Class 11 Advance Assamese 2024 Question Paper AHSEC [HS 1st Year Advance Assamese Question Papers]

Class 11 Advance Assamese 2024 Question Paper AHSEC [HS 1st Year Advance Assamese Question Papers]

Get, Assam Board Class 11 Advance Assamese paper 2024 HS First Year Arts Stream PYQ's

AHSEC Class 11 Advance Assamese Question Paper 2024 – Download & Prepare Smartly!

Looking for the AHSEC Class 11 Advance Assamese question paper from 2024 to enhance your exam preparation? You’re in the right place! The Treasure Notes provides a complete collection of Assam Board Class 11 Advance Assamese paper 2024 in PDF format. Our collection includes previous years’ papers, model papers, and sample papers to help you understand the exam pattern and focus on important topics. Whether you need the HS 1st Year Advance Assamese Question Paper 2024 or the latest AHSEC blueprint for 2025, we’ve got you covered. Prepare smart and study confidently with The Treasure Notes, your trusted learning partner!

AHSEC Class 11 উন্নত অসমীয়া প্ৰশ্নকাকত – এতিয়া সহজে ডাউনল'ড কৰক!

উন্নত অসমীয়া পৰীক্ষাৰ বাবে সঠিক উপাদান বিচাৰি আছেনে? চিন্তা নকৰিব! The Treasure Notes আপোনাৰ বাবে আগবঢ়াইছে ২০২৪ চনৰ আগৰ বৰ্ষৰ প্ৰশ্নকাকত, মডেল পেপাৰ, আৰু নমুনা প্ৰশ্নকাকতৰ এক সম্পূৰ্ণ সংগ্ৰহ। 2025 চনৰ নতুন AHSEC নক্সা অনুসৰি প্ৰস্তুতি লওক, পৰীক্ষাৰ ধৰণ বুজি স্মাৰ্ট অভ্যাস গঢ়ি তোলক। আপোনাৰ সফলতাৰ বাবে The Treasure Notes-ৰ সৈতে আগবাঢ়ক!

Class 11 Advance Assamese 2024 Question Paper AHSEC [HS 1st Year Advance Assamese Question Papers]

2024

ADVANCE ASSAMESE

Full Marks: 100
Pass Marks: 30
Time: 3 hours

(The figures in the margin indicate full marks for the questions.)

ALLOTMENT OF MARKS

Q. No. 1 carries 1 mark each → 1×4 = 4

Q. No. 2 carries 2 marks → 2

Q. No. 3 carries 4 marks → 4

Q. No. 4 carries 4 marks → 4

Q. No. 5 carries 6 marks → 6

Q. No. 6 carries 1 mark each → 1×3 = 3

Q. No. 7 carries 2 marks → 2

Q. No. 8 carries 4 marks → 4

Q. No. 9 carries 6 marks → 6

Q. No. 10 carries 1 mark each → 1×4 = 4

Q. No. 11 carries 2 marks → 2

Q. No. 12 carries 4 marks each → 4×2 = 8

Q. No. 13 carries 6 marks → 6

Q. No. 14 carries 2 marks each → 2×3 = 6

Q. No. 15 carries 4 marks → 4

Q. No. 16 carries 2 marks each → 2×3 = 6

Q. No. 17 carries 4 marks → 4

Q. No. 18 carries 2 marks → 2

Q. No. 19 carries 4 marks each → 4×2 = 8

Q. No. 20 carries 1 mark → 1

Q. No. 21 carries 2 marks → 2

Q. No. 22 carries 2 marks → 2

Q. No. 23 carries 4 marks → 4

Q. No. 24 carries 6 marks → 6

Total = 100:

১। তলত দিয়া প্ৰশ্নসমূহৰ উত্তৰ লিখাঁ (যি কোনো চাৰিটা) : ১×৪=৪

(ক) হেম সৰস্বতী কোন যুগৰ কবি?
(খ) অসমীয়া সাহিত্যত প্ৰথম ছনেট ৰচোঁতা কবিজন কোন?
(গ) ‘পছোৱাৰ ডাক’ কবিতাটোৰ ৰচক কোন?
(ঘ) 'ৰূপৰ টিলিঙাৰ মাত' কাৰ ৰচনা?
(ঙ) ‘জিলিকনি’ কাৰ কবিতা পুথি?
(চ) অসিজীৱী মানে কি?

২। হেম সৰস্বতীৰ দ্বাৰা বিৰচিত দুখন কাব্যগ্ৰন্থৰ নাম লিখাঁ।

৩। (ক) ‘প্ৰহ্লাদ চৰিত্ৰ' কবিতাংশত হৰিৰ প্ৰতি প্ৰহ্লাদে কেনেদৰে ভক্তি প্ৰকাশ কৰিছে, লিখাঁ।

(খ) ভীমক ভাত খুৱাবলৈ গৈ পাৰ্বতীৰ কি অৱস্থা হৈছিল? বৰ্ণনা কৰাঁ।

৪। প্ৰসংগ-সংগতি দৰ্শাই ব্যাখ্যা কৰাঁ (যি কোনো এটি) :

(ক) “তোমাৰ চিঠিয়ে কিন্তু জানে যিটি গীত কবিতাৰ কাব্যে তাৰ গোন্ধকো নাপায়।”
(খ) “লাগে এটি শক্তি মন্ত্রময় কেন্দ্ৰীভূত প্ৰাণৰ পৰশ সম্মোহন লীলাময় আনন্দ উজান ইঙ্গিত সৰস।”

৫। তলৰ যি কোনো এটি কবিতাৰ মূলভাৱ লিখাঁ :

(ক) শিৱৰ কৃষিকৰ্ম
(খ) প্ৰিয়তমাৰ চিঠি

৬। চমু উত্তৰ লিখাঁ (যি কোনো তিনিটা) :

(ক) 'শংকৰদেৱৰ বাল্যকাল' পাঠটো ক'ৰ পৰা অনা হৈছে?
(খ) ভন্টা কি?
(গ) হেগেল কোন দেশৰ দাৰ্শনিক?
(ঘ) 'অসমীয়া নাট্য সাহিত্য' কাৰ ৰচনা?

৭। (ক) মুচলিনীৰ সম্পূৰ্ণ নাম কি?

অথবা

(খ) কোনখন গ্ৰন্থৰ বাবে আৰু কিমান চনত সত্যেন্দ্রনাথ শর্মাই অসম প্ৰকাশন পৰিষদৰ বঁটা লাভ কৰিছিল?

৮। (ক) চমু টোকা লিখাঁ — ‘কথা গুৰু চৰিত’।

অথবা

(খ) ব্যাখ্যা কৰাঁ— “চৰিত্ৰৰ বলৰ লগত শাৰীৰিক বলৰ সম্পৰ্ক আছে”।

৯। (ক) ব্যাখ্যা কৰা— “আপুনিও পূজিবা, লোকে মাতিলেও কৰিবা, চাউল-কানি হ'ব”।

অথবা

(খ) ৰস বুলিলে কি বুজা? ই কেইপ্ৰকাৰৰ আৰু কি কি? চমুকৈ আলোচনা কৰাঁ।

১০। তলত দিয়া প্রশ্নসমূহৰ উত্তৰ লিখাঁ (যি কোনো চাৰিটা) : 2×4=8

(ক) টিকেন্দ্ৰজিতৰ পিতৃ মহাৰাজৰ নাম কি আছিল?
(খ) ‘টিকেন্দ্রজিৎ’ নাটকখন কেতিয়া প্ৰথমবাৰৰ বাবে গুৱাহাটীৰ “আকাশবাণী” কেন্দ্ৰৰ যোগেদি প্ৰচাৰিত হৈছিল?
(গ) The History of Manipur গ্ৰন্থৰ ৰচক কোন?
(ঘ) কি কাহিনীৰ আলমত ‘টিকেন্দ্ৰজিৎ' নাটক ৰচিত হৈছিল?
(ঙ) “ৰাজনীতি বৰ জটিল। ধর্মনীতিৰ লগত ইয়াক সানপোতক কৰিব নালাগে।” কাৰ উক্তি?

১১। (ক) “বিদেশী ইংৰাজৰ পদলেহন কাৰ্য্য ময়ো কেতিয়াও সমর্থন নকৰোঁ।” কোনে, কাক কৈছিল?

অথবা

(খ) “তুমি মৰিব নোৱাৰা যুৱৰাজ! মণিপুৰৰ নাৰীয়ে তোমাক মৰিবলৈ নিদিয়ে।” কোনে, কাক কৈছিল?

১২। তলত দিয়া যি কোনো দুটা চৰিত্ৰৰ বিষয়ে চমুকৈ লিখাঁ : 4×2=8

টিকেন্দ্ৰজিৎ; গ্রিমউদ চাহাব; চন্দ্রলেখা; জেল অধ্যক্ষ।

১৩। (ক) “মণিপুৰৰ ঢেঁকীয়াপতীয়া বাঘে স্ব-ইচ্ছাৰে ইংৰাজৰ জালত মূৰ সুমুৱাই দিবলগীয়া হৈছে বাইদেউ!”

‘টিকেন্দ্ৰজিৎ' নাটকৰ পঞ্চম অংকৰ প্ৰথম দৰ্শনত মধুমঞ্জৰীয়ে চন্দ্ৰলেখাক কি পৰিস্থিতিৰ বাবে এই কথা ক'বলগীয়া হৈছিল?

অথবা

(খ) “বীৰ তুমি টিকেন্দ্ৰজিৎ? মণিপুৰৰ গৌৰৱ—মণিপুৰৰ উজ্জ্বল ৰত্ন তুমি। শত্ৰুৰ শোণিতেৰে হাত ৰাঙলী কৰাটো তোমাৰ কৰ্তব্য নহয়নে?”

উক্তিটোৰ আলমত ঠঙাল জেনেৰেলৰ স্বদেশপ্রেম সম্পর্কে এটি আলোচনা আগবঢ়োৱাঁ।

১৪। তলৰ প্ৰশ্নকেইটাৰ উত্তৰ লিখাঁ (যি কোনো তিনিটা) :

(ক) “আমাৰ শাহুআয়ে আনৰ হাতৰ ৰন্ধা-বঢ়া খাই ভাল নাপায়।” কোনে, কাক কৈছিল?
(খ) “ইমান দিনৰ মাৰ পবিত্ৰ পাকঘৰটো তুমি মা নোহোৱা হোৱাৰ লগে লগে চুৰা কৰিবলৈহে ওলালানে নবৌ?” কোনে, কাক কৈছিল?
(গ) ‘লজেঞ্ছ লজেঞ্ছ’— সি হাতখন মেলি কাগজত বান্ধি অনা লজেঞ্চুখিনি আগবঢ়াই দিলে। কোনে, কালৈ লজেঞ্ছ আগবঢ়াই দিছিল?
(ঘ) চৈয়দ আব্দুল মালিকে ভাৰত চৰকাৰৰ পৰা পোৱা দুটা বঁটাৰ নাম লিখাঁ।

১৫। (ক) ঠাকুৰে ৰন্ধাবঢ়া কৰিবলৈ লোৱাৰ পিছত মঞ্জুলাৰ কেনেধৰণৰ সুবিধা আৰু অসুবিধা হৈছিল, বুজাই লিখাঁ।

অথবা

(খ) ‘যীশুখৃষ্টৰ ছবি' গল্পটোত গোৰা চিপাহীজনৰ পিতৃ-হৃদয়ৰ স্বৰূপ কেনেদৰে প্রকাশিত হৈছে, আলোচনা কৰাঁ।

১৬। চমু উত্তৰ লিখাঁ :2×3=6

(ক) “কবিতা হ'ল ছন্দোৱদ্ধ ৰচনা।” কাৰ উক্তি?
“শব্দার্থৌ সহিতৌ কাব্যম্।” কাৰ উক্তি?
(খ) 'নাট্যশাস্ত্ৰ'ৰ প্ৰণেতা কোন? তেওঁ আগবঢ়োৱা নাটক সম্পর্কীয় সংজ্ঞাটো কি?
(গ) ৱৰ্ডচৱৰ্থৰ কবিতাৰ সংজ্ঞাটো লিখাঁ।

১৭। চমু টোকা লিখাঁ (যি কোনো এটা) :

(ক) কবিতাৰ স্বৰূপ
(খ) নাটকৰ স্বৰূপ

8 Marks

১৮। (ক) ছন্দস্পন্দ বুলিলে কি বুজা?

অথবা

(খ) পর্ব বুলিলে কি বুজা?

১৯। উদাহৰণসহ চমু টোকা লিখাঁ :4×2=8

(ক) মাত্রা
(খ) যতি

২০। (ক) ‘জোনাকী'ৰ প্ৰথম সম্পাদক কোন?

অথবা

(খ) “লিতিকাই’ৰ ৰচক কোন?

২১। (ক) ‘প্ৰতিমা’ সম্পর্কে লক্ষ্মীনাথ বেজবৰুৱাই লেখা উক্তিটো কি আছিল?

অথবা

(খ) লক্ষ্মীনাথ বেজবৰুৱাৰ কবিতা পুথিখনৰ নাম কি আৰু এই কবিতা-পুথিখন কেতিয়া প্ৰকাশ পাইছিল?

২২। লক্ষ্মীনাথ বেজবৰুৱাৰ দুখন বুৰঞ্জীমূলক নাটকৰ নাম লিখাঁ।

অথবা

২৩। হেমচন্দ্ৰ গোস্বামীৰ কবিতা অথবা ৰঘুনাথ চৌধাৰীৰ কবিতা সম্পৰ্কে চমুকৈ লিখাঁ। 6 Marks

২৪। জ্যোতিপ্রসাদ আগৰৱালাৰ নাটক অথবা পদ্মনাথ গোহাঞিবৰুৱাৰ নাটক সম্পর্কে চমুকৈ লিখাঁ। 6 Marks

-00000-

Must Explore: AHSEC Class 11 All Subject PYQ's and Solved Papers



About the author

Team Treasure Notes
We're here to make learning easier for you! If you have any questions or need clarification, feel free to drop a comment we’d love to help!

Post a Comment