Class 11 Advance Assamese 2022 Question Paper AHSEC [HS 1st Year Advance Assamese Question Papers]

Class 11 Advance Assamese 2022 Question Paper AHSEC [HS 1st Year Advance Assamese Question Papers]

Get, HS 1st Year অ্যাডভান্সড অসমীয়া প্ৰশ্নকাকত 2022 AHSEC Class 11 Art's Stream PYQ's in PDF format

AHSEC Class 11 Advance Assamese Question Paper 2022 – Download & Prepare Smartly!

Looking for the AHSEC Class 11 Advance Assamese question paper from 2022 to enhance your exam preparation? You’re in the right place! The Treasure Notes provides a complete collection of Assam Board Class 11 Advance Assamese paper 2022 in PDF format. Our collection includes previous years’ papers, model papers, and sample papers to help you understand the exam pattern and focus on important topics. Whether you need the HS 1st Year Advance Assamese Question Paper 2022 or the latest AHSEC blueprint for 2025, we’ve got you covered. Prepare smart and study confidently with The Treasure Notes, your trusted learning partner!

AHSEC Class 11 অ্যাডভান্সড অসমীয়া প্ৰশ্নকাকত – এতিয়া সহজে ডাউনল'ড কৰক!

অ্যাডভান্স অসমীয়া পৰীক্ষাৰ বাবে সঠিক উপাদান বিচাৰি আছেনে? চিন্তা নকৰিব! The Treasure Notes আপোনাৰ বাবে আগবঢ়াইছে ২০২২ চনৰ আগৰ বৰ্ষৰ প্ৰশ্নকাকত, মডেল পেপাৰ, আৰু নমুনা প্ৰশ্নকাকতৰ এক সম্পূৰ্ণ সংগ্ৰহ। 2025 চনৰ নতুন ASSEB/AHSEC নক্সা অনুসৰি প্ৰস্তুতি লওক, পৰীক্ষাৰ ধৰণ বুজি স্মাৰ্ট অভ্যাস গঢ়ি তোলক। আপোনাৰ সফলতাৰ বাবে The Treasure Notes-ৰ সৈতে আগবাঢ়ক!

Class 11 Advance Assamese 2022 Question Paper AHSEC [HS 1st Year Advance Assamese Question Papers]

2022
ADVANCE ASSAMESE

Full Marks: 100
Pass Marks: 30
Time: 3 hours

The figures in the margin indicate full marks for the questions.

ALLOTMENT OF MARKS

Q. No. 1 carries 1 mark

Q. Nos. 2 & 3 carry 5 marks

Q. No. 4 carries 6 marks

Q. No. 5 carries 1 mark

Q. No. 6 carries 5 marks

Q. No. 7 carries 2 marks

Q. No. 8 carries 6 marks

Q. No. 9 carries 14 marks

Q. Nos. 10 & 11 carry 5 marks

Q. No. 12 carries 6 marks

Q. No. 13 carries 4 marks

Q. No. 14 carries 10 marks

Q. Nos. 15 & 16 carry 6 marks

Q. No. 17 carries 1 mark

Total = 100 Marks

১। তলত দিয়া প্রশ্নসমূহৰ উত্তৰ লিখাঁ (যি কোনো চাৰিটা) : (1×4=4)

(ক) ‘হৰগৌৰী-সংবাদ’ৰ ৰচয়িতা কোন?
(খ) ৰাম সৰস্বতীয়ে ‘মহাভাৰত’ৰ কোন পৰ্বৰ ঘটনাৰ আধাৰত ‘বধকাব্য’সমূহ ৰচনা কৰিছিল?
(গ) ‘কাঁচলি’ শব্দৰ অৰ্থ লিখাঁ।
(ঘ) ‘পানেশৈ’ কোন শ্ৰেণীৰ কবিতা?
(ঙ) প্ৰসন্নলাল চৌধুৰীৰ কবিতাৰ প্ৰধান সুৰ কি?
(চ) জাপানৰ সৈনিক পুৰুষক কি নামেৰে জনা যায়?

২। তলৰ যি কোনো এটা কবিতাৰ মূল ভাব লিখাঁ : (5 Marks)

(ক) ‘প্ৰহ্লাদ চৰিত্ৰ’ কবিতাংশত শিশু প্ৰহ্লাদৰ হৰিভক্তি কেনেদৰে প্ৰকাশ পাইছে, লিখাঁ।

অথবা

(খ) শিৱৰ লৌকিক ৰূপটো কিদৰে ফুটি ওলাইছে, পাঠ্য কবিতাংশৰ আধাৰত চমুকৈ আলোচনা কৰাঁ।

৩। প্রসংগ-সংগতি দৰ্শাই ব্যাখ্যা কৰাঁ (যি কোনো এটা) : (2+3=5)

(ক) “নপৰে নিশা হ কপালত চোৱা মৃত্যুৰ কলীয়া ৰেখ,
নিষ্ঠুৰ মানুহ শেষ হ'ল আজি জীৱন দিনৰ লেখ।”

(খ) “দান কৰি ৰাখিছোঁ জীৱন দেশ আৰু জাতিৰ নামত
ৰজাৰ পোৱালি মই বাস কৰোঁ কপিলীপাৰত।”

৪। তলৰ যি কোনো এটা কবিতা আলোচনা কৰাঁ : (6 Marks)

(ক) “শিৱৰ কৃষিকৰ্ম”
(খ) ‘প্ৰিয়তমাৰ চিঠি’

৫। চমু উত্তৰ লিখাঁ (যি কোনো চাৰিটা) : (1×4=4)

(ক) কোনখন পুৰাণৰ আধাৰত শংকৰদেৱে ‘হৰিশ্চন্দ্ৰোপাখ্যান’ ৰচনা কৰিছিল?
(খ) মুচলিনীৰ সম্পূৰ্ণ নাম কি?
(গ) তপস্যাতকৈয়ো অৰ্জুনৰ কি গুণ দেখি মহাদেৱ সন্তুষ্ট হৈছিল?
(ঘ) ‘সুৰাসুৰ বন্দিত প্ৰপন্নজনতাৰণ’ বুলি কাক কোৱা হৈছে?
(ঙ) ভগৱান কৃষ্ণৰ প্ৰতি ভক্তৰ ৰতি কেইপ্ৰকাৰে প্ৰকাশ পায়?

৬। তলৰ যি কোনো এটা লিখাঁ : (5 Marks)

(ক) “আৰু একদিন অধ্যাপকে সবে ছাত্রক বোলে, মোক একোটা শ্লোক কৰি দেহঁক।”
শংকৰদেৱে গুৰুগৃহত কেনেদৰে শ্লোক ৰচনা কৰিছিল, ভাষাৰে লিখাঁ।

অথবা

(খ) ‘পাঁচ প্ৰকাৰ ভক্তিৰস’ কি কি? চমুকৈ আলোচনা কৰাঁ।

৭। তলৰ যি কোনো তিনিটা প্ৰশ্নৰ উত্তৰ লিখাঁ : (2×3=6)

(ক) কুসুমদেউ কোন? তেওঁৰ সম্পূৰ্ণ নাম কি?
(খ) ইউৰোপীয় আৰু ভাৰতীয় ছাত্ৰৰ মাজত তুলনা কৰি কৃষ্ণকান্ত সন্দিকৈয়ে কি পার্থক্য দেখিছিল?
(গ) ন বিধ ৰসৰ নাম লিখাঁ।
(ঘ) সত্যেন্দ্রনাথ শর্মাই সম্পাদনা কৰা দুখন পুৰণি পুথিৰ নাম লিখাঁ।

৮। টিকেন্দ্ৰজিৎ চৰিত্ৰটিৰ বিষয়ে এটি চমু আলোচনা আগবঢ়োৱাঁ। (6 Marks)

৯। তলৰ যি কোনো দুটা লিখাঁ : (3×2=6)

(ক) মধুমঞ্জৰী; ঠঙাল; গ্রিমউদ; ৰঘুনন্দন সিং
(খ) ‘টিকেন্দ্রজিৎ’ নাটকৰ গীতসমূহে কাহিনীৰ অগ্ৰগতিত কেনে ভূমিকা পালন কৰিছে, চমুকৈ আলোচনা কৰাঁ।
(গ) ‘মণিপুৰ বুৰঞ্জীৰ এখিলা ৰাঙলী পাত’ কি?
(ঘ) “তুমি জখলাত উঠাগৈ বুঢ়া আপ! চিপজৰী ল'ব লাগে।”
কোন অংকৰ, কোন দর্শনত, কোনে, কাক এইদৰে কৈছিল?

১০। গল্পৰ আলোচনা : (5 Marks)

(ক) ‘যীশুখ্ৰীষ্টৰ ছবি’ গল্পটোত গোৰা চিপাহীজনৰ পিতৃ হৃদয়ৰ স্বৰূপ কেনেদৰে প্ৰকাশিত হৈছে, আলোচনা কৰাঁ।

অথবা

(খ) “কিন্তু সেই ইমান দিনে মই যে মই পাকঘৰত থাকি থাকি বুঢ়ী হৈ গ'লোঁ, মোৰ কথাষাৰ এবাৰ নাভাবা কে’লেই।”
কোনে, কাক, কি প্রসংগত এইদৰে ক'বলগীয়া হৈছিল, লিখাঁ। (1+1+3=5)

১১। চমু উত্তৰ লিখাঁ : (5 Marks)

(ক) নিৰুপমা বৰগোহাঞিৰ দুখন চুটিগল্প সংকলনৰ নাম লিখাঁ।
(খ) চৈয়দ আব্দুল মালিকৰ প্রথম প্রকাশিত চুটিগল্প সংকলনটিৰ নাম লিখাঁ।
(গ) “গোৰাটোৱে খুপীহঁতক দি গৈছে।” ছবিখন চাই গল্পকাৰে কি দেখিলে?

১২। তলৰ যি কোনো এটা লিখাঁ : (3+3=6)

(ক) বস্তুনিষ্ঠ কবিতাৰ বিষয়ে এটি পৰিচয়মূলক টোকা যুগুত কৰাঁ।

অথবা

(খ) নাটকৰ উপাদান হিচাপে চৰিত্ৰ আৰু সংলাপৰ বিষয়ে চমুকৈ লিখাঁ।

১৩। চমু টোকা লিখাঁ (যি কোনো এটা) : (4 Marks)

ছনেট; ঐতিহাসিক নাটক; নাটকৰ পঞ্চসন্ধি।

১৪। ছন্দ আলোচনা : (2+3=5, 2×2=4 → 10 Marks)

(ক) ছন্দৰ সংজ্ঞা দি যতি, পৰ্ব, চৰণৰ বিষয়ে অতি চমুকৈ লিখাঁ।
(খ) সংজ্ঞাসহ উদাহৰণ দিয়াঁ (যি কোনো দুটা) :

  • পয়াৰ

  • ঝুমুৰী

  • কুসুমমালা

  • ছবি

(গ) তলৰ কাব্যপংক্তিটোত কি ছন্দ ব্যৱহৃত হৈছে?
“ভৈলাহা পৰশুৰাম নামে অৱতাৰ
প্ৰদক্ষিণ কৰি ভূমি তিনি সাতবাৰ।”

১৫। নলিনীবালা দেৱী অথবা ৰঘুনাথ চৌধাৰীৰ কাব্যকৃতিৰ বিষয়ে এটি নাতিদীর্ঘ টোকা যুগুত কৰাঁ। (6 Marks)

১৬। জোনাকী যুগৰ ঐতিহাসিক অথবা পৌৰাণিক নাটকৰ বিষয়ে আলোচনা কৰাঁ। (6 Marks)

১৭। চমু উত্তৰ লিখাঁ : (1×3=3)

(ক) যতীন্দ্ৰনাথ দুৱৰাৰ এখন কবিতা-পুথিৰ নাম লিখাঁ।
(খ) অতুলচন্দ্ৰ হাজৰিকাৰ এখন নাটকৰ নাম লিখাঁ।
(গ) ‘জয়মতী কুঁৱৰী’ নাটকৰ নাট্যকাৰ কোন?

-00000-

Must Explore: AHSEC Class 11 All Subject PYQ's and Solved Papers



About the author

Team Treasure Notes
We're here to make learning easier for you! If you have any questions or need clarification, feel free to drop a comment we’d love to help!

Post a Comment