AHSEC Class 11 Assamese (MIL)
2019
ASSAMESE
(MODERN INDIAN LANGUAGE)
Full Marks: 100
Pass Marks: 30
Time: Three hours
The figures in the margin indicate full marks for the questions.
১। উত্তৰ লিখা:
(ক) সত্যনাথ বৰাৰ একমাত্র গীতৰ পুথিখনৰ নাম কি l
(খ) পদ্মনাথ গোহাঞিবৰুৱাৰ আত্ম-জীবনীখনৰ নাম লিখা।
(গ) পৌৰৱ কেইঠাইৰ পৰা উৎপন্ন হয়? তিনি ঠাসা
(ঘ) বিদ্যাৰ অনুশীলন নহ'লে কি হয়?
(ঙ) কছো কোন আছিল?
(চ) ড° হীৰেন গোহাঁইৰ গৱেষণা গ্রন্থখনৰ নাম লিখা। (ছ) 'বিহু আকৌ আহিল' গ্রন্থখন কোনে ৰচনা কৰা?
(জ) পৃথিৱীৰ সর্ব্বোচ্চ শৃংগ মাউন্ট এভাবেষ্ট সমুদ্রপৃষ্ঠৰ পৰা কিমান ফুট উচ্চতাত অবস্থিত?
২। যিকোনো পাঁচটা প্রশ্নৰ উত্তৰ লিখা: ২x৫=১০
(ক) কি দুটা কাৰণত মানুহে কৃপণালি কৰে?
(খ) 'অসমত মহাত্মা গান্ধীৰ পোন প্রথম পদার্পণ' পাঠটোত উল্লেখ থকা দুগৰাকী স্বাধীনতা যোদ্ধার নাম লিখা।
(গ) সৌভাগ্যৰ পৰা গৌৰৱ কেনেকৈ ওপজে?
(ঘ) হেলেন কেলাৰৰ আত্মজীৱনীত থকা কি কথাই মানুহক কিতাপ অধ্যয়নৰ বাবে অনুপ্রাণিত কৰিছিল?
(৫) জন মিল্টন কোন শতিকাৰ কবি আছিল? তেওঁ ৰচনা কৰা বিখ্যাত মহাকাব্যখনৰ নাম কি?
(চ) ইউৰোপত মধ্যযুগত স্থাপন হোরা দুখন বিশ্ববিদ্যালয়ৰ নাম লিখাঁ।
(ছ) বং ঘৰৰ বাকৰিত অনুষ্ঠিত হোৱা খেলসমূহৰ নাম লিখা
(জ) প্রথম অসমীয়া এভাবেষ্ট আবোহণকাৰী দুজনৰ নাম লিখাঁ।
৩। যিকোনো চাবিটা প্রশ্নৰ উত্তৰ লিখাঁ: ৪×৪=১৬
(ক) "ধন সুখ ভোগৰ উপায় নহয়, স্বয়ং ধনেই সুখ" কথাষাৰ ব্যাখ্যা কৰা।
(খ) গান্ধীজীব প্রথম অসম ভ্রমণ সম্পর্কে এটি টোকা লিখাঁ।
(গ) 'গৌৰৱ' প্ৰৱন্ধটোত প্রকৃত গৌৰৱৰ কাৰণ কি বুলি কোৱা হৈছে?
(ঘ) “অনাথৰী চহা লোকেও কিতাপৰ পৰা লাভ কৰিব পৰা জ্ঞানক অশ্রদ্ধা নেদেখুৱায়।" কথাষাৰ বিশ্লেষণ কৰা।
(ঙ) এডবার্ড গিবনৰ চমু পৰিচয় দিয়া।
(চ) কেম্ব্রিজ বিশ্ববিদ্যালয়ৰ কলেজবোৰ কোনে কিদৰে প্ৰতিষ্ঠা আৰু পৰিচালনা কৰে বুজাই লিখা।
(ছ) আহোম যুগৰ আটাইতকৈ জনপ্রিয় খেলবিধ কি? এই খেল সম্পর্কে চমুকৈ লিখাঁ।
Previous Year Question Papers
৪। যিকোনো এজনৰ বিষয়ে চমুকৈ লিখা:
(ক) হোমেন বৰগোহাঞি
(খ) প্রফুল্ল দত্ত গোস্বামী
(গ) সত্যনাথ বৰা।
৫। যিকোনো এটাৰ উত্তৰ লিখা:
(ক) "আমাৰ দুজন একেলগে বিয়ালৈ যোৱাটো উচিত নহ'ব” কোরা হৈছে? 'আমাৰ দুজন' বুলি ইয়াত কাৰ কাৰ কথা
(খ) 'বিয়াৰ প্রেজেন্ট' গল্পটো প্রথমে কোনখন আলোচনীত প্রকাশ পাইছিল? গল্পটোত থকা অসুখ হোৱা ছোৱালীজনীৰ নাম কি?
৬। চৈয়দ আব্দুল মালিকে কোনখন উপন্যাসৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল?
৭। যিকোনো এটা প্রশ্নৰ উত্তৰ লিখা:
(ক) বিয়াৰ প্রেজেন্ট' গল্পটোত মানবতাবোধৰ প্রকাশ কিদৰে ঘটিছে চমুকৈ লিখাঁ।
(খ) কি পৰিস্থিতিৰ বাবে নাজিয়াই বিয়ালৈ বুলি ওলাই বিয়ালৈ নগ'ল?
৮। চমু উদ্ভব লিখা: ১×৩=৩
(ক) মাধৱ কন্দলি কোন যুগৰ কবি?
(খ) শংকৰদেৱৰ প্ৰথম বৰগীত কোনটো?
(গ) দেৱকান্ত বৰুৱাৰ কাব্যপুথিখনৰ নাম কি?
৯। যিকোনো চাৰিটা প্রশ্নৰ উত্তৰ লিখা: ২×৪=৮
(ক) নৈকেষী কোন? তেওঁ বিভীষণক বাবণৰ ৰাজসভালৈ কিয় পঠাইছিল?
(খ) 'শ্রুতমাত্রাখিলত্রাতা' শব্দটোৰ অর্থ কি? ইয়াৰ দ্বাৰা কাৰ কথা কোৱা হৈছে?
(গ) লক্ষ্মীনাথ বেজবকরা বচিত কবিতাপুথি দুখনৰ নাম লিখাঁ।
(ঘ) জোনাকী যুগব ত্রিমূর্তি বুলি কাক কাক বুজোৱা হয়?
(ঙ) ইব্রাহিম কোন আছিল? তেওঁ কি বীৰত্ব প্রদর্শন কৰিছিল?
(চ) নিঃশ্রেয়স আৰু মোক্ষ শব্দৰ অৰ্থ লিখাঁ।
(ছ) 'এখন চিঠি' কবিতাটোৰ কবি কোন? কবিগৰাকীৰ এখন কবিতা পুথিৰ নাম লিখা।
১০। যিকোনো দুছোরা ব্যাখ্যা করা: ৪×২=৮
(ক) ৰামৰ হাতত জানো মোৰ যাইব জীব। তথাপি নিদিবো সীতা জনকৰ জীৱ।।
(খ) মৃত্যুয়ে যদি অভিনন্দন জনায় সেই মৃত্যু পাৰিজাত ফুল তাত দেৱতাৰ আশীর্বাদ আছে।
(গ) দেশৰ কাৰণে আজিও বিনায় হেজাৰ ডেকাৰ হিয়া, দেশৰ সেনানী! আকৌ মাথোন এবাৰ হুকুম দিয়া।
(ঘ) আন্ধাৰ ৰাতিৰ সুযোগ লৈ সমাজৰ চকুত ধূলি দিয়া জীবিকা সন্ধানী ভদ্র-বনিতাৰ চৰণাঘাত লভিছা কত!
১১। তলৰ যিকোনো এটা কবিতাৰ মূলভার লিখা:
(ক) বুরুগীতঃ জয় জয় যাদব
(খ) বনকুঁৱৰী
(গ) এখন চিঠি।
১২। চমু উত্তৰ লিখা:১×২=২
(ক) ভাৰত ত্যাগ আন্দোলন কিমান চনত আৰম্ভ হৈছিল?
(খ) কুশল কোঁৱৰ কাৰ আজো নাতি?
১৩। যিকোনো এটা প্রশ্নৰ উত্তৰ লিখা:
(ক) "চাকৰি কৰিও জানো দেশৰ কাম কৰিব নোৱাৰি! কথাষাৰ কোনে কাব আগত কৈছিল?
(খ) কুশল কোঁৱৰৰ পিতৃ আৰু মাতৃৰ নাম লিখা।
১৪। যিকোনো দুটাৰ উত্তৰ লিখা: ৪×২=৮
(ক) 'কুশল কোঁৱৰ' নাটকৰ 'প্রভাৱতী' কোন? তেওঁৰ চমু পৰিচয় দাঙি ধৰাঁ।
(খ) কুশল কোঁৱৰে স্কুল এৰাত দেউতাকৰ কিয় খং উঠিছিল বিৱবি লিখা।
(গ) কুশল কোঁৱৰক কিয় ফাঁচীৰ হুকুম দিয়া হৈছিল, চমুকৈ লিখা।
১৫। যিকোনো এটাৰ চমু টোকা লিখা:
(ক) উত্তম বৰুকরা
(খ) কুশল কোঁৱৰ নাটকৰ নাৰী চৰিত্ৰ।
১৬। অসমীয়া ভাষাত শব্দৰ আৰম্ভণিত ব্যৱহাৰ নোহোৱা যিকোনো দুটা বৰ্ণৰ উল্লেখ কৰা।
অথবা
অ'ৰ ব্যৱহাৰৰ ফলত শব্দৰ অৰ্থভেদ হয়নে? এটা উদাহৰণ দিয়া।
১৭। অসমীয়া ভাষাত চন্দ্রবিন্দুৰ ব্যৱহাৰ ক'ত ক'ত নহয়, উদাহৰণসহ লিখা।
অথবা
তলত দিয়া চাৰিযোৰ সমোচ্চাৰণ শব্দৰ অৰ্থৰ পার্থক্য দেখুওৱা:
জান যান
কথা কঠা
অণু অনু
আঁচল আচল
ধুতি ধৃতি
দিন দীন
শব সব
পাপ পান
১৮। ভাব সম্প্ৰসাৰণ কৰাঁ:
'এশ গৰু মাৰিলে বাঘৰো মৰণ'
অথবা
'ৰাইজে নখ জোকাৰিলে নৈ বয়’
-000-