Class 11 Advance Assamese 2023 Question Paper AHSEC [HS 1st Year Advance Assamese Question Papers]

Class 11 Advance Assamese 2023 Question Paper AHSEC [HS 1st Year Advance Assamese Question Papers]

Get, Assam Board Class 11 Advance Assamese paper 2023 HS First Year Arts Stream PYQ's in PDF format

AHSEC Class 11 Advance Assamese Question Paper 2023 – Download & Prepare Smartly!

Looking for the AHSEC Class 11 Advance Assamese question paper from 2023 to enhance your exam preparation? You’re in the right place! The Treasure Notes provides a complete collection of Assam Board Class 11 Advance Assamese paper 2023 in PDF format. Our collection includes previous years’ papers, model papers, and sample papers to help you understand the exam pattern and focus on important topics. Whether you need the HS 1st Year Advance Assamese Question Paper 2023 or the latest AHSEC blueprint for 2025, we’ve got you covered. Prepare smart and study confidently with The Treasure Notes, your trusted learning partner!

AHSEC Class 11 উন্নত অসমীয়া প্ৰশ্নকাকত – এতিয়া সহজে ডাউনল'ড কৰক!

উন্নত অসমীয়া পৰীক্ষাৰ বাবে সঠিক উপাদান বিচাৰি আছেনে? চিন্তা নকৰিব! The Treasure Notes আপোনাৰ বাবে আগবঢ়াইছে ২০২৩ চনৰ আগৰ বৰ্ষৰ প্ৰশ্নকাকত, মডেল পেপাৰ, আৰু নমুনা প্ৰশ্নকাকতৰ এক সম্পূৰ্ণ সংগ্ৰহ। 2025 চনৰ নতুন AHSEC নক্সা অনুসৰি প্ৰস্তুতি লওক, পৰীক্ষাৰ ধৰণ বুজি স্মাৰ্ট অভ্যাস গঢ়ি তোলক। আপোনাৰ সফলতাৰ বাবে The Treasure Notes-ৰ সৈতে আগবাঢ়ক!

Class 11 Advance Assamese 2023 Question Paper AHSEC [HS 1st Year Advance Assamese Question Papers]

2023
ADVANCE ASSAMESE

Full Marks: 100
Pass Marks: 30
Time: 3 hours

(The figures in the margin indicate full marks for the questions.)

ALLOTMENT OF MARKS

Q. No. 1 carries 1×4 = 4 marks

Q. No. 2 carries 1×2 = 2 marks

Q. No. 3 carries 4 marks

Q. No. 4 carries 4 marks

Q. No. 5 carries 6 marks

Q. No. 6 carries 1×3 = 3 marks

Q. No. 7 carries 6 marks

Q. No. 8 carries 2 marks

Q. No. 9 carries 4 marks

Q. No. 10 carries 1×4 = 4 marks

Q. No. 11 carries 4×2 = 8 marks

Q. No. 12 carries 4 marks

Q. No. 13 carries 6 marks

Q. No. 14 carries 2×3 = 6 marks

Q. No. 15 carries 6 marks

Q. No. 16 carries 2×3 = 6 marks

Q. No. 17 carries 4 marks

Q. No. 18 carries 2 marks

Q. No. 19 carries 4×2 = 8 marks

Q. No. 20 carries 2 marks

Q. No. 21 carries 2 marks

Q. No. 22 carries 2 marks

Q. No. 23 carries 4 marks

Q. No. 24 carries 6 marks

Total = 100

১। তলত দিয়া প্রশ্নসমূহৰ উত্তৰ লিখাঁ (যি কোনো চাৰিটা) : 1×4 = 4

(ক) ‘প্ৰহ্লাদ চৰিত্ৰ' কবিতাটোৰ ৰচক কোন ?
(খ) ‘শিৱৰ কৃষিকৰ্ম’ পাঠটো কোনখন কাব্যৰ পৰা উদ্ধৃত ?
(গ) ‘ভাঙনি কোঁৱৰ’ হিচাপে খ্যাত কবিজন কোন ?
(ঘ) 'অগ্নিমন্ত্ৰ' কাৰ ৰচনা ?
(ঙ) 'চামুৰাই' মানে কি ?
(চ) হেম সৰস্বতী কোন যুগৰ কবি ?
(ছ) ‘খটাসুৰ বধ'ৰ ৰচক কোন ?

২। শব্দার্থ লিখাঁ (যি কোনো দুটা) :1×2 = 2

  • কাঁচলি

  • ভুৱন

  • নীলিমা

৩। (ক) ‘প্ৰহ্লাদ চৰিত্ৰ’ কবিতাটোৰ মতে হিৰণ্যকশিপু কেনেদৰে নিধন হ'ল, তোমাৰ নিজৰ কথাৰে লিখাঁ।

অথবা

 (খ) ‘শিৱৰ কৃষিকৰ্ম' কবিতাটিৰ আধাৰত শিৱৰ কৃষিকৰ্ম সম্পর্কে এটি বৰ্ণনা দাঙি ধৰাঁ।
(Marks: 4)

৪। প্রসংগ-সংগতি দর্শাই ব্যাখ্যা কৰাঁ (যি কোনো এটা) : (Marks: 4)

(ক) কুকুৰাঠেঙ্গীয়া এই আখৰকিটিত
যি অমিয়া ঘঁহা আছে, ক’তো আৰু নাই।

(খ) “খাটলি পীৰাতে বহি ভাত নেখাওঁ বেটীয়ে নধৰক আল,
উলটি যোৱাগৈ নাহিবা কাষলৈ মোৰ ই দশাই ভাল।”

৫। তলৰ যি কোনো এজন কবিৰ চমু পৰিচয় দিয়া : (Marks: 6)

  • প্ৰসন্নলাল চৌধুৰী

  • মহেন্দ্ৰ বৰা

  • ৰাম সৰস্বতী

৬। চমু উত্তৰ লিখাঁ (যি কোনো তিনিটা) : 1×3 = 3

(ক) ‘কচ্ছপ' শব্দৰ অৰ্থ কি ?
(খ) নিচে কোন দেশৰ দাৰ্শনিক ?
(গ) টুগেনিভৰ সম্পূৰ্ণ নাম কি ?
(ঘ) প্রাচীনতম আলংকাৰিক ভৰতমুনিয়ে কেইপ্ৰকাৰ ৰসৰ কথা কৈছে?

৭। ব্যাখ্যা কৰাঁ (যি কোনো এটা) : (Marks: 6)

(ক) আমাৰেসে কৰ্ম্মতৰে,
পণ্ডিতৰো বাক্য লৰে।

(খ) তেজী সবল মন আৰু দুৰ্বল নিৰ্জীৱ মনৰ পাৰ্থক্য ইয়াতে।

৮। (ক) অর্জুন কোন ? কুৰুক্ষেত্ৰ ৰণাংগনত অৰ্জুনৰ ৰথৰ সাৰথি কোন আছিল ?

অথবা


(খ) 'প্ৰপন্নজনতাৰণ' শব্দৰ অৰ্থ কি ?
(Marks: 2)

৯। (ক) “টামন, তোৰ আৰু পঢ়িবৰ মন নাই। ভন্টা খেৰি গৰুজাকতহে চিত্ত।”

– এই বক্তব্যত কাৰ কথা, কিয় কোৱা হৈছে, চমুকৈ লিখা।

অথবা

(খ) পাঁচ প্ৰকাৰৰ ভক্তিৰস কি কি? চমুকৈ আলোচনা কৰা।
(Marks: 4)

১০। তলত দিয়া প্ৰশ্নসমূহৰ উত্তৰ লিখাঁ (যি কোনো চাৰিটা) : 1×4 = 4

(ক) “টিকেন্দ্ৰজিৎ’ নাটকৰ নাট্যকাৰ কোন ?
(খ) “ৰজা হ’লেই নহ'ব, মানুহ হ'বও লাগিব, প্রকৃত মণিপুৰী হ'ব লাগিব।” – কাৰ উক্তি ?
(গ) ‘টিকেন্দ্ৰজিৎ' নাটকৰ প্ৰথম দৰ্শনত কোনটো হ্ৰদৰ কথা কোৱা হৈছে ?
(ঘ) “তৰিলে দেশ মৰিলে স্বৰ্গ” – কোনে কৈছিল ?
(ঙ) কোনখন পুথিৰ পৰা সমল আহৰণ কৰি ‘টিকেন্দ্ৰজিৎ' নামৰ নাটক যুগুত কৰা হৈছিল ?

১১। “ৰাজসিংহাসনৰ প্ৰতি মোৰ আকাংক্ষা নাই চাহাব।”

– “টিকেন্দ্ৰজিৎ' নাটকৰ কোন অংকৰ, কোন দৰ্শনত আৰু কোনে এনেদৰে কৈছিল ?
(Marks: 4×2 = 8)

১২। তলত দিয়া যি কোনো দুটা চৰিত্ৰৰ বিষয়ে চমুকৈ লিখাঁ :

  • সুৰচন্দ্ৰ

  • মধুমঞ্জৰী

  • কুলচন্দ্র

  • মিঃ কুইন্টন
    (Marks: 4)

১৩। “... কান্দা কান্দা মণিপুৰ টিকেন্দ্ৰজিৎ গ’ল, ঠেঙাল জেনেবেল গ'ল। …”

– মণিপুৰৰ হকে প্ৰাণ বিসর্জন দিয়া টিকেন্দ্ৰজিৎ অথবা ঠেঙাল জেনেবেলৰ স্বদেশপ্ৰেম আৰু বীৰত্বৰ বিষয়ে এটি আলোচনা আগবঢ়োৱাঁ।
(Marks: 6)

১৪। তলৰ প্ৰশ্নকেইটাৰ উত্তৰ লিখাঁ (যি কোনো তিনিটা) : 2×3 = 6

(ক) ‘ভ্ৰষ্টলগ্ন’ গল্পটোৰ গল্পকাৰ কোন ? এই গল্পটো প্ৰথমে ক'ত প্ৰকাশ হৈছিল ?
(খ) ‘সেইটো চিপাহী মোমাইটি দেখিছানে, আমালৈ কেনেকৈ চাই আছে ?” – কোনে, কাক কৈছিল ?
(গ) চৈয়দ আব্দুল মালিকৰ গল্পৰ দুটা বিশেষত্ব লিখাঁ।
(ঘ) নিৰূপমা বৰগোহাঞিয়ে কিমান চনত আৰু কোনখন উপন্যাসৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল ?

১৫। (ক) মিলিটাৰী সম্পৰ্কে কেনেধৰণৰ ধাৰণা গল্পটোত প্ৰকাশ পাইছে, লিখাঁ।

অথবা

 (খ) “মুক্তিঃ—আঃ কি মধুৰ।” পাঠৰ আধাৰত কথাষাৰ বুজাই লিখাঁ।
(Marks: 6)

১৬। চমু উত্তৰ লিখাঁ (যি কোনো তিনিটা) : 2×3 = 6

(ক) মেথিউ আৰ্ণল্ড আৰু অডেনে আগবঢ়োৱা কবিতাৰ সংজ্ঞা দুটা কি কি ?
(খ) 'কাব্যালংকাৰ'ৰ প্ৰণেতা কোন ? এই প্রণেতাগৰাকীয়ে কবিতা সম্পর্কে কি সংজ্ঞা আগবঢ়াইছে ?
(গ) ‘নাট্য' তথা 'নাটক'ৰ মূল ধাতুৰূপটো কি ? এই ধাতুৰূপটোৰ অৰ্থ কি ?
(ঘ) নাট্যশ্লেষ বুলিলে কি বুজা ?
(ঙ) সংলাপৰ প্ৰধান কাম দুটা কি কি ?

১৭। চমু টোকা লিখাঁ (যি কোনো এটা) : (Marks: 4)

(ক) উপমা আৰু চিত্ৰকল্প
(খ) নাটকৰ উপাদান

১৮। (ক) ছন্দ বুলিলে কি বুজা ?

অথবা


(খ) মাত্রা বুলিলে কি বুজা ?
(Marks: 2)

১৯। সূত্র লিখি উদাহৰণ দিয়াঁ (যি কোনো দুটা) :

  • পদ বা পয়াৰ

  • দুলড়ী

  • ছবি

  • লেছাৰি
    (Marks: 4×2 = 8)

২০। (ক) লক্ষ্মীনাথ বেজবৰুৱাৰ কবিতাপুথি এখনৰ নাম লিখা।

অথবা


(খ) লক্ষ্মীনাথ বেজবৰুৱাৰ এখন বুৰঞ্জীমূলক নাটকৰ নাম লিখা।
(Marks: 2)

২১। (ক) প্ৰথম অসমীয়া ছনেট লেখক কোন? 'জোনাকী'ত প্ৰকাশ পোৱা প্ৰথম অসমীয়া ছনেটটো কি?

অথবা

 (খ) প্ৰথম অসমীয়া ছনেটৰ পুথিখন কি আৰু ৰচক কোন ?
(Marks: 2)

২২। (ক) পদ্মনাথ গোহাঞিবৰুৱাৰ দুখন বুৰঞ্জীমূলক নাটকৰ নাম লিখাঁ।

অথবা

 (খ) পদ্মনাথ গোহাঞিবৰুৱাৰ দুখন প্ৰহসনৰ নাম লিখাঁ।
(Marks: 2)

২৩। (ক) জ্যোতিপ্রসাদ আগৰৱালাৰ নাট্যকৃতিৰ বিষয়ে চমুকৈ লিখাঁ।

অথবা

 (খ) নলিনীবালা দেৱীৰ কবিতা সম্পর্কে চমুকৈ লিখাঁ।
(Marks: 4)

২৪। (ক) চন্দ্ৰকুমাৰ আগৰৱালাৰ কাব্যকৃতি সম্পর্কে এটি আলোচনা আগবঢ়োৱাঁ।

অথবা

 (খ) নাট্যকাৰৰূপে লক্ষ্মীনাথ বেজবৰুৱাৰ বিষয়ে এটি আলোচনা আগবঢ়োৱাঁ।
(Marks: 6)

-00000-

Must Explore: AHSEC Class 11 All Subject PYQ's and Solved Papers



About the author

Team Treasure Notes
We're here to make learning easier for you! If you have any questions or need clarification, feel free to drop a comment we’d love to help!

Post a Comment