AHSEC Class 11 Assamese (MIL) Question Paper – Download & Prepare Smartly!
Looking for the ASSEB/AHSEC Class 11 Assamese (MIL) question paper 2022 to enhance your exam preparation? You’re in the right place! The Treasure Notes provides a complete collection of Assam Board Class 11 Assamese MIL papers from 2022 in PDF format. Our collection includes previous years’ papers, model papers, and sample papers to help you understand the exam pattern and focus on important topics. Whether you need the HS 1st Year Assamese MIL Question Paper 2022 or the latest ASSEB (erstwhile AHSEC) blueprint 2025, we’ve got you covered. Prepare smart and study confidently with The Treasure Notes, your trusted learning partner!
AHSEC Class 11 অসমীয়া (MIL) প্ৰশ্নকাকত – ডাউনল'ড কৰক আৰু স্মাৰ্টকৈ প্ৰস্তুতি লওক!
Assam Board 2022 চনৰ অসমীয়া (MIL) প্ৰশ্নকাকত PDF ৰূপত ডাউনল'ড কৰক, য'ত আগৰ বৰ্ষৰ প্ৰশ্নকাকত, মডেল পেপাৰ, আৰু নমুনা প্ৰশ্নকাকত উপলব্ধ। পৰীক্ষাৰ সফলতাৰ বাবে The Treasure Notes-ৰ ওপৰত ভৰসা ৰাখক!
22E-MASS
2022
ASSAMESE(MIL)
Full Marks: 100
Pass Marks: 30
Time: 3 hours
(The figures in the margin indicate full marks for the questions.)
ALLOTMENT OF MARKS
Q. No. 1 carries 1 mark → 1×8 = 8
Q. No. 2 carries 2 marks → 2×5 = 10
Q. No. 3 carries 4 marks → 4×4 = 16
Q. No. 4 carries 6 marks → 6×1 = 6
Q. No. 5 carries 2 marks → 2×1 = 2
Q. No. 6 carries 1 mark → 1×1 = 1
Q. No. 7 carries 4 marks → 4×1 = 4
Q. No. 8 carries 1 mark → 1×3 = 3
Q. No. 9 carries 2 marks → 2×4 = 8
Q. No. 10 carries 4 marks → 4×2 = 8
Q. No. 11 carries 6 marks → 6×1 = 6
Q. No. 12 carries 1 mark → 1×4 = 4
Q. No. 13 carries 6 marks → 6×1 = 6
Q. No. 14 carries 4 marks → 4×2 = 8
Q. No. 15 carries 4 marks → 4×1 = 4
Q. No. 16 carries 1 mark → 1×2 = 2
Q. No. 17 carries 1 mark → 1×2 = 2
Q. No. 18 carries 2 marks → 2×1 = 2
Total Marks = 100
১. তলৰ যি কোনো আঠোটা প্ৰশ্নৰ উত্তৰ লিখা : (1×8 = 8)
(ক) ‘ধনৰ ব্যৱহাৰ’ শীৰ্ষক পাঠটি সত্যনাথ বৰাৰ কোনখন গ্ৰন্থৰ পৰা লোৱা হৈছে?
(খ) ‘পকীকুঠী’ৰ গৰাকী কোন?
(গ) ‘তেজপুৰৰ আগৰণুৱা দেশহিতৈষী অসমীয়া নেতা’ বুলি তৰুণবান ফুকনে কাক গান্ধীজীৰ আগত পৰিচয় কৰাই দিছিল?
(ঘ) কিহৰ পৰা ওপজা গৌৰৱ অকৃত্ৰিম বুলি লেখকে কৈছে?
(ঙ) গুৰুৰ স্থান আজিৰ যুগত কিহে কাঢ়ি লৈছে?
(চ) মানুহৰ সহৃদয়, শ্রেষ্ঠতম বন্ধু কোন?
(ছ) ‘পেৰাডাইজ লষ্ট’ গ্ৰন্থৰ বচয়িতাগৰাকীৰ নাম লিখা।
(জ) পিয়েৰ আবে’লাৰ কোন?
(ঝ) ভাৰতবৰ্ষৰ এখন প্ৰাচীন বিশ্ববিদ্যালয়ৰ নাম লিখা।
(ঞ) ‘বাঘঢকা’ শব্দৰ অৰ্থ লিখা।
(ঢ) সাফল্যৰ শিখৰ আৰোহণ কৰিবলৈ হ’লে কি সপোন দেখিব লাগিব?
২. তলৰ যি কোনো পাঁচোটা প্ৰশ্নৰ উত্তৰ লিখা : (2×5 = 10)
(ক) ধনৰ দুই প্ৰকাৰৰ ব্যৱহাৰ কি কি?
(খ) পদ্মনাথ গোহাঞিবৰুৱাৰ কৰ্মৰাজিত সন্তুষ্ট হৈ কোনে, কি খিতাপেৰে তেওঁক বিভূষিত কৰিছিল?
(গ) ডাণ্টে কোন? তেওঁ লিখা বিখ্যাত কাব্যগ্ৰন্থখনৰ নাম কি?
(ঘ) হেলেন কেলাৰৰ আত্মজীৱনীত থকা কি কথাই মানুহক কিতাপ অধ্যয়নৰ বাবে অনুপ্রাণিত কৰিছিল?
(ঙ) গিবনৰ সম্পূৰ্ণ নাম কি? তেওঁ কোন দেশৰ নাগৰিক আছিল?
(চ) কেম্ব্রিজ বিশ্ববিদ্যালয় মুঠ কেইখন বিশ্ববিদ্যালয়ৰ সমষ্টি? তাৰ পৰা এখন কলেজৰ নাম লিখা।
(ছ) ভাৰতৰ চাৰিবিধ জনপ্ৰিয় খেলৰ নাম লিখা।
(জ) নেপালীসকলে ‘সাগৰ মাথা’ বুলি কাক কৈছিল? ‘সাগৰ মাথা’ৰ জীয়ৰী বুলি কোনটো শিখৰ জনাজাত?
৩. তলৰ যি কোনো চাৰিটা প্ৰশ্নৰ উত্তৰ লিখা : (4×4 = 16)
(ক) “আয় অনুসৰি খৰচ কৰাই অৰ্থ ব্যৱহাৰৰ মূল মন্ত্ৰ” পাঠৰ আধাৰত ব্যাখ্যা কৰা।
(খ) “মেঘৰ কাম মেঘে কৰি আছে, আমাৰ কাম আমি কৰোঁগৈ।” কোনে, প্ৰসংগত, কিয় এইদৰে কৈছিল, লিখাঁ।
(গ) “বিজেতাই মানুহকহে পৰাস্ত কৰে, মানুহৰ মনক পৰাস্ত কৰিব নোৱাৰে।” প্ৰসংগ সংগতি দশাই ব্যাখ্যা কৰা।
(ঘ) “কিছুমান কিতাপে ৰাইজৰ ওপৰত অদ্ভুত প্ৰভাৱ পেলায়।” পাঠটোৰ সহায়ত বুজাই লিখাঁ।
(ঙ) এডৱাৰ্ড গিবনে ক’ত, কিদৰে শিক্ষা গ্ৰহণ কৰিছিল, বুজাই লিখাঁ।
(চ) পুৰণি অসমত বিহুৰ সময়ত কেনেধৰণৰ খেল-ধেমালি অনুষ্ঠিত হৈছিল?
৪. তলৰ যি কোনো এটাৰ বিষয়ে চমুকৈ লিখাঁ : (6×1 = 6)
(ক) ‘ধনৰ ব্যৱহাৰ’ শীৰ্ষক প্ৰবন্ধৰ পাঠবোধ।
(খ) মানুহৰ গৌৰৱৰ কাৰণ আৰু উৎপত্তি।
(গ) অসমৰ প্ৰথমটো ক্রীড়া পেভিলিয়ন।
৫. তলৰ যি কোনো এটা প্ৰশ্নৰ উত্তৰ লিখা : (2×1 = 2)
(ক) “আমি দুয়ো লগ লাগি হিচাপ কৰি চালোঁ কাৰ কাৰ কথা কৈছে?” – ‘আমি দুয়ো’ বুলি গল্পকাৰে কাক বুজাইছে?
(খ) কনকেশ্বৰ ঠাকুৰে তেওঁৰ কন্যাৰ অপাৰেচন কৰাবলৈ ক’ৰ পৰা পইচা পালে?
৬. ‘বিয়াৰ প্ৰেজেন্ট’ শীৰ্ষক গল্পটোত থকা অসুখ হোৱা ছোৱালীজনীৰ নাম কি? (1×1 = 1)
৭. তলৰ যি কোনো এটা প্ৰশ্নৰ উত্তৰ লিখাঁ : (4×1 = 4)
(ক) ‘বিয়াৰ প্ৰেজেণ্ট’ গল্পটোত সমান্তৰালভাৱে সৃষ্টি হোৱা দুটা পৰিস্থিতি কি কি?
(খ) “কিবা উপায় কৰি আৰু টকা পঞ্চাছটামান দি থৈ আহিব লাগিব—ক’ৰবাৰ পৰা যোগাৰ কৰিব পাৰেনে চাওকচোন।” কোনে, কি প্রসংগত, কাক এইদৰে কৈছিল, চমুকৈ লিখা।
৮. তলৰ যি কোনো তিনিটা প্ৰশ্নৰ উত্তৰ লিখাঁ : (1×3 = 3)
(ক) ‘অপ্রমাদী’ বা ‘ভ্রান্তিহীন কবি’ কোন?
(খ) ‘জয় জয় যাদৱ জলনিধিজা ...’ বৰগীতটিৰ ৰাগ কি?
(গ) দেৱকান্ত বৰুৱাৰ কবিতাত উল্লেখ থকা 'ইব্রাহিম' কোন?
(ঘ) ‘নচিকেতা’ কাৰ ছদ্মনাম?
(ঙ) চেলা গিৰিপথ ক’ত আছে?
৯. তলৰ যি কোনো চাৰিটা প্ৰশ্নৰ উত্তৰ লিখাঁ : (2×4 = 8)
(ক) বিভীষণৰ দুটা চাৰিত্ৰিক বৈশিষ্ট্য লিখা।
(খ) বৰগীতৰ দুটা বিশেষত্ব লিখাঁ।
(গ) ধনবৰ আৰু ৰতনীৰ ঘৰ ক’ত আছিল?
(ঘ) অসমীয়া ৰোমাণ্টিক কবিসকলে তেওঁলোকৰ কবিতাৰ সমল ক’ৰ পৰা গ্ৰহণ কৰিছিল?
(ঙ) দেশ জননীৰ পূজাৰ কেনে আয়োজন দেখি ‘মুক্তি পলান্স’ বুলি কবিয়ে কৈছে?
(চ) ‘এখন চিঠি’ কবিতাৰ সৈনিকজনে চিঠিখন সেইদিনাই ডাকত দিব নোৱাৰাৰ কাৰণ কি আছিল?
১০. প্ৰসংগ-সংগতি দর্শাই ব্যাখ্যা কৰা (যি কোনো দুটা) : (4×2 = 8)
(ক) “একেশ্বৰে মন্ত্ৰী যেবে কৰয় নিশ্চয়। উত্তম বুলিয়া তাক কহে শাস্ত্ৰ নয় ৷৷”
(খ) “চৰায়ে তুলিলে ঐ ছ’ৰা পোৱালি, গছৰ ডাল শুৱনি কৰি। ৰতনীক তুলিলে মাকে-বাপেকে, ধনাইৰ কালশতক কৰি।”
(গ) “স্বদেশ প্রেমৰ কোবাল সোঁতত দেশ আজি টলমল, স্বদেশৰ গছ, স্বদেশৰ শিল, স্বদেশৰ বাঁহতল, সকলোতে আজি স্বদেশী কবিৰ কবি-অন্তৰ জাগে, দেশৰ মানুহ নেখাই মৰিছে সন্ধান কোনে ৰাখে?”
(ঘ) “আৰু তাৰ তলতেই ফুটপাথত (ধন্য তোমাৰ দয়া!) শূন্য ভিক্ষা পাত্ৰ লৈ শুই পৰা মৃতপ্ৰায় কংকালৰ শাৰী;”
১১. তলৰ যি কোনো এটা কবিতাৰ মূল ভাব লিখাঁ : (6×1 = 6)
(ক) ধনৰ আৰু ৰতনী
(খ) বনকুঁৱৰী
(গ) ৰাজপথ
১২. চমু উত্তৰ লিখাঁ (যি কোনো চাৰিটা) : (1×4 = 4)
(ক) কণপাহি কোন?
(খ) কুশল কোঁৱৰ কাৰ আজো-নাতি আছিল?
(গ) “কুশল কোঁৱৰ” নাটকৰ ২নং দৰ্শনত কোন চনৰ কথা বর্ণিত হৈছে?
(ঘ) “এই বৃটিছ কুকুৰটোক বাগিচাৰ পৰা বাহিৰ কৰি দে।” সংলাপটি কাক উদ্দেশ্যি কোৱা হৈছে?
(ঙ) কুশল কোঁৱবে কোন চনত বাগিচাৰ চাকৰিত ইস্তফা দি ঘৰলৈ উলটিছিল?
(চ) কোন চনত নিখিল ভাৰত কংগ্ৰেছ কমিটীয়ে মহাত্মা গান্ধীৰ “ভাৰত ত্যাগ” গ্রহণ কৰে?
১৩. তলৰ যি কোনো এটা প্ৰশ্নৰ উত্তৰ লিখাঁ : (6×1 = 6)
(ক) “কুশল কোঁৱৰ” নাটকখনৰ ‘সূচনা’ দর্শনটিৰ মূল কথাখিনি সংক্ষেপে লিখাঁ।
অথবা
(খ) স্বাধীনতা সংগ্রামী বৈকুণ্ঠ বিহাৰী সিং আৰু শংকৰ বৰুৱাৰ বিষয়ে চমুকৈ লিখাঁ।
১৪. উত্তৰ লিখাঁ (যি কোনো দুটা) : (4×2 = 8)
(ক) “মোক তই চিনা নাই, ৰাঙ্কেল। মই এন. চি. বৰা।” কোনে, কাক, কি প্ৰসংগত এইদৰে কৈছিল, লিখাঁ।
(খ) কুশল কোঁৱৰে পণ্ডিতজীলৈ লিখা চিঠিখনৰ মৰ্মাৰ্থ কি আছিল? চিঠিখনৰ সিপিঠিত কি কি বস্তুৰ তালিকা সংযোগ কৰা হৈছিল?
(গ) ‘কুশল কোঁৱৰ’ নাটকখনত গাঁওবুঢ়া চৰিত্ৰটিৰ কুটিলতা কেনেদৰে প্ৰকাশ পাইছে, চমুকৈ লিখাঁ।
(ঘ) ‘কুশল কোঁৱৰ’ নাটকৰ ৰচয়িতাগৰাকীৰ চমু পৰিচয় আগবঢ়োৱাঁ।
১৫. ভাব-সম্প্ৰসাৰণ কৰাঁ (যি কোনো এটা) : (4×1 = 4)
(ক) কথাত কটা যায়, কথাত বঁটা পায়।
(খ) অতি ভক্তি চোবৰ লক্ষণ।
১৬. তলৰ যি কোনো দুটা সমোচ্চাৰিত শব্দৰ অৰ্থৰ পাৰ্থক্য বিচাৰ কৰাঁ : (1×2 = 2)
খাত – খাট
পুথি – পুঠি
বলি – বলী
দীপ – দ্বীপ
দিন – দীন
গিৰি – গিৰী
১৭. চমু উত্তৰ লিখাঁ : (1×2 = 2)
(ক) অসমীয়া তদ্ভৱ শব্দত ব্যৱহৃত চন্দ্রবিন্দু প্রকৃততে সংস্কৃত শব্দত থকা কোনকেইটা নাসিকা ধ্বনিৰ পৰিৱৰ্তিত ৰূপ?
(খ) অসমীয়া ভাষাত ‘অ’ ৰ বুজাবলৈ পৃথক আখৰ নাই। কথাষাৰ শুদ্ধ নে অশুদ্ধ?
১৮. অসমীয়া ভাষাত ‘ৱ’ নাইবা ‘য়’-ৰ ব্যৱহাৰ সম্পৰ্কে চমুকৈ লিখাঁ। (2×1 = 2)
-0000-
Must Explore: AHSEC Class 11 All Subject PYQ's and Solved Papers
- ASSEB Class 11 Assamese (MIL) Question Paper 2014
- ASSEB Class 11 Assamese (MIL) Question Paper 2015
- ASSEB Class 11 Assamese (MIL) Question Paper 2016
- ASSEB Class 11 Assamese (MIL) Question Paper 2017
- ASSEB Class 11 Assamese (MIL) Question Paper 2018
- ASSEB Class 11 Assamese (MIL) Question Paper 2019
- ASSEB Class 11 Assamese (MIL) Question Paper 2021
- ASSEB Class 11 Assamese (MIL) Question Paper 2022
- ASSEB Class 11 Assamese (MIL) Question Paper 2023
- ASSEB Class 11 Assamese (MIL) Question Paper 2024