Gauhati University BA 6th Sem Modern Political Philosophy Paper 2022
Semester VI (CBCS) Examination, 2022
Political Science
Paper: POL-HC-6016 (Modern Political Philosophy)
(Honours Core)
Full Marks: 80
Time: 3 hours
The figures in the margin indicate full marks for the questions.
Answer either in English or in Assamese.
1. Answer the following as directed (any ten): (1×10=10)
(a) Who is the author of the book Das Kapital?
‘ডাচ কেপিটেল’ গ্ৰন্থখনৰ লিখক কোন?
(b) From which Latin word is the term modern originated?
‘Modern’ প্রতিশব্দটো মূল কোন লেটিন শব্দৰ পৰা আহিছে?
(c) "Man is born free and everywhere he is in chains." Who said this?
“মানুহ স্বাধীন হৈয়ে জন্মগ্ৰহণ কৰে যদিও তেওঁ শিকলিৰ দ্বাৰা বান্ধ খাই থাকে।” এই কথাষাৰ কোনে কৈছিল?
(d) Karl Marx separated religion from politics. (Write True or False)
কার্ল মার্ক্সে ধৰ্মক ৰাজনীতিৰ পৰা পৃথক কৰিছিল। (সত্য নে অসত্য লিখা)
(e) What is Enlightenment? is a book authored by ________. (Fill in the blank)
‘What is Enlightenment?’ নামৰ গ্ৰন্থখন ________ লিখিছিল।
(f) Did John Stuart Mill follow Bentham's utilitarianism? (Yes/No)
জন ষ্টুৱাৰ্ট মিলে বেন্থামৰ উপযোগিতাবাদৰ অনুসৰণ কৰিছিলনে?
(g) Alexandra Kollontai was associated with which Revolution in Russia?
আলেকজেণ্ডা কলনটাই ৰাছিয়াৰ কোনটো বিপ্লৱৰ সৈতে জড়িত আছিল?
(h) Who is the author of the book A Vindication of the Rights of Woman?
‘A Vindication of the Rights of Woman’ গ্ৰন্থখনৰ লিখক কোন?
(i) John Stuart Mill was a liberal socialist. (Write True or False)
জন ষ্টুৱাৰ্ট মিল এগৰাকী উদাৰনৈতিক সমাজবাদী আছিল। (সত্য নে অসত্য লিখা)
(j) Whom did Marx follow in his concept of Dialectical Materialism?
মাৰ্ক্সে তেওঁৰ দ্বন্দ্বাত্মক বস্তুবাদ ধাৰণাটোত কাক অনুসৰণ কৰিছে?
(k) Mary Wollstonecraft was a ________ feminist. (Fill in the blank)
মেৰী উলষ্টনক্রাফ্ট এগৰাকী ________ নাৰীবাদী আছিল।
(l) Did Rousseau believe in direct democracy? (Yes/No)
ৰুছোই প্ৰত্যক্ষ গণতন্ত্ৰত বিশ্বাস কৰিছিলনে?
(m) "Feminism is a part of bourgeois ideology." Who said this?
“নাৰীবাদ হ'ল বুৰ্জোৱা আদৰ্শৰ এটা অংশ।” এই কথাষাৰ কোনে কৈছিল?
(n) Who used the term tyranny of the majority?
‘সংখ্যাগুৰুৰ স্বেচ্ছাচাৰিতা’ প্রতিশব্দটো কোনে ব্যৱহাৰ কৰিছিল?
(o) Rousseau did not support the system of private property. (Write Yes or No)
ৰুছোই ব্যক্তিগত সম্পত্তি ব্যৱস্থাটোৰ সমৰ্থন কৰা নাছিল। (হয় অথবা নহয় লিখা)
2. Answer the following questions (any five): (2×5=10)
(a) Mention two defects of Rousseau’s thought.
ৰুছোৰ চিন্তাধাৰাৰ দুটা আসোঁৱাহ উল্লেখ কৰা।
(b) What do you mean by wingless eros?
‘ডেউকাবিহীন ইৰ’চ’ মানে কি বুজা?
(c) Write two universal values of modernity.
আধুনিকতাৰ দুটা সাৰ্বজনীন মূল্যবোধ লিখা।
(d) Mention any two theories of Marx.
মাৰ্ক্সৰ যি কোনো দুটা তত্ত্ব উল্লেখ কৰা।
(e) Mention two principles of Mill's utilitarianism.
মিলৰ উপযোগিতাবাদৰ দুটা নীতি উল্লেখ কৰা।
(f) Write any two negative aspects of modernity.
আধুনিকতাৰ যি কোনো দুটা নেতিবাচক দিশ লিখা।
(g) Mention two drawbacks of Alexandra Kollontai's concept of socialism.
আলেকজেণ্ডা কলনটাইৰ সমাজবাদৰ ধাৰণাৰ দুটা দোষ উল্লেখ কৰা।
(h) Mention two suggestions forwarded by Mary Wollstonecraft for women empowerment.
মহিলা সবলীকৰণৰ বাবে মেৰী উলষ্টনক্রাফটে আগবঢ়োৱা দুটা পৰামৰ্শ উল্লেখ কৰা।
3. Answer the following questions (any four): (5×4=20)
(a) Explain briefly Marx’s concept of class struggle.
মাৰ্ক্সৰ শ্ৰেণী-সংগ্ৰামৰ ধাৰণাটো চমুকৈ ব্যাখ্যা কৰা।
(b) Discuss briefly the nature of the State as outlined by Rousseau.
ৰুছোৱে আগবঢ়োৱা ৰাষ্ট্ৰৰ প্ৰকৃতি চমুকৈ আলোচনা কৰা।
(c) Discuss briefly Mary Wollstonecraft’s views on the liberty of women.
নাৰীৰ স্বতন্ত্রতা সম্পর্কে মেৰী উলষ্টনক্রাফ্টৰ ধাৰণাৰ চমুকৈ আলোচনা কৰা।
(d) Write a note on John Stuart Mill’s views on Representative Government.
প্ৰতিনিধিত্বমূলক চৰকাৰ সম্পৰ্কে জন ষ্টুৱাৰ্ট মিলৰ ধাৰণাৰ বিষয়ে এটা টোকা লিখা।
(e) Write a note on Alexandra Kollontai’s concept of Proletarian Women.
সৰ্বহাৰা নাৰী সম্পর্কে আলেকজেণ্ড্ৰা কলনটাইৰ ধাৰণাৰ ওপৰত এটা টোকা লিখা।
(f) Discuss briefly Rousseau’s views on self-government.
ৰুছোৰ স্ব-শাসন ধাৰণাটোৰ ওপৰত চমু আলোচনা আগবঢ়োৱা।
(g) Write a short note on Mary Wollstonecraft as a critique of Rousseau.
ৰুছোৰ এজন সমালোচক হিচাপে মেৰী উলষ্টনক্রাফ্টৰ ওপৰত এটা চমু টোকা লিখা।
(h) Write a short note on Mill’s views on liberty.
মিলৰ স্বতন্ত্ৰতাৰ অভিধাৰণাৰ ওপৰত এটা চমু টোকা লিখা।
4. Answer the following questions (any four): (10×4=40)
(a) Critically explain Marx’s concept of the materialistic interpretation of history.
মাৰ্ক্সৰ ইতিহাসৰ বস্তুবাদী ব্যাখ্যা ধাৰণাটোৰ সমালোচনাত্মক ব্যাখ্যা আগবঢ়োৱা।
(b) “Renaissance in Europe brought new horizons in political thought.” Discuss.
“ইউৰোপৰ নৱজাগৰণে ৰাজনৈতিক চিন্তাধাৰাত নতুন দিগন্তৰ উন্মেষ ঘটাইছিল।” আলোচনা কৰা।
(c) Why is Mary Wollstonecraft regarded as the first feminist thinker in the world? Discuss.
মেৰী উলষ্টনক্রাফ্টক কিয় বিশ্বৰ প্ৰথমগামী নাৰীবাদী চিন্তাবিদ আখ্যা দিয়া হয়? আলোচনা কৰা।
(d) What is General Will? Discuss its nature and characteristics as given by Rousseau.
সাধাৰণ ইচ্ছা কি? ৰুছোৰ সাধাৰণ ইচ্ছাৰ প্ৰকৃতি আৰু বৈশিষ্ট্য আলোচনা কৰা।
(e) What do you mean by modernity? Discuss its various aspects.
আধুনিকতা বুলিলে কি বুজা? আধুনিকতাৰ বিভিন্ন দিশ আলোচনা কৰা।
(f) Discuss critically the contribution of John Stuart Mill to political philosophy.
ৰাজনৈতিক দৰ্শনৰ ক্ষেত্ৰত জন ষ্টুৱাৰ্ট মিলৰ অৱদানৰ সমালোচনাত্মক আলোচনা কৰা।
(g) Evaluate Marx’s concept of Dictatorship of the Proletariat.
মাৰ্ক্সৰ সৰ্বহাৰাৰ একনায়কত্ব ধাৰণাটোৰ মূল্যায়ন কৰা।
(h) Critically evaluate Rousseau’s political thought.
ৰুছোৰ ৰাজনৈতিক চিন্তাধাৰাৰ সমালোচনাত্মক মূল্যায়ন কৰা।
❑❑❑❑❑
Also Explore: GU BA 6th Sem. Political Science all Subjects Papers