Class 11 Advance Assamese 2016 Question Paper AHSEC [HS 1st Year Advance Assamese Question Papers]

Class 11 Advance Assamese 2016 Question Paper AHSEC [HS 1st Year Advance Assamese Question Papers]

Get, Assam Board Class 11 Advance Assamese paper 2016 HS First Year Arts Stream PYQ's in PDF

AHSEC Class 11 Advance Assamese Question Paper 2016 – Download & Prepare Smartly!

Looking for the AHSEC Class 11 Advance Assamese question paper from 2016 to enhance your exam preparation? You’re in the right place! The Treasure Notes provides a complete collection of Assam Board Class 11 Advance Assamese paper 2016 in PDF format. Our collection includes previous years’ papers, model papers, and sample papers to help you understand the exam pattern and focus on important topics. Whether you need the HS 1st Year Advance Assamese Question Paper 2016 or the latest AHSEC blueprint for 2025, we’ve got you covered. Prepare smart and study confidently with The Treasure Notes, your trusted learning partner!

AHSEC Class 11 অ্যাডভান্সড অসমীয়া প্ৰশ্নকাকত – এতিয়া সহজে ডাউনল'ড কৰক!

অ্যাডভান্স অসমীয়া পৰীক্ষাৰ বাবে সঠিক উপাদান বিচাৰি আছেনে? চিন্তা নকৰিব! The Treasure Notes আপোনাৰ বাবে আগবঢ়াইছে ২০১৬ চনৰ আগৰ বৰ্ষৰ প্ৰশ্নকাকত, মডেল পেপাৰ, আৰু নমুনা প্ৰশ্নকাকতৰ এক সম্পূৰ্ণ সংগ্ৰহ। 2025 চনৰ নতুন ASSEB/AHSEC নক্সা অনুসৰি প্ৰস্তুতি লওক, পৰীক্ষাৰ ধৰণ বুজি স্মাৰ্ট অভ্যাস গঢ়ি তোলক। আপোনাৰ সফলতাৰ বাবে The Treasure Notes-ৰ সৈতে আগবাঢ়ক

Class 11 Advance Assamese 2016 Question Paper AHSEC [HS 1st Year Advance Assamese Question Papers]

2016
ADVANCE ASSAMESE
Full Marks: 100
Pass Marks: 30
Time: 3 hours

(The figures in the margin indicate full marks for the questions.)

১. (ক) ‘প্ৰহ্লাদ চৰিত্ৰ' কবিতাটিৰ মতে হিৰণ্যকশিপু কেনেদৰে নিধন হ'ল, লিখা।

 অথবা
 

(খ) ‘শিৱৰ কৃষি-কৰ্ম' কবিতাটিৰ মাজেদি শিৱৰ লৌকিক ৰূপটো কিদৰে ফুটি ওলাইছে, বৰ্ণনা কৰা। (5)

২. প্রসংগ-সংগতি দৰ্শাই তলৰ যি কোনো এটা ব্যাখ্যা কৰা: (2+3=5)
(ক) “কুকুৰা ঠেংগীয়া এই আখৰকিটিত যি অমিয়া ঘঁহা আছে, ক'তো আৰু নাই।”

 অথবা 

(খ) “সুগন্ধি গোলাপ নিজানত ফুলি নিজানত গ'ল সবি।”

৩. তলৰ যি কোনো এজন কবিৰ চমু পৰিচয় দিয়া: (2+3=5)

  • মহেন্দ্ৰ বৰা

  • প্ৰসন্নলাল চৌধুৰী

  • হেম সৰস্বতী

৪. তলৰ প্রশ্নবোৰৰ চমু উত্তৰ দিয়া: (1×5=5)
(ক) ‘অসমীয়া ব্যাস’ৰূপে কোনজন কবি পৰিচিত?
(খ) হেমচন্দ্ৰ গোস্বামীৰ জন্মস্থান ক’ত?
(গ) অসমীয়া সাহিত্যত ‘ভাঙনি কোঁৱৰ' বুলি কোনজন সাহিত্যিকক কোৱা হয়?
(ঘ) প্ৰসন্নলাল চৌধুৰীৰ এখন কবিতা-পুথিৰ নাম উল্লেখ কৰা।
(ঙ) অসিজীৱী মানে কি?

৫. (ক) গুৰু গৃহৰ পৰা শংকৰদেৱ কেনেকৈ পলাইছিল আৰু ফলত কি হৈছিল, চমুকৈ লিখা।

 অথবা

(খ) সত্যেন্দ্ৰনাথ শৰ্মাৰ মতে অংকীয়া নাটত কি ৰস প্ৰকাশ পাইছে, আলোচনা কৰা। (5)

৬. চমু টোকা লিখা (যি কোনো দুটা): (3×2=6)

  • কথা-গুৰুচৰিত

  • কৃষ্ণকান্ত সন্দিকৈ

  • মুচলিনী

  • তক্ষশিলা

৭. চমু উত্তৰ দিয়া: (1×8=8)
(ক) শ্ৰীমন্ত শংকৰদেৱৰ শিক্ষাগুৰুৰ নাম কি?
(খ) শ্ৰীমন্ত শংকৰদেৱ বিৰচিত প্রথম পুথিখনৰ নাম লিখা।
(গ) ড° সত্যেন্দ্ৰনাথ শৰ্মাই লিখা এখন গ্ৰন্থৰ নাম লিখা।
(ঘ) ‘টিকেন্দ্ৰজিৎ’ নাটকৰ নাট্যকাৰ কোন?
(ঙ) ই কোন শ্রেণীৰ নাটক?
(চ) এই নাটকৰ নায়কৰ চৰিত্ৰটিৰ এটি বিশ্লেষণ আগবঢ়োৱা। (1+1+4=6)

৮. (ক) যি কোনো দুটা চৰিত্ৰৰ বিষয়ে চমুকৈ লিখা: (5)

  • সুৰচন্দ্ৰ

  • মি. কুইন্টন

  • মধুমঞ্জৰী

  • ঠঙাল

৯. (ক) ‘যীশুখৃষ্টৰ ছবি' গল্পটোত মিলিটাৰি সম্পৰ্কে কেনে ধাৰণা প্ৰকাশ পাইছে, লিখা।

 অথবা


(খ) ‘লক্ষ্য মহৎ কিন্তু পথ দুর্গম। এই বিষয়ে ভাবি চাব লাগিব ডাঙৰীয়া।’ কোনে, কাক, কি ‘দুর্গম পথ’ৰ কথা কৈছে, লিখা। (1+1+4=6)

১০. (ক) “হামি দিল্লী মে লেখি দিব। আভি কোন ৰাজা হ'ব তুমি হামাকে কহি দিব লাগে হেনাপতি।”
এই উক্তিৰ বক্তা কোন? তেওঁ কাক এনেকৈ ৰজা হোৱাৰ কথা ক'বলৈ কৈছে? (1+1=2)

 অথবা


(খ) ঠাকুৰে ৰন্ধা-বঢ়া কৰিবলৈ লোৱাৰ পিছত মঞ্জুলাৰ কেনেধৰণৰ সুবিধা আৰু অসুবিধা হৈছিল, বুজাই লিখা।

১১. (ক) নিৰুপমা বৰগোহাঞিৰ চাৰিখন গল্প-পুথিৰ নাম লিখা।
(খ) চৈয়দ আব্দুল মালিকে সাহিত্যৰ ক্ষেত্ৰত লাভ কৰা বঁটা আৰু সন্মানৰ বিৱৰণ দিয়া।

১২. (ক) ছন্দ কাক বোলে? ই কেইবিধ? প্ৰতিবিধৰে সূত্ৰ লিখি উদাহৰণ দিয়া। (2+4=6)

 অথবা


(খ) তলৰ যি কোনো দুবিধ ছন্দৰ সূত্ৰ লিখি উদাহৰণ দিয়া: (3×2=6)

  • কুসুমমালা

  • ছবি

  • লেচাৰি

১৩. (ক) কবিতা বুলিলে কি বুজা? ইয়াৰ চাবিটা বৈশিষ্ট্যৰ বিষয়ে লিখা। (2+4=6)

 অথবা

(খ) নাটকৰ উপাদানসমূহ কি কি? ইয়াৰ যি কোনো দুবিধ উপাদানৰ বিষয়ে চমুকৈ লিখা। (3+3=6)

১৪. তলৰ যি কোনো দুটাৰ বিষয়ে চমুকৈ লিখা: (2+2=4)
(ক) বুৰঞ্জীমূলক নাটক
(খ) কথা-কবিতা
(গ) নাটকৰ চৰিত্ৰ

১৫. কবি হিচাপে লক্ষ্মীনাথ বেজবৰুৱা অথবা আনন্দচন্দ্ৰ আগবৱালাৰ এটি পৰিচয় দাঙি ধৰা।

১৬. পদ্মনাথ গোহাঞিবৰুৱা নাইবা চন্দ্ৰধৰ বৰুৱাৰ নাটকসমূহৰ নাম উল্লেখ কৰি এটি চমু আলোচনা দাঙি ধৰা।

১৭. চমু উত্তৰ দিয়া: (1×5=5)
(ক) কর্মবীৰ নবীনচন্দ্ৰ বৰদলৈৰ এখন নাটকৰ নাম উল্লেখ কৰা।
(খ) লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা এখন বুৰঞ্জীমূলক নাটকৰ নাম লিখা।
(গ) পদ্মনাথ গোহাঞিবৰুৱাৰ এখন কবিতা-পুথিৰ নাম লিখা।
(ঘ) ‘কাৰেঙৰ লিগিৰী' নাটকখনৰ নাট্যকাৰ কোন?
(ঙ) ‘বীণ-ব’ৰাগী’ কবিতা-পুথিখনৰ ৰচক কোন?

-00000-

Must Explore: AHSEC Class 11 All Subject PYQ', Solved Papers and Important Notes



About the author

Team Treasure Notes
We're here to make learning easier for you! If you have any questions or need clarification, feel free to drop a comment we’d love to help!

Post a Comment