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা : 

          “যিসকল লেখকে সমগ্ৰ জীৱন ধৰি এখন মাত্ৰ মহ গ্ৰন্থ ৰচনাৰ সাধনাত ব্ৰতী হৈ থাকে, তেওঁলোকে সেই গ্ৰন্থ ৰচনাৰ সমাপ্তিৰ পিছত এক বিশেষ ধৰণৰ শূন্যতা অনুভৱ কৰে ।” 

উত্তৰঃ উক্ত কথাকেইশাৰী আমাৰ পাঠ্যপুথি সাহিত্য সৌৰভৰ অন্তৰ্গত হোমেন বৰগোহাঞি দেৱৰ ৰচিত গিবননামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে ।

ইয়াত লেখক বিশিষ্ট সাহিত্যিক হোমেন বৰগোহাঞিদেৱে এডৱাৰ্ড গিবন নামৰ শ্রেষ্ঠ ইতিহাসবিদজনৰ জীৱনৰ মাজেৰে ; জীৱনত অৰ্থপূৰ্ণ সৃষ্টি কৰিবলৈ হল যে অধ্যৱসায়, পৰিশ্ৰম আৰু সাধনাৰ প্ৰয়োজন সেই কথাটো কব বিচাৰিছে । 

এডৱাৰ্ড গিবনে তেওঁৰ জীৱনত শ্রেষ্ঠ কীৰ্তি ডি ডিক্লাইন এণ্ড ফল অব ৰোমান এম্পায়াৰনামৰ সাতটা খণ্ডৰ বোৰঞ্জীখন ৰচনা কৰিবলৈ যাওঁতে কেনে ধৰণৰ কষ্ট কৰিছিল তাৰ আভাস ইয়াত দিছে । এই গ্ৰন্থখনত তেওঁ চৈধ্যটা শতিকা জুৰি বিৰাজমান ৰোমান সাম্ৰাজ্যৰ বিশাল ইতিহাস ৰচনা কৰিছিল । গ্ৰন্থখনত তেওঁ সম্ৰাট এণ্টনিঅৰ ৰাজত্বকালৰ পৰা কনষ্টাণ্টিনপলৰ পটনলৈকে সুদীৰ্ঘ চৈধ্যশ বছৰীয়া কালছোৱাৰ ইতিহাস প্ৰণয়ন কৰিছে । সুদীৰ্ঘ সোতৰ  বছৰ কঠিন শ্ৰম কৰি যেতিয়া তেওঁ গ্ৰন্থখন সমাপ্ত কৰিলে, তাৰ পিছত যেন তেওঁৰ মূৰৰ বোজা নাইকিয়া হল সেই কাৰণে সুদীৰ্ঘ সোতৰ বছৰ কঠিন শ্ৰম কৰি গ্ৰন্থ ৰচনাৰ সমাপ্তিৰ পিছত গিবনে এক বিশেষ ধৰণৰ শূন্যতা অনুভৱ কৰিছিল ।

অতিৰিক্ত প্রশ্নোত্তৰ

১। তলত দিয়া প্রশ্নবােৰৰ চমু উত্তৰ দিয়া ।
প্ৰশ্ন (ক) পৃথিৱীত এতিয়ালৈকে যিমানবােৰ কিতাপ ৰচিত হৈছে সেইবােৰৰ ভিতৰত মাত্ৰ কেইখনমানহে পঢ়িবৰ যোগ্য।কথাষাৰ কোনে কৈছিল?
উত্তৰ : জার্মান দার্শনিক শ্বপেনহাৱাৰে।

প্ৰশ্ন (খ) এডৱাৰ্ড গিবনে প্রেমত পৰা ছােৱালীজনীৰ নাম কি আছিল?
উত্তৰ : ছুজান কাৰচদ।

প্ৰশ্ন (গ) Adolphe আত্মজীৱনীমূলক উপন্যাসখন কাৰ ৰচনা ?
উত্তৰ : বেঞ্জামিন কঁষ্টাট।

প্ৰশ্ন (ঘ) হােমেন বৰগােহাঞিয়ে সম্পাদনা কৰা এখন কাকতৰ নাম লিখা।
উত্তৰ : নিয়মীয়া বার্তা

প্ৰশ্ন (ঙ) হােমেন বৰগােহাঞিয়ে ৰচনা কৰা দুখন নাটকৰ নাম লিখা।
উত্তৰ : হালধীয়া চৰায়ে বাওঁধান খায়আৰু অন্তৰাৰ্গ

প্ৰশ্ন (চ) হােমেন বৰগােহাঞিৰ আত্মজীৱনীমূলক গ্রন্থখনৰ নাম কি ?
উত্তৰ : আত্মানুসন্ধান।

প্ৰশ্ন (ছ) কোনখনগ্রন্থৰ বাবে হােমেন বৰগােহাঞিয়ে সাহিত্য একাডেমীৰ বঁটা লাভ কৰে?
উত্তৰ : পিতাপুত্র (১৯৭৮ চন)।

প্ৰশ্ন (জ)গিবন নামৰ পাঠটি হােমেন বৰগােহাঞিৰ কোনখন গ্রন্থথৰ পৰা তুলি দিয়া হৈছে?

উত্তৰঃ স্বৰ্গ আৰু নৰকনামৰ গ্ৰন্থৰ পৰা। 

Post a Comment

Cookie Consent
Dear Students, We serve cookies on this site to analyze traffic, remember your preferences, and optimize your experience.
Oops!
It seems there is something wrong with your internet connection. Please connect to the internet and start browsing again.
AdBlock Detected!
We have detected that you are using adblocking plugin in your browser.
The revenue we earn by the advertisements is used to manage this website, we request you to whitelist our website in your adblocking plugin.