AHSEC Class 12 Political Science Chapter 1 শীতল যুদ্ধৰ যুগ (Cold War Era) Question Answer 2023 - The Treasure Notes

প্রশ্ন ১.শীতল যুদ্ধই কি বুজায় ? উত্তৰঃ শীতল যুদ্ধই অস্ত্র প্রযোগৰ অবিহনে বিভিন্ন শক্তিগোষ্ঠীৰ মাজত সামৰিক, অর্থনৈতিক, কূটনৈতিক, চুক্তি সম্পাদন আদি
HS 2nd Year Political Science Chapter 1 Cold War Era Question Answer in Assamese ,Class 12 Political Science Chapter 1 Cold War Era Question Answer in Assamese ,AHSEC Class 12 Political Science Chapter 1 শীতল যুদ্ধৰ যুগ Solution,

Are you Looking for AHSEC Class 12 Political Science Chapter 1 শীতল যুদ্ধৰ যুগ Solution If you want to know about AHSEC Class 12 Political Science Chapter 1 শীতল যুদ্ধৰ যুগ Solution then in this post we have Provided  the important question answer of  AHSEC Class 12 Political Science Chapter 1 Cold War Era Important Questions Answers in Assamese for 2023 AHSEC Exam

You have to read this post from top to bottom for Complete AHSEC Class 12 Political Science Chapter 1 Cold War Question Answer 2023, Also follow our Quick links for Various Question Papers  or search on our site.


AHSEC Class 12 Political Science Chapter: 1 Cold War Era Important Questions Answers 


Chapter-1

শীতল যুদ্ধৰ যুগ


অতি চমু প্ৰশ্নৰ উত্তৰ (মূল্যাংক ১)


প্রশ্ন ১.শীতল যুদ্ধই কি বুজায় ?

উত্তৰঃ শীতল যুদ্ধই অস্ত্র প্রযোগৰ অবিহনে বিভিন্ন শক্তিগোষ্ঠীৰ মাজত সামৰিক, অর্থনৈতিক, কূটনৈতিক, চুক্তি সম্পাদন আদি বিষয়সমূহৰ ক্ষেত্ৰত মতভেদৰ উদ্ভৱ হয়, সেই পৰিস্থিতি বা অৱস্থাকে বুজায়। দ্বিতীয় যুদ্ধৰ । পৰৱৰ্তী সময়ত ছোভিয়েট আৰু আমেৰিকাৰ অন্তৰ্গত দুই শক্তিগোষ্ঠীৰ মাজত শীতল যুদ্ধৰ সৃষ্টি হৈছিল।


প্রশ্ন ২.শীতল যুদ্ধ কেতিয়া আৰম্ভ হৈছিল?

উত্তৰঃ দ্বিতীয় বিশ্ব যুদ্ধৰ পৰৱৰ্তী সময়ছোৱাত অৰ্থাৎ ১৯৪৫ চনৰ পিছত শীতল যুদ্ধ আৰম্ভ হৈছিল ।


প্রশ্ন ৩.NATO-ৰ সম্পূৰ্ণ ৰূপটো লিখা।

উত্তৰঃ NATO-ৰ সম্পূৰ্ণ ৰূপটো হ'ল- North Atlantic Treaty Organisation.

Class 12 Political Science Chapter 1 Cold War Era Question Answer in Assamese 

প্রশ্ন ৪.ৱাৰশ্ব চুক্তি বা Warsaw চুক্তিৰ প্ৰধান কাৰ্য কি আছিল?

উত্তৰঃ ৱাৰশ্ব চুক্তি বা Warsaw চুক্তিৰ প্ৰধান কাৰ্য আছিল- NATO অর্থাৎ North Atlantic Treaty Organisation ৰ শক্তিক প্ৰতিৰোধ কৰা |


প্রশ্ন ৫.প্রথমখন গোষ্ঠী নিৰপেক্ষ শীর্ষ সন্মিলন ক'ত অনুষ্ঠিত হৈছিল?

উত্তৰঃ ১৯৬১ চনত বেলগ্রেডত অনুষ্ঠিত হৈছিল ।


প্রশ্ন ৬.বাক্যটো শুদ্ধকৈ কৰা মার্কিন যুক্তৰাষ্ট্ৰ সমাজবাদী আদৰ্শৰ প্ৰতি দায়বদ্ধ আছিল ।

উত্তৰঃ মার্কিন যুক্তৰাষ্ট্ৰ পুঁজিবাদী আদৰ্শৰ প্ৰতি দায়বদ্ধ আছিল ।


প্রশ্ন ৭.খালী ঠাই পূৰ কৰা 

দ্বিতীয় বিশ্বযুদ্ধৰ সমাপ্তি আছিল, ____ৰ আৰম্ভণি ৷ 

উত্তৰঃ দ্বিতীয় বিশ্বযুদ্ধৰ সমাপ্তি আছিল শীতলযুদ্ধ আৰম্ভণি ৷


প্রশ্ন ৮.শীতল যুদ্ধৰ কালছোৱা উল্লেখ কৰা

উত্তৰঃ শীতল যুদ্ধৰ কালছোৱা হ'ল- ১৯৪৫ চনৰ পৰা ১৯৯১ চনলৈকে ।

Class 12 Political Science Chapter 1 Cold War Era Question Answer in Assamese 

প্রশ্ন ৯.হয় নে নহয় লিখা ।

শীতল যুদ্ধ মার্কিন যুক্তৰাষ্ট্ৰ আৰু ছোভিয়েট ইউনিয়ন আৰু তেওঁলোকৰ মিত্র বাহিনীৰ মাজৰ এক প্রতিযোগিতা।

উত্তৰঃ হয়।


প্রশ্ন ১০.NIEO ৰ সম্পূৰ্ণ ৰূপটো লিখা।

উত্তৰঃ NIEO ৰ সম্পূৰ্ণ ৰূপটো হ'ল- New International Economic Order.


প্রশ্ন ১১.CENTO বুলিলে কি বুজা? ইয়াৰ সম্পূৰ্ণ ৰূপ কি?

উত্তৰঃ CENTO হ'ল এছিয়াৰ এক চুক্তি সংগঠন । হ্যাৰ সম্পূৰ্ণ ৰূপ হ'ল Central Treaty Organisation.


প্রশ্ন ১২.ৰোধকৰণ বুলিলে কি বুজা?

উত্তৰঃ ৰোধকৰণ বুলিলে কোনো কামত প্ৰতিহত কৰা বা নিৰূৎসাহিত কৰা অৰ্থক সূচায় ৷


প্রশ্ন ১৩.LOCS কি?

উত্তৰঃ LOCS হ'ল Line of Controls অথবা নিয়ন্ত্রণ ৰেখা যি পূৰ্ব পাকিস্তান ৰাজ্য জম্মু আৰু কাশ্মীৰৰ ভাৰত আৰু পাকিস্তান নিয়ন্ত্রিত। অংশসমূহৰ মাজত সামৰিক নিয়ন্ত্ৰণ ৰেথাক বোজায়। এই লাইন। আইনগতভাৱে স্বীকৃত আৰু ইযেই আন্তর্জাতিক সীমা বা সীমান্ত নিৰ্ধাৰণ কৰে ৷

প্রশ্ন ১৪.NAM ৰ সম্পূৰ্ণ ৰূপটো লিখা। উত্তৰঃ NAM ৰ সম্পূৰ্ণ ৰূপটো হ'ল- Non-Aligned Movement.


প্রশ্ন ১৫.কিউবাৰ সংকট কি আছিল?

উত্তৰঃ কিউবাৰ সংকট হ'ল এক মতানক্য বা সংকট যিটো ছোভিয়েট। ৰাছ্যিাক কিউবালৈ পাৰমাণৱিক ক্ষেপনাস্ত্র কঢ়িয়াই নিয়াত আমেৰিকাই বাধাৰ সৃষ্টি কৰিছিল ।


Class 12 Political Science Chapter 1 Cold War Era Question Answer in Assamese 

চমু প্ৰশ্নৰ উত্তৰ (মূল্যাংক ২)


প্রশ্ন ১.দ্বিতীয় বিশ্বযুদ্ধৰ মিত্ৰ শক্তি আৰু বিৰোধী শক্তি বুলিলে কি বুজা?

উত্তৰঃ দ্বিতীয় বিশ্বযুদ্ধৰ মিত্ৰ শক্তি বুলিলে আমেৰিকা যুক্তৰাষ্ট্ৰ, ছোভিয়েট। ৰাছিয়া, ইংলেণ্ড আৰু ফ্ৰান্সৰ শক্তিগোষ্ঠীটোক বুজা যায় ৷ আৰু বিৰোধী শক্তি বুলিলে জাৰ্মানী, ইটালী আৰু জাপানৰ শক্তিগোষ্ঠীটোক বোজা যায় ৷


প্রশ্ন ২.দ্বিতীয় বিশ্বযুদ্ধৰ পৰিসমাপ্তি কিদৰে ঘটিছিল?

উত্তৰঃ যেতিয়া আমেৰিকা যুক্তৰাষ্ট্ৰই জাপানৰ হিৰোচিমা আৰু নাগাচাকিত আণৱিক বোমা নিক্ষেপ কৰিছিল। তেতিয়া জাপানে আত্মসমৰ্পন কৰিবলৈ । বাধ্য হৈছিল । জাপানৰ আত্মসমৰ্পণৰ পাছতে দ্বিতীয় বিশ্বযুদ্ধৰ অন্ত পৰিছিল বা পৰিসমাপ্তি ঘটিছিল।


প্রশ্ন ৩.দ্বিতীয় বিশ্বযুদ্ধৰ পিছত মূৰ দাঙি উঠা দুই মহাশক্তিৰ নাম লিখা ?

উত্তৰঃ দ্বিতীয় বিশ্বযুদ্ধৰ পিছত মূৰ দাঙি উঠা দুই মহাশক্তিৰ নাম হ'ল পুঁজিবাদী আদৰ্শৰ আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু সাম্যবাদী আদৰ্শৰ ছোভিয়েট ৰাছ্যিা ।

Class 12 Political Science Chapter 1 Cold War Era Question Answer in Assamese 

প্রশ্ন ৪.দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত আণৱিক বোমা নিক্ষেপ কৰা ঠাই দুখনৰ নাম লিখা উত্তৰঃ দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত আণৱিক বোমা নিক্ষেপ কৰা ঠাই দুখনৰ নাম হ'ল- জাপানৰ হিৰোছিমা আৰু নাগাচাকি ।


প্রশ্ন ৫.দুই মহাশক্তিক সৰু সৰু সহযোগীৰ প্ৰযোজন কি হৈছিল?

উত্তৰঃ দুই মহাশক্তিক সৰু সৰু সহযোগীৰ প্ৰযোজন হৈছিল, কাৰণঃ

(ক) সৰু সৰু সহযোগী ৰাষ্ট্ৰসমূহৰ পৰা দুই মহাশক্তিযে তেওঁলোকৰ অস্ত্ৰ আৰু সৈন্য বাহিনীক ব্যৱহাৰ কৰিব পাৰিছিল

(খ) খনিজ সম্পদ, খাৰুৱা তেল আদি সম্পদসমূহৰ চহকী সৰু সৰু ৰাষ্ট্ৰবোৰে তেওঁলোকৰ সম্পদৰ ভঁৰালেৰে দুই মহাশক্তিক সহায় কৰিব পাৰিছিল ।


প্রশ্ন ৬.পশ্চিমীয়া মিত্ৰ শক্তি আৰু প্ৰাচ্য মিত্র শক্তি মানে কি?

উত্তৰঃ আমেৰিকা শক্তিগোষ্ঠীত সহযোগ বা যোগদান কৰা ইউৰোপৰ পশ্চিমীয়া ৰাষ্ট্ৰবোৰৰ জোটক পশ্চিমীয়া মিত্র শক্তি আৰু প্ৰাচ্য ইউৰোপৰ ৰাষ্ট্ৰসমূহৰ জোটক প্রাচ্য মিত্র শক্তি বোলা হয়।

Class 12 Political Science Chapter 1 Cold War Era Question Answer in Assamese 

প্রশ্ন ৭.দুই মহাশক্তিৰ দ্বাৰা স্বাক্ষৰিত অস্ত্ৰ নিয়ন্ত্রণ চুক্তি তিনিখনৰ নাম লিখা ।

উত্তৰঃ দুই মহাশক্তিৰ দ্বাৰা স্বাক্ষৰিত অস্ত্ৰ নিয়ন্ত্রণ চুক্তি দুখনৰ নাম হ'ল-

(ক) পাৰমাণৱিক নি-সম্প্ৰসাৰণ চুক্তি (Nuclear Non-Proliferation Treaty)।

(খ) ক্ষেপণাস্ত্ৰ বিৰোধী চুক্তি (Anti-Ballistic Missile Treaty) আৰু

(গ)সীমিত অস্ত্ৰ পৰীক্ষণ নিষিদ্ধ চুক্তি (Limited Test Ban Treaty)।


প্রশ্ন ৮.প্ৰথমখন গোষ্ঠী নিৰপেক্ষ শীর্ষ সন্মিলন ক'ত আৰু কেতিয়া অনুষ্ঠিত হৈছিল? 

উত্তৰঃ প্ৰথমখন গোষ্ঠী নিৰপেক্ষ শীর্ষ সন্মিলন বেলগ্রেডত ১৯৬১ চনৰ ১ ছেপ্টেম্বৰৰ পৰা ৬ ছেপ্টেম্বৰলৈকে অনুষ্ঠিত হৈছিল ।


প্রশ্ন ৯.NATO ৰাষ্ট্ৰসমূহৰ ঘোষণাপত্র কি?

উত্তৰঃ NATO ৰাষ্ট্ৰসমূহৰ ঘোষণা-পত্ৰ আছিল এই যে যদি কোনো অন্য ৰাষ্ট্ৰ বা ৰাষ্ট্ৰগোষ্ঠীযে NATO ৰ সদস্য ৰাষ্ট্ৰক আক্ৰমণ কৰে, তেতিয়া তেওঁলোকে। সমূহিকভাৱে বা একেলগে পাৰস্পৰিক প্ৰতিৰক্ষা আগবঢ়াব বা প্ৰতিৰক্ষা দিব ।

Class 12 Political Science Chapter 1 Cold War Era Question Answer in Assamese 

প্রশ্ন ১০.মহাশক্তিসমূহৰ বাবে ক্ষুদ্ৰ ৰাষ্ট্ৰবোৰ কিয় সহায়ক হৈছিল?

উত্তৰঃ ইয়াৰ মূল তিনিটা কাৰণ হ'ল -

(ক) মুল সম্পদসমূহ যেনে-তেল আৰু খনি

(খ) ভূ - ক্ষেত্ৰ (য'ৰ পৰা বৃহৎ শক্তিসমূহে নিজৰ অস্ত্ৰ - শস্ত্ৰ) আৰু সেনা সঞ্চালন কৰিব পাৰে ৷ -

(গ) অৱস্থান, য'ৰ পৰা তেওঁলোকে পৰম্পৰৰ ওপৰত গুপ্তচৰী কৰিব পাৰে ৷


প্রশ্ন ১১.কমিউনিষ্ট পৰিমণ্ডলৰ তিনিখন দেশৰ নাম লিখা ৷

উত্তৰঃ ছোভিয়েট ৰাছ্যিা, হাংগেৰী আৰু পোলেণ্ড


প্রশ্ন ১২.গোষ্ঠী নিৰপেক্ষতা এক নেতিবাচক নীতি নেকি? 

উত্তৰঃ নহয় । বৰঞ্চ ই হৈছে বৃহৎ শক্তিবিলাকৰ সামৰিক মৈত্ৰীৰ পৰা বিৰত থকা এক নীতি ।

Class 12 Political Science Chapter 1 Cold War Era Question Answer in Assamese 

প্রশ্ন ১৩.দ্বিতীয় বিশ্বযুদ্ধৰ সমাপ্তিৰ পিছত ঔপনিৱেশিকতাৰ পৰা মুক্ত হোৱা যিকোনো চাৰিখন ৰাষ্ট্ৰৰ নাম লিখা।

উত্তৰঃ ভাৰত, ইণ্ডোনেছিয়া, ইজিপ্ত আৰু শ্ৰীলংকা ।


প্রশ্ন ১৪.২০ তম NATO শীর্ষ সন্মিলন কেতিয়া আৰু ক'ত অনুষ্ঠিত হৈছিল ?

উত্তৰঃ ২০১২ চনত আমেৰিকাৰ চিকাগো চহৰত ।


প্রশ্ন ১৬.দ্বিতীয় বিশ্বযুদ্ধৰ মিত্ৰ শক্তি আৰু অক্ষীয় শক্তি বুলিলে কি বুজা?

উত্তৰঃ মিত্রশক্তি বুলিলে মার্কিন যুক্তৰাষ্ট্ৰ, ছোভিয়েট সংঘ, ব্ৰিটেইন আৰু ফ্ৰান্সক বুজা যায় । আনহাতে, অক্ষীয় শক্তি বুলিলে বা বিৰোধী শক্তি বুলিলে জার্মান ইটালী আৰু জাপানক বুজা যায়|

HS 2nd Year Political Science Chapter 1 Cold War Era Question Answer in Assamese 

প্রশ্ন ১৭.সাম্যবাদী শিবিৰৰ অন্তৰ্গত তিনিখন দেশ বাছি উলিওৱা ।

উত্তৰঃ হাংগেৰী, পোলেণ্ড আৰু আলবেনিয়া ।


প্রশ্ন ১৮.পাৰমাণৱিক নিৰীকৰণ চুক্তি সম্পর্কে চমুকৈ লিখা।

উত্তৰঃ শীতল যুদ্ধই সৃষ্টি কৰা উত্তেজনা হ্ৰাস কৰিবৰ বাবে আৰু যুদ্ধৰ পৰা বিশ্বক ৰষ্কা। কৰিবৰ বাবে দুই মহাশক্তিধৰৰ লগতে পৃথিৱীৰ বিভিন্ন ৰাষ্ট্ৰই কেতবোৰ গুৰুত্বপূৰ্ণ চুক্তি স্বাক্ষৰ কৰিছিল যিবোৰক পাৰমাণৱিক নিৰীকৰণ চুক্তি বুলি অভিহিত কৰা হয় । এই চুক্তিসমূহৰ জৰিয়তে মজুত থকা অস্ত্ৰ - শস্ত্ৰ হ্ৰাস কৰাৰ লগতে পাৰমাণৱিক পৰীক্ষা ।


Class 12 Political Science Chapter 1 Cold War Era Question Answer in Assamese 

ৰচনাধৰ্মী প্রশ্নোত্তৰ (মূল্যাংক ৪/৫)


প্রশ্ন ১.শীতল যুদ্ধ কিয় ‘এক শীতল যুদ্ধ' হৈ আছিল আৰু 'উত্তপ্ত' যুদ্ধ হোৱাগৈ নাছিল?

উত্তৰঃ শীতল যুদ্ধ এক শীতল যুদ্ধ হৈ আছিল আৰু উত্তপ্ত যুদ্ধ হোৱাগৈ নাছিল । প্ৰতিমুহূৰ্ততে যুদ্ধৰ উত্তেজনা হৈছিল কিন্তু দুযুটা শিবিৰৰ মাজত পোনপটীয়া যুদ্ধৰ সূত্ৰপাত ঘটা নাছিল, যাৰ বাবে শীতল যুদ্ধ' বোলা হৈছিল । কাৰণ দুই মহাশক্তিৰ পাৰমাণৱিক শক্তি মজুত আছিল । হিৰোছিমা আৰু নাগাছাকিৰ ঘটনাৰ বাবে দুযুপক্ষই পুনৰ এক ভয়াবহ বিপদৰ আশংকা। কৰিছিল। তেওঁলোকে দুপক্ষই নিঃশেষ হোৱাৰো ভয় কৰিছিল । সেয়েহে দুযুপক্ষই কোনো পৰিস্থিতিতেই যাতে প্রত্যক্ষ যুদ্ধ নহয় তাৰ বাবে সাবধানতা অৱলম্বন কৰিছিল । লগতে, দুযুপক্ষই প্ৰত্যক্ষ যুদ্ধৰ পৰা বিৰত থকাটো মঙ্গল হ'ব বুলি ভাবিছিল। সেই পৰিস্থিতিত আণবিক বোমাই প্ৰত্যক্ষ যুদ্ধ নিবাৰক হিচাপে সক্ৰিয় আছিল । দুটা পক্ষই বিশ্বত নিজৰ আধিপত্য প্ৰতিষ্ঠাৰ বাবে চেষ্টা কৰিছিল। কিন্তু কোনো প্রত্যক্ষ 'উত্তপ্ত' যুদ্ধৰ সংঘটন কৰা নাছিল । কাৰণ দুযুপথই সম-শক্তি আছিল ৷

HS 2nd Year Political Science Chapter 1 Cold War Era Question Answer in Assamese 

প্রশ্ন ২.তুমি ভাবানে নে যে দুই মহাশক্তিয়ে নেতৃত্ব দিয়া মিত্র শক্তি ব্যৱস্থাই সমগ্ৰ বিশ্বকে দুটা শিবিৰত ভাগ কৰিছিল? তোমাৰ উত্তৰৰ যুক্তি-যুক্তিতা প্ৰতিপন্ন কৰা।

উত্তৰঃ দ্বিতীয় বিশ্বযুদ্ধৰ পাছত সৃষ্টি হোৱা শীতল যুদ্ধই বিশ্বৰ প্ৰতিটো প্ৰান্তত নিজৰ আধিপত্য প্ৰতিষ্ঠাৰ কাৰণে প্ৰতিযোগিতা কৰিছিল । গোটেই বিশ্ব দুই শক্তিগোষ্ঠীৰ প্ৰতিনিধিৰ সহায়ত দুটা শিবিৰত বিভক্ত হৈছিল । পুঁজিবাদী শিবিৰে প্ৰধানকৈ পশ্চিম ইউৰোপৰ দেশসমূহক কেন্দ্ৰীভূত কৰিছিল ৷ লগতে, পূৰ্ব ইউৰোপৰ দেশসমূহে সমাজবাদী শিবিৰত যোগদান কৰিছিল । দুযুটা শিবিৰে পৃথিৱীৰ বিভিন্ন প্ৰান্তত আধিপত্য প্ৰতিষ্ঠাৰ বাবে প্ৰচেষ্টা কৰিছিল । পৃথিবীৰ প্ৰায়বোৰ স্বাধীন দেশসমূহে নিজৰ অস্তিত্ব ৰক্ষাৰ বাবে কোনো এক শিবিৰত যোগদান কৰিছিল । বিশ্বৰ সৰু সৰু দেশসমূহে অৰ্থনীতি আৰু । সামৰিক ব্যবস্থাৰ পুনৰ গঠনৰ অৰ্থে এই দুই শিবিৰত যোগদান কৰিছিল । মুঠতে বিশ্বৰ প্রাযসংখ্যক দেশসমূহে অস্তিত্ব যাতে বিলুপ্ত নহয় তাৰ বাবে কোনো এক শিবিৰত যোগদান কৰি অৰ্থনৈতিক, ৰাজনৈতিক আৰু সামাজিক সুবিধাসমূহ লাভ কৰিছিল ।

প্রশ্ন ৩.সৰু সৰু দেশবোৰে দুই মহাশক্তিক কিদৰে সহায় কৰিছিল?

উত্তৰঃ শীতল যুদ্ধৰ সময়ছোৱাত দুই শক্তিধৰে সৰু সৰু ৰাষ্ট্ৰসমূহৰ সৈতে সামৰিক সহযোগিতা গঢ়ি তুলিছিল আৰু বহু দিশত সহায় লাভ কৰিছিল । ইয়াৰে উল্লেখযোগ্য দিশ বা কাৰণসমূহ হ'লঃ

(ক) সৰু সৰু সহযোগী ৰাষ্ট্ৰসমূহে দুই মহাশক্তিক তেওঁলোকৰ অস্ত্ৰ আৰু সৈন্য বাহিনীৰে সহায় কৰিছিল ।

(থ) খনিজ সম্পদ, তেল আৰু আন প্ৰাকৃতিক সম্পদসমূহৰ চহকী সৰু সৰু ৰাষ্ট্ৰবোৰে তেওঁলোকৰ সম্পদৰ ভঁৰালেৰে দুই মহাশক্তিক সহায় কৰিব পাৰিছিল ।

(গ)দুই মহাশক্তিক সৰু সৰু দেশবোৰে চোৰাং চোৰাৰ ঘাটি হিচাপে ব্যবহাৰ কৰাৰ সুযোগ প্ৰদান কৰিছিল ৷

(ঘ) দুই মহাশক্তিৰ বৰ্ধিত সামৰিক ব্যয় বহন কৰাৰ বাবে সৰু সৰু দেশবোৰে আৰ্থিক সাহায্য আগবঢ়াইছিল ।

(ঙ) সৰু সৰু দেশৰ ভূখণ্ডক যুদ্ধক্ষেত্ৰত ব্যৱহাৰ কৰিব পাৰিছিল ।

(চ) সৰু সৰু দেশৰ সামৰিক বাহিনীৰ সহযোগত যুদ্ধৰ বাবে সৈন্যৰ শক্তিশালী সংগঠন গঢ়ি তুলিবলৈ সক্ষম হৈছিল।

HS 2nd Year Political Science Chapter 1 Cold War Era Question Answer in Assamese 

প্রশ্ন ৪.শীতল যুদ্ধৰ সময়ত NAM ৰ ভূমিকা আলোচনা কৰিছিল ?

উত্তৰঃ শীতল যুদ্ধৰ সময়ত তৃতীয় বিশ্বৰ দেশসমূহ বিশেষকৈ এছিয়া, আফ্ৰিকা আৰু লেটিন আমেৰিকাৰ দেশসমূহৰ সহযোগত গোষ্ঠী নিৰপেক্ষ আন্দোলন অর্থাৎ NAM or Non Aligned Movement গঢ়ি উঠিছিল । শীতল যুদ্ধৰ কালছোৱাত সামৰিক দুই মিত্ৰজোটৰ পৰা এই NAM ৰ অন্তৰ্গত দেশসমূহে আতৰি আছিল । সেই পৰিস্থিতিত অর্থনীতি আৰু বিকাশৰ ভেটিৰ নিৰ্মাণৰ বাবে যুদ্ধৰ পৰিবৰ্তে শান্তিহে বিচাৰিছিল । এই দেশসমূহে দুই মহাশক্তিৰ কবলৰ পৰা মুক্ত হৈ শীতল যুদ্ধৰ সময়ত স্বাধীনভাৱে দেশীয় আৰু বৈদেশিক নীতি প্ৰস্তুত কৰিছিল। ফেচিবাদ, উপনিবেশবাদ, বৰ্ণবাদ, আৰু আনবিক বোমাৰ দৰে বিষয়সমূহৰ ক্ষেত্ৰত NAM এ বিৰোধিতা কৰিছিল । শীতল যুদ্ধৰ সময়ত NAM ৰ ৰাষ্ট্ৰসমূহে বৈদেশিক ৰাষ্ট্ৰত সামৰিক ঘাটি নিৰ্মাণৰ বিৰোধিতা কৰিছিল। সেই ৰাষ্ট্ৰবোৰে বিশ্বশান্তি আৰু নিৰাপত্তাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰিছিল । সেয়েহে শীতল যুদ্ধৰ কালছোৱাত NAM ক পৃথিবীৰ সৰ্ববৃহৎ শান্তি আন্দোলন নামেৰে জনা গৈছিল ।


প্রশ্ন ৫.তুমি ভাবানে যে আদর্শগত পার্থক্যই শীতল যুদ্ধৰ সৃষ্টিত অৰিহনা যোগাইছিল?

উত্তৰঃ হয় শীতল যুদ্ধৰ কালছোৱাত দুই মহাশক্তি যে দুই পৃথক আদৰ্শৰে অনুপ্ৰাণিত হৈছিল । আমেৰিকা যুক্তৰাষ্ট্ৰৰ অধীনৰ মহাশক্তিযে পুঁজিবাদী আদর্শ গ্ৰহণ কৰিছিল । লগতে, ছোভিয়েট ৰাছিয়াৰ নেতৃত্বাধীন শক্তিগোষ্ঠীযে সমাজবাদী শিবিৰৰ আদৰ্শত প্ৰতিষ্ঠিত হৈছিল। দুই শক্তিগোষ্ঠীযে পৃথক । ধৰণৰ ৰাষ্ট্ৰ ব্যৱস্থা, অৰ্থনীতিৰ নিয়ন্ত্ৰণ আৰু আদৰ্শগত পৰিচালনাৰে। পৰিচালিত হৈছিল । পুঁজিবাদী শিবিৰৰ আদৰ্শযে ব্যক্তিৰ আধিকাৰ আৰু ব্যক্তিগত মালিকানাস্বত্বক সংলগ্ন কৰিছিল । আনহাতে, সমাজবাদী শিবিৰৰ আদৰ্শয়ে ৰাষ্ট্ৰৰ হাতত প্ৰায়বোৰ ক্ষমতা অৰ্পণ কৰিছিল । তাৰোপৰি, পুঁজিবাদী আদৰ্শৰ শক্তিগোষ্ঠীযে উদাৰ অর্থনীতি আৰু উদাৰ গণতান্ত্ৰিক ব্যবস্থা আৰোপ কৰিছিল ৷ বিপৰীতে, সমাজবাদী শিবিৰৰ আদৰ্শই ৰাষ্ট্ৰৰ একাত্মক শাসনৰ মাধ্যমেৰে জাতীয় অৰ্থনীতিৰ বুনিয়াদ নিৰ্মাণ কৰাৰ আদৰ্শ প্ৰতিষ্ঠা কৰিছিল ৷

HS 2nd Year Political Science Chapter 1 Cold War Era Question Answer in Assamese 

প্রশ্ন ৬.NAM ৰ অৱস্থিতিত ভাৰতৰ ভূমিকা নির্ণয় কৰা ।

উত্তৰঃ ১৯৬১ চনত বেলগ্রেডত স্থাপন হোৱা গোষ্ঠীনিৰপেক্ষ আন্দোলনৰ মুখ্য খনিকৰ আছিল ভাৰতৰ প্ৰথমজন প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰু৷ “গোষ্ঠীনিৰপেক্ষতা” ৰ ধাৰণাতো প্ৰথম বাৰৰ বাবে জবাহৰলাল নেহৰুযে। ব্যৱহাৰ কৰিছিল । গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ মূল আধাৰ আছিল- ভাৰত আৰু চীনৰ মাজত হোৱা দ্বি-পাক্ষিক "পঞ্চশীল নীতি” । ভাৰতে গোষ্ঠী। নিৰপেক্ষ আন্দোলনৰ জৰীতে দুখন দেশৰ মাজত ভোগোলিক অখণ্ডতা আৰু সাৰ্বভৌমত্বৰ প্ৰতি পাৰস্পৰিক সন্মানৰ নীতিৰ প্ৰভাৱ পেলাইছিল । লগতে, ভাৰতৰ পঞ্চশীল নীতিৰ জৰীয়তেই গোষ্ঠীনিৰপেক্ষ আন্দোলনত পাৰস্পৰিক নিআগ্রাশন নীতিৰ পালন কৰিছিল । ইয়াৰ উপৰিও, ভাৰতে বৈদেশিক ৰাষ্ট্ৰত সামৰিক ঘাটি নিৰ্মাণ কৰাত ঘুৰ বিৰুদ্ধিতা কৰিছিল। ভাৰতে গোষ্ঠী নিৰপেক্ষতাৰ জৰীয়তে সমতা আৰু পাৰস্পৰিক সুযোগ-সুবিধা পোৱাৰ ক্ষেত্ৰত পৃষ্ঠপোষকতা কৰিছিল। সমসাময়িকভাবে, গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ মূল নীতি স্বৰূপ শান্তিপূৰ্ণ সহৱস্থানৰ নীতিও ভাৰতৰ পঞ্চশীল নীতিৰ সহাযতে স্থাপন কৰা হৈছিল ।

HS 2nd Year Political Science Chapter 1 Cold War Era Question Answer in Assamese 

প্রশ্ন ৭.বেলগ্রেড শীৰ্ষ সন্মিলনৰ তাৎপর্য বিশ্লেষণ কৰা।

উত্তৰঃ ১৯৬১ চনত বেলগ্ৰেডৰ শীৰ্ষ সন্মিলন স্থাপন হৈছিল। এই সন্মিলনতেই গোষ্ঠীনিৰপেক্ষ আন্দোলনৰ পাতনি মেলিছিল। ২৫ খন ৰাষ্ট্ৰৰ সহযোগত। গোষ্ঠীনিৰপেক্ষ আন্দোলনৰ নীতি আৰু কাৰ্য্যসূচীসমূহ এই সন্মিলনতেই গঠন কৰা হৈছিল । বেলগ্ৰেডৰ এই সন্মিলনৰ জৰীয়তেই ভাৰত আৰু চীনৰ মাজত হোৱা পঞ্চশীল নীতিকেইটাৰ পূৰ্ণ বিকাশ আৰু কাৰ্যকৰী হৈছিল। এই সন্মিলনৰ মাধ্যমেৰেই পৃথিৱীৰ সৰ্ববৃহৎ শান্তি আন্দোলন হিচাপে গোষ্ঠীনিৰপেক্ষ আন্দোলন প্রতিষ্ঠিত হৈছিল । লগতে, দক্ষিণ আফ্ৰিকাৰ বৰ্ণবাদ বিৰোধী আন্দোলনৰ মূল পাতনি এই আন্দোলনৰ জৰীয়তে বিস্তাৰ ঘটিছিল। সমসাময়িকভাৱে পেলেষ্টাইন, জিম্বাবোৱে আৰু নামিবিয়াৰ স্বাধীনতা সংগ্ৰামৰ বিষয়ে বেলগ্রেড শীর্ষ সন্মিলনত আলোচনা কৰা হৈছিল। তাৰোপৰি, গোষ্ঠীনিৰপেক্ষ আন্দোলনৰ পূৰ্ণ ৰূপত এই সন্মিলনৰ সহযোগত স্থাপিত হৈছিল।

HS 2nd Year Political Science Chapter 1 Cold War Era Question Answer in Assamese 

প্রশ্ন ৮.NATO ৰ সদস্য ৰাষ্ট্ৰবোৰ কি কি?

উত্তৰঃ আমেৰিকা যুক্তৰাষ্ট্ৰৰ নেতৃত্বৰ জৰীয়তে ১৯৪৯ চনৰ ৪ এপ্ৰিলত উত্তৰ আটলান্টিক চুক্তি সংগঠন অর্থাৎ NATO (North Atlantic Treaty Organisation) গঢ়ি উঠিছিল । NATO ৰ গঠনৰ সময়ত ইয়াৰ সদস্য। ৰাষ্ট্ৰৰ সংখ্যা আছিল- ১২ খন ৷ সেই ৰাষ্ট্ৰসমূহৰ নাম আছিল- বেলজিয়াম, কানাডা, ডেনমার্ক, ফ্রান্স, আইচলেণ্ড, ইটালী, লাক্সেমবার্গ, নেডাৰলেণ্ড, নৰওৱে, পর্তুগাল, ব্ৰিটেইন আৰু মাৰ্কিন যুক্তৰাষ্ট্ৰ। পৰৱৰ্তী সময়ত NATO ৰ সংগঠনত আন বহু ৰাষ্ট্ৰই অংশগ্ৰহণ কৰিছিল ।


প্রশ্ন ৯.মিত্র শক্তি ব্যৱস্থাৰ আদৰ্শগত কাৰণ কি?

উত্তৰঃ দ্বিতীয় বিশ্বযুদ্ধ (১৯৩৯-৪৫)ৰ সময়ত মিত্ৰশক্তি আৰু চক্রশক্তি বা। অক্ষীযশক্তি হিচাপে দুটা শক্তিগোষ্ঠীত বিভক্ত হৈছিল । মিত্ৰ শক্তি সাধাৰণতে মার্কিন যুক্তৰাষ্ট্ৰ, ছোভিয়েট সংঘ, ব্ৰিটেইন, ফ্ৰান্স আৰু আন কিছু দেশৰ সংলগ্নৰে গঠিত হৈছিল । মিত্ৰ শক্তি ব্যৱস্থাৰ আদৰ্শগত মূল কাৰণ আছিল নিজৰ আদৰ্শৰে আধিপত্য বিস্তাৰ কৰা। দুই মহাশক্তিযে তেওঁলোকৰ নিজৰ মতাদৰ্শগত আদৰ্শসমূহ পৃথিৱীৰ সকলো প্ৰান্তত প্ৰতিষ্ঠাৰ বাবে চেষ্টা কৰিছিল । লগতে, সামৰিক, সাংস্কৃতিক আৰু অর্থনীতি ক্ষেত্ৰত নিজৰ আদৰ্শৰ মাধ্যমেৰে বিশ্বত প্ৰতিযোগিতাৰ সৃষ্টি কৰিছিল। সমসাময়িক ভাৱে নিজ আদৰ্শগত ব্যৱস্থাৰ মাধ্যমেৰে নিজ শক্তিগোষ্ঠীত থকা সদস্য ৰাষ্ট্ৰবোৰৰ মাজত সহযোগিতাৰ সৃষ্টি কৰিছিল । ইয়াৰোপৰি, মিত্ৰ শক্তিগোষ্ঠীৰ আদৰ্শগত ব্যৱস্থা বিশেষকৈ পুঁজিবাদী ব্যৱস্থাৰ মাধ্যমেৰে আন দেশক সংলগ্ন কৰিব৷ বিচাৰিছিল । এই আদৰ্শৰে বিশ্বত মিত্রশক্তি পৰিপেক্ষিতত সহৱস্থানৰ সৃষ্টি কৰাৰ প্ৰয়াস কৰিছিল

HS 2nd Year Political Science Chapter 1 Cold War Era Question Answer in Assamese 

প্রশ্ন ১০.ৰাষ্ট্ৰীয় আৰু দায়িত্বশীল দৃষ্টিভংগী গ্ৰহণেৰে দুই বিশ্বশক্তিক কোনে গঢ় দিছিল?

উত্তৰঃ ৰাষ্ট্ৰীয় আৰু দায়িত্বশীল দৃষ্টিভংগী গ্ৰহণেৰে দুই বিশ্বশক্তিক পুঁজিবাদী আদৰ্শ আৰু সমাজবাদীৰ আদৰ্শৰ জৰীয়তে সহযোগী ৰাষ্ট্ৰবোৰে গঢ় দিছিল ৷ দুই মহাশক্তিৰ মাজত গঢ়ি উঠা সংশয় আৰু সন্দেহ সমূহৰ বাবে সৃষ্টি হোৱা। উত্তেজনাসমূহৰ মূলতে পুঁজিবাদী আদৰ্শ আৰু সমাজবাদী আদৰ্শ আৰু সহযোগী ৰাষ্ট্ৰসমূহে মধ্যস্থতাকাৰী হিচাপে থিয় দিছিল। সামৰিক আৰু অৰ্থনৈতিক শক্তি প্রদর্শন কৰাৰ দিশতো এইসমূহে সহায় কৰিছিল । ইয়াৰ সহযোগত দুই বিশ্বশক্তিযে পৃথিৱীৰ বিভিন্ন অঞ্চলত নিজৰ আধিপত্য প্রতিষ্ঠা কৰাত সক্ষম। হৈছিল। নিজৰ আদৰ্শ, মতাদৰ্শ আৰু সামৰিক শক্তি প্ৰতিষ্ঠাৰ বাবে এইসমূহে। সহায়ক হিচাপে প্রতিষ্ঠিত হৈছিল । সামৰিক অভিযান আৰু বিভিন্ন দেশসমূহৰ ভূ- খণ্ডসমূহৰ ব্যৱহাৰ কৰাৰ দিশতো এইসমূহে সহায় কৰিছিল । ভিন্ন প্রাকৃতিক সম্পদ সমূহৰ সুযোগ আৰু ব্যৱহাৰৰ বেলিকাও দুই মহাশক্তিযে সহায় পাইছিল । মুঠতে এইসমূহে পৃথিৱীৰ বিভিন্ন প্ৰান্তত দুই মহাশক্তিক পূৰ্ণৰূপত গঢ় দি তুলিছিল ।

HS 2nd Year Political Science Chapter 1 Cold War Era Question Answer in Assamese 

প্রশ্ন ১১.১৯৬২ চনত ছোভিয়েট ৰাছিয়াই কিউবাত পাৰমাণৱিক ক্ষেপনাস্ত্ৰ স্থাপন কৰাৰ কাৰণ কি আছিল?

উত্তৰঃ শীতল যুদ্ধৰ কালছোৱাত দুই মহাশক্তিৰ মাজত সন্দেহ আৰু সংশযৰ গঢ় লৈ উঠিছিল। এই পৰিস্থিতিত প্ৰতি মুহূৰ্ততে আক্ৰমণৰ সূচনা হৈছিল । বিশেষকৈ কিউবাৰ ওপৰতো ছোভিয়েট সংঘই এই ধৰণৰ সন্দেহ প্রকাশ । কৰিছিল । এই সন্দেহ ১৯৬১-৬২ চনত পূৰ্ণ ৰূপ পাইছিল । মাৰ্কিন ৰাষ্ট্ৰপতি আৰু চোৰাংচোৱা বাহিনীৰ সহযোগত কিউবাৰ ওপৰত আক্ৰমণ চলোৱাৰ ষড়যন্ত্ৰ ছোভিয়েট সংঘই সন্দেহ কৰিব ধৰিছিল । এই পৰিস্থিতিৰ মুকাবিলা কৰিবৰ বাবে ছোভিয়েট সংঘই আগতীয়াকৈ পৰিকল্পনা কৰিছিল । এই পৰিকল্পনাৰ আধাৰতেই ১৯৬২ চনত নিকিটা ছেভে কিউবাট ৰাছিয়াৰ সামৰিক ঘাটি প্ৰতিষ্ঠাৰ বাবে সিদ্ধান্ত লয়। এই পৰিপেক্ষিততেই ১৯৬২ চনৰ ছেপ্তেম্বৰ মাহত কিউবা আৰু ছোভিয়েট সংঘ চৰকাৰৰ যুটীয়া প্ৰচেষ্টাত। কিউবাত পাৰমাণৱিক ক্ষেপনাস্ত্ৰ স্থাপন কৰিছিল ।


প্রশ্ন ১২.কি ভিত্তিত ভাৰতৰ গোষ্ঠী নিৰপেক্ষতাৰ নীতিক সমালোচনা কৰা হৈছিল ?

উত্তৰঃ ভাৰতৰ গোষ্ঠী নিৰপেক্ষতাৰ নীতিক সমালোচনা কৰাৰ বিভিন্ন দিশসমূহ পৰিলক্ষিত হৈছে ইয়াৰ ভিতৰত উল্লেখযোগ্যসমূহ হ'ল এনেধৰণৰ-

(ক) ভাৰতবৰ্ষই আন্তৰ্জাতিক ৰাজনীতিৰ ক্ষেত্ৰত বিশেষকৈ জাতীয় স্বাৰ্থত অধিক গুৰুত্ব আৰোপ কৰিছিল ।

(খ) বহু দিশত 'গোষ্ঠী নিৰপেক্ষতা'ৰ নামত ভাৰতে নীতিহীন স্থিতি গ্রহণ কৰা পৰিলক্ষিত হৈছিল ।

(গ) ভাৰতে আন্তৰ্জাতিক সংকটৰ সময়ত কোনো সবল স্থিতি গ্রহণ কৰা নাছিল যিযে গোষ্ঠী নিৰপেক্ষতাৰ নীতিক বিৰদ্ধিতা কৰাক সূচায় ৷

(ঘ) সঁচা অৰ্থত ভাৰতে গোষ্ঠী নিৰপেক্ষতাৰ নীতিক সম্পূৰ্ণৰূপে অনুসৰণ নকৰিছিল ।

(ঙ) কোনো শক্তিগোষ্ঠীত অংশগ্ৰহণ কৰা নাছিল যদিও ভাৰতে ছোভিয়েট সংঘৰ অতি ঘনিষ্ঠ হিচাপে প্ৰকাশ পাইছিল ।

(চ) ১৯৭১ চনত বাংলাদেশৰ সংকটৰ সময়ছোৱাতে ভাৰতে ছোভিয়েট সংঘৰ সৈতে বিছ বছৰীয়া মৈত্ৰী চুক্তি স্বাক্ষৰ প্ৰদান কৰিছিল যি গোষ্ঠী নিৰপেক্ষতাৰ নীতিৰ বিপৰীত আছিল ।

(ছ) লগতে, গোষ্ঠী নিৰপেক্ষতাৰ নীতিক চেৰ পেলাই ভাৰতে আমেৰিকা আৰু আন পশ্চিমী দেশৰ লগতো বন্ধুত্বপূর্ণ সম্বন্ধ ৰক্ষা কৰিছিল ।

Class 12 Political Science Chapter 1 Cold War Era Question Answer in Assamese 

প্রশ্ন ১৩.শীতল যুদ্ধ সৃষ্টি যিকোনো চাৰিটা কাৰণ লিখা।

উত্তৰঃ শীতল যুদ্ধ সৃষ্টিৰ চাৰিটা মূল কাৰণ হ'লঃ

(ক) হিৰোছিমা আৰু নাগাছাকিৰ আণৱিক বোমা নিক্ষেপঃছোভিয়েট সংঘৰ বৰ্ধিত হোৱা অৰ্থনীতি আৰু সামৰিক ব্যৱস্থাত আমেৰিকাই শংকিত হৈ পৰিছিল। এই পৰিপেক্ষিতত ছোভিয়েট সংঘই যাতে এছিয়াত একাধিপত্য প্রতিষ্ঠা কৰিব নোৱাৰে তাৰ বাবে আমেৰিকাই হিৰোছিমা আৰু নাগাছাকিত আণৱিক বোমা নিক্ষেপ কৰি নিজৰ পৰাক্ৰম পৰিচয় কৰিছিল যিটো শীতল যুদ্ধ আৰম্ভণিত অৰিহণা যোগাইছিল।

(খ) দুই মহাশক্তিৰ মাজৰ পাৰস্পৰিক সংশ্য আৰু বিশ্বাসহীনতাৰ মনোভাবঃ আমেৰিকা আৰু ছোভিয়েট সংঘৰ মাজত দ্বিতীয় যুদ্ধৰ সময়ত পাৰস্পৰিক সংশ্য আৰু বিশ্বাসহীনতাৰ মনোভাব গঢ়ি উঠিছিল ইয়াৰ বাবে দুই। মহাশক্তিৰ অধীনত শীতল যুদ্ধৰ অবতাৰণা হৈছিল।

(গ) দুই মহাশক্তিৰ প্ৰভাৱ আন দেশসমূহত প্ৰতিষ্ঠাৰ হকে কৰা প্ৰতিযোগিতা দ্বিতীয় বিশ্বযুদ্ধৰ পাছত দুই মহাশক্তিয়ে নিজৰ নিজৰ আধিপত্য প্ৰতিষ্ঠাৰ। বাবে শীতল যুদ্ধৰ সূচনা কৰিছিল। লগতে, আধিপত্য প্ৰতিষ্ঠাৰ হকে সৰু সৰু দেশসমূহৰ লগত সহযোগিতা স্থাপন কৰিছিল।

(ঘ) বিশ্বত নিজৰ আদৰ্শ আৰু আধিপত্য প্ৰতিষ্ঠাৰ বাবে কৰা পৰিচৰ্যাঃ শীতল যুদ্ধৰ এক অন্যতম কাৰণ হ'ল এই যে দুই মহাশক্তিয়ে নিজৰ আধিপত্য প্ৰতিষ্ঠাৰ বাবে চেষ্টা কৰিছিল । লগতে, আমেৰিকা যুক্তৰাষ্ট্ৰই পুঁজিবাদী আদৰ্শ আৰু ছোভিয়েট সংঘই সাম্যবাদী আদৰ্শৰে বিশ্বত প্ৰতিষ্ঠা লাভ কৰাৰ প্ৰয়াসৰ ফলতে শীতল যুদ্ধৰ অবতাৰণা হৈছিল ।


প্রশ্ন ১৪.দুই মহাশক্তিক কিহে সহযোগী কৰিছিল?

উত্তৰঃ দুই মহাশক্তিক সৰু সৰু ৰাষ্ট্ৰবোৰে সহযোগী কৰিছিল। তেওঁলোকৰ উল্লেখনীয় সহযোগসমূহ হলঃ

(ক) সৰু সৰু সহযোগী ৰাষ্ট্ৰসমূহে দুই মহাশক্তিক তেওঁলোকৰ অস্ত্ৰ আৰু সৈন্য বাহিনীৰে সহায় কৰিছিল ৷

(খ) খনিজ সম্পদ, তেল আৰু আন আন প্ৰাকৃতিক সম্পদসমূহৰ চহকী সৰুসৰু ৰাষ্ট্ৰবোৰে তেওঁলোকৰ সম্পদৰ ভঁৰালেৰে দুই মহাশক্তিক সহায় কৰিব ৷ পাৰিছিল ।

(গ)দুই মহাশক্তিক সৰু সৰু দেশবোৰে চোৰাংচোৱাৰ ঘাটি হিচাপে ব্যবহাৰ কৰাৰ সুযোগ প্ৰদান কৰিছিল ৷

(ঘ) দুই মহাশক্তিৰ বৰ্ধিত সামৰিক ব্যয় বহন কৰাৰ বাবে সৰু সৰু দেশবোৰে আৰ্থিক সাহায্য আগবঢ়াইছিল ।


প্রশ্ন ১৫.NAM ৰ সাফল্য সন্দৰ্ভত এটা টোকা লিখা।

উত্তৰঃ ১৯৬১ চনত ২৫ খন ৰাষ্ট্ৰৰ সহযোগত গোষ্ঠীনিৰপেক্ষ আন্দোলন অর্থাৎ NAM ৰ প্ৰতিষ্ঠা কৰা হৈছিল। শীতল যুদ্ধৰ সময়ত NAM ৰ ভূমিকা উল্লেখনীয় আছিল। ইয়াৰ ভিতৰত গুৰুত্বপূৰ্ণ বিষয় সমূহ হ'লঃ

(ক) গোষ্ঠীনিৰপেক্ষ আন্দোলনৰ সহযোগত সদস্য ৰাষ্ট্ৰবোৰে স্বাধীনভাৱে দেশীয় আৰু বৈদেশিক নীতি গঠনত সুবিধা গ্ৰহণ কৰিছিল ।

(খ) ফেচিবাদ, উপনিৱেশবাদ আৰু বৰ্ণবাদৰ বিৰুদ্ধে অৱস্থান গ্ৰহণ কৰিব পাৰিছিল।

(গ) সদস্যৰাষ্ট্ৰবোৰৰ মাজত ভৌগোলিক অখণ্ডতা আৰু সাৰ্বভৌমত্ব ৰক্ষাৰ ক্ষেত্ৰত সফল হৈছিল । 

(ঘ) বিশ্বত শান্তিপূর্ণ সহঅৱস্থান গঢ়ি তুলাত গোষ্ঠীনিৰপেক্ষ আন্দোলনে মুখ্য ভূমিকা পালন কৰিছিল।

(ঙ) শীতল যুদ্ধৰ সময়ছোৱাত বিশ্বশান্তি আৰু নিৰাপত্তাক প্ৰাধান্য দি গোষ্ঠী। নিৰপেক্ষ আন্দোলন পৃথিৱীৰ সৰ্ববৃহৎ শান্তি আন্দোলন হিচাপে প্রতিষ্ঠিত হৈছিল ।

(চ) দুই মহাশক্তিৰ মাজত স্বতন্ত্ৰ অৱস্থান কৰি শীতল যুদ্ধৰ উন্মাদনা হ্ৰাস কৰাত  ফল হৈছিল ।

(ছ) সমসাময়িকভাৱে, গোষ্ঠিনিৰপেক্ষ আন্দোলনৰ সহযোগত দক্ষিণ আফ্ৰিকাৰ বৰ্ণবাদ বিৰোধী আন্দোলন, পেলেষ্টাইন, জিম্বাবোৱেৰ লগতে নামিবিয়াৰ স্বাধীনতা সংগ্রামসমূহ সফল ৰূপায়ণ হৈছিল ।

(জ) শীতল যুদ্ধৰ সময়ছোৱাত আন ৰাষ্ট্ৰত সামৰিক ঘাটি প্রতিষ্ঠা কৰাৰ বিৰুদ্ধেও গোষ্ঠী নিৰপেক্ষ আন্দোলনে মাত মাতিছিল।

(ঝ) আণবিক আৰু পাৰমাণবিক বোমাৰ ব্যৱহাৰৰ দিশতো বিৰুদ্ধাচৰণ কৰি শীতল যুদ্ধৰ বহু পৰিমাণে উপশম কৰিছিল ।

Class 12 Political Science Chapter 1 Cold War Era Question Answer in Assamese 

প্রশ্ন ১৬.মহা শক্তিযে কিয় ৰাষ্ট্ৰীয় আৰু দায়িত্বশীল দৃষ্টিভংগী গ্ৰহণ কৰিছিল ?

উত্তৰঃ দুই মহাশক্তিয়ে ৰাষ্ট্ৰীয় আৰু দায়িত্বশীল দৃষ্টিভংগী গ্ৰহণ কৰিছিল ৷ কাৰণঃ

(ক) গোটেই বিশ্ব সেই সময়ছোৱাত কেবল দুই শক্তি গোষ্ঠীত বিভক্ত হৈ পৰিছিল ।

(খ) শীতল যুদ্ধৰ সময়ত সৰু সৰু ৰাষ্ট্ৰবোৰ পুঁজিবাদী আৰু সমাজবাদী আদর্শত বিভক্ত হৈ পৰিছিল ।

(গ) সেই সংকটৰ সময়ত দুই মহাশক্তিযে অর্থনৈতিক, ৰাজনৈতিক আৰু সামাজিক দিশসমূহো মন কৰিব লগা হৈছিল ।

(ঘ) শত্রু গোষ্ঠীযে যাতে সদস্য ৰাষ্ট্ৰসমূহক আক্রমণ কৰিব নোৱাৰে তাৰ বাবে সুৰক্ষা প্ৰদান কৰিব লগা হৈছিল ।

(ঙ) সৰু সৰু দেশসমূহে সেই সময়ক্ষনত আর্থিক আৰু সামৰিক দিশৰ সৰ্ব-সৰ্বে শক্তিগোষ্ঠী দুইটাৰ বাবে আগবঢ়াইছিল।

(চ) সংশয় আৰু সন্দেহৰ সেই প্রতি মুহূৰ্ততে আক্ৰমণৰ সম্ভাৱণাই বিৰাজমান হৈ আছিল ।

এই দিশসমূহৰ বাবে মহা শক্তিযে ৰাষ্ট্ৰীয় আৰু দায়িত্বশীল দৃষ্টিভংগী গ্ৰহণ কৰিছিল ।


প্রশ্ন ১৭.কিউবাৰ ক্ষেপনাস্ত্র সংকট কি আছিল?

উত্তৰঃ শীতল যুদ্ধৰ কালছোৱাত দুই মহাশক্তিৰ মাজত সন্দেহ আৰু সংশয়ৰ গঢ় লৈ উঠিছিল। এই পৰিস্থিতিত প্ৰতি মুহূৰ্ততে আক্ৰমণৰ সূচনা হৈছিল ।

বিশেষকৈ কিউবাৰ ওপৰতো ছোভিয়েট সংঘই এই ধৰণৰ সন্দেহ প্ৰকাশ কৰিছিল। এই সন্দেহ ১৯৬১-৬২ চনত পূৰ্ণ ৰূপ পাইছিল । মাৰ্কিন ৰাষ্ট্ৰপতি আৰু চোৰাংচোৱা বাহিনীৰ সহযোগত কিউবাৰ ওপৰত আক্ৰমণ চলোৱাৰ ষড়যন্ত্ৰৰ কথা ছোভিয়েট সংঘই সন্দেহ কৰিব ধৰিছিল। এই পৰিস্থিতিৰ মুকাবিলা কৰিবৰ বাবে ছোভিয়েট সংঘই আগতীয়াকৈ পৰিকল্পনা কৰিছিল। এই পৰিকল্পনাৰ আধাৰতেই ১৯৬২ চনত নিকিটা গ্রুচ্ছেভে কিউবাত ৰাছিয়াৰ সামৰিক ঘাটি প্ৰতিষ্ঠাৰ বাবে সিদ্ধান্ত ল্য। এই পৰিপেক্ষিততেই ১৯৬২ চনৰ ছেপ্তেম্বৰ মাহত কিউবা আৰু ছোভিয়েট সংঘ চৰকাৰৰ যুটীয়া প্রচেষ্টাত। কিউবাত পাৰমাণৱিক ক্ষেপনাস্ত্র স্থাপন কৰিছিল। এই বিষয়ৰ সন্দৰ্ভত অক্টোবৰ মাহত আমেৰিকাই গম পাই। লগে লগে আমেৰিকাই আকাশ মাৰ্গ আৰু সাগৰৰ জৰীয়তে কিউবাত আক্ৰমণ কৰাৰ পৰিকল্পনা কৰে। লগতে, ছোভিয়েট সংঘক সামৰিক ঘাটি উঠাই নিয়াৰ বাবে দাবী উত্থাপন কৰে আৰু ছোভিয়েট সংঘৰ জাহাজবোৰ প্রতিহত কৰাৰ বাবে আমেৰিকাৰ যুদ্ধ জাহাজবোৰ ব্যৱহাৰ কৰাৰ কথা ঘোষণা কৰে। অৱশেষত ভ্যাবহ সংকটৰ মুখা-মুখী হৈ ১৯৬২ চনৰ ২৮ অক্টোবৰ তাৰিখে এই সংঘাতৰ উৰ পৰে আৰু নৱেম্বৰ মাহত সামৰিক ক্ষেপনাস্ত্ৰ সেই ঠাইৰ পৰা প্ৰতিহত কৰে ।

কিউবাৰ ক্ষেপনাস্ত্ৰ সংকটৰ তাৎপৰ্যঃ কিউবাৰ

ক্ষেপনাস্ত্ৰ সংকটৰ তাৎপৰ্যসমূহ হ'ল এনেধৰণৰ- 

(ক) কিউবাৰ ক্ষেপনাস্ত্র সংকট আছিল শীতল যুদ্ধৰ এক চৰম বিন্দু (high point) 1

(খ) আমেৰিকা, ছোভিয়েট সংঘ আৰু মিত্ৰৰাষ্ট্ৰৰ মাজত এই সংকট এক প্রতিদ্বণ্ডিতা, উত্তেজনা আৰু সংঘৰ্ষৰ কেন্দ্ৰ আছিল।

(গ) সোভাগ্যক্রমে, এই যুদ্ধ এক পূর্ণাঙ্গ যুদ্ধলৈ পৰিৱৰ্তন হোৱা নাছিল।

(ঘ) এই সংকটে সকলো বিশ্ববাসীকসংকিত কৰি তুলিছিল ।

(ঙ) এই সংঘাতত ক্ষমতা, সামৰিক মিত্ৰতা আৰু ক্ষমতাৰ ভাৰসাম্যতাৰ নীতিসমূহ বিৰাজমান হৈছিল

(চ) আদৰ্শ প্ৰতিষ্ঠাৰ ই এক শীতলযুদ্ধৰ নিদর্শন আছিল।

Class 12 Political Science Chapter 1 Cold War Era Question Answer in Assamese 

প্রশ্ন ১৮.শীতল যুদ্ধৰ কালছোৱাত গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ ভূমিকা আলোচনা কৰা ।

উত্তৰঃ দুই মহাশক্তিযে ৰাষ্ট্ৰীয় আৰু দায়িত্বশীল দৃষ্টিভংগী গ্ৰহণ কৰিছিল ৷ কাৰণঃ

(ক) গোটেই বিশ্ব সেই সময়ছোৱাত কেবল দুই শক্তি গোষ্ঠীত বিভক্ত হৈ পৰিছিল ।

(খ) শীতল যুদ্ধৰ সময়ত সৰু সৰু ৰাষ্ট্ৰবোৰ পুঁজিবাদী আৰু সমাজবাদী আদর্শত বিভক্ত হৈ পৰিছিল ।

(গ) সেই সংকটৰ সময়ত দুই মহাশক্তিযে অর্থনৈতিক, ৰাজনৈতিক আৰু সামাজিক দিশসমূহো মন কৰিব লগা হৈছিল ।

(ঘ) শত্রু গোষ্ঠীযে যাতে সদস্য ৰাষ্ট্ৰসমূহক আক্ৰমণ কৰিব নোৱাৰে তাৰ বাবে সুৰক্ষা প্ৰদান কৰিব লগা হৈছিল ।

(ঙ) সৰু সৰু দেশসমূহে সেই সম্যক্ষত আৰ্থিক আৰু সামৰিক দিশৰ সৰ্ব-সৰ্বে শক্তিগোষ্ঠী দুইটাৰ বাবে আগবঢ়াইছিল।

(চ) সংশয় আৰু সন্দেহৰ সেই প্রতি মুহূৰ্ততে আক্ৰমণৰ সম্ভাৱণাই বিৰাজমান হৈ আছিল । এই দিশসমূহৰ বাবে মহা শক্তিয়ে ৰাষ্ট্ৰীয় আৰু দায়িত্বশীল দৃষ্টিভংগী গ্ৰহণ কৰিছিল ।


প্রশ্ন ১৯.ভাৰতৰ গোষ্ঠী নিৰপেক্ষ নীতিৰ কি সমালোচনা কৰা হৈছিল?

উত্তৰঃ ভাৰতৰ গোষ্ঠী নিৰপেক্ষতাৰ নীতিক সমালোচনা কৰাৰ বিভিন্ন দিশসমূহ পৰিলক্ষিত হৈছে ইয়াৰ ভিতৰত উল্লেখযোগ্যসমূহ হ'ল এনেধৰণৰ -

(ক) ভাৰতবৰ্ষই আন্তর্জাতিক ৰাজনীতিৰ ক্ষেত্ৰত বিশেষকৈ জাতীয় স্বাৰ্থত অধিক গুৰুত্ব আৰোপ কৰিছিল ।

(খ) বহু দিশত 'গোষ্ঠী নিৰপেক্ষতা'ৰ নামত ভাৰতে নীতিহীন স্থিতি গ্রহণ কৰা পৰিলক্ষিত হৈছিল ।

(গ) ভাৰতে আন্তৰ্জাতিক সংকটৰ সময়ত কোনো সবল স্থিতি গ্ৰহণ কৰা নাছিল যিযে গোষ্ঠী নিৰপেক্ষতাৰ নীতিক বিৰুদ্ধিতা কৰাক সূচায় ৷

(ঘ) সঁচা অৰ্থত ভাৰতে গোষ্ঠী নিৰপেক্ষতাৰ নীতিক সম্পূৰ্ণৰূপে অনুসৰণ নকৰিছিল ৷

(ঙ) কোনো শক্তিগোষ্ঠীত অংশগ্ৰহণ কৰা নাছিল যদিও ভাৰতে ছোভিয়েট সংঘৰ অতি ঘনিষ্ঠ হিচাপে প্ৰকাশ পাইছিল ।

(চ) ১৯৭১ চনত বাংলাদেশৰ সংকটৰ সময়ছোৱাতে ভাৰতে ছোভিয়েট সংঘৰ সৈতে বিছ বছৰীয়া মৈত্ৰী চুক্তি স্বাক্ষৰ প্ৰদান কৰিছিল যি গোষ্ঠী নিৰপেক্ষতাৰ নীতিৰ বিপৰীত আছিল ।

(ছ) লগতে, গোষ্ঠী নিৰপেক্ষতাৰ নীতিক চেৰ পেলাই ভাৰতে আমেৰিকা আৰু আন পশ্চিমীয়া দেশৰ লগতো বন্ধুত্বপূর্ণ সম্বন্ধ ৰক্ষা কৰিছিল।

Class 12 Political Science Chapter 1 Cold War Era Question Answer in Assamese 

প্রশ্ন ২০.বৃহৎ শক্তিসমূহৰ মাজত কিহে সহযোগিতা আনি দিছিল?

উত্তৰঃ ১৯৬১ চনত ২৫ খন ৰাষ্ট্ৰৰ সহযোগত গোষ্ঠীনিৰপেক্ষ আন্দোলন অর্থাৎ NAM ৰ প্ৰতিষ্ঠা কৰা হৈছিল শীতল যুদ্ধৰ সময়ত NAM ৰ ভূমিকা উল্লেখনীয় আছিল ইয়াৰ ভিতৰত গুৰুত্বপূৰ্ণ বিষয় সমূহ হ'ল:

(ক) গোষ্ঠীনিৰপেক্ষ আন্দোলনৰ সহযোগত সদস্য ৰাষ্ট্ৰবোৰে স্বাধীনভাৱে দেশীয় আৰু বৈদেশিক নীতি গঠনত সুবিধা গ্ৰহণ কৰিছিল ।

(খ) ফেচিবাদ, উপনিৱেশবাদ আৰু বৰ্ণবাদৰ বিৰুদ্ধে অৱস্থান গ্ৰহণ কৰিব পাৰিছিল ।

(গ) সদস্যৰাষ্ট্ৰবোৰৰ মাজত ভৌগোলিক অখণ্ডতা আৰু সাৰ্বভৌমত্ব ৰক্ষাৰ ক্ষেত্ৰত সফল হৈছিল ।

(ঘ) বিশ্বত শান্তিপূর্ণ সহঅৱস্থান গঢ়ি তুলাত গোষ্ঠীনিৰপেক্ষ আন্দোলনে মুখ্য ভূমিকা পালন কৰিছিল ।

(ঙ) শীতল যুদ্ধৰ সময়ছোৱাত বিশ্বশান্তি আৰু নিৰাপত্তাক প্ৰাধান্য দি গোষ্ঠী। নিৰপেক্ষ আন্দোলন পৃথিৱীৰ সৰ্ববৃহৎ শান্তি আন্দোলন হিচাপে প্রতিষ্ঠিত হৈছিল।

(চ) দুই মহাশক্তিৰ মাজত স্বতন্ত্ৰ অৱস্থান কৰি শীতল যুদ্ধৰ উন্মাদনা হ্ৰাস কৰাত সফল হৈছিল ।

(ছ) সমসাময়িকভাৱে, গোষ্ঠিনিৰপেক্ষ আন্দোলনৰ সহযোগত দক্ষিণ আফ্ৰিকাৰ বৰ্ণবাদ বিৰোধী আন্দোলন, পেলেষ্টাইন, জিম্বাবোৱেৰ লগতে নামিবিয়াৰ স্বাধীনতা সংগ্ৰামসমূহ সফল ৰূপায়ণ হৈছিল ।

(জ) শীতল যুদ্ধৰ সময়ছোৱাত আন ৰাষ্ট্ৰত সামৰিক ঘাটি প্রতিষ্ঠা কৰাৰ বিৰুদ্ধেও গোষ্ঠী নিৰপেক্ষ আন্দোলনে মাত মাতিছিল।

(ঝ) আণবিক আৰু পাৰমাণবিক বোমাৰ ব্যৱহাৰৰ দিশতো বিৰুদ্ধাচৰণ কৰি শীতল যুদ্ধৰ বহু পৰিমাণে উপশম কৰিছিল ।

Class 12 Political Science Chapter 1 Cold War Era Question Answer in Assamese 

প্রশ্ন ২১.গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ সফলতাসমূহৰ ওপৰত এটা টোকা লিখা উত্তৰঃ দুই মহাশক্তিয়ে ৰাষ্ট্ৰীয় আৰু দায়িত্বশীল দৃষ্টিভংগী গ্ৰহণ কৰিছিল । কাৰণ

(ক) গোটেই বিশ্ব সেই সময়ছোৱাত কেবল দুই শক্তি গোষ্ঠীত বিভক্ত হৈ পৰিছিল ।

(খ) শীতল যুদ্ধৰ সময়ত সৰু সৰু ৰাষ্ট্ৰবোৰ পুঁজিবাদী আৰু সমাজবাদী আদৰ্শত বিভক্ত হৈ পৰিছিল ।

(গ) সেই সংকটৰ সময়ত দুই মহাশক্তিযে অর্থনৈতিক, ৰাজনৈতিক আৰু সামাজিক দিশসমূহো মন কৰিব লগা হৈছিল ।

(ঘ) শত্রু গোষ্ঠীযে যাতে সদস্য ৰাষ্ট্ৰসমূহক আক্রমণ কৰিব নোৱাৰে তাৰ বাবে সুৰক্ষা প্ৰদান কৰিব লগা হৈছিল ।

(ঙ) সৰু সৰু দেশসমূহে সেই সময়ত আৰ্থিক আৰু সামৰিক দিশৰ সৰ্ব-সৰ্বে শক্তিগোষ্ঠী দুইটাৰ বাবে আগবঢ়াইছিল।

(চ) সংশয় আৰু সন্দেহৰ সেই প্রতি মুহূৰ্ততে আক্ৰমণৰ সম্ভাৱণাই বিৰাজমান হৈ আছিল ।

এই দিশসমূহৰ বাবে মহা শক্তিযে ৰাষ্ট্ৰীয় আৰু দায়িত্বশীল দৃষ্টিভংগী গ্ৰহণ কৰিছিল ।


প্রশ্ন ২২.কিউবাৰ মিছাইল সংকট কি আছিল?

উত্তৰঃ দুই মহাশক্তিযে ৰাষ্ট্ৰীয় আৰু দায়িত্বশীল দৃষ্টিভংগী গ্ৰহণ কৰিছিল ৷

কাৰণঃ

(ক) গোটেই বিশ্ব সেই সময়ছোৱাত কেবল দুই শক্তি গোষ্ঠীত বিভক্ত হৈ পৰিছিল ।

(খ) শীতল যুদ্ধৰ সময়ত সৰু সৰু ৰাষ্ট্ৰবোৰ পুঁজিবাদী আৰু সমাজবাদী আদর্শত বিভক্ত হৈ পৰিছিল ৷

(গ) সেই সংকটৰ সময়ত দুই মহাশক্তিযে অর্থনৈতিক, ৰাজনৈতিক আৰু সামাজিক দিশসমূহো মন কৰিব লগা হৈছিল ।

(ঘ) শত্রু গোষ্ঠীযে যাতে সদস্য ৰাষ্ট্ৰসমূহক আক্রমণ কৰিব নোৱাৰে তাৰ বাবে সুৰক্ষা প্ৰদান কৰিব লগা হৈছিল ।

(ঙ) সৰু সৰু দেশসমূহে সেই সম্যক্ষত আৰ্থিক আৰু সামৰিক দিশৰ সৰ্ব-সৰ্বে শক্তিগোষ্ঠী দুইটাৰ বাবে আগবঢ়াইছিল।

(চ) সংশ্য আৰু সন্দেহৰ সেই প্ৰতি মুহূৰ্ততে আক্ৰমণৰ সম্ভাৱণাই বিৰাজমান হৈ আছিল ।

এই দিশসমূহৰ বাবে মহা শক্তিয়ে ৰাষ্ট্ৰীয় আৰু দায়িত্বশীল দৃষ্টিভংগী গ্ৰহণ কৰিছিল ।

Class 12 Political Science Chapter 1 Cold War Era Question Answer in Assamese 

প্রশ্ন ২৩. তুমি ভাবা নেকি যে শীতল যুদ্ধৰ পিছত NAM এ নিজৰ প্ৰাসংগিকতা হেৰুৱাই পেলাইছে? তোমাৰ উত্তৰৰ যুক্তিযুক্ততা নিৰ্ণয় কৰা।

উত্তৰঃ শীতল যুদ্ধৰ পিছত বা যুদ্ধোত্তৰ কালত বা শীতল যুদ্ধৰ সমাপ্তিৰ পাচত তৃতীয় বিশ্বৰ দেশসমূহে যিসমূহে শীতল যুদ্ধৰ কালত গোষ্ঠীনিৰপেক্ষ আন্দোলন গঢ়ি তুলিছিল, সেই দেশসমূহে প্ৰায়বোৰে নতুন অর্থনৈতিক নীতি আৰু পুঁজিবাদী মুক্ত বাণিজ্য নীতি গ্ৰহণ কৰিছে । তথাপি গোষ্ঠী নিৰপেক্ষ।

আন্দোলনে ইয়াৰ প্ৰাসংগিকতা পূর্ণমাত্রে হেৰুৱাই পেলোৱা নাই। ইয়াৰ প্ৰাসংগিক যুক্তিযুক্ততা সমূহ হ'ল এনেধৰণৰ -

(ক) সদস্যৰ বা অংশীদাৰিত্বৰ প্ৰাসংগিকতাঃ শেহতীয়াকৈ ২০১৯ চনত ২৫-২৬ অক্টোবৰত বাকু(Baku), আজাৰবাইজানত (Azerbaijan) অনুষ্ঠিত হোৱা নিৰপেক্ষ আন্দোলনৰ ১৮ তম শীর্ষ সন্মিলনত ১২০ খন সদস্য ৰাষ্ট্ৰ, ১৭ খন পর্যবেক্ষক ৰাষ্ট্ৰ আৰু ১০ টা আন্তর্জাতিক সংগঠনে অংশগ্রহণ কৰিছিল। ইয়েই গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ বর্তমান প্রাসংগিকতাক স্বীকাৰ কৰে

(খ) তৃতীয় বিশ্বৰ দেশসমূহৰ এক সামূহিক প্ৰতিৰোধ শক্তিঃ বর্তমান আন্তর্জাতিক পর্যায়ত এক মহাশক্তি অব্যাহত আছে। এই মহাশক্তিযে যাতে তৃতীয় বিশ্বৰ দেশসমূহৰ অস্তিত্ব ৰক্ষা কৰিবৰ নিমিত্তে গোষ্ঠী নিৰপেক্ষ আন্দোলনে এক সামূহিক প্ৰতিৰোধ শক্তি হিচাপে সহায় কৰি আহিছে ।

(গ) অগণতান্ত্রিক নীতিৰ সহায়ত গঢ়ি উঠা আন্তর্জাতিক ব্যৱস্থাসমূহৰ বিপক্ষে যুঁজ কৰাৰ পৰপেক্ষিততঃ বৰ্তমান বহুতো আন্তর্জাতিক সংস্থাসমূহ অগণতান্ত্রিক নীতিৰ উপৰত গঢ়ি উঠিছে। এই অনুষ্ঠান প্রতিষ্ঠান সমূহৰ বিপক্ষে যুঁজ কৰিবলৈ আৰু গণতন্ত্ৰ ৰক্ষা কৰিবৰ বাবে গোষ্ঠী নিৰপেক্ষ আন্দোলনে সহায় কৰি আহিছে।

(ঘ) তৃতীয় বিশ্ব দেশসমূহৰ সহযোগিতা গঢ়ি তুলা সম্পর্কঃ বর্তমানেও তৃতীয় বিশ্বৰ সহযোগিতা গঢ়ি তুলাৰ দিশত গোষ্ঠী নিৰপেক্ষতাই মুখ্য ভূমিকা গ্ৰহণ কৰিছে। এই গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ মাধ্যমেৰে এই দেশসমূহৰ আন্তৰ্জাতিক পৰ্যায়ত ভাৰসাম্য পঢ়ি তুলিবৰ বাবে সহায়ক হৈছে।

(ঙ) তৃতীয় বিশ্বৰ দীৰ্ঘদিনীয়া সমস্যাসমূহ সমাধানত সহায়কঃ শীতল যুদ্ধৰ

অন্তত বা পাছত, তৃতীয় বিশ্বৰ দেশসমূহৰ দীৰ্ঘদিনীয়া সমস্যা বিশেষকৈ দৰিদ্ৰতা, বৈষম্যমূলক বিশ্ব বাণিজ্য নীতিৰ প্ৰভাৱ আদি অব্যাহত আছে। এই সমস্যাসমূহ সমাধানৰ অৰ্থে তৃতীয় বিশ্বৰ দেশসমূহৰ সহযোগিতা নিতান্তই প্রযোজন আৰু এই সহযোগিতা গঢ়ি তুলাত গোষ্ঠী নিৰপেক্ষতা আন্দোলনে মুখ্য গুৰি ধৰি আহিছে।

এনেদৰে দেখা যায় যে শীতল যুদ্ধৰ অন্তত বা পাছতো, গোষ্ঠী নিৰপেক্ষ আন্দোলনে বা NAM or The Non-Aligned Movement যে প্রাসংগিকতা বজাই ৰাখিছে।

Class 12 Political Science Chapter 1 Cold War Era Question Answer in Assamese 

প্রশ্ন ২৪.ধৰা হ'ল শীতল যুদ্ধ হোৱাই নাছিল আৰু দ্বিতীয় বিশ্বযুদ্ধৰ পিছত কেইবাটাও প্রধান শক্তি থাকি গ'ল । তেনে পৰিস্থিতিত ভাৰতৰ বৈদেশিক নীতি কিদৰে প্ৰবাৰিত হ'লহেঁতেন? যিকোনো তিনিটা দিশ চিনাক্ত কৰা আৰু পাৰ্থক্য নিৰূপণ কৰা ৷

উত্তৰঃ ধৰা হ'ল শীতল যুদ্ধ হোৱাই নাছিল আৰু দ্বিতীয় বিশ্বযুদ্ধৰ কেইবাটাও প্রধান শক্তি থাকি গ'ল ৷ এনে পৰিস্থিতিয়ে নিতান্তই ভাৰতৰ বৈদেশিক নীতিক বেয়াকৈ প্ৰভাৱিত কৰিব। এযা নিম্নোক্ত তিনিটা দিশৰ পৰা স্পষ্ট।

(ক) অন্যান্য ৰাষ্ট্ৰবিলাকৰ লগত সম্পৰ্ক :- শীতল যুদ্ধৰ সময়ত ভাৰতে। পশ্চিমীয়া আৰু আফ্ৰিকান ৰাষ্ট্ৰবিলাকৰ অধিকাংশৰ লগত সু - সম্পৰ্ক ৰক্ষা কৰি চলিছিল আৰু অন্যান্য অর্থনৈতিক, ৰাজনৈতিক ব্যৱস্থাসমূহৰ লগতো সম্পৰ্ক ৰক্ষা কৰিছিল । কিন্তু, যদি শীতল যুদ্ধ নহ'লহেঁতেন তেন্তে ভাৰতৰ লগত অন্যান্য ৰাষ্ট্ৰবিলাকৰ সম্পৰ্ক প্ৰকৃতি বেলেগ হ'লহেঁতেন ।

(খ) কাশ্মীৰ সমস্যা :- কাশ্মীৰ সমস্যাটো সমাধানৰ ক্ষেত্ৰত ভাৰত জটিল পৰিস্থিতিৰ সন্মুখীন হৈছিল । শীতল যুদ্ধৰ অনুপস্থিতিযে কাশ্মীৰ সীমাৰেখাৰ বিষয়টো মীমাংসা কৰিলেহেঁতেন আৰু ভাৰত - পাকিস্তানৰ মাজৰ মধুৰ। সম্পৰ্ক অব্যাহত থাকিলহেঁতেন।

(গ) গোষ্ঠীনিৰপেক্ষ নীতি :- পশ্চিমীয়া আৰু পূৰ্বৰ মৈত্ৰীৰ মাজৰ দ্বি - বিভাজনৰ ফলশ্ৰুতিত গোষ্ঠীনিৰপেক্ষ নীতিৰ উদ্ভৱ হৈছিল আৰু নতুনকৈ স্বাধীনতাপ্রাপ্ত এফ্র - এছিযান ৰাষ্ট্ৰবিলাকে পুনৰ ঔপনিৱেশবাদ আৰু সাম্ৰাজ্যবাদৰ দৰে নীতিবিলাক পৰিহাৰ কৰিব বিচাৰিছিল। শীতল যুদ্ধ নোহোৱাহেঁতেন NAM নীতিৰ অভ্যুত্থান নহ'লহেঁতেন আৰু ভাৰতৰ বৈদেশিক নীতি কিছু পৃথক ৰূপৰ হ'লহেঁতেন ।

Class 12 Political Science Chapter 1 Cold War Era Question Answer in Assamese 

প্রশ্ন ২৫.যুদ্ধোত্তৰ কালত NAM ৰ নতুন ভূমিকা নুকৈ বিশ্লেষণ কৰা।

উত্তৰঃ শীতল যুদ্ধৰ কালত NAM এ এক তাৎপর্যপূর্ণ ভূমিকা গ্ৰহণ কৰিছিল । NAM ভূমিকা নিম্নোক্ত ধৰণে আলোচনা কৰিব পাৰি—

(ক) গোষ্ঠীনিৰপেক্ষতা নীতিয়ে শান্তি উত্তৰণ ঘটোৱাৰ লগতে ৰাষ্ট্ৰবিলাকৰ মাজত শান্তিপূর্ণভাৱে বিাবদ নিষ্পত্তিকৰণৰ ওপৰত গুৰুত্ব দিছিল ।

(খ) এই আন্দোলনে ঔপনিৱেশিকতাবাদ, বর্ণ - বৈষম্য আদিৰ ঘোৰ বিৰোধিতা কৰি ৰাষ্ট্ৰসমূহৰ স্বাধীনতাৰ পথ প্ৰশস্ত কৰি তোলে ।

(গ) এই আন্দোলনে শীতল যুদ্ধৰ অৱসান ঘটোৱাত অৰিহণা যোগায় ।

(ঘ) গোষ্ঠীনিৰপেক্ষ আন্দোলনে আন্তঃৰাষ্ট্ৰীয় শান্তি প্ৰতিষ্ঠা আৰু নিৰাপত্তাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে ।


ALSO READ THIS QUESTION ANSWERS 


**********

Also Read:-

AHSEC Class 12th Political Science Year wise Question

-AHSEC Class 12th Political Science Previous Year Question Paper    2012    2013   2014   2015   2016  2017  2018 2019  2020  2022  2023  2024

Post a Comment

Cookie Consent
Dear Students, We serve cookies on this site to analyze traffic, remember your preferences, and optimize your experience.
Oops!
It seems there is something wrong with your internet connection. Please connect to the internet and start browsing again.
AdBlock Detected!
We have detected that you are using adblocking plugin in your browser.
The revenue we earn by the advertisements is used to manage this website, we request you to whitelist our website in your adblocking plugin.