AHSEC Class 11 Assamese (MIL) Chapter: 7 অসমৰ পুৰণি খেল ধেমালি - [HS 1st Year Assamese(MIL) পাঠ: ৭ অসমৰ পুৰণি খেল ধেমালি]

Chapter 7 Titled "অসমৰ পুৰণি খেল-ধেমালি – সুবোধ মল্ল বৰুৱা

 

Are you an HS 1st year student in Assam Preparing  for your upcoming Assamese (MIL) exams? Feeling a little apprehensive about Chapter 7 Titled "অসমৰ পুৰণি খেল-ধেমালি – সুবোধ মল্ল বৰুৱা? Worry not! This post is your one-stop guide to conquering this chapter with confidence here we have provided complete notes of this Chapter including most important questions with perfect answer use this notes as a reference along with this notes also follow your own notes or your academic notes.



অসমৰ পুৰণি খেল-ধেমালি সুবোধ মল্ল বৰুৱা

পাঠ:

প্ৰথম গোট গদ্য

(ক) অতি চমু প্ৰশ্ন: (মূল্যাংক -১)

প্ৰশ্ন ১: বিহু আকৌ আহিলগ্ৰন্থখন কোনে ৰচনা কৰিছিল ?

উত্তৰঃ হেমবৰগোহাঞিয়ে বিহু আকৌ আহিলনামৰ গ্ৰন্থখন ৰচনা কৰিছিল । 

প্ৰশ্ন ২: প্ৰথম আহোম ৰজাজনৰ নাম কি আছিল

উত্তৰঃ প্ৰথম আহোম ৰজাজনৰ নাম আছিল চ্যুকাফা 

প্ৰশ্ন ৩: ক্ৰীড়া কি

উত্তৰঃ ক্ৰীড়া হল এক আনন্দ, শাৰীৰিক আৰু মানসিক সক্ষমতাৰ চূড়ান্ত প্ৰকাশ । 

প্ৰশ্ন ৪: বিশ্বৰ সবাতোকৈ জনপ্ৰিয় ফুটবল খেলক চীনত তাহানি কি আখ্যা দিছিল

উত্তৰঃ ছু-চু বুলি আখ্যা দিছিল ।

প্ৰশ্ন ৫: চীনত ছু-চু খেলৰ প্ৰচলন থকাৰ সময়ত অসমত কি কি খেলৰ প্ৰচলন আছিল

উত্তৰঃ কণী যুঁজ, কড়ি যুজঁ ইত্যাদি । 

(খ) চমু প্ৰশ্ন : (মূল্যাংক ২/৩)

প্ৰশ্ন ১: ঢোপ খেলৰ প্ৰচলন ক, কেনেকৈ হৈছিল বৰ্ণনা কৰা । 

উত্তৰঃ ঢোপ খেলৰ জন্ম ক, হৈছিল সেয়া কোনেও কব নোৱাৰে । এইবিধ খেল যে আহোম যুগতো জনপ্ৰিয় আছিল তাৰ অলেখ উদাহৰণ পোৱা যায় । ব্ৰিটিছ ৰাজত্বৰ শেষছোঁৱাত তেজপুৰৰ পৰা আঠ কিলোমিটাৰ দূৰৰ মোদপীৰ ঢেকেৰিপাৰ নামৰ বৃহ বাকৰি এখনত এইবিধ খেলৰ সমাৰোহ অনুষ্ঠিত হৈছিল । পিছত কোকৰাঝাৰৰ বিনোদ ব্ৰহ্ম নামৰ এগৰাকী খেলুৱৈয়ে এইবিধ খেল জনপ্ৰিয় কৰি তোমাৰ বাবে প্ৰয়াস কৰিলেও ই সফল নহল । আমাৰ থলুৱা খেলবিলাক একত্ৰিত কৰি ইয়াক জনমানসত প্ৰতিষ্ঠিত কৰাৰ বাবে ভাৰত চৰকাৰৰ তৰফৰ পৰা ১৯৮৯ চনত ইণ্ডিজেনাছ গেমছ নাম দি ক্ৰীড়া সমাৰোহৰ আয়োজন কৰিছিল । ইণ্ডিজেনাছ গেমছৰ সৈতে সম্পৰ্ক ৰখা ঢোপ খেলৰ সৈতে বৰপেটা অঞ্চলৰ ঐতিহ্যমণ্ডিত ঢেমনা অনা খেলৰ অনেক মিল পোৱা যায় । 

প্ৰশ্ন ২: বৰপেটা অঞ্চলত প্ৰচলিত থলুৱা খেলসমূহ কি কি ?

উত্তৰঃ বৰপেটা অঞ্চলৰ জনসাধাৰণৰ মাজত বহুবাৰ থলুৱা খেলৰ প্ৰচলন আছিল । এইসমূহৰ ভিতৰত গন্ধ হাউ, লালী, ফূৰ্তি বা গোল্লা, হাফলা, মিলা, ৰছী টনা, কুকুৰা যুঁজ, টাংগুটি, ভটা-গুটি, মুঠি ভটা, বামবোল, মংগল পাঠা, হাতবল, বৈঠাবল, তিনিঠেঙীয়া দৌৰ, টেকেলি ভঙা, গছ কপটি, থাটি কপটি আদিৰ কথা বিশেষভাৱে উল্লেখযোগ্য । 

প্ৰশ্ন ৩: ৰংঘৰৰ বাকৰিত অনুষ্ঠিত হোৱা খেলসমুহৰ নাম লিখা । 

উত্তৰঃ মহ যুজঁ, বাঘ-ভালুকৰ যুজঁ, হাতী যুজঁ, আদি ৰংঘৰৰ সন্মুখত অনুষ্ঠিত হৈছিল । 

প্ৰশ্ন ৪: ইণ্ডিজেনাছ গেমছ কোনে, ত কেতিয়া অনুষ্ঠিত কৰিছিল ?

উত্তৰঃ ইণ্ডিজেনাছ গেমছ ১৯৮৯ চনত ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণ অথবা ছাইৰ তৰফৰ পৰা শিৱসাগৰৰ ঐতিহ্যমণ্ডিত ৰংঘৰৰ বাকৰিত অনুষ্ঠিত হৈছিল ।

প্ৰশ্ন ৫: ফুল-ফুলতীখেল কিদৰে খেলা হয়, পাঠৰ আধাৰত লিখা ।

উত্তৰঃ ফুল-ফুলতী খেল ছোৱালীৰ মাজত আৱদ্ধ আৰু সমাজ জীৱনত যথেষ্ট সমাদৃত । এই খেলত সৰু-সৰু বল বা গুটিৰে শাৰী সজোৱা হয় । প্ৰতিটো শাৰীত সমান গুটি ৰাখিব লাগে আৰু প্ৰতিটো গুটিৰ ব্যৱধানো সমান হব লাগে । ইয়াৰ পিছতো প্ৰতিজন অংশ গ্ৰহণ কৰিয়ে গুটিৰ চাৰিওপিনে এটা বৃত্ত আঁকিব লাগিব । এনেদৰে বৃত্ত আকোঁতে কোনো প্ৰতিযোগিয়ে যদি গুটি স্পৰ্শ কৰে তেন্তে তেওঁক খেলৰ বাহিৰ হোৱা বুলি ধৰা হয় । 

(গ) দীঘল প্ৰশ্ন : (মূল্যাংক -৪/৫) 

প্ৰশ্ন ১: আহোম যুগত কোন ৰজাৰ দিনত ক্ৰীড়াই সৰ্বাধিক পৃষ্ঠপোষকতা পাইছিল ? তেওঁ খেলৰ প্ৰতি থকা মোহ কেনেদৰে প্ৰকাশ পাইছিল, তাৰ এটি চমু বৰ্ণনা দিয়া । 

উত্তৰঃ আহোম যুগত ক্ৰীড়াই সৰ্বাধিক পৃষ্ঠপোষকতা পাইছিল স্বৰ্গদেউ ৰুদ্ৰসিংহৰ দিনত । আহোম ৰাজ্যৰ বিভিন্ন অঞ্চলত পুখুৰী খান্দি জলক্ৰীড়াৰ প্ৰতি (সাঁতোৰ আদি) জনসাধাৰণক আকৃষ্ট কৰিছিল । অৱশ্যে তেওঁ পেভিলিয়ন সদৃশ মঞ্চ নিৰ্মান কৰিও খেলৰ প্ৰতি থকা তেওঁৰ মোহ প্ৰকাশ কৰিছিল । তেওঁ ১৫-১৬ হাতৰ শালকাঠৰ খুটাৰে এই পেভিলিয়ন সদৃশ মঞ্চ নিৰ্মান কৰিছিল । 

প্ৰশ্ন ২: পুৰণি কালত বিহুৰ সময়ত কেনে ধৰণৰ খেল অনুষ্ঠিত হৈছিল

উত্তৰঃ পুৰণি কালত বিহুৰ সময়ত নৈ, পুখুৰী আদিত নাওখেল অনুষ্ঠিত হৈছিল । একেদৰে কিছুমান পাহোৱাল ডেকা লৰাই মালযুঁজত ভাগ লৈছিল । এই মালযুজঁ বৰ্তমান ৰেষ্টলিং অথবা মল্লযুদ্ধৰ লেখীয়া আছিল । 

প্ৰশ্ন ৩: অহোম যুগৰ আটাইতকৈ জনপ্ৰিয় খেলবিধ কি ? এই খেল সম্পৰ্কে চমুকৈ লিখা ।

উত্তৰঃ আহোম যুগৰ আটাইতকৈ জনপ্ৰিয় খেলবিধ হৈছে শেন আৰু কনুৱাৰ খেল । 

শেন আৰু কনুৱাৰ খেলৰ বাবে স্থাপন কৰা হৈছিল চৰাইচোং । ছয়-সাতখন মুকলি খেল পথাৰত লৈ চিহ্নিত কৰা হৈছিল চৰাইচোঙক । শেন মেলাত অংশ লোৱা শেন চৰাইক প্ৰশিক্ষসকলে দিয়া অভিনৱ প্ৰশিক্ষণ মন কৰিবলগীয়া আছিল । বিশেষকৈ খেলৰ মাজত শেন চৰাইটোৱে কনুৱাক বধ কৰি ঠোঁটেৰে কামুৰি আকাশলৈ গৈ অভিনৱ ছন্দেৰে খৰলুটি মাৰি তললৈ নামি অহাৰ দৃশ্য চাই থাকিবলগীয়া আছিল । 

প্ৰশ্ন ৪: ঢেমনা অনা খেল কোন অঞ্চলত প্ৰচলিত  ? খেলবিধৰ সম্পৰ্কে চমুকৈ লিখা । 

উত্তৰঃ ঢেমনা অনা খেল বৰপেটাত অঞ্চলত প্ৰচলিত ।ঢেমনা অনা খেল সাধাৰণতে শীতকালত অনুষ্ঠিত হৈছিল । বৰপেটা অঞ্চলত ঢেমনা অনাৰ অৰ্থ হল কোনো বিপত্নীকে বাৰী তিৰোতাক পত্নী ৰূপে অনা । দুটা দলৰ মাজত অনুষ্ঠিত এইবিধ খেলত এটা দলত ৪ জনৰ পৰা ১০ জন বা ততোধিক খেলুৱৈ থাকে । বয়সৰ তাৰতম্য লৈও খেলুৱৈৰ সংখ্যা কম-বেছি কৰা হয় । খেলৰ সঁজুলি হিচাপে এটা বল ব্যৱহাৰ কৰা হয় । এই খেলত ব্যৱহাৰ কৰা বলটো দুয়োটা দলে দলিওৱাৰ পাছত যিটো দলে অধিক ঢেমনা আনিব, সেই দলটোৱেই বিজয়ী হব ।


About the author

Team Treasure Notes
We're here to make learning easier for you! If you have any questions or need clarification, feel free to drop a comment we’d love to help!

Post a Comment