AHSEC Class 11 Assamese (MIL) Chapter 16 এখন চিঠি - [HS 1st Year Assamese(MIL) গোট ৩: কবিতা এখন চিঠি–হেম বৰুৱা ]

গোট ৩: কবিতা Chapter 16 Titled "এখন চিঠি – হেম বৰুৱা

 

Are you an HS 1st year student in Assam Preparing  for your upcoming Assamese (MIL) exams? Feeling a little apprehensive about Unit-3 গোট ৩: কবিতা Chapter 16 Titled "এখন চিঠি – হেম বৰুৱা? Worry not! This post is your one-stop guide to conquering this chapter with confidence here we have provided complete notes of this Chapter including most important questions with perfect answer use this notes as a reference along with this notes also follow your own notes or your academic notes.


এখন চিঠি হেম বৰুৱা

পাঠ:

তৃতীয় গোট -কবিতা 

(ক) অতি চমু প্ৰশ্ন: (মূল্যাংক -১)

প্ৰশ্ন ১: এখন চিঠিকবিতাটো হেম বৰুৱাৰ কোনখন কবিতা পুথিৰ অন্তৰ্গত

উত্তৰঃ এখন চিঠিকবিতাটো হেম বৰুৱাৰ মন-ময়ুৰীকবিতা পুথিখনৰ অন্তৰ্গত । 

প্ৰশ্ন ২: হেম বৰুৱাই সম্পাদনা কৰা অসমীয়া আলোচনীখনৰ নাম লিখা ।

উত্তৰঃ হেম বৰুৱাই সম্পাদনা কৰা অসমীয়া আলোচনীখনৰ নাম হপাছোৱা । 

প্ৰশ্ন ৩: চেলা গিৰিপথ কত আছে ?

উত্তৰঃ চেলা গিৰিপথ অৰুণাচল প্ৰদেশত চীনা সীমান্তত থকা এটি গিৰিপথ ।

প্ৰশ্ন ৪: কবিয়ে কেনে মৃত্যু আত্মাৰ দৰে অবিনশ্বৰ বুলি কৈছে

উত্তৰঃ যি মৃত্যুৱে দহক জীৱন দিয়ে, সেই মৃত্যু আত্মাৰ দৰে অবিনশৰ বুলি কৈছে । 

প্ৰশ্ন ৫: এখন চিঠিকবিতাটোত সৈনিকজনৰ পত্নীৰ নাম কি

উত্তৰঃ মমতা । 

(খ) চমু প্ৰশ্ন : (মূল্যাংক ২/৩) 

প্ৰশ্ন ১: এখন চিঠিকবিতাত সৈনিকজন যুদ্ধলৈ যাবৰ সময়ত তেওঁৰ পত্নীয়ে কি কৰিছিল ?

উত্তৰঃ সৈনিকজন যুদ্ধলৈ যাবৰ সময়ত পত্নী গিৰাকীৰ মানসিক অৱস্থা অতি দুখলগা আছিল । বিবাহৰ জ্বালাত তেওঁ বোবা হৈ পৰিছিল আৰু দু-চকুৰ লোতকে বাৰিষাৰ ঢলৰ ৰূপ ধাৰণ কৰিছিল । 

প্ৰশ্ন ২: এখন চিঠিকবিতাত সৈনিকজনে যুদ্ধক্ষেত্ৰৰ কেনে বিৱৰণ আগবঢ়াইছে ?

উত্তৰঃ কবিয়ে সীমান্তৰ যুদ্ধৰ এটি নিখুঁত বৰ্ণনা দাঙি ধৰিছে । কবিতাৰ সৈনিকজন যি ঠাইত থিয় হৈ আছে তাত কেৱল পৰ্বত আৰু পৰ্বত । এনে লাগে যেন চৌদিশৰ পৰা পূৰ্বতে সাৱটি ধৰিছে । তাৰ মাজত কোনো কল্পনা নাথাকে । অৰ্থা কোনো কল্পনাৰ কোনো অৰ্থ নাই । পিঞ্জৰাত বন্ধী পক্ষীৰ দৰেই এটি শ্বাসৰুদ্ধ অৱস্থা । অতি কাব্যিকতাৰে কবিয়ে এই পৰিবেশৰ বৰ্ণনা দিছে যে ইয়াত পৰ্বতৰ বাহু-বন্ধনত কল্পনা ছাই হৈ যায় । 

প্ৰশ্ন ৩: সৈনিকজনে মৃত্যুক কেনেদৰে গ্ৰহণ কৰিছে ?

উত্তৰঃ সৈনিক জীৱনৰ মৃত্যুক তেওঁ স্বৰ্গীয় পাৰিজাত ফুলৰ লগত ৰিজাইছে ত দেৱতাৰ আশীৰ্বাদ থাকে । কিয়নো তেওঁলোকে আশা আকাংক্ষা, প্ৰেম-প্ৰীতি, মায়া মোহ সকলো ত্যাগ কৰি দেশৰ হকে তেওঁলোকে আত্ম উচৰ্গা কৰে কাৰণ তেওঁলোকৰ জীৱন দানে আন দহজনৰ জীৱন দান দিয়ে । 

প্ৰশ্ন ৪: নিজৰ সন্তান দুটাক কি কথাৰে বুজনি দিবলৈ সৈনিকজনে কৈছে

উত্তৰঃ যদি যুদ্ধৰ তেওঁৰ মৃত্যু হয় তেতিয়াই যাতে  তেওঁৰ লৰা দুটিয়ে পিতৃৰ অভাৱ অনুভৱ নকৰে তাৰ বাবে সৈনিকজনে তেওঁৰ পত্নীক অনুৰোধ জনাইছিল । 

প্ৰশ্ন ৫: সৈনিকজনে চিঠিখন সেইদিনাই ডাকত দিব নোৱাৰাৰ কাৰণ কি ?

উত্তৰঃ চিঠিখন লিখাৰ দিনাখনে ডাকত দিব নোৱাৰাৰ কাৰণ হচিঠিখন লিখি থাকোতেই যুদ্ধ ক্ষেত্ৰত পুনৰ নামি পৰিবলৈ সৈনিক জনলৈ নিৰ্দেশ আহিছে । 

(গ) দীঘল প্ৰশ্ন : (মূল্যাংক ৪/৫) 

প্ৰশ্ন ১: এখন চিঠিকবিতাত পত্নীৰ প্ৰতি সৈনিকজনৰ কেনে মনোভাব প্ৰকাশ পাইছে

উত্তৰঃ এখন চিঠি কবিতাটোত এগৰাকী সৈনিক তেওঁৰ পত্নীলৈ এখন চিঠি লিখিছে । আদেশ পালে যিকোনো মুহূৰ্ততে যুদ্ধক্ষেত্ৰলৈ যাবলৈ তেওঁ সাজু । ওখ পৰ্বতমালাৰ মাজত তেওঁ থিয় হৈ তেওঁ পত্নীৰ পৰা বিদায় লৈ অহা মৌন ক্ষণৰ কথা চিঠিখনত সেৱাৰণ কৰিছে । সৈনিক গৰাকী পত্নীৰ ওচৰৰ পৰা বিদায় লৈ অহা সময়ত পত্নী গৰাকীৰ মানসিক অৱস্থা অতি দুখলগা আছিল । বিৰহ-বেদনাত তেওঁৰ মুখত মাত নাইকিয়া হৈ পৰিছিল । কেৱল দু-চকুৰ লোতকে বাৰিষাৰ ঢলৰ ৰূপ ধাৰণ কৰিছিল । পত্নীৰ এনে অৱস্থা দেখি সৈনিক গৰাকীও শোকত বিহবল হৈ পৰিছিল আৰু মুখেৰে এটা শব্দও কব পৰা নাছিল । চিঠিখনত সৈনিকজনে মৃত্যু সম্পৰ্কে তেওঁৰ পত্নীক এনেদৰে কৈছিল, যদি যুদ্ধত তেওঁৰ মৃত্যু হয় তেতিয়া সেয়া পাৰিজাত ফুল সদৃশ আৰু দেৱতাৰ আশীৰ্বাদ স্বৰূপ । কাৰণ এজন সৈনিকৰ মৃত্যুৱে দহজনৰ জীৱন বচায় । লগতে তেওঁৰ পত্নীক এটা অনুৰোধ কৰিছিল যে তেওঁৰ মৃত্যুৰ পিছত যাতে তেওঁৰ লৰা দুটাই কেতিয়াও পিতৃৰ অভাৱ অনুভৱ নকৰে । 

প্ৰশ্ন ২: সৈনিকৰ দেশপ্ৰেম এখন চিঠিকবিতাত কেনেদৰে প্ৰকাশ পাইছে আলোচনা কৰা । 

উত্তৰঃ এজন সৈনিকৰ হৃদয়ৰ দুখ, বেদনা আৰু কৰ্তব্য বোধ, দেশপ্ৰেম সকলো কবিৰ কাপেৰে অতি বাস্তৱ আৰু সুন্দৰভাৱে নিগৰি আহিছে । 

সৈনিকজনে পত্নীক পত্ৰৰ জৰিয়তে নিজৰ মনৰ ভাৱ ব্যক্ত কৰিছে । তেওঁৰ চকুৰ আগত ভাহি আছে বিদায়ৰ মুহুৰ্তৰ পত্নী মুখেৰে ভাৱ ব্যক্ত কৰিব নোৱাৰা অথচ দুচকুৰ লোতকেৰে বান সৃষ্টি কৰা অৱস্থাটো । পত্নীৰ আগত তেওঁৰ নিজৰ বাক ৰুদ্ধ অৱস্থাটোৰ বৰ্ণনাও তেওঁ পত্ৰৰ জৰিয়তে পত্নীৰ আগত স্বীকাৰ কৰি গৈছে । তেওঁ এই অৱস্থাটোক পোৰা জুই বুলি কৈছে কিয়নো তেওঁৰ অন্তৰৰ তাপ গুচাবলৈ একো উপায় নাই, সেই তাপ বনপোৰা জুইৰদৰে নিজেই জ্বলি জ্বলি শেষ হব । এতিয়া তেওঁ আছে হেজাৰ হেজাৰ ফুট ওখ পৰ্বতৰ মাজত যাৰ মাজত সোমাই পৰি তেওঁৰ কল্পনাবোৰ ছাই হৈ গৈছে । তেওঁৰ মতে পৰ্বতবোৰত খুন্দা খাই প্ৰতিধ্বনিত হৈছে তেওঁৰ দৰে আৰু বহুজন সৈনিকৰ অন্তৰত জুই শিখা, তেজৰ চেঁকুৰাবোৰ । ইয়াতেই মৰিশালী হৈ গৈছে মৰমৰ আশাবোৰ ।

পৰ্বতৰ নিস্তব্ধতাৰ মাজত লিখা আছে হেজাৰ হেজাৰ জনৰ দেশৰ হকে দান কৰা বুকুৰ তেজ, সমাধিস্থ হৈছে কত আশা, সৈনিকজনৰ মতে সেয়া হয় মৌন ভাষাৰে লিখা মহাকাব্য, তেজৰ বুৰঞ্জী । 

মৃত্যুৰ সম্পৰ্কে সেয়া সৈনিকজনে কৈছে তেওঁলোকৰ যদি মৃত্যু হয় সেয়া পাৰিজাত ফুল সদৃশ, দেৱতাৰ আশীৰ্বাদ স্বৰূপ কাৰণ এজন সৈনিকৰ মৃত্যুৱে আন দহজনৰ জীৱন বচায় । এনে মৃত্যু অবিনশ্বৰ বা অপৰাজেয় ।

এইদৰে সৈনিকজনৰ জীৱনৰ বেদনা আৰু গৌৰৱ দুয়োটাকে অতি মৰ্মস্পশী ৰূপত প্ৰকাশ পাইছে । 

প্ৰশ্ন ৩: এখন চিঠিকবিতাত যুদ্ধক্ষেত্ৰৰ ভয়াবহতা কেনেদৰে প্ৰকাশ পাইছে বুজাই লিখা ।

উত্তৰঃ এখন চিঠি কবিতাটো হেম বৰুৱা দেৱৰ মন-ময়ুৰী নামৰ কবিতাপুথিৰ অন্তৰ্গত উল্লেখনীয় কবিতা । কবিতাটি অতি পোনপটীয়া। ঘৰৰ পৰা দূৰৈত মেঘাচ্ছন্ন পৰ্বতত থাকি দেশৰ হকে যুদ্ধ দিয়া এজন সৈনিকৰ মনৰ কথা । কবিতাটোত পত্নী পুত্ৰৰ পৰা আঁতৰত থকাৰ শোকাবহ অনুভূতিৰ লগতে দেশপ্ৰেমৰ মাহাত্ম্য অতি সাৱলীল ৰূপত প্ৰকাশিত হৈছে । 

কবিতাটো এটি যুদ্ধৰ মুহুৰ্তৰ বৰ্ণনা । মেঘাচ্ছন্ন পৰ্বতৰ মোহনাত ক্ষন্তেক বিশ্ৰাম লৈছে সৈনিকে । তাতেই তেওঁ ঘৰলৈ চিঠি লিখিছে । লিখিবলৈ লৈ তেওঁৰ মনত পৰিছে বিদায় ক্ষণত নিথৰ হৈ পৰা তেওঁৰ পত্নীৰ মুখখনৰ কথা । তেওঁৰ মুখত তেতিয়া কোনো শব্দ নাছিল । কেৱল বাৰিষাৰ বান নামিছিল তেওঁৰ চকুত । উত্তৰত নিৰুত্তৰ হৈ পৰিছিল সাহসী সৈনিক । সেইবোৰ পাৰ হৈ অহা কথা বাদ দি তেওঁ নিজৰ অৱস্থাৰ কথা বৰ্ণনা কৰিবলৈ ধৰিছে । এতিয়া তেওঁ আছে হাজাৰ হাজাৰ ফুট ওখ পৰ্বতৰ মাজত যাৰ মাজত সোমাই পৰাৰ লগে লগে কল্পনা ছাই হৈ যায় । এই পৰ্বতবোৰৰ মাজতে বহু সৈনিকৰ তেজৰ চেঁকুৰাবোৰ প্ৰতিধ্বনিত হৈ আছে । ইয়াৰ মাজতেই মৰিশালী হৈ গৈছে মৰম আশা । 

পৰ্বতৰ নিস্তব্ধতাৰ মাজত লিখা আছে এখন তেজৰ বুৰঞ্জী । অৰ্থা এনে পৰ্বতৰ বুকুতে কিমানজনে দেশৰ বাবে তেজ দিছে, কিমানজনৰ আশাৰ সমাধি হৈছে সেয়া কোনেও সঠিকভাবে নাজানে । মহাকাব্যৰ দৰে বিশাল সেই কাহিনী পৰ্বতৰ মৌন ভাষাতে যেন লেখি থোৱা আছে । এই পৰ্বতৰ পৰা এতিয়া তেওঁ দুৰণিত ৰৈ ৰৈ কামনাৰ শব্দ হোৱা শুনিছে । চৌদিশে মাত্ৰ বাৰুদৰ ধোঁৱা । 

সেয়েহে মৃত্যু ইয়াত তেনেই স্বাভাৱিক কথা । কিন্তু সেই মৃত্যু অপৰাজেয় । সেয়েহে তেওঁ লিখিছে যে মৃত্যুৱে যদি অভিনন্দন জনায় তেনেহলে সেই মৃত্যু হব দেৱতাৰ আশীৰ্বাদ ধন্য পাৰিজাত ফুলৰ দৰে । ইয়াৰ মাজতে তেওঁৰ লৰা দুটালৈ মনত পৰিছে । সিহঁতক পিতৃৰ অভাৱ অনুভৱ কৰিবলৈ যাতে নিদিয়ে তাৰ প্ৰতি দৃষ্টি দিবলৈ তেওঁ পত্নীক অনুৰোধ জনাইছে । আৰু সিহঁতক ইয়াকে বুজাবলৈ কৈছে যে যি মৃত্যুৱে দহক জীৱন দিয়ে সেই মৃত্যু আত্মাৰ দৰেই অবিনশ্বৰ ।

ইতিমধ্যে আদেশ আহিছে । ততাতৈয়াকৈ মৰম জনাই তেওঁ চিঠিখন সমৰিছে । শত্ৰু সৈন্যই চেলা গিৰিপথ অতিক্ৰম কৰিছে । গতিকে চিঠিখন ডাকত দিয়াও নহব । সেইটো তেওঁ জানে । কিন্তু সৈনিকৰ জীৱনেই এনেকুৱা । 

কবিয়ে ইয়াত সৈনিকৰ জীৱনৰ বেদনা আৰু গৌৰৱ দুয়োটাকে অতি মৰ্মস্পৰ্শী ৰূপত প্ৰকাশ কৰিছে । 

প্ৰশ্ন ৪: তোমাৰ চকু উপচি বাৰিষাৰ বান নামিছিলকথাষাৰৰ মৰ্মাৰ্থ বুজাই লিখা । 

উত্তৰঃ এখন চিঠিশীৰ্ষক কবিতাটি এখন যুদ্ধৰ মুহুৰ্তৰ বৰ্ণনা । মেঘাচ্ছন্ন পৰ্বতত থাকি দেশৰ হকে যুদ্ধ দিয়া এজন সৈনিকৰ মনৰ কথা ।কবিতাটোত পত্নী পুত্ৰৰ পৰা আঁতৰত থকাৰ শোকাবহ অনুভূতিৰ লগতে দেশ প্ৰেমৰ মাহাত্ম্য অতি সাৱলীল ৰূপত প্ৰকাশিত হৈছে । চিঠিখন লিখিবলৈ লৈ তেওঁৰ মনত পৰিছে বিদায় ক্ষণত নিথৰ হৈ পৰা তেওঁৰ পত্নীৰ মুখখনৰ কথা সৈনিকজনে পত্নীৰ ওচৰৰ পৰা বিদায় লৈ অহা সময়ত পত্নী গৰাকীৰ মানসিক অৱস্থা অতি দুখলগা আছিল । তেওঁ বিৰহৰ জ্বালাত বোবা হৈ পৰিছিল আৰু দু-চকুৰ লোতকে বাৰিষাৰ বানৰ ৰূপ ধাৰণ কৰিছিল । তোমাৰ চকু উপচি বাৰিষাৰ বান নামিছিল কথাষাৰৰ মৰ্মাৰ্থ এইটোৱেই যে সৈনিকগৰাকীৰ পত্নীয়ে স্বামীৰ বিচ্ছেদত দুখত ভাগি পৰিছিল । ঠিক যেনেকৈ বাতিষাৰ দিনত বানপানীয়ে সংহাৰী ৰূপ ধাৰণ কৰি সকলো বিনষ্ট কৰে । নিজৰ বুজিবলৈ কাৰোৰে ওচৰত একো নাথাকে । 

প্ৰশ্ন ৫: প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰাঃ 

(ক)   এইখন এখন মহাকাব্য, পৰ্বতৰ মৌন ভাষাই

        লেখি যোৱা তেজৰ বুৰঞ্জী । 

উত্তৰঃ উদ্ধৃত কবিতাফাকি আমাৰ পাঠ্যপুথি সাহিত্য সৌৰভত সন্নিবিষ্ট প্ৰখ্যাত কবি হেম বৰুৱাদেৱৰ এখন চিঠিনামৰ কবিতাটিৰ পৰা লোৱা হৈছে । 

কবিয়ে তেওঁৰ কবিতাৰ নায়ক সৈনিকজন থিয় হৈ থকা ঠাইখিনি আৰু যুদ্ধৰ বিভীষিকাময় পৰিস্থিতিৰ বৰ্ণনা দিয়াৰ প্ৰসংগত উক্ত কথাখিনিৰ অৱতাৰণা কৰিছে । 

কবিতাটিত কবিয়ে যুদ্ধক্ষেত্ৰত সৈনিক এজনৰ উপলব্ধিৰ চিত্ৰ অংকন কৰিছে । চেলা গিৰিপথৰ ওচৰত এটি পৰ্বতৰ মোহনতা আছে তেওঁ । এই চেলা গিৰিপথ ঐতিহাসিকভাৱে গুৰুত্বপূৰ্ণ ঠাই । সীমান্ত পথ । আটাইতকৈ জটিল এই সীমান্তৰ সুৰক্ষা । এনেবোৰ ঠাইত যোগাযোগৰ কোনো উত্তম ব্যৱস্থা নাথাকে । অসহ্য শীত, খাদ্য চিকিসা আদিৰ সীমাবদ্ধতা এই সকলো বিলাকৰ মাজতে যিকোনো মুহূৰ্ততে আক্ৰমণৰ মুখামুখি হোৱাৰ সম্ভাৱনাক লৈ ইয়াত সৈন্যসকল জীয়াই থাকে । 

গুলি, বাৰুদ, কামনাৰ শব্দৰে কম্পিত হৈ থাকে পৰ্বতৰ মাটি । ইতিহাসৰ কিমান যুঁজত নীৰৱ সাক্ষী হৈ থিয় দি আছে এই পাহাৰবোৰ । কিমান তেজৰ চেঁকুৰা লাগি আছে তাত । পৰ্বতে মৌন ভাষাৰেই লিখি থৈছে এনে অলেখ কাহিনী । সেয়েহে লেখকে কৈছে যে সীমান্তৰ প্ৰহৰিসকলৰ দুখ-বেদনা আৰু জীৱন দানৰ অলেখ বীৰত্বব্যঞ্জন কাহিনী এই পাহাৰৰ বুকুতে সোমাই আছে । এখন মহাকাব্যৰ দৰেই এই কাহিনী । মাথোঁ মৌন ভাষাৰে লেখা । 

(খ) মৃত্যুৱে যদি অভিনন্দন জনায়

             সেই মৃত্যু পাৰিজাত ফুল 

            তাত দেৱতাৰ আশীৰ্বাদ আছে । 

উত্তৰঃ উপৰোক্ত কবিতাফাকি আমাৰ পাঠ্যপুথি সাহিত্য সৌৰভৰ সন্নিবিষ্ট হেম বৰুৱাদেৱৰ এখন চিঠিনামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে । কবিয়ে এখন সৈনিকে দেশৰ হকে জীৱন দান কৰি যি মহ কাম কৰি থৈ যায় তাকে বুজাবলৈ এই কথাৰ অৱতাৰণা কৰিছে । 

এগৰাকী সৈনিকে নিজৰ পত্নী, সন্তান, মা-দেউতা সকলো মায়া মোহক ত্যাগ কৰি কেৱল দেশৰ স্বাৰ্থতে আত্মবলিদান দিয়ে, কাৰণ তেওঁৰ সেই বলিদানেৰে আন দহজনৰ জীৱন ৰক্ষা কৰিব পাৰে । সেয়েহে কবিয়ে সেই মৃত্যুক স্বৰ্গীয় পাৰিজাতৰ লগত ৰিজাইছে । তেওঁৰ মতে এনে মহান ত্যাগ দেৱতাৰ আশীৰ্বাদ স্বৰূপ । এজন সৈনিকৰ মৃত্যু অপৰাজেয় । এজন সাধাৰণ ব্যক্তিৰ মৃত্যুৰ লগত এই সৈনিকৰ মৃত্যুক তুলনা কৰা এক অন্যায় ।

-0000-

Related Posts

Post a Comment

Cookie Consent
Dear Students, We serve cookies on this site to analyze traffic, remember your preferences, and optimize your experience.
Oops!
It seems there is something wrong with your internet connection. Please connect to the internet and start browsing again.
AdBlock Detected!
We have detected that you are using adblocking plugin in your browser.
The revenue we earn by the advertisements is used to manage this website, we request you to whitelist our website in your adblocking plugin.