AHSEC Class 11 Assamese (MIL) Chapter 15 ৰাজপথ - [HS 1st Year Assamese(MIL) গোট ৩: কবিতা ৰাজপথ -ভৱানন্দ দত্ত ]

গোট ৩: কবিতা Chapter 15 Titled "ৰাজপথ -ভৱানন্দ দত্ত

 

Are you an HS 1st year student in Assam Preparing  for your upcoming Assamese (MIL) exams? Feeling a little apprehensive about Unit-3 গোট ৩: কবিতা Chapter 15 Titled "ৰাজপথ -ভৱানন্দ দত্ত? Worry not! This post is your one-stop guide to conquering this chapter with confidence here we have provided complete notes of this Chapter including most important questions with perfect answer use this notes as a reference along with this notes also follow your own notes or your academic notes.


ৰাজপথ -ভৱানন্দ দত্ত

পাঠ: ৬

তৃতীয় গোট -কবিতা 

(ক) অতি চমু প্ৰশ্ন: (মূল্যাংক -১)

প্ৰশ্ন ১: ‘অসমীয়া কবিতাৰ কাহিনী’ গ্ৰন্থখন কাৰ ৰচনা ? 

উত্তৰঃ ভৱানন্দ দত্তৰ । 

প্ৰশ্ন ২: ‘ব্লেক আউট’ মানে কি ?

উত্তৰঃ ব্লেক আউট মানে হ’ল নিষ্প্রদীপ ।

প্ৰশ্ন ৩: ৰাজপথত কোন সময়ত ভদ্ৰ-বনিতাৰ চৰণাঘাত পৰে ?

উত্তৰঃ আন্ধাৰ ৰাতি ৰাজপথত ভদ্ৰ-বনিতাৰ চৰণাঘাত পৰে । 

প্ৰশ্ন ৪: ‘ৰাজপথ’ কবিতাটি প্ৰথমে কোনখন আলোচনীত প্ৰকাশ পাইছিল ? 

উত্তৰঃ জয়ন্তী নামৰ আলোচনীখনত । 

প্ৰশ্ন ৫: ‘নচিকেতা’ কাৰ ছদ্মনাম ?

উত্তৰঃ ভৱানন্দ দত্তৰ ছদ্মনাম । 

(খ) চমু প্ৰশ্ন : (মূল্যাংক -২/৩) 

প্ৰশ্ন ১: ‘ৰাজপথ’ নামৰ কবিতাটিত কবিয়ে আধুনিক যুগৰ কোনখিনি সময়ৰ চিত্ৰ অংকন কৰিছে ?

উত্তৰঃ ‘ৰাজপথ’ নামৰ কবিতাটোত কবি ভৱানন্দ দত্তই দ্বিতীয় মহাযুদ্ধৰ পৰৱৰ্তী কুৰি শতিকাৰ চল্লিছৰ দশৰ আধুনিক যুগৰ সময়খিনিৰ বাস্তৱ চিত্ৰ অংকন কৰিছে । ৰাজপথৰ বুকুৰ ওপৰেদি বহুবোৰ ট্ৰাক, বাছ, টেক্সি, ৰিক্সা আদি যান-বাহন চলে । 

প্ৰশ্ন ২: বিভিন্নজন ব্যক্তিয়ে কেনেদৰে ৰাজপথৰ উদাৰতাৰ সুযোগ লৈছে ?

উত্তৰঃ নিষ্প্রদীপ অন্ধকাৰময় ৰাজপথত বিভিন্ন ব্যক্তিয়ে বিভিন্ন ধৰণে ৰাজপথৰ উদাৰতাৰ সুযোগ লৈ নিজৰ কাৰণে ব্যৱহাৰ কৰে । অন্ধকাৰময় ৰাতি ৰাজপথত বিভিন্ন ধৰণৰ বাহনৰ চলাচল হয় । উক্ত কবিতাটোত কবিয়ে উল্লেখ কৰিছে যে অন্ধকাৰময় ৰাজপথত কিমান ট্ৰাক, বাছ, টেক্সি আদি চলে । ইয়াৰোপৰি ৰাজপথৰ উদাৰতাৰ সুযোগ লৈ গোপন প্ৰেমৰ অভিসাৰ চলে । 

প্ৰশ্ন ৩: ৰাজপথৰ দোকাষে থকা বৃহৎ অট্টালিকাবোৰৰ ছবি কবিতাটিত কেনেদৰে প্ৰকাশ পাইছে ?

উত্তৰঃ ৰাজপথৰ দুয়োকাষে কবি ভৱানন্দ দত্তই অট্টালিকাবোৰৰ শাৰী লক্ষ্য কৰিছে । সেই অট্টালিকাবোৰৰ পাঁচ তলাৰ ওপৰত ৰেডিঅ’ৰ গান আৰু অৰ্গেনত ৰবীন্দ্ৰ সংগীত শুনিবলৈ পোৱা যায় । আকৌ ডবল দলিচা পৰা দামী পালেঙত বিৰহ বেদনাত কাতৰ হৈ থকা কলেজিয়া ছোৱালীৰ অলসায়িত দেহা কবিয়ে দেখা পাইছে । অট্টালিকাৰ বাহ্যিক দৃষ্টিৰ সৌন্দৰ্যতাৰ পৰিবৰ্তে অভ্যন্তৰৰ কোঠাৰ কদৰ্য আৰু বেদনাময় ৰূপ কবিয়ে লক্ষ্য কৰিছে । 

প্ৰশ্ন ৪: ৰাজপথৰ কাষত ফুটপাথত কোন কেনেকৈ থাকে ? 

উত্তৰঃ ধনতান্ত্ৰীক সমাজ ব্যৱস্থাই সৃষ্টি কৰা অট্টালিকা আৰু বিলাসী জীৱন আৰু তাৰ তলতেই ফুটপাথত ভীক্ষাৰ পাত্ৰ লৈ সৰ্বহাৰা লোকসকল শুই থকে । এই গৃহহীন, বঞ্চিতসকলৰ শেষ আশ্ৰয় তথা মুক্তিৰ পথ হ’ল ৰাজপথ । 

প্ৰশ্ন ৫: ভৱানন্দ দত্তৰ ‘ৰাজপথ’ কবিতাটোত বাস্তৱতা কেনেদৰে ফুটি উঠিছে ?

উত্তৰঃ ৰাজপথ কবিতাটোত বাস্তৱবাদী দৃষ্টিভংগীৰে উচ্চশ্ৰেণীৰ জীৱন যাপনৰ মানদণ্ড আৰু পদ্ধতি তথা সমাজৰ নিঃস্ব, অৱহেলিত, শোষিত লাঞ্চিতসকলৰ দুখ-দুৰ্দশাৰ কথা প্ৰকাশ পাইছে । 

(গ) দীঘল প্ৰশ্ন : (মূল্যাংক – ৪/৫) 

প্ৰশ্ন ১: ‘ৰাজপথ’ কবিতাটিৰ জৰিয়তে আধুনিক সভ্যতাই সৃষ্টি কৰা প্ৰেমৰ নগ্ন স্বৰূপ কেনেদৰে প্ৰকাশিত হৈছে – বুজাই লিখা । 

উত্তৰঃ সময়ৰ লগে লগে পুৰণি প্ৰেমৰ আত্মিক আৰু সার্বিক ভাৱধাৰাৰ পৰিৱৰ্তন হৈছে । প্ৰেম হৈ পৰিছে বাস্তৱিক । মহাযুদ্ধৰ প্ৰভাৱ, পৰিবেশ- পৰিস্থিতিৰ দ্ৰুত পৰিৱৰ্তন আদি ইয়াৰ অন্যতম কাৰণ ।

আধুনিক নাগৰিক সভ্যতাত প্ৰশান্ত ৰাজপথৰ সুবিধা লৈ নিশাৰ অন্ধকাৰত বহু ব্যগ্ৰ ৰজনীৰ উভ্রান্ত প্ৰেমৰ গোপন অভিসাৰ চলে । পৌৰাণিক প্ৰেমৰ অভিসাৰৰ লগত ইয়াৰ আকাশ-পাতাল পাৰ্থক্য । আন্ধাৰ ৰাতিৰ সুযোগ লৈ সমাজৰ  চকুত ধূলি দি জীৱিকাৰ সন্ধানত ভদ্ৰ নাৰীয়ে বনিতাৰ ৰূপ লৈ দৈহিক প্ৰেমৰ সুখ  প্ৰদান কৰে । ফুলকুমলীয়া কলেজীয়া ছোৱালীৰ প্ৰেম ডবল তলিচা পৰা মেহগনি পালেঙত বিৰহ-কাতৰ হৈ পৰে । অৰ্থসৰ্বস্ব বাস্তৱিক আধুনিক নগৰীয়া সভ্যতাই প্ৰেমৰ আত্মিক স্বৰ্গীয় মাদকতাময় ৰূপৰ পৰিৱৰ্তে জটিল আৰু দৈহিকসৰ্বস্ব প্ৰেমৰ স্বৰূপ গঢ়ি তুলিছে । বাস্তৱবাদী ভৱানন্দ দত্তৰ ‘ৰাজপথ’ কবিতাত এই স্বৰূপ স্পষ্ট ৰূপত প্ৰতিভাত হৈছে । 

প্ৰশ্ন ২: সমাজ জীৱনৰ শ্ৰেণী-বৈষম্যৰ ছবিখন ‘ৰাজপথ’ কবিতাটিত কেনেদৰে প্ৰকাশিত হৈছে বুজাই লিখা । 

উত্তৰঃ অতীতৰ পৰা সমাজত শ্ৰেণী-বৈষম্য আছিল । বৰ্তমান ইয়াৰ ৰূপ অধিক স্পষ্ট । কাৰ্লমাৰ্ক্সৰ তত্বই শ্ৰেণী-বৈষম্যৰ ধাৰণাৰ অধিক প্ৰাসংগিকতা বহন কৰিছে । অসমত ভৱানন্দ দত্ত, অমূল্য বৰুৱা, চক্ৰেশ্বৰ ভট্টাচাৰ্য আদি মাৰ্ক্সবাদী কবি । তেওঁলোকৰ ৰচনাত মাৰ্ক্সবাদৰ প্ৰভাৱ স্পষ্ট । তেওঁলোকৰ কবিতা বাস্তৱনিৰ্ভৰ । 

‘ৰাজপথ’ কবিতাটিত ভৱানন্দ দত্তই এহাতে ধনতান্ত্ৰীক সমাজ ব্যৱস্থাই সৃষ্টি কৰা অট্টালিকা আৰু বিলাসী জীৱন আকৌ তাৰ তলতেই ফুটপাথত ভীক্ষাৰ শূণ্য পাত্ৰ লৈ শুই পৰা মৃতপ্ৰায় সৰ্বহাৰাৰ কংকালৰ শাৰীৰ কাব্যিক প্ৰকাশৰ মাজেৰে শ্ৰেণী-বৈষম্যৰ ছবিখন অতি সবল তথা বাস্তৱ ৰূপত প্ৰকাশিত কৰিছে । 

গৃহহীন, বঞ্চিতসকলৰ শেষ আশ্ৰয়, মুক্তিৰ সোপান হৈছে ৰাজপথ । আকৌ, ধনবানসকলৰ পাঁচ তলাত ডবল তলিচাৰ লগতে মেহগনি পালেঙ আৰু তাত কলেজীয়া ছোৱালীৰ দেহা । একেখন সমাজৰ এনেধৰণৰ পৰস্পৰবিৰোধী দুখন চিত্ৰ অংকন কৰি কবি দত্তই শ্ৰেণী-বৈষম্যৰ ছবিকেই নিপুণতাৰে অংকন কৰিছে বুলিব পাৰি । 

প্ৰশ্ন ৩: ‘ৰাজপথ’ কবিতাটিৰ শেষভাগত ৰাজপথক কাৰ আশ্রয়স্থলী হিচাপে প্রকাশ কৰা হৈছে ? 

উত্তৰঃ বাস্তৱবাদী কবি ভৱানন্দ দত্তই কবিতাটিৰ শেষভাগত গৃহহীন, বঞ্চিতসকলৰ আশ্রয়স্থলী হিচাপে ৰাজপথৰ কথা প্ৰকাশ কৰিছে । গৃহহীন আৰু বঞ্চিতসকলৰ শেষ আশ্ৰয় আৰু মুক্তিৰ অন্তিম পথ – ৰাজপথ বুলি কবি দত্তই শেষাংশত উল্লেখ কৰিছে । 

প্ৰশ্ন ৪: ‘ৰাজপথ’ কবিতাটিৰ ‘বাঞ্চিতৰ বাচিবৰ বাঞ্ছা’ মানে কি কথা কোৱা হৈছে বুজাই লিখা । 

উত্তৰঃ সমাজৰ নিঃস্ব, অৱহেলিত, শোষিত, লাঞ্চিতসকল তথা গৃহহীন সকলৰ শেষ আশ্ৰয় তথা মুক্তিৰ পথ হ’ল ৰাজপথ । এই কবিতাটোৰ বঞ্চিতৰ বাচিবৰ ইচ্ছা মানে এইসকল লোকক বুজোৱা হৈছে । এই নিষ্পেষিত লোকসকল সমাজৰ সকলো সা-সুবিধা আৰু মৰ্যাদাৰ পৰা বঞ্চিত হৈও বাচিবৰ বাবে অৰ্থাৎ জীয়াই থকাৰ ইচ্ছুক । সেয়ে তেওঁলোকৰ জীয়াই থকাৰ শেষ আশ্ৰয় হৈছে ৰাজপথ । 

প্ৰশ্ন ৫: প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰাঃ 

(ক)     আন্ধাৰ ৰাতিৰ সুযোগ লৈ 

                      সমাজৰ চকুত ধূলি দিয়া 

                       জীৱিকা-সন্ধানী ভদ্ৰ-বনিতাৰ 

                        চৰণাঘাত লভিছা কত !

উত্তৰঃ প্ৰশ্নোদ্ধৃত কবিতাফাকি আমাৰ পাঠ্যক্ৰম ‘সাহিত্য সৌৰভ’ৰ অন্তৰ্গত বাস্তৱবাদী কবি ভৱানন্দ দত্ত ৰচিত ‘ৰাজপথ’ নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে । 

ইয়াৰ জীৱিকা-সন্ধানী ভদ্ৰ-বনিতাক ৰাজপথত লগ পোৱাৰ কথা কবিয়ে ব্যক্ত কৰিছে । বাস্তৱ জীৱনত নিজৰ পেট প্ৰবর্তাই জীয়াই থাকিবলৈ মানুহে নকৰা কাম নাই । নিষ্ঠুৰ এই জীৱনত পোহৰত দেখা দিয়া ভদ্ৰ মহিলায়ো ৰাতি হ’লে বনিতাৰ ৰূপ গ্ৰহণ কৰে । আনক সুখ দি তেওঁলোকে পেট প্ৰবর্তাই জীৱলৈ অৰ্থ সংগ্ৰহ কৰে । বনিতাৰ পদধূলি ৰাতিৰ ৰাজপথতেই পোৱা যায় বুলি কবি দত্তই উল্লেখ কৰিছে । ৰাজপথৰ বিভিন্ন ৰূপ কবিয়ে উক্ত কবিতাটিত উল্লেখ কৰিছে । 

(খ) পাঁচ তলাৰ ওপৰত শুনা যায় ৰেডিঅ’ৰ গান, 

                অৰ্গেনত ৰবীন্দ্ৰ-সংগীত, 

                ডবল তলিচা পৰা মেহগনি পালেঙত 

                বিৰহ-কাতৰা কলেজ গাৰ্লৰ 

                অলসায়িত দেহা । 

উত্তৰঃ উদ্ধৃত কবিতাফাকি আমাৰ পাঠ্যক্ৰম ‘সাহিত্য সৌৰভ’ৰ অন্তৰ্গত বাস্তৱবাদী কবি ভৱানন্দ দত্তই ৰচনা কৰা ‘ৰাজপথ’ নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে । 

ইয়াৰ মাজেৰে কবিয়ে বিত্তবান লোকৰ কৰ্মৰ আভাস দিবলৈ চেষ্টা কৰিছে । 

ৰাজপথৰ একাষে বিত্তশালী লোকৰ বাসস্তান । ধনতান্ত্ৰীক এই সমাজত তেওঁলোকে পাঁচ তলাৰ অট্টালিকা নিৰ্মান কৰিছে । শিল্প-সংগীতপ্ৰিয় এই সকলৰ লোকৰ কোঠাত ৰেডিঅ’ৰ গান আৰু অৰ্গেনত ৰবীন্দ্ৰ-সংগীত বাজি থাকে । তেওঁলোকে থকা কোঠাৰ কাৰু-কাৰ্যও সুকীয়া । মজিয়াত এখন নহয় দুখনকৈ তলিচা পৰা থাকে । এহাতে গৃহহীন লোকে আকৌ ৰাজপথকেই ঘৰ বা আশ্রয়স্থল হিচাপে মানি লয় । এয়া এখন সমাজৰে দুখন ছবি-ভিন্নৰূপী । বিত্তশালী লোকৰ মেহগনি (দামী) পালেঙত বিৰহ-কাতৰা হোৱা কলেজীয়া ছোৱালীৰ দেহাইও শোভা বঢ়ায় । ইয়াৰ মাজেৰে কবিয়ে বিত্তশালী লোকৰ অট্টালিকাৰ অন্তেষপুৰৰ বৰ্ণনা দিছে । 

(গ) আৰু তাৰ তলতেই ফুটপাথত 

                (ধন্য তোমাৰ দয়া ।)

                শূণ্য ভিক্ষা পাত্ৰ লৈ শুই পৰা 

                মৃতপ্ৰায় কংকালৰ শাৰী ; 

উত্তৰঃ উদ্ধৃত কবিতাফাকি আমাৰ পাঠ্যক্ৰম ‘সাহিত্য সৌৰভ’ৰ অন্তৰ্গত বাস্তৱশীল কবি ভৱানন্দ দত্তই ৰচনা কৰা ‘ৰাজপথ’ নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে । ইয়াৰ মাজেৰে কবি দত্তই সৰ্বহাৰাৰ দুখ-দুৰ্গতিৰ কথা বৰ্ণনা দিছে । 

বিত্তবানৰ পাঁচ মহালীয়া অট্টালিকাৰ তলতেই ফুটপাথত ভীক্ষাৰ শূণ্য পাত্ৰ লৈ শুই পৰা মৃতপ্ৰায় সৰ্বহাৰাৰ কংকালৰ শাৰী আছে । এয়া সৰ্বহাৰাৰ ছবি । এখন সমাজৰে দুখন ছবি । এনে ৰূপত কবি দত্তই ভগৱানক উপহাসো কৰিছে । ভগৱানৰ দয়াই এওঁলোকক ৰক্ষা কৰিব পৰা নাই ।


About the author

Team Treasure Notes
We're here to make learning easier for you! If you have any questions or need clarification, feel free to drop a comment we’d love to help!

Post a Comment