Class 11 Assamese (Mil) Question Paper 2017 AHSEC [H.S 1st Year Assamese (MIL) Question Papers]

AHSEC Class 11 Assamese (Mil) Question Paper 2017

AHSEC Class 11 Assamese (MIL) 

2017

ASSAMESE

(Modern Indian Language)

Full Marks: 100

Time: 3 hours

The figures in the margin indicate full marks for the questions


১। উত্তৰ কৰাঁ:


(ক) সত্যনাথ বৰাৰ 'আকাশ বহস্য' কি বিষয়ক গ্রন্থ?

(খ) কালিৰাম মেধিৰ সাহিত্যিক জীৱনৰ ডাঙৰ কীৰ্তি কি?

(গ) সংস্কৃতৰ কি শব্দৰ পৰা 'বিহু' শব্দৰ উৎপত্তি হোৱা বুলি ঠাৱৰ কৰা হৈছে?

(ঘ) আহোম যুগত কোন ৰজাৰ দিনত ক্রীড়াই সর্বাধিক পৃষ্ঠপোষকতা পাইছিল?


২। যি কোনো চাৰিটা প্রশ্নৰ উত্তৰ লিখা:


(ক) বিশ্বপুথিৰ ৰচক কোন? বিশ্বপুথিত কেইবিধ পাঠ থাকে?

(খ) অংকীয়া নাটত কেইটা অংক থাকে? এইবিধ নাটৰ মধ্যস্থ পুৰুষ চৰিত্র কি?

(গ) হোমাৰ কোন দেশৰ কবি? তেওঁ ৰচনা কৰা এখন মহাকাব্যৰ নাম লিখাঁ।

(ঘ) বধকাব্যসমূহ কোনজন বৈষ্ণৱ কবিৰ দ্বাৰা ৰচিত? কোনখন মহাকাব্যৰ চৰিত্ৰক কেন্দ্র কৰি তেওঁ এই শ্ৰেণীৰ কাব্য ৰচনা কৰিছিল?

(ঙ) ভাৰতৰ আন আন ঠাইত প্রচলিত বিহুৰ সমধর্মী যি কোনো দুটা উৎসৱৰ নাম লিখা।

(চ) বৰপেটা অঞ্চলৰ কি কি দুবিধ থলুৱা খেলৰ লগত ক্রিকেট খেলৰ সাদৃশ্য আছে?


৩। যি-কোনো তিনিটা প্রশ্নৰ উত্তৰ লিখা: ৪×৩=১২



(ক) অংকীয়া ভাওনাৰ প্রধান উপাদান সম্পর্কে চমুকৈ লিখা।

(খ) ৰূপ আৰু স্বাস্থ্য গৌৰবৰ কাৰণ হয়নে? বুজাই লিখা।

(গ) বিহু সম্বন্ধে লক্ষ্মীনাথ বেজবৰুৱাই কেনে ধাৰণা পোষণ কৰিছিল?

(ঘ) সাহিত্যত প্রকাশভংগী বা ষ্টাইলৰ গুৰুত্ব কিমান? বুজাই লিখাঁ।

(ঙ) পর্বতাৰোহণ অভিযানক 'টিম গেম' বোলাৰ কাৰণ কি? এনে অভিযানত মানসিক দৃঢ়তাৰ প্ৰয়োজন কিমান?


৪। যি কোনো এটাৰ চমু টোকা লিখা:

বধকাব্য, আহোম যুগৰ খেল-ধেমালি।


৫। উত্তৰ লিখা:

(ক) মাধৱ কন্দলিয়ে কোনজন ৰজাৰ পৃষ্ঠপোষকতাত সংস্কৃত ৰামায়ণৰ পদ ভাঙনি কৰিছিল?

(খ) 'জোনাকী'ৰ প্রথম সম্পাদক কোন আছিল?

(গ) দেৱকান্ত বৰুৱা অসমীয়া কাব্য-জগতত কি কবি হিচাপে জনাজাত?


৬। যি কোনো চাৰিটা প্রশ্নৰ উত্তৰ লিখা:


(ক) ভটিমা কেইবিধ? ভটিমাৰ ভাষা কি?

(খ) মালিতাক কেইটা ভাগত ভগোৱা হয়? 'ধনবৰ ৰতনী' কোন শ্রেণীৰ মালিতা?

(গ) ৰোমাণ্টিক কবিতাৰ যি কোনো দুটা ঘাই লক্ষণ উল্লেখ কৰাঁ।

(ঘ) বশিষ্ঠ মুনি কোন? বশিষ্ঠাশ্রম ক'ত অৱস্থিত?

(ঙ) 'ৰাজপথ' কবিতাটো কোনে, কি ছদ্মনামত প্রকাশ কৰিছিল?

(চ) 'এখন চিঠি' কবিতাত কোনে, কালৈ চিঠি লিখাৰ বৰ্ণনা আছে?

Previous Year Question Papers 

৭। যি কোনো দুছোৱা ব্যাখ্যা কৰা:


(ক) শুনি পাত্র মেলে উঠি বোলে ৰাৱণত।

দুঃস্বপ্নৰ কথা প্রভু গুচায়ো মনত।

(খ) ত্রিভুবন বন্দন দৈবকী নন্দন যো হবি মাবল কংস। জগজন তাৰণ দেৱ নাৰায়ণ শঙ্কৰ তাকেৰি অংশ।॥

(গ) অথিৰ বায়ুৰ শিয়ৰিল নোম উছলাইছে গৈ জান কাৰণ নেদেখা আনন্দৰ ঢৌবে বুৰালে প্ৰাণীৰ প্ৰাণ।

(ঘ) সেইবোৰ অনাখৰী কথা আজিও অন্তৰত পর্বতীয়া বনপোৰা জুই হৈ আছে।


৮। মূলভাৱ লিখাঁ (যি কোনো এটা):

 বনকুঁৱৰী; বশিষ্ঠাশ্রম; ৰাজপথ।


৯। দুর্যোগ ব্যৱস্থাপনাৰ নিমিত্তে ভাৰত চৰকাৰে গ্ৰহণ কৰা বিধিখনৰ নাম কি?


১০। যি কোনো দুটা প্রশ্নৰ উত্তৰ লিখা: ২×২=৪


(ক) পৰিৱেশ কেইবিধ আক কি কি?

(খ) পৰিৱেশৰ চাৰিটা উপাদানৰ নাম উল্লেখ কৰাঁ।

(গ) দুর্যোগ কেই প্ৰকাৰৰ আৰু কি কি?

(ঘ) দুর্যোগৰ যি কোনো দুটা বিশেষত্ব লিখাঁ।


১১। বায়ুমণ্ডল সম্পর্কে এটি টোকা যুগুত কৰাঁ।


অথবা

ভূমিকম্প হৈ থকা সময়ত কি কৰা উচিত?


১২। যি কোনো এটাৰ বিষয়ে বুজাই লিখা: ভূমিৰ অৱনতি; পৰিৱেশ প্রদূষণ; দুর্যোগ ব্যৱস্থাপনাৰ বুনিয়াদ।


১৩। উত্তৰ লিখাঁ :


(ক) কুশল কোঁৱৰ কোন স্কুলৰ ছাত্র আছিল?

(খ) 'কুশল কোঁৱৰ' নাটকৰ দাৰোগাজনৰ নাম কি?

(গ) কিমান চনত জালিয়ানৱালাবাগৰ হত্যাকাণ্ড সংঘটিত হৈছিল?

(ঘ) কুশল কোঁৱৰৰ পিতৃৰ নাম কি?


১৪। যি কোনো এটা প্রশ্নৰ উত্তৰ লিখা: ১×৪=৪


(ক) "বন্দিনী ভাৰতৰ শিকলি খুলি আমি দেশমাতৃৰ অশ্রু মচিব লাগিব।” কথাষাৰ কোনে, কাৰ আগত কৈছিল?

(খ) 'কুশল কোঁৱৰ' কোন শ্ৰেণীৰ নাটক? নাট্যকাৰ উত্তম বৰুৱাৰ এই শ্ৰেণীৰ আন এখন নাটকৰ নাম উল্লেখ কৰাঁ।

১৫। যি কোনো দুটাৰ উত্তৰ লিখাঁ :

(ক) গাঁওবুঢ়াই দাৰোগাৰ আগত কুশল কোঁৱৰৰ পৰিচয় কেনেকৈ দিছিল?

(খ) কুশল কোঁৱবে স্কুল এবাৰ কাৰণ কি আছিল, লিখাঁ।

(গ) কুশল কোঁৱৰৰ অন্তিম বাণী কি আছিল?


১৬। যি কোনো এটাৰ উত্তৰ লিখাঁ :

(ক) 'কুশল কোঁৱৰ' নাটকৰ নাৰী চৰিত্ৰ এটা বিশ্লেষণ কৰাঁ।

(খ) কুশল কোঁৱৰক ফাঁচী দিয়াৰ কাৰণ কি আছিল, চমুকৈ লিখাঁ।


১৭। 'ব' আৰু 'য়'ক অসমীয়াত কি বর্ণ বোলা হয়?


অথবা


'অ'ৰ ব্যৱহাৰে শব্দৰ অৰ্থভেদ আনেনে? এটা উদাহৰণ দিয়া।


১৮। তলত দিয়া যি কোনো চাৰিযোৰ সমোচ্চাৰণ শব্দৰ অৰ্থৰ পাৰ্থক্য দেখুওৱাঁ:


আঁচল-আচল

কাঁচ কাছ

চুটি ছুটী

পাণ-পান

শৰসৰ

সূচি-শুচি

অথবা


তলৰ যি কোনো চাৰিযোৰ শব্দৰ শুদ্ধাশুদ্ধ বিচাৰ কৰাঁ :

সিহত-সিহঁত

কাহী কাঁহী

ভূঞা-ভূঞা

সেওতা-সেগুঁতা

কাইট কাঁইট

ঘোঁৰা-ঘোৰা


১৯। ভাৱ সম্প্ৰসাৰণ কৰাঁ :


এশ গৰু মাৰিলে বাঘৰো মৰণ।

অথবা

গোৰ মাৰি গংগাত পেলোৱা।


-000000-

Must Explore: AHSEC Class 11 All Subject PYQ's and Solved Papers


About the author

Team Treasure Notes
We're here to make learning easier for you! If you have any questions or need clarification, feel free to drop a comment we’d love to help!

Post a Comment