Are you Looking for AHSEC Class 12 Political Science Chapter 2 দ্বি ৰাষ্ট্ৰবাদৰ অৱসান Solution If you want to know about AHSEC Class 12 Political Science Chapter 2 দ্বি ৰাষ্ট্ৰবাদৰ অৱসান Solution then in this post we have Provided the important question answer of AHSEC Class 12 Political Science Chapter 2 The end of Bipolarity Important Questions Answers in Assamese for 2023 AHSEC Exam
AHSEC Class 12 Political Science Chapter: 2 The End of Bipolarity Important Questions Answers
Chapter-2
দ্বি ৰাষ্ট্ৰবাদৰ অৱসান
অতি চমু প্ৰশ্নৰ উত্তৰ (মূল্যাংক ১)
প্রশ্ন ১। USSR অর্থাৎ ছোভিয়েট ৰাছিয়াৰ সৃষ্টি কেতিয়া হৈছিল ?
উত্তৰঃ USSR অর্থাৎ ছোভিয়েট ৰাছ্যিাৰ সৃষ্টি ১৯১৭ চনত হৈছিল ।
প্রশ্ন ২। বিশ্ব ৰাজনীতিৰ দ্বি বিভাজিত গাঁথনিটোৰ কেতিয়া অন্ত পৰিছিল?
উত্তৰঃ যেতিয়া ছোভিয়েট ৰাছ্যিাৰ পতন ঘটিছিল আৰু নতুন ১৫ খন স্বাধীন ৰাষ্ট্ৰৰ সৃষ্টি হৈছিল তেতিয়া ১৯৯১ চনৰ ২৫ ডিচেম্বৰত। দ্বিবিভাজিত বা দ্বিমেৰু ব্যৱস্থাৰ অন্ত পৰিছিল ।
প্রশ্ন ৩। মিখাইল গর্বাচেভ কোন আছিল?
উত্তৰঃ মিখাইল গর্বাচেভ ১৯৮৫ চনৰ ছোভিয়েট ৰাছিয়াৰ সাম্যবাদী দলৰ সাধাৰণ সম্পাদক আছিল । লগতে, তেওঁ ৰাছিয়াৰ ৰাষ্ট্ৰপতি। হিচাপে নিৰ্বাচিত হৈছিল ।
প্রশ্ন ৪। ছোভিয়েট ইউনিয়নৰ উত্তৰাধিকাৰী ৰাষ্ট্ৰখন কি ?
উত্তৰঃ ছোভিয়েট ইউনিয়নৰ উত্তৰাধিকাৰী ৰাষ্ট্ৰখন হ'ল- ৰাছিয়া ।
প্রশ্ন ৫। উক্তিটো শুধৰোৱা
ছোভিয়েট ইউনিযনত সংস্কাৰ আৰম্ভ কৰিছিল স্তালিনে।
উত্তৰঃ ছোভিয়েট ইউনিযনত সংস্কাৰ আৰম্ভ কৰিছিল মিখাইল গর্বাচেভে।
প্রশ্ন ৬। কোন দলে USSR শাসন কৰিছিল?
উত্তৰঃ সাম্যবাদী দলে USSR শাসন কৰিছিল ।
প্রশ্ন ৭। USSR ৰ বিভাজনৰ চূড়ান্ত আৰু আটাইতকৈ তাৎক্ষনিক কাৰণটো কি আছিল?
উত্তৰঃ ছোভিয়েট ৰাছিয়াৰ ৰাষ্ট্ৰপতি মিখাইল গর্বাচেভৰ গ্লাচনাষ্ট আৰু পেৰেষ্ট্ৰাইকা নামৰ সংস্কাৰ কাৰ্যসূচীসমূহ আৰু ১৯৯১ চনৰ ২৫ ডিচেম্বৰত তেওঁ পদত্যাগ কৰাৰ লগে লগে ছোভিয়েট ইউনিয়ন অর্থাৎ I USSR ৰ বিভাজনৰ চূড়ান্ত আৰু আটাইতকৈ তাৎক্ষনিক কাৰণ হিচাপে পৰিগণিত হৈছিল ।
প্রশ্ন ৮। ছোভিয়েট ইউনিয়নৰ বিভাজনৰ পিছত একক কোন মহাশক্তি হৈছিল? উত্তৰঃ ছোভিয়েট ইউনিয়নৰ বিভাজনৰ পিছত একক মহাশক্তি হৈছিল আমেৰিকা যুক্তৰাষ্ট্ৰ
প্রশ্ন ৯। CIS ৰ পূৰ্ণ ৰূপটো লিখা ।
উত্তৰঃ CIS ৰ পূৰ্ণ ৰূপটো হ'ল- Commonwealth of I Independent States (স্বাধীন ৰাষ্ট্ৰৰ কমনৱেলথ)।
প্রশ্ন ১০। ছোভিয়েট ইউনিয়নে কি আদৰ্শক ভিত্তি কৰিছিল?
উত্তৰঃ ছোভিয়েট ইউনিয়নে সাম্যবাদী আদর্শক ভিত্তি কৰিছিল ৷
প্রশ্ন ১১। কোন বছৰত ৱাৰ্ষ সন্ধি ভংগ হৈছিল ?
উত্তৰঃ ১৯৯১ চনত ৱাৰ্ধ সন্ধি ভংগ হৈছিল।
প্রশ্ন ১২। কোনখন দেশ ভাঙি পৰাটোক ‘দ্বিতীয় বিশ্ব’ ভাঙি পৰা বুলি জনা যায়?
উত্তৰঃ ছোভিয়েট ৰাছ্যিা ভাঙি পৰাটোক 'দ্বিতীয় বিশ্ব' ভাঙি পৰা বুলি জানা যায়।
প্রশ্ন ১৩। কোনখন দেশ ভাঙি পৰাৰ পিছত শীতল যুদ্ধৰ সমাপ্তি ঘটিছিল
উত্তৰঃ ছোভিয়েট ৰাছিয়া ভাঙি পৰাৰ পিছত শীতল যুদ্ধৰ সমাপ্তি ঘটিছিল।
প্রশ্ন ১৪। কোন বছৰত ৰাছিয়াই ৰাষ্ট্ৰসংঘত USSR ৰ আসনখন হস্তগত কৰিছিল? উত্তৰঃ ১৯৯১ চনত ৰাছিয়াই ৰাষ্ট্ৰসংঘত USSR ৰ আসনখন হস্তগত কৰিছিল ।
AHSEC HS Class 12 Political Science Chapter 2 : The End of Bipolarity in Assamese
প্রশ্ন ১৫। USSR ত কিমান ইউনিয়ন গণৰাজ্য আছিল?
উত্তৰঃ USSR ত ১৫ খন ইউনিয়ন গণৰাজ্য আছিল ।
প্রশ্ন ১৬। বলছেভিক কমিউনিষ্ট পাৰ্টীৰ প্ৰতিষ্ঠাপক কোন আছিল?
উত্তৰঃ বলছেভিক কমিউনিষ্ট পাৰ্টীৰ প্ৰতিষ্ঠাপক আছিল- লেনিন ।
প্রশ্ন ১৭। ৰাছিয়াৰ প্ৰথমগৰাকী নিৰ্বাচিত ৰাষ্ট্ৰপতি কোন আছিল?
উত্তৰঃ ৰাছিয়াৰ প্ৰথমগৰাকী নিৰ্বাচিত ৰাষ্ট্ৰপতি আছিল বৰিছ ইয়েল্টচিন (Boris Nikolayevich Yeltsin, 1991-1999) |
প্রশ্ন ১৮। শ্বক থেৰাপী কি?
উত্তৰঃ শ্বক থেৰাপী হ'ল- সমাজবাদী আদৰ্শৰ ছোভিয়েট ইউনিয়নৰ পতনৰ পিছত সমাজবাদী ৰাষ্ট্ৰবোৰক বিশ্ববেংক আৰু আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিৰ (IMF) উদ্যোগত পুঁজিবাদী গণতান্ত্ৰিক ৰাষ্ট্ৰলৈ সলনি কৰাৰ এক প্ৰক্ৰিয়া ।
প্রশ্ন ১৯। ছোভিয়েট ইউনিয়ন কেতিয়া এটা মহাশক্তি হৈ উঠিছিল?
উত্তৰঃ ছোভিয়েট ইউনিয়ন দ্বিতীয় মহাযুদ্ধৰ পিছত এটা মহাশক্তি হৈ উঠিছিল ।
প্রশ্ন ২০। USSR ৰ ৰাজনৈতিক আৰু অৰ্থনৈতিক সংস্কাৰ কোনে আৰম্ভ কৰিছিল?
উত্তৰঃ USSR ৰ ৰাজনৈতিক আৰু অৰ্থনৈতিক সংস্কাৰ মিখাইল গর্বাচেভে আৰম্ভ কৰিছিল ৷
চমু প্ৰশ্নৰ উত্তৰ (মূল্যাংক ২)
প্রশ্ন ১। 'দ্বিতীয় বিশ্ব' বুলিলে কি বুজায় ?
উত্তৰঃ 'দ্বিতীয় বিশ্ব বা সমাজবাদী গোট বুলিলে সেইসমূহ পূব ইউৰোপৰ ৰাষ্ট্যক বুজায় যিসমূহ ৰাষ্ট্ৰ ছোভিয়েট ৰাষ্ট্ৰৰ সাম্যবাদী আদর্শত প্রতিষ্ঠিত আছিল আৰু WARSAW চুক্তি স্বাক্ষৰকাৰী আছিল । লগতে, এইসমূহ ৰাষ্ট্ৰ ৰাজনৈতিক আৰু অৰ্থনৈতিক গাঁথনি ছোভিয়েট ৰাষ্ট্ৰৰ দৰে একে আছিল আৰু ছোভিয়েট ৰাছিয়াৰ নিয়ন্ত্রণাধীন হৈ আছিল ।
প্রশ্ন ২। গর্বাচেভে USSR ত আৰম্ভ কৰা দুটা সংস্কাৰ উল্লেখ কৰা ৷
উত্তৰঃ গর্বাচেভে USSR ত আৰম্ভ কৰা দুটা সংস্কাৰ
হ'ল-(ক) 'গ্লাছনস্ত' বা মুক্ত অৱস্থা বা মুক্ত বাতাবৰণ আৰু
(খ) 'পেৰেষ্ট্ৰাইকা' বা পুনৰ গঠন ৷
প্রশ্ন ৩। USSRত বিভাজন সম্পৰ্কীয় ঘোষণা কোনে আৰু কেতিয়া কৰিছিল?
উত্তৰঃ ছোভিয়েট ইউনিয়নৰ ৰাষ্ট্ৰপতি মিখাইল গর্বাচেভে ১৯৯১ চনৰ ২৫ ডিচেম্বৰ তাৰিখে USSRত বিভাজন সম্পৰ্কীয় ঘোষণা কৰিছিল ।
প্রশ্ন ৪। এখন পুঁজিবাদী ৰাষ্ট্ৰৰ পৰা ছোভিয়েট অর্থনীতিক পৃথক কৰা যিকোনো দুটা বৈশিষ্ট্য উল্লেখ কৰা ৷
উত্তৰঃ এখন পুঁজিবাদী ৰাষ্ট্ৰৰ পৰা ছোভিয়েট অর্থনীতিক পৃথক কৰা যিকোনো দুটা বৈশিষ্ট্য হ'ল-
(ক) পুঁজিবাদী ৰাষ্ট্ৰৰ অৰ্থনীতিত মুক্ত অৰ্থনীতিৰ সমৰ্থন আছিল । আনহাতে, ছোভিয়েট অৰ্থনীতিত মুক্ত অর্থনীতিত পূর্ণ সমৰ্থন কৰা নাছিল ।
(খ) পুঁজিবাদী ৰাষ্ট্ৰৰ অৰ্থনীতিযে ব্যক্তিগত খণ্ডৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰিছিল । আনহাতে, ছোভিয়েট অর্থনীতিয়ে চৰকাৰী খণ্ডত অধিকাংশক গুৰুত্ব আৰোপ কৰিছিল ।
AHSEC HS Class 12 Political Science Chapter 2 : The End of Bipolarity in Assamese
প্রশ্ন ৫। ছোভিয়েটৰ বিভাজনৰ পিছত সৃষ্টি হোৱা দুখন দেশৰ নাম লিখা
উত্তৰঃ ছোভিয়েটৰ বিভাজনৰ পিছত সৃষ্টি হোৱা দুখন দেশৰ নাম হ'ল-
(ক) ৰাছিয়া আৰু
(খ) বেলাৰুচ।
প্রশ্ন ৬। কমিউনিষ্ট ৰাজত্বৰ পৰৱৰ্তী কালৰ শ্বক থেৰাপিয়ে কি বুজায়?
উত্তৰঃ সাম্যবাদী ৰাষ্ট্ৰ ছোভিয়েট ইউনিয়নৰ পতনৰ পৰৱৰ্তী পৰ্যায়ত নব্য স্বাধীনতা প্রাপ্ত দেশসমূহত পুঁজিবাদী আদৰ্শৰ এক নতুন অর্থনৈতিক আৰু ৰাজনৈতিক সংস্কাৰ আৰম্ভ হৈছিল। এই পৰিস্থিতিৰ মুখামুখী হ'ব পৰাকৈ বিশ্ববেংক আৰু আন্তজার্তিক মুদ্ৰানিধিযে অৰ্থনীতিৰ দিশৰ। উন্নতিৰ অৰ্থে কিছুমান বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছিল। এই ব্যৱস্থাক। শ্বক থেৰাপি বা আঘাত নিৰাম্য বোলা হয়।
প্রশ্ন ৭। ছোভিয়েট বিভাজনৰ পিছত বিশ্ব ৰাজনীতিত কিদৰে শক্তিৰ সম্পৰ্কৰ সলনি হৈছিল?
উত্তৰঃ ছোভিয়েট বিভাজনৰ পিছত বিশ্ব ৰাজনীতিত আমেৰিকা যুক্ত আৰু এই ৰাষ্ট্ৰৰ দৰে আন পুঁজিবাদী ৰাষ্ট্ৰৰ একনায়কত্ববাদ অর্থাৎ এক মেৰু ব্যৱস্থাৰ আৰম্ভণি হৈছিল । লগতে, সাম্যবাদী আদৰ্শৰ পতন ঘটি আমেৰিকা যুক্তৰাষ্ট্ৰৰ দৰে পুঁজিবাদী আদৰ্শৰ এক আধিপত্যৰ সূচনা হৈছিল ।
প্রশ্ন ৮। ছোভিয়েট বিভাজনে কিদৰে শীতল যুদ্ধ বিবাদৰ অন্ত পেলাইছিল
উত্তৰঃ শীতলযুদ্ধ সাধাৰণতে আমেৰিকাৰ দৰে পুঁজিবাদী আদৰ্শ আৰু ছোভিয়েট শক্তিগোষ্ঠীৰ সাম্যবাদী আদৰ্শৰ ভিত্তিত সংঘটিত হৈছিল । যেতিয়া, ছোভিয়েট ইউনিয়ন বিভাজন হৈছিল তেতিয়া সাম্যবাদী আদৰ্শৰ প্ৰায় পতন হৈছিল আৰু একনায়কত্ববাদ অর্থাৎ আমেৰিকাৰ পুঁজিবাদী আদৰ্শৰ ব্যৱস্থাৰ অধিক সক্ৰিয় হৈছিল। তেতিয়াই শীতল যুদ্ধৰ বিবাদৰ অন্ত পৰিছিল ।
প্রশ্ন ৯। ইতিহাসৰ বৃহৎ আৱৰ্জনা বিক্ৰিটো কি আছিল?
উত্তৰঃ যেতিয়া ছোভিয়েট ৰাছিয়াৰ নিয়ন্ত্রণাধীন উদ্যোগিক অঞ্চলসমূহৰ পতন ঘটিছিল তেতিয়া, ৯০ শতাংশ উদ্যোগেই ব্যক্তিগত কোম্পানী বা আন কোনো ব্যক্তিক বিক্ৰী কৰবলগীয়া পৰিস্থিতি হৈছিল। । এই বিক্ৰী কৰা প্ৰক্ৰিয়া বা কার্যক ইতিহাসৰ বৃহৎ আৱৰ্জনা বিক্ৰী বুলি কোৱা হয় ৷
প্রশ্ন ১০। এটাৰ পিছত এটাকৈ কিদৰে কমিউনিষ্ট ৰাজত্বৰ পতন ঘটিছিল
উত্তৰঃ যেতিয়া, সাম্যবাদী বা কমিউনিষ্ট ব্যৱস্থাৰ ৰাজনৈতিক, সামাজিক আৰু অৰ্থনৈতিক ব্যৱস্থা ক্রমে আমোলাতান্ত্রিক আৰু প্ৰভুত্ববাদী হৈ পৰিছিল । তেত্যি সাধাৰণ জনসাধাৰণে এই আদর্শ বা ব্যৱস্থাক সমৰ্থন কৰা নাছিল। হ্যাৰ ফলস্বৰুপে, ক্ৰমান্বযে এটাৰ পিছত এটাকৈ কমিউনিষ্ট ৰাজত্বৰ পতন ঘটিছিল ।
প্রশ্ন ১১। আকস্মিক ছোভিয়েট ইউনিয়নৰ পতনৰ কাৰণবোৰ উল্লেখ কৰা
উত্তৰঃ আকস্মিক ছোভিয়েট ইউনিয়নৰ পতনৰ কাৰণ হ'ল- মিখাইল গর্বাচেভৰ 'গ্লাছনোষ্ট' আৰু 'পেৰেষ্ট্ৰাইকা' নামৰ সংস্কাৰমূলক কাৰ্যসূচীসমূহৰ বাবে ।
প্রশ্ন ১২। ছোভিয়েট ৰাজনৈতিক ব্যৱস্থাৰ দুটা বৈশিষ্ট্য লিখা।
উত্তৰঃ ছোভিয়েট ৰাজনৈতিক ব্যৱস্থাৰ দুটা বৈশিষ্ট্য হ'ল
(ক) ছোভিয়েট ৰাজনৈতিক ব্যৱস্থা সাম্যবাদী আদৰ্শৰ ওপৰত প্ৰতিষ্ঠিত
(খ) ছোভিয়েট ৰাজনৈতিক ব্যৱস্থা একনায়কত্ববাদী চৰিত্ৰ বা নীতিৰ ওপৰত প্ৰতিষ্ঠিত আছিল ।
প্রশ্ন ১৩। শ্বক থেৰাপিৰ যিকোনো দুটা নেতিবাচক প্ৰভাৱ লিখা ।
উত্তৰঃ শ্বক থেৰাপিৰ দুটা নেতিবাচক প্ৰভাৱ হ'ল-
(ক) শ্বক থেৰাপীৰ ফলত ছোভিয়েট ৰাছ্যিাৰ মুদ্ৰা মূল্য হ্ৰাস পাইছিল আৰু বস্তুৰ দাম বৃদ্ধি পাইছিল ।
(খ)শ্বক থেৰাপিৰ বাবে ছোভিয়েট ৰাছিয়াৰ সাম্যবাদী আদৰ্শৰ কল্যাণমূলক আচনিসমূহ ক্ৰমান্বয়ে বিলুপ্তি হৈ গৈছিল ।
প্রশ্ন ১৪। 'ব্লচনষ্ট'ৰ অৰ্থ ব্যাখ্যা কৰা ৷
উত্তৰঃ শ্লচনষ্ট'ৰ অৰ্থ হৈছে ব্যাপক স্বচ্ছতা বা মুকলি কৰা। অর্থাৎ সাম্যবাদী আদৰ্শৰ দ্বাৰা প্ৰতিষ্ঠিত সকলো বিষয়সমূহ সকলোৰে বাবে সুযোগ্য আৰু মুকলি কৰি দিয়া কাৰ্যক সূচায়ছে ।
AHSEC HS Class 12 Political Science Chapter 2 : The End of Bipolarity in Assamese
প্রশ্ন ১৫। বাৰ্লিন দেৱাল কেতিয়া ভঙা হৈছিল?
উত্তৰঃ ১৯৮৯ চনৰ নৱেম্বৰ মাহত ।
প্রশ্ন ১৬। শ্বক থেৰাপীৰ ৰাজনৈতিক পৰিণতি নিৰ্ণয় কৰা ।
উত্তৰঃ দ্বিতীয় বিশ্বৰ বেছিভাগ দেশত সাম্যবাদী ব্যৱস্থা ধ্বংস হৈ যোৱাৰ পিছত এই ৰাষ্ট্ৰসমূহে একনায়কত্ববাদী সাম্যবাদী ব্যৱস্থাৰ পৰা গণতান্ত্ৰিক পুঁজিবাদী ব্যৱস্থালৈ নিজৰ অৰ্থনৈতিক আৰু ৰাজনৈতিক ব্যৱস্থাক পৰিৱৰ্তন কৰিবলগীয়া হয় ।
প্রশ্ন ১৭। ছোভিয়েট ভাঙোনৰ পাছত বিশ্ব ৰাজনীতিত ক্ষমতাৰ সম্বন্ধৰ কেনেদৰে পৰিৱৰ্তন ঘটিছিল?
উত্তৰঃ ছোভিয়েট ভাঙোনৰ পাছত বিশ্ব ৰাজনীতিত আমেৰিকা যুক্ত আৰু এই ৰাষ্ট্ৰৰ দৰে আন পুঁজিবাদী ৰাষ্ট্ৰৰ একনায়কত্ববাদ অর্থাৎ এক মেৰু ব্যৱস্থাৰ আৰম্ভণি হৈছিল । লগতে, সাম্যবাদী আদৰ্শৰ পতন ঘটি আমেৰিকা যুক্তৰাষ্ট্ৰৰ পুঁজিবাদী আদৰ্শৰ এক আধিপত্যৰ সূচনা হৈছিল ।
প্রশ্ন ২৮। সাম্যবাদী ৰাজত্বৰ এখনৰ পিছত এখনকৈ কেনেকৈ পতন হৈছিল
উত্তৰঃ যেতিয়া, সাম্যবাদী বা কমিউনিষ্ট ব্যৱস্থাৰ ৰাজনৈতিক, সামাজিক আৰু অৰ্থনৈতিক ব্যৱস্থা ক্রমে আমোলাতান্ত্রিক আৰু প্ৰভুত্ববাদী হৈ পৰিছিল । তেত্যি সাধাৰণ জনসাধাৰণে এই আদর্শ বা ব্যৱস্থাক সমৰ্থন কৰা নাছিল । ইয়াৰ ফলস্বৰূপে, ক্ৰমান্বয়ে এটাৰ পিছত এটাকৈ সাম্যবাদী ৰাজত্বৰ পতন ঘটিছিল ।
প্রশ্ন ১৯। ছোভিয়েট সংঘ হঠাতে ধ্বংস হোৱাৰ কাৰণসমূহ উল্লেখ কৰা ৷
উত্তৰঃ আকস্মিক ছোভিয়েট ইউনিয়নৰ পতনৰ কাৰণ হ'ল- মিখাইল গর্বাচেভৰ 'গ্লাছনোষ্ট' আৰ 'পেৰেষ্ট্ৰাইকা' নামৰ সংস্কাৰমূলক। কাৰ্যসূচীসমূহৰ বাবে। লগতে, সাম্যবাদী বা কমিউনিষ্ট ব্যৱস্থাৰ ৰাজনৈতিক, সামাজিক আৰু অৰ্থনৈতিক ব্যৱস্থা ক্রমে আমোলাতান্ত্রিক। আৰু প্ৰভুত্ববাদী হৈ পৰিছিল । তেতিয়া সাধাৰণ জনসাধাৰণে এই আদর্শ বা ব্যৱস্থাক সমৰ্থন কৰা নাছিল । ইয়াৰ ফলস্বৰূপে, ক্ৰমান্বযে এখনৰ পিছত আনখন সাম্যবাদী ৰাজত্বৰ পতন ঘটিছিল।
প্রশ্ন ২০। আঘাত নিৰাময়ৰ দুটা নেতিবাচক প্ৰভাৱ লিখা ৷
উত্তৰঃ আঘাত নিৰাময়ৰ দুটা নেতিবাচক প্ৰভাৱ হ'ল-
(ক) আঘাত নিৰাময়ৰ ফলত ছোভিয়েট ৰাছিয়াৰ মুদ্ৰা মূল্য হ্ৰাস পাইছিল আৰু বস্তুৰ দাম বৃদ্ধি পাইছিল ।
(খ)আঘাত নিৰাময়ৰ বাবে ছোভিয়েট ৰাছিয়াৰ সাম্যবাদী আদৰ্শৰ কল্যাণমূলক আচনিসমূহ ক্ৰমান্বয়ে বিলুপ্তি হৈ গৈছিল ।
ৰচনাধৰ্মী প্রশ্নোত্তৰ (মূল্যাংক ৪/৫)
প্রশ্ন ১। দ্বিতীয় বিশ্ব যুদ্ধৰ পিছৰ ছোভিয়েট ইউনিয়নৰ অৱস্থাৰ বিষয়ে চমুকৈ আলোচনা কৰা ।
উত্তৰঃ দ্বিতীয় বিশ্ব যুদ্ধৰ পিছত ছোভিয়েট ইউনিয়ন আমেৰিকা যুক্ত ৰাষ্ট্ৰৰ দৰে এক মহাশক্তি হিচাপে বিশ্বত প্ৰতিষ্ঠা লাভ কৰিছিল। আমেৰিকাৰ পুঁজিবাদী ব্যৱস্থাৰ সমসাময়িকভাবে ছোভিয়েট ইউনিয়নৰ সাম্যবাদী বা সমাজবাদী ব্যৱস্থা শক্তিশালী ৰূপে প্রতিষ্ঠিত হৈছিল। ছোভিয়েট ইউনিয়নে নব্য এক স্বনিৰ্ভৰশীল নীতিৰ পাতনি মেলিছিল। জনসাধাৰণৰ বাবে দৰকাৰ হোৱা সকলো সামগ্ৰী আৰু সেৱা ছোভিয়েট ইউনিয়নৰ ভিতৰতে প্ৰস্তুত কৰাৰ ব্যৱস্থা কৰিছিল। তেল, তীখা, লোহা, আৰু আন প্ৰাকৃতিক সম্পদৰ ব্যৱহাৰৰ জৰীয়তে ৰাষ্ট্ৰীয়। অৰ্থনীতিৰ বুনিয়াদ অধিক শক্তিশালী কৰি তুলিছিল । প্ৰযুক্তি-কৌশল আৰু যোগাযোগ মাধ্যমেৰে বিভিন্ন অঞ্চলৰ বাবে সা-সুবিধাৰ ব্যৱস্থা কৰিছিল । খাদ্য, স্বাস্থ্য, শিক্ষা আদি সকলো লাগতিয়াল বিষয়সমূহেৰে । সকলো জনগণৰ বাবে নূন্যতম জীৱন ধাৰণৰ মানদণ্ড প্ৰদান কৰিছিল । সম্পত্তিৰ মালিকানাস্বত্ব নাইকীয়া কৰি সকলো অনুষ্ঠান-প্ৰতিষ্ঠান চৰকাৰ আৰু ৰাষ্ট্ৰই নিয়ন্ত্ৰণ কৰিছিল ।
প্রশ্ন ২। ছোভিয়েট ইউনিয়নৰ জনসাধাৰণ ছোভিয়েট পদ্ধতিত সন্তুষ্ট হোৱা নাছিল? চাৰিটা কাৰণ দৰ্শোৱা
উত্তৰঃ ছোভিয়েট ইউনিয়নৰ জনসাধাৰণ ছোভিয়েট পদ্ধতিত সন্তুষ্ট হোৱা নাছিল । ইয়াৰ উল্লেখযোগ্য চাৰিটা কাৰণ হ'লঃ।
(ক) ষ্টেলিনৰ অধীনত চলা স্বৈতন্ত্ৰী কার্যকলাপঃ ছোভিয়েট সংঘত সমাজবাদী আদর্শ প্ৰতিষ্ঠা কৰাৰ নামত ষ্টেলিনে বহুতো পশ্চাদঘাতী কৰ্মৰ জৰীয়তে স্বৈতন্ত্ৰী শাসন চলাইছিল যিটো ছোভিয়েট ইউনিয়নৰ জনসাধাৰণে মুঠেই ভাল পোৱা নাছিল । লগতে, ষ্টেলিনৰ সমালোচক ত্ৰংক্সিৰ হত্যাত জনসাধাৰণ অতিকৈ অসন্তুষ্ট হৈ পৰিছিল।
(থ) মিখাইল গর্বাচেভ আৰু কেলেংকাৰী সংস্কাৰ ব্যৱস্থাঃ মিথাইল গর্বাচেত্তে সমাজৰ সংস্কাৰৰ বাবে যি গ্লাচনোষ্ট আৰু পেৰেষ্ট্ৰোইকাৰ ব্যৱস্থা গ্ৰহণ কৰিছিল সেই ছোভিয়েট ইউনিয়নৰ জনসাধাৰণে সন্দেশ প্ৰকাশ কৰিছিল আৰু উত্তাল প্ৰতিবাদ গ্রহণ কৰিছিল। মিখাইল গর্বাচেভ গ্ৰহণ কৰা আন্তর্জাতিক নীতি আৰু পশ্চিমীয়া দেশৰ লগত গঢ়ি তুলিব খোজ কার্যত ছোভিয়েট ইউনিয়নৰ জনসাধাৰণ শংকিত হৈ পৰিছিল।
(গ) ব্রেজনেভ আৰু ছোভিয়েট অৰ্থনীতিৰ স্থবিৰতা ঃ ছোভিয়েট অৰ্থনীতিৰ উন্নতিৰ ক্ষেত্ৰত ব্রেজনেভে চলোৱা নীতি আৰু কাৰ্যসূচীসমূহত ছোভিয়েট ইউনিয়নৰ জনসাধাৰণ বহু দিশত সন্তুষ্ট হোৱা নাছিল । বিশেষকৈ ব্রেজনেভৰ কাৰ্যকালত দৈনন্দিত ব্যৱহাৰ্য সামগ্ৰীৰ ক্ষেত্ৰত হোৱা ঘাটিযে দেশৰ অৰ্থনীতি ব্যর্থ হোৱাতো জনসাধাৰণে উপলব্ধি কৰিছিল ।
(ঘ) ১৯৬০ দশকৰ পৰৱৰ্তি সময়ত হোৱা ছোভিয়েট অৰ্থনীতিৰ স্তবিৰতাঃ ১৯৬০ দশকৰ পৰৱৰ্তি সময়ত হোৱা ছোভিয়েট অৰ্থনীতিৰ স্থবিৰতা ছোভিয়েট ইউনিয়নৰ জনসাধাৰণে মুঠেই মানি লব পাৰা নাছিল। পাৰমাণৱিক আৰু বিশ্বৰ মহাশক্তিহিচাপে কৰা আধিপত্য বিস্তাৰৰ বাবে অধিক ব্যয় বহন কৰা বুলি জনসাধাৰণে সন্দেহ প্ৰকাশ কৰিছিল ।
(ঙ) ছোভিয়েট সাম্যবাদী দল বা কমিউনিষ্ট পাৰ্টী আৰু প্ৰশাসনৰ দুৰ্নীতিঃ ছোভিয়েট ইউনিয়নৰ জনসাধাৰণে ছোভিয়েট সাম্যবাদী দল বা কমিউনিষ্ট পাৰ্টী আৰু প্ৰশাসনৰ বহুতো দুৰ্নীতি আৰু স্বেচ্ছাচাৰী শাসনৰবলি হ'ব লগা হৈছিল। এই বিষয়ে জনসাধাৰণৰ মাজত। আলোড়ণ আৰু আন্দোলনৰ সৃষ্টি কৰিছিল ।
(চ) ব্যক্তি স্বাধীনতাৰ ওপৰত ছোভিয়েট ইউনিয়নে কৰা অবদমনঃ ব্যক্তি স্বাধীনতাৰ ওপৰত ছোভিয়েট ইউনিয়নে যি অবদমন কাৰ্যসূচী গ্ৰহণ কৰিছিল সেই বিষয়ে ছোভিয়েট ইউনিয়নৰ জনসাধাৰণে অসন্তুষ প্ৰকাশ কৰিছিল। লগতে নানান হৰতাল আৰু প্ৰতিবাদী কাৰ্যসূচীৰে। ছোভিয়েট ইউনিয়নৰ অস্তিত্ব হ্ৰাস কৰিছিল।
এনে পৰিস্থিতিবোৰৰ পৰিণতিস্বৰূপেই ১৯৯১ চনত বৰিছ যেল্টচিনৰ নেতৃত্বত ছোভিয়েট ইউনিয়নৰ ভংগ বা পতন ঘটিছিল ।
প্রশ্ন ৩। USSR ৰ বিভাজনৰ পৰিণতি সম্পর্কে চমুকৈ আলোচনা কৰা।
উত্তৰ: USSR বিভাজনৰ পৰিণতি আছিল বিশ্বৰাজনীতিত ভয়াবহ আছিল । ইয়াৰ উল্লেখযোগ্য পৰিণতিবোৰ হ'ল:
(ক) শীতল যুদ্ধৰ সংঘাতৰ অৱসানঃ USSR বিভাজন হোৱাৰ লগে লগে ১৯৪৫ চনৰ পৰা চলিত হৈ অহা শীতল যুদ্ধৰ সমাপ্তি ঘটিছিল। অর্থাৎ শীতল যুদ্ধ পৰিক্ৰমা সিমানতেই অন্ত পৰিছিল।
(খ) একক মহাশক্তি হিচাপে আমেৰিকা যুক্তৰাষ্ট্ৰৰ উত্থানঃUSSR বিভাজন পৰৱৰ্তী পৰ্যায়ত আমেৰিকা যুক্তই গোটেই বিশ্বত একক মহাশক্তি হিচাপে প্রতিষ্ঠিত হৈছিল। লগতে, আমেৰিকাৰ লগত প্রতিদ্বন্দী কৰিবৰ বাবে কোনো শক্তিগোষ্ঠী নাইবা ৰাষ্ট্ৰ নাছিল ।
(গ) বহুসংখ্যক নব্য স্বাধীন ৰাষ্ট্ৰৰ উত্থানঃ USSR বিভাজন লগে লগে বহুতো নতুন স্বাধীনৰাষ্ট্ৰৰ উত্থান ঘটিছিল। এই ৰাষ্ট্ৰবোৰে সাম্যবাদী আদৰ্শ ত্যাগ কৰি আমেৰিকাৰ পুঁজিবাদী আদৰ্শ গ্ৰহণ কৰিছিল ।
(ঘ) পুঁজিবাদী ব্যৱস্থাৰ উত্থানঃUSSR বিভাজন হোৱাত আমেৰিকাৰ পুঁজিবাদী আদর্শই গা কৰি উঠিছিল। লগতে, উদাৰীকৰণ। ব্যক্তিগতকৰণ আৰু বিশ্ব অর্থনীতিত বিশ্বাষণ প্ৰক্ৰিাৰ সূচনা হৈছিল ।
(ঙ) গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ প্ৰভাৱ হ্রাসপ্রাপ্তঃUSSR বিভাজন। হোৱাৰ লগে লগে গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ মৰ্যদা বহু পৰিমাণে হ্ৰাস পাইছিল। সেই সময়ত গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ প্ৰযোজনৰ প্ৰায়। কমি গৈছিল।
(চ) তৃতীয় বিশ্বৰ দেশসমূহৰ ভূমিকাক দুৰ্বল কৰাঃUSSR বিভাজনৰ পাছত তৃতীয় বিশ্বৰ দেশসমূহৰ ভূমিকা বহু দিশত হ্রাস পাইছিল। সমসাময়িকভাৱে, ১৯৭০ দশকৰ পৰা তৃতীয় বিশ্বৰ দেশসমূহে নৱ-আন্তর্জাতিক অর্থব্যৱস্থাৰ হকে গঢ়ি তোলা দাবীসমূহৰ প্ৰায় ভূমিকা/অস্তিত্ব কমি গৈছিল এনেধৰণৰ বহুতো পৰিস্থিতি USSR বিভাজনৰ পাছত পৰিলক্ষিত হৈছিল। লগতে, অর্থনীতি,ৰাজনীতি আৰু সামাজিক ভাৱে এক অস্থিৰতাৰ সংকটে দেখা দিছিল ।
AHSEC HS Class 12 Political Science Chapter 2 : The End of Bipolarity in Assamese
প্রশ্ন ৪। ছোভিয়েট ইউনিয়নৰপৰা নতুনকৈ সৃষ্টি হোৱা ৰাষ্ট্ৰসমূহৰ ৰাজনৈতিক ব্যৱস্থাৰ বিষযে এটা চমু টোকা লিখা।
উত্তৰঃ ছোভিয়েট ইউনিয়নৰ পতন হোৱা বাবে বহুতো নতুন ৰাষ্ট্ৰৰ জন্ম হয় । এই ৰাষ্ট্ৰসমূহৰ নিজা স্বাধীন আশা আৰু আকাংক্ষা আছে । ইয়াৰে কিছুমান দেশে বিশেষকৈ Baltic আৰু পূৰ্ব ইউৰোপৰ দেশসমূহে Europian Union ৰ লগত থাকিবলৈ ইচ্ছা প্ৰকাশ কৰে । আৰু। NATO ৰ সদস্যভুক্ত হয়। কেন্দ্ৰীয় এছিয়াৰ দেশসমূহে নিজ ভৌগোলিক অৱস্থানৰ সুবিধা গ্ৰহণ কৰি ৰাছিয়াৰ লগত ওচৰ সম্বন্ধ ৰক্ষাৰ উপৰি পশ্চিমী দেশ চীন আৰু আমেৰিকাৰ লগত সুসম্পৰ্ক ৰক্ষা কৰাৰ পক্ষপাতী। এনেদৰে আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিত নিজৰ স্বকীয়তা, বজাই ৰাখি বহুতো নতুন সংঘৰ জন্ম হৈছে যাৰ নিজস্ব ৰাজনৈতিক ব্যৱস্থা আছে ।
প্রশ্ন ৫। ভাৰত আৰু ৰাছিয়াৰ ভাল সম্পর্ক আছে বুলি তুমি ভাবানে? চাৰিটা কাৰণ লিখা ।
উত্তৰ ভাৰতে সকলো উত্তৰসুৰী সাম্যবাদী দেশসমূহৰ লগত এক ভাল সম্পৰ্ক বৰ্তাই ৰাখিছিল । কিন্তু, সকলোতকৈ গাঢ় সম্বন্ধ আছিল। ৰাছ্যিাৰ লগত । ছোভিয়েট ৰাছিয়াৰ বিভাজনৰ পিছত এই সম্বন্ধত অলপ নকাৰাত্মক প্ৰভাৱ পৰিছিল । কিন্তু ২০০০ চনত ভ্ৰাডিমিৰ পুটিন ক্ষমতালৈ অহাৰ পিছত সেই সম্পৰ্ক পুনৰ উন্নত হয়।
(ক) মহাকাশ আৰু প্ৰতিৰক্ষাৰ পাৰ্মাণৱিক শক্তি ক্ষেত্ৰত ৰাছিয়াই সহযোগিতা আগবঢ়ায়।
(খ) দুয়োখন দেশে বাণিজ্য, বিমান প্রস্তুতকৰণ আৰু নিচাযুক্ত দ্ৰব্যৰ বেআইনী ব্যৱসায়ক নিয়ন্ত্ৰণ কৰাৰ বাবে চুক্তি সম্পাদন কৰে ।
(গ) ২০০৪ চনত ৰাছিয়াই ৰাষ্ট্ৰপতিৰ ভাৰত ভ্ৰমণকালত দুয়োখন দেশে প্রতিক্ষা, কাৰিকৰী কৌশল, সন্ত্রাসবাদ আৰু অৰ্থনৈতিক ক্ষেত্ৰত সহযোগিতা বৃদ্ধি কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে
(ঘ) ৬০ তকৈ অধিক চুক্তি ভাৰত আৰু ৰাছিয়াৰ মাজত ২০০২ চনৰ Strategic Agree ment ৰ আধাৰত স্বাক্ষৰিত হয়।
প্রশ্ন ৬। ১৯১৭ চনৰ ৰাছিয়াৰ বিপ্লৱৰ তাৎপৰ্য কি?
উত্তৰঃ ১৯১৭ চনত ৰাছ্যিাৰ বিপ্লৱৰ ফলত সৃষ্টি হোৱা ছোভিয়েট ৰাছ্যিাত সাম্যবাদী শাসন ব্যৱস্থা প্ৰতিষ্ঠা হৈছিল । তাৰ জৰিয়তে আন্তর্জাতিক ৰাজনীতিত এক ভাৰসাম্য ব্যৱস্থাও গঢ়ি তোলাত অৰিহণা যোগাইছিল । তৃতীয় বিশ্বৰ বহুবোৰ দেশ ছোভিয়েট সমাজবাদী। ব্যৱস্থাৰ দ্বাৰা অনুপ্ৰাণিত হৈছিল । ঔপনিৱেশিক শাসনৰ বিৰুদ্ধে তৃতীয় বিশ্বত গঢ়ি উঠা জাতীয়তাবাদী আন্দোলনসমূহেও ছোভিয়েট সংঘৰপৰা পৃষ্ঠপোষকতা লাভ কৰিছিল । ভাৰতবৰ্ষৰ নিচিনা গোষ্ঠী নিৰপেক্ষ। নীতিত বিশ্বাস কৰা দেশেও মার্কিন যুক্তৰাষ্ট্ৰতকৈ ছোভিয়েট সংঘৰপৰা অধিক পৃষ্ঠপোষকতা লাভ কৰিছিল । আন্তর্জাতিক ৰাজনীতিত সাতটা দশকৰো অধিক কাল ধৰি এনে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি অহা ছোভিয়েট সংঘৰ ভাঙোন সেয়েহে বিংশ শতিকাৰ আন্তর্জাতিক ৰাজনীতিৰ আটাইতকৈ গুৰুত্বপূৰ্ণ ঘটনাসমূহৰ ভিতৰত অন্যতম |
প্রশ্ন ৭। গর্বাচেভৰ সংস্কাৰ নীতিৰ বৈশিষ্ট্যসমূহ বিশ্লেষণ কৰা ।
উত্তৰঃ (ক) ৰাছ্যিা সংঘৰ ৰাষ্ট্ৰপতি মিখাইল গর্বাচেভে ৰাছ্যিান। প্ৰজাতন্ত্ৰবোৰৰ বিকাশ সাধনৰ বাবে দুটা সংস্কাৰমূলক নীতি গ্ৰহণ কৰিছিল । এটা হল Glasnost আৰু আনটো Perestroika Glasnost মানে মুক্ত অৱস্থা আৰু Perestbika মানে হ'ল পুনৰ গঠন।
(খ) গর্বাচেভৰ এই সংস্কাৰে পশ্চিমীয়া ৰাজনৈতিক দৰ্শন আৰু মুক্ত অৰ্থনীতিৰ পথ মুকলি কৰে ৷
(গ) গর্বাচেভৰ সংস্কাৰ কৰা নীতিৰদ্বাৰা উৎসাহিত হৈ বিভিন্ন জনগোষ্ঠীৰ লোকে স্বাধীনতাৰ দাবী উত্থাপন কৰে আৰু জাতীয়তাবাদী তথা বিচ্ছিন্নতাবাদী আন্দোলনে মূৰ দাঙি উঠে ।
(ঘ) গর্বাচেভে গ্ৰহণ কৰা সংস্কাৰসমূহ যুক্তিসহকাৰে জনসাধাৰণৰ ওচৰত প্ৰতিপন্ন নকৰাৰ ফলত তেওঁ জনসমর্থন হেৰুৱায় আৰু এই। সংস্কাৰে ছোভিয়েট ইউনিয়নৰ ভাঙোনৰ কাৰণ হৈ পৰে ।
প্রশ্ন ৮। ম্বক থেৰাপীৰ পৰিণতিৰ ক্ষেত্ৰসমূহৰ বিশদ তালিকা দিয়া ।
উত্তৰঃ দ্বিতীয় বিশ্বৰ বেছিভাগ দেশত সাম্যবাদী ব্যৱস্থা ধ্বংস হৈ যোৱাৰ পিছত এই ৰাষ্ট্ৰসমূহে একনায়কত্ববাদী সাম্যবাদী ব্যৱস্থাৰপৰা গণতান্ত্ৰিক পুঁজিবাদী ব্যৱস্থালৈ নিজৰ অৰ্থনৈতিক আৰু ৰাজনৈতিক ব্যৱস্থাক পৰিৱৰ্তন কৰিব লগা হয় ৷ বিশ্ববেংক আৰু আন্তৰ্জাতিক মুদ্ৰানিধিৰ প্ৰভাৱত ৰাছ্যিা, মধ্য এছিয়া আৰু পূৰ্ব ইউৰোপৰ । দেশসমূহৰ এই পৰিৱৰ্তন প্ৰক্ৰিয়াক শক থেৰাপী ' বুলি জনা যায়।
এই শ্বক থেৰাপীৰ ফলস্বৰূপে ৰাছ্যিাৰ লগতে আন আন স্বাধীন। ৰাষ্ট্ৰসমূহত হঠাতে ৰাজনৈতিক আৰু অর্থনেতিক পৰিৱৰ্তন সংঘটিত হোৱাৰ বাবে তৎক্ষণাৎ তেওঁলোকে ৰক্ষণশীল বাণিজ্য ব্যৱস্থাৰ পৰা মুক্ত বাণিজ্যলৈ গতি কৰে। প্ৰত্যক্ষ বিদেশী ধন বিনিযোগশ্বক থেৰাপীৰ আন এটা উল্লেখযোগ্য প্ৰভাৱ । যিহেতু ৰাছিয়া আৰু সহযোগী দেশসমূহে মুক্ত বাণিজ্যক সমর্থন জনাইছিল সেয়েহে বিদেশী বিনিযোগকাৰীসকলেও ৰাছ্যিান গণৰাজ্যসমূহত ধন বিনিয়োগ কৰিবলৈ আগুৱাই আহিছিল । এই বিনিযোগে গণৰাজ্যসমূহৰ অৰ্থনৈতিক উন্নয়ন সাধন কৰাৰ লগতে নিবনুৱা সমস্যাৰো কিছু পৰিমাণে সমাধান কৰিছিল ।
এই শ্বক থেৰাপীৰ পৰিণতিৰ ফলস্বৰূপে তদানীন্তন ছোভিয়েট ৰাছিয়াৰ গণৰাজ্যসমূহৰ মাজত থকা আৰ্থিক চুক্তিসমূহৰ সমাপ্তি ঘটে। বর্তমানে এই গোটসমূহৰ স্বাধীন গণৰাজ্যবোৰে নিজাববীয়াকৈ পশ্চিমীয়া দেশসমূহৰ লগত চুক্তি আৱদ্ধ হোৱাৰ সুবিধা লাভ কৰে ।
প্রশ্ন ৯। USSR ত সংস্কাৰৰ পাতনি মেলিবলৈ কি কি কাৰকে গর্বাচেভক হেঁচা দিছিল?
উত্তৰঃ তলৰ উপাদানকেইটাই ছোভিয়েট ৰাছিয়াক সংস্কাৰ কৰাৰ ক্ষেত্ৰত গর্বাচেভক প্ৰভাৱিত কৰিছিল
(ক) তথ্য আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত পশ্চিমীয়া দেশসমূহে যথেষ্ট উন্নতি কৰিছিল যিটে অৱস্থাত ছোভিয়েট ৰাছ্যিা যথেষ্ট পিছপৰি আছিল । তদুপৰি প্ৰশাসনিক আৰু ৰাজনৈতিক দিশতো ছোভিয়েট দেশখনৰ যথেষ্ট স্থৱিৰত আছিল ।
(খ) ছোভিয়েট সংঘৰ যথেষ্টসংখ্যক সম্পদ আণৱিক আৰু সামৰিক শক্তিৰ উন্নয়নৰ বাবে ব্যৱহাৰ কৰিছিল । যাৰ ফলত ছোভিয়েট অৰ্থনীতিত যথেষ্ট পৰিমাণে বাধা আহিছিল ।
(গ) ১৯৭৯ চনত ছোভিয়েটে আফগানিস্তান আক্রমণ কৰাৰ ফলত ছোভিয়েট শাসন পদ্ধতিটো পুনৰ দুৰ্বল হৈ পৰিছিল । মজুৰিৰ হাৰ ক্ৰমে বৃদ্ধিৰ উপৰি উৎপাদন আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত উন্নয়ন ঘটিছিল যদিও পশ্চিমীয়া দেশতকৈ যথেষ্ট পিছপৰি আছিল । এই অনুন্নত অৱস্থাটোৰ ফলত ভোগ্য সামগ্ৰীৰ অনাটন ঘটিছিল আৰু যাৰ বাবে প্ৰতি বছৰে খাদ্য সামগ্রী। আমদানি বৃদ্ধি কৰিবলগীয়া হৈছিল । এইবোৰ কাৰণত ছোভিয়েট অর্থনৈতিক অৱস্থাত বাৰুকৈ স্থৱিৰতা আহি পৰিছিল। এতেকে, এনেবোৰ কাৰণে গর্বাচেভক নতুন সংস্কাৰৰ পাতনি মেলিবলৈ হেঁচা দিছিল ।
AHSEC HS Class 12 Political Science Chapter 2 : The End of Bipolarity in Assamese
প্রশ্ন ১০। ৰাজনৈতিক আৰু অৰ্থনৈতিক আদৰ্শৰ ক্ষেত্ৰত ভাৰত আৰু USSR ৰ মাজৰ সাদৃশ্য বর্ণনা কৰা ।
উত্তৰঃ ভাৰতে সকলো উত্তৰসুৰী সাম্যবাদী দেশসমূহৰ লগত এক ভাল সম্বন্ধ বর্তাই চলিছিল, কিন্তু সকলোতকৈ গাঢ় সম্বন্ধ আছিল ভাৰত আৰু ৰাছ্যিাৰ মাজত । ৰাছিয়াৰ লগত ভাৰতৰ সম্বন্ধ ভাৰতৰ বৈদেশিক নীতিৰ এক গুৰুত্বপূৰ্ণ বিষয় এই দুই দেশৰ সম্বন্ধ বিশ্বাস, আৰু উমৈহতীয়া আদৰ্শ নীতিৰ ওপৰত প্ৰতিষ্ঠিত ।
ৰাছি আৰু ভাৰতে আন্তঃৰাষ্ট্ৰীয় বিশ্বৰ নীতিক সমৰ্থন কৰে । তেওঁলোকৰ বাবে এই নীতি হ'ল বিভিন্ন ৰাষ্ট্ৰৰ সহাবস্থান, সমূহীয়া সুৰক্ষা, বৃহত্তৰ আঞ্চলিকতাবাদ মধ্যস্থতাৰে আন্তঃৰাষ্ট্ৰীয়। বিবাদৰ মীমাংসা, সকলো দেশৰ বাবে এক স্বাধীন বৈদেশিক নীতি আৰু নীতি নিৰ্ধাৰণ অনুষ্ঠান যেনে UN ক শাসিত গণতান্ত্রিক কৰা আৰু ক্ষমতাশালী কৰা । ৬০ তকৈ অধিক চুক্তি ভাৰত আৰু ৰাছ্যিাৰ মাজত ২০০২ চনৰ Strategic Agreement ৰ আধাৰত স্বাক্ষবিত কৰা হৈছে। ৰাষ্ট্ৰসংঘত কাশ্মীৰ সমস্যাৰ ক্ষেত্ৰত ভাৰতৰ স্থিতিক ছোভিয়েট ইউনিয়নে সমর্থন জনাইছিল । প্ৰধান সমস্যাসমূহৰ সময়তো ভাৰতৰ প্ৰতি ই সমর্থন আগবঢ়াইছিল, বিশেষকৈ ১৯৭১ চনত পাকিস্তান, সৈতে যুদ্ধ কৰাৰ সময়ত । কিন্তু পৰোক্ষভাৱে ভাৰতে কিছুমান দিশত ছোভিয়েট ইউনিয়নৰ বৈদেশিক নীতিকে সমৰ্থন কৰিছিল ।
প্রশ্ন ১১। ছোভিয়েট পদ্ধতিৰ বিষয়ে এটা টোকা লিখা।
উত্তৰঃ ১৯১৭ চনত ৰুছ বিপ্লৱৰ ফলস্বৰূপে সৃষ্টি হোৱা ছোভিয়েট ৰাছ্যিাত সাম্যবাদী শাসন ব্যৱস্থা প্ৰতিষ্ঠা কৰা হৈছিল। এই ব্যৱস্থাই ৰাষ্ট্ৰক আৰু দলীয় ব্যৱস্থাক প্ৰাধান্য দিছিল। ইযাত সাম্যবাদী দলে সৰ্বহাৰাৰ নামত একনায়কত্ববাদী শাসন ব্যৱস্থা পৰিচালনা কৰিছিল আৰু বিৰোধী দলক কোনো ঠাই দিয়া হোৱা নাছিল। অর্থনৈতিক ক্ষেত্ৰত ছোভিয়েট ব্যৱস্থাত ব্যক্তিবাদৰ বা পুঁজিবাদৰ কোনো স্থান নাছিল। ব্যক্তিগত সম্পত্তিৰ বিলোপ সাধন কৰি ৰাষ্ট্ৰীয় মালিকানাস্বত্ব প্ৰৱৰ্তন কৰা হৈছিল। এই ব্যৱস্থাত ৰাজনৈতিক সমতাৰ পৰিৱৰ্তে অর্থনৈতিক ক্ষমতাৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হৈছিল ।
প্রশ্ন ১২। গর্বাচেভৰ সংস্কাৰ নীতি কিয় ব্যৰ্থ হৈছিল ?
উত্তৰঃ গর্বাচেভৰ সংস্কাৰ নীতিৰ ব্যৰ্থতাৰ কাৰণবোৰ হ'ল-
(ক) ছোভিয়েট ৰাছিয়াৰ ৰাজনৈতিক, অর্থনৈতিক আৰু সামাজিক ব্যৱস্থা আমোলাতান্ত্ৰিক আৰু প্ৰভুত্ববাদী আছিল । সেইবাবে জনসাধাৰণ অসন্তুষ্ট হৈছিল ।
(খ) গণতান্ত্রিক সুবিধা আৰু মতামত প্ৰকাশৰ স্বাধীনতাৰ অভাৱ আছিল ।
(গ) ব্যক্তিৰ ব্যক্তিগত পছন্দ আৰু স্বাধীনতাত গুৰুত্ব প্ৰদান কৰা হোৱা নাছিল ।
(ঘ) দুৰ্নীতি আৰু স্বেচ্ছাচাৰিতা ।
প্রশ্ন ১৩। কমিউনিষ্ট ৰাষ্ট্ৰসমূহৰ সৈতে ভাৰতৰ সম্পৰ্ক আলোচনা কৰা ৷
উত্তৰঃ ভাৰতে সকলো উত্তৰসুৰী সাম্যবাদী দেশসমূহৰ লগত এক ভাল সম্বন্ধ বর্তাই চলিছিল । কিন্তু সকলোতকৈ গাঢ় সম্পৰ্ক আছিল ৰাছিয়াৰ লগত । ভাৰতে ৰাছিয়াৰ লগত সম্বন্ধ উন্নীত কৰাৰ বাবে শক্তি, কাশ্মীৰ, আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদৰ অনুসন্ধানত ব্যৱহাৰ হোৱা তথ্য আদান - প্রদান বিস্তাৰ আদিত ভাৰত উপযুক্ত হৈছে। আনহাতে, ৰাছিয়াৰ বাবে ভাৰত অস্ত্ৰ - শস্ত্ৰ দ্বিতীয় সর্ববৃহৎ দেশ হোৱাৰ বাবে উপকৃত হৈছে । ভাৰতীয় সেনাৰ প্ৰায় অস্ত্ৰ - শস্ত্ৰ ৰাছিয়াৰ পৰা আহে । ৬০ তকৈও অধিক চুক্তি ভাৰত আৰু ৰাছিয়াৰ মাজত ২০০২ চনৰ Strategic Agreement ৰ আধাৰত স্বাক্ষৰিত হৈছে সাম্যবাদী ৰাষ্ট যেনে ৰাছিই ভাৰতবৰ্ষৰ চৰকাৰী কোম্পানীৰ ক্ষেত্ৰত সাহায্য আগবঢ়াইছিল । ৰাছ্যিাই ভিলাই, বকাৰ, বিশাখাপট্টনমৰ দৰে ষ্টিল প্ৰেণ্ট আৰু ভাৰত হেভি ইলেক্ট্রিকেল লিমিটেড দৰে মেচিনেৰি প্লেন্টৰ কাৰণে অনুদান আৰু কাৰিকৰী সাহায্য আগবঢ়াইছিল ।
ৰাছিয়া আৰু ভাৰত উভয়ে আন্তঃৰাষ্টীয় বিশ্বৰ নীতিক সমৰ্থন কৰে । তেওঁলোকৰ বাবে এই নীতি হ'ল বিভিন্ন ৰাষ্ট্ৰৰ সহাৱস্থান সমূহীয়া সুৰক্ষা ইত্যাদি।
প্রশ্ন ১৪। ছছাভিযেট ব্লকৰ পতনে অনেক নতুন ৰাষ্ট্ৰ সৃষ্টিত কিদৰে কাম কৰিছিল ?
উত্তৰঃ ছোভিয়েট ব্লকৰ পতন হোৱা বাবে বহুতো নতুন ৰাষ্ট্ৰৰ জন্ম হৈছিল। এই প্ৰতিখন ৰাষ্ট্ৰৰ নিজা স্বাধীন আশা আৰু আকাংক্ষা আছে । ইয়াৰ কিছুমান দেশে বিশেষতঃ Baltic আৰু পূৰ্ব ইউৰোপীয় দেশসমূহ Europian Union ৰ লগত থাকিব বিচাৰিলে আৰু NATO ৰ সদস্যভুক্ত হ'ল ৷ কেন্দ্ৰীয় এছিয়াৰ দেশসমূহে নিজ ভৌগোলিক অৱস্থানৰ সুবিধা গ্ৰহণ কৰি ছছাভিযেটৰ লগত ওচৰ সম্বন্ধ ৰষ্কাৰ উপৰি পশ্চিমীয়া দেশ China, US আদিৰ লগত ভাল, সম্বন্ধ বর্তাই থাকিব বিচাৰিলে । এনেদৰে আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিত নিজৰ স্বকীয়তা বজাই ৰাখি বহুতো নতুন সংঘৰ জন্ম হৈছে যাৰ নিজস্ব ৰাজনৈতিক ব্যৱস্থা আছে।
প্রশ্ন ১৫। ছোভিয়েট যুক্তৰাষ্ট্ৰৰ ভাঙোনৰ ফলাফল সম্বন্ধে চমুকৈ আলোচনা কৰা ।
উত্তৰঃ বিশ্ব ৰাজনীতিত ছোভিয়েট ৰাছিয়াৰ পতনৰ যথেষ্ট প্ৰভাৱ পৰিলক্ষিত হয়
(ক) বিৰোধৰ পৰিসমাপ্তি :- ছোভিয়েট ৰাছিয়াৰ ধ্বংসই এই বিবাদৰ অন্ত পেলাইছিল যে সমাজবাদী নে পুঁজিবাদী কোন ব্যৱস্থা ভাল আৰু গ্ৰহণযোগ্য ৷
(খ) ক্ষমতাৰ সম্বন্ধৰ পৰিৱৰ্তন :- ছোভিয়েট ৰাছিয়াৰ পতনে আমেৰিকাক বিশ্বৰ একমাত্ৰ মহাশক্তিধৰ দেশ হিচাপে পৰিগণিত কৰে । আমেৰিকাক প্ৰত্যাহ্বান জনাব পৰা বৰ্তমান বিশ্বত কোনো ৰাষ্ট্ৰ নাই ।
(গ) নতুন দেশসমূহৰ উত্থান :- ছোভিয়েট ৰাছ্যিাৰপৰা আঁতৰি যোৱা দেশসমূহৰ নিজা স্বাধীন অস্তিত্ব আৰু ব্যক্তিগত পছন্দ - অপছন্দ আছে ৷ ছোভিয়েট ইউনিয়নৰ ভাঙোনে নতুন ৰাষ্ট্ৰৰ জন্ম দিয়ে।
প্রশ্ন ১৬। ভাৰত আৰু ৰাছিয়াৰ সম্পৰ্কৰ প্ৰকৃতি আলোচনা কৰা
উত্তৰঃ ভাৰতে সকলো উত্তৰসূৰী সাম্যবাদী দেসসমূহৰ লগত এক ভাল সম্বন্ধ বৰ্তাই ৰাখিছিল । কিন্তু সকলোতকৈ গাঢ় সম্বন্ধ আছিল ৰাছিয়াৰ লগত । ছোভিয়েট ৰাছ্যিাৰ বিভাজনৰ পিছত এই সম্বন্ধত অলপ নকাৰাত্মক প্ৰভাৱ পৰিছিল । কিন্তু ২০০০ চনত ব্লাডিমিৰ পুটিন ক্ষমতালৈ অহাৰ পিছত সেই সম্পৰ্ক পুনৰ উন্নত হয়।
(ক) মহাকাশ আৰু প্ৰতিৰষ্কাৰ পাৰমাণৱিক শক্তিৰ ক্ষেত্ৰত ৰাছ্যিাই সহযোগিতা আগবঢ়ায় ।
(খ) দুয়োখন দেশে বাণিজ্য, বিমান প্রস্তুতকৰণ আৰু নিচাযুক্ত দ্ৰব্যৰ বে - আইনী ব্যৱসাযক নিয়ন্ত্ৰণ কৰাৰ বাবে চুক্তি সম্পাদন কৰে ৷৷
(গ) ২০০৪ চনত ৰাছ্যিাই ৰাষ্ট্ৰপতিৰ ভাৰত ভ্ৰমণকালত দুয়োখন। দেশে প্রতিক্ষা, কাৰিকৰী কৌশল, সন্ত্রাসবাদ আদি ক্ষেত্ৰত সহযোগিতা বৃদ্ধি কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে ৷
প্রশ্ন ১৭। ছোভিয়েট ইউনিয়ন বিভাজন ঘটিছিল কি?
উত্তৰঃ ছোভিয়েট ইউনিয়ন বিভিন্ন কাৰণত ভাগি গৈছিল । সেই কাৰণবোৰ তলত উল্লেখ কৰা হল -
(ক) ত্রুটিপূর্ণ নেতৃত্ব :- ছোভিয়েট ৰাছিয়াৰ পতনৰ উল্লেখযোগ্য কাৰণ হৈছে ত্রুটিপূর্ণ নেতৃত্ব৷ দলৰ নেতাজনক চৰকাৰৰ নেতা আৰু দেশৰ। নেতা বুলি মান্যতা দিয়া হৈছিল। এই নেতাসকলে বিলাসবহুল জীৱন যাপন আৰু ভ্ৰষ্টাচামূলক কাৰ্যত লিপ্ত হৈছিল । দুৰ্বল নেতা আৰু দেশৰকল্যাণৰ বিষয়ে চিন্তা নকৰা এই নেতৃত্ব, ছোভিয়েট ৰাছিয়াৰ পতনৰ এক উল্লেখযোগ্য কাৰণ ৷
(খ) গর্বাচেভ সংস্কামূলক নীতি :- ছোভিয়েট ৰাছিয়াৰ পতনৰ অন্যতম কাৰক আছিল গর্বাচেভৰ সংস্কাৰমূলক নীতি । তেখেতে দেশৰ জনগণক স্বাধীনতা, সমতা, জাতীয়তাবোধ, অর্থনৈতিক স্ব- নিৰ্ভৰশীলতা আদিৰ বিষয়ে অৱগত বা প্ৰস্তুত নকৰাকৈ ৰাছিয়াত তেওঁৰ বিখ্যাত Glasnost আৰু Perestroika ৰ ধাৰণা কাৰ্যকৰী কৰিব বিচাৰিছিল।
(গ) অথনৈতিক স্থৱিৰতা :- ছোভিয়েট ৰাষ্ট্ৰই পূৰ্ব ইউৰোপত থকা। দেশসমূহক, মধ্য গণৰাজ্যসমূহক সদায় নিয়ন্ত্ৰণত ৰখাৰ বাবে বছৰি । বহু ধন সামৰিক ক্ষেত্ৰত খৰচ কৰিছিল আৰু আধুনিক কৰি ৰখাৰ বাবে ব্যয় কৰিছিল । ইয়াৰ ফলত ছোভিয়েট অৰ্থব্যৱস্থাৰ ওপৰত যথেষ্ট বোজা পৰিছিল ৷
প্রশ্ন ১৮। শ্বক থেৰাপী কি? কমিউনিষ্ট ৰাজত্বৰ পিছত শ্বক থেৰাপীৰ পৰিণতিবোৰ কি কি আছিল? সাম্যবাদৰপৰা পুঁজিবাদলৈ পৰিৱৰ্তনৰ এযা উত্তম পথ আছিলনে?
উত্তৰঃ দ্বিতীয় বিশ্বৰ বেছিভাগ দেশত সাম্যবাদী ব্যৱস্থা ধ্বংস হৈ। যোৱাৰ পিছত এই ৰাষ্ট্ৰসমূহে একনায়কত্ববাদী সাম্যবাদী ব্যৱস্থাৰ পৰা গণতান্ত্ৰিক পুঁজিবাদী ব্যৱস্থালৈ নিজৰ অৰ্থনৈতিক আৰু ৰাজনৈতিক ব্যৱস্থাৰ পৰিৱৰ্তন কৰিব লগা হয়। বিশ্ববেংক আৰু আন্তৰ্জাতিক। মুদ্ৰানিধিৰ প্ৰভাৱত ৰাছিয়া, মধ্য এছিয়া আৰু পূৰ্ব ইউৰোপৰ দেশসমূহৰ এই পৰিৱৰ্তন প্ৰক্ৰিয়াক শ্বক থেৰাপী বুলি জনা যায় । প্ৰক্ৰিয়াসমূহ -
(ক) মুক্ত বাণিজ্য :- ৰাছিয়াৰ লগতে আন আন স্বাধীন ৰাষ্ট্ৰসমূহত। হঠাতে ৰাজনৈতিক আৰু অৰ্থনৈতিক পৰিৱৰ্তন সংঘটিত হোৱাৰ বাবে তৎক্ষণাৎ তেওঁলোকে ৰক্ষণশীল বাণিজ্য ব্যৱস্থাৰ পৰা মুক্ত বাণিজ্যলৈ গতি কৰে ৷
(খ) প্রত্যক্ষ বিদেশী ধন বিনিযোগ :- প্রত্যক্ষ বিদেশী ধন বিনিযোগ শ্বক থেৰাপী আন এটা উল্লেখযোগ্য প্ৰভাৱ । যিহেতু ৰাছিয়া আৰু সহযোগী দেশসমূহে মুক্ত বাণিজ্যক সমর্থন জনাইছিল সেযেহে বিদেশী বিনিযোগকাৰীসকলেও ৰাছিযান গণৰাজ্যসমূহত ধন বিনিয়োগ কৰিবলৈ আগুৱাই আহিছিল। এই বিনিযোগে গণৰাজ্যসমূহৰ অৰ্থনৈতিক উন্নয়ন সাধন কৰাৰ লগতে নিবনুৱা সমস্যাৰো কিছু পৰিমাণে সমাধান কৰিছিল ।
(গ) ব্যৱসায়িক চুক্তিৰ পৰিসমাপ্তি : এই পৰিৱৰ্তনে তদানীন্তন ছোভিয়েট ৰাছ্যিাৰ গণৰাজ্যসমূহৰ মাজত থকা আর্থিক চুক্তিসমূহৰ সমাপ্তি ঘটায়। বর্তমানে এই গোটসমূহৰ স্বাধীন গণৰাজ্যবোৰে । নিজাববীয়াকৈ পশ্চিমীয়া দেশসমূহৰ লগত চুক্তিত আৱদ্ধ হোৱাৰ সুবিধা লাভ কৰে ।
(ঘ) অর্থনৈতিক উন্নয়ন ও পৰিৱৰ্তনৰ বাবে যি শ্বক থেৰাপীৰ অভিজ্ঞতা এই গণৰাজ্যসমূহৰ হৈছিল এই থেৰাপীযে অর্থনৈতিক উন্নয়ন সাধন কৰিছিল।
AHSEC HS Class 12 Political Science Chapter 2 : The End of Bipolarity in Assamese
প্রশ্ন ১৯। ধৰা হ'ল ছোভিয়েট ইউনিয়ন বিভাজিত হোৱা নাই আৰু। ১৯৮০ ৰ দশকৰ মাজভাগৰ দৰে পৃথিৱীখন দ্বিবিভক্ত হৈয়ে আছে । যোৱা দুই দশকৰ উন্নয়নত ই কিদৰে প্ৰভাৱ পেলালেহেঁতেন?
উত্তৰঃ ১৯৯১ চনত ছোভিয়েট ৰাষ্ট্ৰৰ পতনৰ লগে লগে শীতল যুদ্ধৰ অন্ত পৰে আৰু দ্বি - মেৰুকৰণৰো অন্ত পৰে । ইয়াৰ লগে লগে আমেৰিকাৰ আধিপত্যৰ যুগ আৰম্ভ হয় আৰুএক মেৰুকৰণ ব্যৱস্থা আৰম্ভ হয়। যদি ছোভিয়েট ৰাছিয়াৰ বিভাজন নহ'লহেঁতেন, তেনেহ'লে ইয়াৰ প্ৰভাৱ পৃথিৱীত এনেদৰে পৰিলেহেঁতেন—
(ক) প্ৰথমে আমেৰিকা ইমান বেছি শক্তিশালী ৰাষ্ট্ৰত পৰিণত নহ'লহেঁতেন আৰু বিশ্বত ইত্যাৰ আধিপত্য স্থাপন নহ'লহেঁতেন। ছোভিয়েট ৰাছিয়াৰ বিভাজনৰ লগে লগে আমেৰিকাই বিশ্ব ৰাজনীতিত অধিক পৰিমাণে হস্তক্ষেপ কৰিবলৈ আৰম্ভ কৰে আৰু প্ৰধান প্ৰধান সিদ্ধান্তৰ ক্ষেত্ৰত নিজৰ মতামত জাপি দিবলৈ আৰম্ভ কৰে ।
(খ) ছোভিয়েট ৰাছিয়াৰ পতনৰ লগে লগে ৰাষ্ট্ৰসংঘত আমেৰিকাৰ মৰ্যাদা আৰু অধিক বৃদ্ধি পায় । ৰাষ্ট্ৰসংঘৰ প্ৰায় সকলোবোৰ সিদ্ধান্ত আমেৰিকাৰ ইচ্ছানুসাৰে গ্ৰহণ কৰা হয়। যদি ছোভিয়েট ৰাছিয়াৰ পতন নহ'লহেঁতেন তেন্তে আমেৰিকাৰ প্ৰতিপত্তি ৰাষ্ট্ৰসংঘত ইমান বেছি বৃদ্ধি নাপালেহেঁতেন।
(গ) ১৯১৯ চনত ছোভিয়েট ৰাষ্ট্ৰ যদি বিভাজন নহ'লহেঁতেন ইৰাক, আফগানিস্তান আৰু ইৰাণত আমেৰিকাৰ হস্তক্ষেপ ইমান অধিক। নহ'লহেঁতেন। আমেৰিকাই ইৰাক আৰু আফগানিস্তানত প্ৰৱেশ নকৰিলেহেঁতেন আৰু ইৰাণক ভাবুকি নিদিলেহেঁতেন |
প্রশ্ন ২০। ভাৰত আৰু ৰাছিয়াৰ মাজৰ সম্পৰ্ক ব্যাখ্যা কৰা ।
উত্তৰঃ ভাৰতে এক গাঢ় সম্পৰ্ক বৰ্তাই ৰাখিছিল ৰাছিয়াৰ লগত যি বৈদেশিক নীতিৰ এক গুৰুত্বপূৰ্ণ বিষয়। এই দুই দেশৰ সম্বন্ধ বিশ্বাস আৰু উমৈহতীয়া আদর্শ, নীতিৰ ওপৰত প্ৰতিষ্ঠিত । ৰাছিয়া আৰু ভাৰতে আন্তঃৰাষ্ট্ৰীয় বিশ্বৰ নীতিক সমৰ্থন কৰে । ৬০ তকৈও অধিক চুক্তি ভাৰত আৰু ৰাছ্যিাৰ মাজত ২০০২ চনৰ Strategic Agreement ৰ। আধাৰত স্বাক্ষৰিত হৈছে। ভাৰতে ৰাছিয়াৰ লগত সম্বন্ধ উন্নীত কৰাৰ বাবে শক্তি, কাশ্মীৰ, আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদৰ অনুসন্ধানত ব্যৱহাৰ হোৱা তথ্য আদান - প্রদান আদিত ভাৰত উপযুক্ত হৈছে। আনহাতে, ৰাছ্যিাৰ বাবে ভাৰত অস্ত্ৰ - শস্ত্ৰৰ দ্বিতীয় সৰ্ববৃহৎ হোৱাৰ বাবে ই উপকৃত হৈছে । ভাৰতীয় সেনাৰ প্ৰায় অস্ত্ৰ - শস্ত্ৰ ৰাছিয়াৰ পৰা আহে । ভাৰতে Russia Kazakhastan Tunkenenitan পৰা শক্তি আহৰণ কৰে। এই দেশসমূহৰ লগত সম্বন্ধ হোৱাৰ বাবে ভাৰত তৈল ক্ষেত্ৰত এওঁলোকৰ বিনিযোগ, ব্যৱসায়িক মিত্ৰতাৰ প্ৰসাৰ সাধন ঘটিছে ।। ৰাষ্ট্ৰসংঘ কাশ্মীৰ সমস্যাৰ ক্ষেত্ৰত ভাৰতৰ স্থিতিক ছোভিয়েট ইউনিয়নে সমর্থন জনাইছিল ।
প্রশ্ন ২১। মার্কিন যুক্তৰাষ্ট্ৰৰ দৰে এখন পুঁজিবাদী ৰাষ্ট্ৰপৰা ছোভিয়েট অর্থনীতিক পৃথক কৰা বৈশিষ্টবোৰ উল্লেখ কৰা ।
উত্তৰঃ তলত উল্লেখ কৰা তিনিটা বৈশিষ্ট্যই ছছাভিযেট অর্থনীতিক আমেৰিকাৰ দৰে পুঁজিবাদী দেশৰপৰা পৃথক কৰিছে -
(ক) ছোভিয়েট অর্থনীতি সমাজবাদী অর্থনীতি। আনহাতে,আমেৰিকা যুক্তৰাষ্ট্ৰৰ অৰ্থনীতি পুঁজিবাদী অর্থনীতি ।
(খ) ছোভিয়েটৰ অৰ্থনীতি সম্পূৰ্ণৰূপে চৰকাৰৰ হাতত যত ব্যক্তিগত মালিকীস্বত্ব সম্পত্তিৰ ক্ষেত্ৰত অনুমতি নাই । আনহাতে, আমেৰিকাৰ অৰ্থনীতি ব্যক্তিগত মালিকৰ হাতত সম্পদ হস্তান্তৰ কৰাৰ অধিকাৰ আছে।
(গ) ছোভিয়েট সংঘত সমূহীয়াভাৱে খেতি কৰা পদ্ধতিটো ৰাষ্ট্ৰই নিয়ন্ত্ৰণ কৰে । আনহাতে, আমেৰিকা যুক্তৰাষ্ট্ৰৰ ব্যক্তিগত খণ্ডই এই কৃষি খণ্ডটো নিয়ন্ত্ৰণ কৰে ৷
প্রশ্ন ২২। ছোভিয়েট পদ্ধতিৰ অসুবিধাবোৰ উল্লেখ কৰা ।
উত্তৰঃ ছোভিয়েট ব্যৱস্থাত বিষয়া স্বেচ্ছাচাৰী আৰু জনসাধাৰণৰ বাবে কষ্টদায়ক আছিল । গণতন্ত্ৰ আৰু বাক স্বাধীনতা নথকাৰ বাবে জনসাধাৰণে নিজৰ ক্ষোভ আদিৰ দ্বাৰা ব্যক্ত কৰিব লগা হৈছিল । ছোভিয়েট পদ্ধতি বহু ক্ষেত্ৰত পশ্চিমৰ তুলনাত পিছপৰি আছিল ; যেনে যাতায়াত ব্যৱস্থা, কাৰিকৰী কৌশল, আভ্যন্তৰীণ বিকাশ ইত্যাদি।
তদুপৰি, ছোভিয়েট সংঘৰ প্ৰধান দুৰ্বলতা আছিল ই জনসাধাৰণৰ আশা। - আকাংক্ষা পূৰণ কৰাত একেবাৰে সফল হোৱা নাছিল । ১৯৭৯ চনৰ৷ আফগানিস্তান আক্ৰমণ আৰু উৎপাদন, ব্যয় বৃদ্ধি, খাদ্যৰ নাটনি আদি বিভিন্ন কাৰণত ছোভিয়েট অৰ্থনীতি দুৰ্বল হৈ পৰিছিল। বিশেষতঃ এনে হোৱাৰ প্ৰধান কাৰণ আছিল পশ্চিমৰ তুলনাত ইয়াৰ কাৰিকৰী কৌশল আছিল নিম্নমানৰ ৷
ছোভিয়েট পদ্ধতি ৰাজনৈতিক আৰু প্ৰশাসনিক বিকাশৰ পৰাও দুৰ্বল হৈ পৰিছিল । ইয়াৰ সাম্যবাদী দল যি ৭০ বছৰ ধৰি শাসনৰ গাণীত আছিল, জনতাৰ ওচৰত কোনো দায়বদ্ধতা নাছিল ৷ প্ৰশাসনত দেখা দিয়া অৰাজকতা, সাংগঠনিক দুৰ্বলতা, দুৰ্নীতি আৰুজনতাৰ স্বাধীনতা নথকাৰ বাবে প্ৰশাসনৰ প্ৰতি জনতাৰ মোহভংগ হোৱা আৰম্ভ হৈছিল। ইত্যাদি এনেবোৰ অসুবিধাই ছোভিয়েট ব্যৱস্থাৰ পতনত অৰিহণা যোগাইছিল ।
প্রশ্ন ২৩। ভাৰতৰ দৰে দেশসমূহৰ বাবে ছোভিয়েট ইউনিয়ন বিভাজনৰ প্ৰধান পৰিণতিবোৰ কি কি?
উত্তৰঃ বৈদেশিক নীতিৰ ক্ষেত্ৰত ৰাছিয়াৰ সৈতে ভাৰতৰ সম্পৰ্ক মধুৰ । আনকি, ১৯৯১ চনত ছোভিয়েটৰ বিভাজনৰ পিছতো এই দেশ দুখনৰ ৷ মাজত সম্পর্ক ভাল আছিল । তথাপি এই ছোভিয়েট বিভাজনে ভাৰতৰ দৰে দেশক তলত দিয়া ধৰণে প্ৰভাৱ পেলায় -
আন্তর্জাতিক ক্ষেত্ৰত দুয়োখন দেশেই কেতবোৰ মৌলিক প্ৰমূল্যৰ প্ৰচাৰ। আৰু প্ৰসাৰণৰ হকে যৌথভাৱে কাম কৰি আহিছে। সেইবোৰৰ ভিতৰত অন্যতম হলঃ আন্তৰ্জাতিক ৰাজনীতিত বহু শক্তিৰ সহাৱস্থান, সামূহিক নিৰাপত্তা, প্ৰসাৰিত আঞ্চলিকতাবাদ, আলোচনাৰ মাধ্যমেৰে ৷ আন্তর্জাতিক সংঘাতৰ সমাধান সকলো দেশৰে স্বাধীন বৈদেশিক নীতিৰ প্ৰতি সন্ধান ইত্যাদি । তদুপৰি ৰাষ্ট্ৰসংঘৰ দৰে আন্তৰ্জাতিক প্ৰতিষ্ঠানৰ গণতান্ত্ৰিকীকৰণৰ জৰিয়তে শক্তিশালী কৰি তোলাৰ ক্ষেত্ৰত দুয়োখন দেশে গুৰুত্ব প্ৰদান কৰি আহিছে ।
দ্বিপাক্ষিক ক্ষেত্ৰতো দুযোথন দেশে পাৰস্পৰিকভাৱে লাভান্বিত হোৱাকৈ ঘনিষ্ঠভাৱে সহযোগিতা কৰি আহিছে। ২০০২ চনত দুয়োখন দেশৰ ৷ মাজত ভাৰত - ৰাছিয়া কৌশলগত চুক্তি স্বাক্ষৰিত হয়। এই চুক্তিৰ অধীনত শতাধিক পাৰস্পৰিক চুক্তি স্বাক্ষৰিত হৈছে । কাশ্মীৰৰ প্ৰশ্নতো ৰাছ্যিই ভাৰতবৰ্ষৰ স্থিতিক সমৰ্থন কৰি আহিছে।
প্রশ্ন ২৪। ছোভিয়েট সংঘৰ পতন কি হৈছিল?
উত্তৰঃ ছোভিয়েট সংঘৰ পতন বিভিন্ন কাৰণত হৈছিল। এই কাৰণবোৰ হ'ল -
(ক) ত্রুটিপূর্ণ নেতৃত্ব :- ছোভিয়েট সংঘৰ পতনৰ উল্লেখযোগ্য কাৰণ হৈছে ত্রুটিপূর্ণ নেতৃত্ব৷ দলৰ নেতাজনক চৰকাৰৰ নেতা আৰু দেশৰ নেতা বুলি মান্যতা দিয়া হৈছিল। দুৰ্বল নেতা আৰু দেশৰ কল্যাণৰ বিষয়ে চিন্তা নকৰা এই নেতৃত্ব ছোভিয়েট ৰাছিয়াৰ পতনৰ এক উল্লেখযোগ্য কাৰণ ৷
(খ) গর্বাচেভৰ সংস্কামূলক নীতি :- ছোভিয়েট ৰাছি পতনৰ অন্যতম কাৰক আছিল গর্বাচেভৰ সংস্কাৰমূলক নীতি । তেখেতে দেশৰ জনগণৰ স্বাধীনতা, সমতা, জাতীয়তাবোধ, অর্থনৈতিক স্ব - নিৰ্ভৰশীলতা আদিৰ বিষয়ে অৱগত বা প্রস্তুতি নকৰাকৈ ৰাছ্যিাত। তেওঁৰ বিখ্যাত Glasnost আৰু Persestroika ৰ ধাৰণা কাৰ্যকৰী কৰিব বিচাৰিছিল |
(গ) অর্থনৈতিক স্থৱিৰতা :- ছোভিয়েট ৰাষ্ট্ৰই পূৰ্ব ইউৰোপত থকা শসমূহক, মধ্য গণৰাজ্যসমূহক সদায় নিয়ন্ত্ৰণত ৰখাৰ বাবে বছৰি বহু ধন সামকি ক্ষেত্ৰত খৰচ কৰিছিল আৰু আধুনিক কৰি ৰখাৰ বাবে ব্যক্ত কৰিছিল । হ্যাৰ ফলত ছোভিয়েট অর্থ ব্যৱস্থাৰ ওপৰত যথেষ্ট বোজা পৰিছিল ।
প্রশ্ন ২৫। ছোভিয়েট গণৰাজ্যৰ সংস্কাৰ আৰম্ভ কৰিবলৈ কোনবোৰ উপাদানে গর্বাচেভক বাধ্য কৰিছিল?
উত্তৰ তলত উল্লেখ কৰা উপাদানকেইটাই ছোভিয়েট ৰাছ্যিাক সংস্কাৰ কৰাৰ ক্ষেত্ৰত গর্বাচেভক প্ৰভাৱিত কৰিছিল—
(ক) তথ্য আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত পশ্চিমীয়া দেশসমূহে যথেষ্ট উন্নতি কৰিছিল, যিটো । অৱস্থাত ছোভিয়েট ৰাছি যথেষ্ট পিছপৰি আছিল । তদুপৰি প্ৰশাসনিক আৰু ৰাজনৈতিক দিশটো ছোভিয়েট দেশখনৰ যথেষ্ট স্থৱিৰতা আছিল ।
(খ) ছোভিয়েট সংঘই ইয়াৰ যথেষ্ট সংখ্যক সম্পদ আণৱিক আৰু সামৰিক শক্তিৰ উন্নয়ন ব্যৱহাৰ কৰিছিল । যাৰ ফলত ছোভিয়েট অর্থনীতিত যথেষ্ট পৰিমাণে বাধা আহিছিল ।
(গ) ১৯৭৯ চনত ছোভিয়েটে আফগানিস্তান আক্রমণ কৰাৰ ফলত ছোভিয়েট শাসন পদ্ধতিটো পুনৰ দুৰ্বল হৈ পৰিছিল। মজুৰিৰ হাৰ ক্ৰমে বৃদ্ধিৰ উপৰি উৎপাদন আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত উন্নয়ন ঘটিছিল যদিও পশ্চিমীয়া দেশতকৈ যথেষ্ট পিছপৰি আছিল । এই অনুন্নত অৱস্থাটোৰ ফলত ভোগ্য সামগ্ৰীৰ অনাটন ঘটিছিল আৰু যাৰ বাবে প্ৰতি বছৰে খাদ্য সামগ্রী আমদানি বৃদ্ধি কৰিবলগীয়া হৈছিল ।
এনেবোৰ কাৰণত ছোভিয়েটৰ অৰ্থনৈতিক অৱস্থাত বাৰুকৈ স্থৱিৰতা আহি পৰিছিল ।
প্রশ্ন ২৬। আমেৰিকা যুক্তৰাষ্ট্ৰৰ দৰে পুঁজিবাদী দেশৰ অৰ্থনীতিৰপৰা ছোভিয়েট অর্থনীতিক পৃথক কৰা বৈশিষ্ট্যসমূহ উল্লেখ কৰা
উত্তৰ তলত উল্লেখ কৰা তিনিটা বৈশিষ্ট্যই ছোভিয়েট অর্থনীতিক আমেৰিকাৰ দৰে পুঁজিবাদী দেশৰপৰা পৃথক কৰিছে -
(ক) ছোভিয়েট অর্থনীতি সমাজবাদী অর্থনীতি । আনহাতে, আমেৰিকা যুক্তৰাষ্ট্ৰৰ অৰ্থনীতি পুঁজিবাদী অর্থনীতি ।
(খ) ছোভিয়েট অর্থনীতি সম্পূৰ্ণৰূপে চৰকাৰৰ হাতত য'ত ব্যক্তিগত মালিকীস্বত্ব সম্পত্তিৰ ক্ষেত্ৰত অনুমতি নাই । আনহাতে, আমেৰিকাৰ অৰ্থনীতিত ব্যক্তিগত মালিকৰ হাতত সম্পদ অধিকাৰ আছে ।
(গ) ছোভিয়েট সংঘত সমূহীয়াভাৱে খেতি কৰা পদ্ধতিটো ৰাষ্ট্ৰই নিয়ন্ত্ৰণ কৰে । আনহাতে, আমেৰিকা যুক্তৰাষ্ট্ৰত ব্যক্তিগত খণ্ডই এই কৃষি বা খেতি অণ্ডটো নিয়ন্ত্ৰণ কৰে ৷
প্রশ্ন ২৭। ছোভিয়েট প্রথাৰ দুৰ্বলতাসমূহ উল্লেখ কৰা
উত্তৰঃ ছোভিয়েট প্রথাত বিষয়াসকল প্ৰায় স্বেচ্চাচাৰী আৰু জনসাধাৰণৰ বাবে কষ্টদায়ক আছিল । গণতন্ত্ৰ আৰু বাক স্বাধীনতা। নথকাৰ বাবে জনসাধাৰণে নিজৰ ক্ষোভ আদিৰ দ্বাৰা ব্যক্ত কৰিব লগা হৈছিল। ছোভিয়েট ব্যৱস্থা বহু ক্ষেত্ৰত পশ্চিমৰ তুলনাত পিছপৰি আছিল, যেনে যাতায়াত ব্যৱস্থা, কাৰিকৰী কৌশল, আভ্যন্তৰীণ বিকাশ ইত্যাদি । তদুপৰি, ছোভিয়েট পদ্ধতিৰ প্ৰধান দুৰ্বলতা আছিল যে ই জনসাধাৰণৰ আশা - আকাংক্ষা পূৰণ কৰাত একেবাৰে সফল। হোৱা নাছিল । ১৯৭৯ চনৰ আফগানিস্তান আক্রমণ আৰু উৎপাদন, ব্যয় বৃদ্ধি, খাদ্যৰ নাটনি আদি বিভিন্ন কাৰণত ছোভিয়েট অৰ্থনীতি দুৰ্বল হৈ আহিছিল। বিশেষতঃ এনে হোৱাৰ প্ৰধান কাৰণ আছিল পশ্চিমৰ তুলনাত ইয়াৰ কাৰিকৰী কৌশল আছিল নিম্নমানৰ । 1
ছোভিয়েট প্রথা ৰাজনৈতিক আৰু প্ৰশাসনিক বিকাশৰ পৰাও দুৰ্বল হৈ নাছিল। প্ৰশাসনত দেখা দিয়া অৰাজকতা, সাংগঠনিক দুর্বলতা, দুর্নীতি আৰু জনতাৰ স্বাধীনতা। নথকাৰ বাবে প্ৰশাসনৰ প্ৰতি জনতাৰ মোহভংগ হোৱা আৰম্ভ হৈছিল। ইত্যাদি এনেবোৰ বিভিন্ন দুৰ্বলতা অথবা অসুবিধ্ব পৰিলক্ষিত হৈছিল ছোভিয়েট প্রথাত ।
*******
Also Read:-
AHSEC Class 12th Political Science Year wise Question
-AHSEC Class 12th Political Science Previous Year Question Paper 2012 2013 2014 2015 2016 2017 2018 2019 2020 2022 2023 2024