Class 11 Assamese (MIL) Question Paper 2021 AHSEC [HS 1st Year Assamese (MIL) Question Papers]

Class 11 Assamese (MIL) Question Paper 2021 AHSEC [HS 1st Year Assamese (MIL) Question Papers]

Get, Assam Board Class 11 Assamese MIL papers 2021 HS First Year Arts Stream PYQ's

AHSEC Class 11 Assamese (MIL) Question Paper – Download & Prepare Smartly!

Looking for the ASSEB/AHSEC Class 11 Assamese (MIL) question paper 2021 to enhance your exam preparation? You’re in the right place! The Treasure Notes provides a complete collection of Assam Board Class 11 Assamese MIL papers from 2021 in PDF format. Our collection includes previous years’ papers, model papers, and sample papers to help you understand the exam pattern and focus on important topics. Whether you need the HS 1st Year Assamese MIL Question Paper 2021 or the latest ASSEB (erstwhile AHSEC) blueprint 2025, we’ve got you covered. Prepare smart and study confidently with The Treasure Notes, your trusted learning partner!

AHSEC Class 11 অসমীয়া (MIL) প্ৰশ্নকাকত – ডাউনল'ড কৰক আৰু স্মাৰ্টকৈ প্ৰস্তুতি লওক!

Assam Board 2021 চনৰ অসমীয়া (MIL) প্ৰশ্নকাকত PDF ৰূপত ডাউনল'ড কৰক, য'ত আগৰ বৰ্ষৰ প্ৰশ্নকাকত, মডেল পেপাৰ, আৰু নমুনা প্ৰশ্নকাকত উপলব্ধ। পৰীক্ষাৰ সফলতাৰ বাবে The Treasure Notes-ৰ ওপৰত ভৰসা ৰাখক!

Class 11 Assamese (MIL) Question Paper 2021 AHSEC [HS 1st Year Assamese (MIL) Question Papers]

ASSAMESE (Modern Indian Language)

Total Marks: 100
Pass Marks: 30
Time: 3 Hours

The figures in the margin indicate full marks for the questions.

ALLOTMENT OF MARKS:

Q. No. 1 carries 1 mark each → 1×8 = 8

Q. No. 2 carries 2 marks each → 2×5 = 10

Q. No. 3 carries 4 marks each → 4×4 = 16

Q. No. 4 carries 6 marks → 6×1 = 6

Q. No. 5 carries 2 marks → 2×1 = 2

Q. No. 6 carries 1 mark → 1×1 = 1

Q. No. 7 carries 4 marks → 4×1 = 4

Q. No. 8 carries 1 mark each → 1×3 = 3

Q. No. 9 carries 2 marks each → 2×4 = 8

Q. No. 10 carries 4 marks each → 4×2 = 8

Q. No. 11 carries 6 marks → 6×1 = 6

Q. No. 12 carries 1 mark each → 1×4 = 4

Q. No. 13 carries 6 marks → 6×1 = 6

Q. No. 14 carries 4 marks each → 4×2 = 8

Q. No. 15 carries 1 mark each → 1×4 = 4

Q. No. 16 carries 2 marks each → 2×3 = 6

Total Marks: 100

১। তলৰ যি কোনো আঠোটা প্ৰশ্নৰ উত্তৰ লিখাঁ: (1×8=8)

(ক) পদ্মনাথ গোহাঞিবৰুৱাৰ কৰ্মৰাজিত সন্তুষ্ট হৈ সেই সময়ৰ ভাৰত চৰকাৰে কি উপাধি প্ৰদান কৰিছিল?
(খ) সতৰঞ্চি মানে কি?
(গ) গৌৰৱ কিহৰ পৰা ওপজে?
(ঘ) সুন্দ আৰু উপসুন্দ দৈত্যই পুৰাণৰ কোনগৰাকী সুন্দৰীৰ বাবে পৰস্পৰ যুদ্ধ কৰি মৃত্যুবৰণ কৰিছিল?
(ঙ) মানুহক কিহে অমৰত্ব প্ৰদান কৰে?
(চ) বছৱেলে লিখা গ্ৰন্থখনৰ নাম কি?
(ছ) পাশ্চাত্য সভ্যতাৰ জন্মভূমি বুলি কোনখন নগৰক কোৱা হয়?
(জ) ‘উৰণীয়া হাঁহৰ মাত' গ্ৰন্থখনৰ লেখক কোন?

২। তলৰ যি কোনো পাঁচোটা প্ৰশ্নৰ উত্তৰ লিখাঁ: (2×5=10)

(ক) তেজপুৰত গান্ধীজীয়ে কি দুটা জটিল বিষয় বক্তৃতাৰে ৰাইজক বিশদকৈ বুজাই দিছিল?
(খ) কোন চনৰ, কোন তাৰিখে মহাত্মা গান্ধী তেজপুৰ ঘাটত নামিছিল?
(গ) কালিৰাম মেধিৰ দ্বাৰা সম্পাদিত দুখন গ্ৰন্থৰ নাম লিখাঁ।
(ঘ) দুজন বিখ্যাত ব্যায়ামবীৰৰ নাম লিখাঁ।
(ঙ) ‘ডিক্লাইন এণ্ড ফল’ৰ শেষ বাক্যটো লিখি শেষ কৰাৰ পাছত কি এক বিপুল আনন্দই গিবনৰ মন ভৰাই তুলিছিল, পাঠৰ আধাৰত লিখাঁ।

৩। যি কোনো চাৰিটা প্ৰশ্নৰ উত্তৰ লিখাঁ: (4×4=16)

(ক) “আচৰিত, ৰায়চাহাব খিতাপধাৰীয়ে গান্ধীক আদৰিবলৈ আহে।” এই কথাষাৰ কোনে, কি প্রসংগত, কাক কৈছিল, বুজাই লিখাঁ।
(খ) পদ্মনাথ গোহাঞিবৰুৱাই গাত লোৱা আশী নম্বৰী সূতাৰ চেলেংখনৰ সন্দৰ্ভত মহাত্মা গান্ধীৰ সৈতে কেনেধৰণৰ বাৰ্তালাপ হৈছিল, তোমাৰ ভাষাৰে লিখাঁ।
(গ) “প্রকৃত গৌৰৱৰ কাৰণ জ্ঞান, আত্মসংযম আৰু আত্মদানৰ পৰা ওলায়।” ব্যাখ্যা কৰাঁ।
(ঘ) নেপোলিয়ন আৰু জুলিয়াছ ছিজাৰৰ বিষয়ে চমুকৈ লিখাঁ।

৪। তলৰ যি কোনো এটাৰ বিষয়ে চমুকৈ লিখাঁ: (6×1=6)

(ক) হোমেন বৰগোহাঞিৰ সাহিত্যকৃতি
(খ) ‘গৌৰৱ’ পাঠটিৰ লেখক পৰিচিতি
(গ) ‘ডিক্লাইন এণ্ড ফল' গ্ৰন্থৰ বিষয়বস্তু আৰু গুৰুত্ব

৫। তলৰ যি কোনো এটা প্ৰশ্নৰ উত্তৰ লিখাঁ: (2×1=2)

(ক) চৈয়দ আব্দুল মালিকৰ ‘বিয়াৰ প্ৰেজেন্ট' গল্পটিৰ ঘাই বৈশিষ্ট্য কি?
(খ) চৈয়দ আব্দুল মালিকে লিখা ভ্রমণকাহিনীমূলক গ্ৰন্থখনৰ নাম কি? এই গ্ৰন্থখনৰ বাবে তেওঁ কি বঁটা লাভ কৰিছিল?

৬। ‘বিয়াৰ প্ৰেজেন্ট' শীৰ্ষক গল্পটো প্রথমে কোনখন আলোচনীত প্ৰকাশ পাইছিল? (1×1=1)

৭। তলৰ যি কোনো এটা প্ৰশ্নৰ উত্তৰ লিখাঁ: (4×1=4)

(ক) কি পৰিস্থিতিৰ বাবে নাজিয়াই বিয়ালৈ বুলি যাত্ৰা কৰিও অৱশেষত বিয়ালৈ নগ'ল?
(খ) “ডাঙৰ, ধনী মানুহৰ ঘৰৰ বিয়া, আৰু ধুম-ধাম নহ'বনে?” কোনে, কাক, প্ৰসংগত এইদৰে কৈছিল, বিৱৰি লিখাঁ।

৮। তলৰ যি কোনো তিনিটা প্ৰশ্নৰ উত্তৰ লিখাঁ: (1×3=3)

(ক) শংকৰদেৱে কোনটো কাণ্ড পুনৰ ৰচনা কৰি মাধৱ কন্দলিৰ ৰামায়ণ সম্পূৰ্ণ কৰি তোলে?
(খ) “জয় জয় যাদৱ জলনিধিজা...” বৰগীতটিত কাৰ গুণানুকীৰ্তন কৰা হৈছে?
(গ) দেৱকান্ত বৰুৱাৰ কবিতা-পুথিখনৰ নাম কি?
(ঘ) ‘এখন চিঠি' কবিতাটো হেম বৰুৱাৰ কোনখন কাব্যপুথিৰ অন্তৰ্গত?

৯। তলৰ যি কোনো চাৰিটা প্ৰশ্নৰ উত্তৰ লিখাঁ: (2×4=8)

(ক) বিভীষণ কোন? তেওঁৰ দুটা চাৰিত্ৰিক বৈশিষ্ট্য লিখাঁ।
(খ) মাধৱ কন্দলীয়ে কোন শতিকাত, কোনগৰাকী ৰজাৰ পৃষ্ঠপোষকতাত সংস্কৃত ৰামায়ণৰ পদ অসমীয়ালৈ ভাঙনী কৰিছিল?
(গ) ধনবৰ আৰু ৰতনী কোন?
(ঘ) ইব্রাহিম কোন আছিল? তেওঁ কি বীৰত্ব প্ৰদৰ্শন কৰিছিল?
(ঙ) সৈনিকজনে চিঠিখন সেইদিনাই ডাকত দিব নোৱৰাৰ কাৰণ কি?
(চ) ৰামধেনু যুগৰ দুগৰাকী কবিৰ নাম লিখাঁ।

১০। প্রসংগ-সংগতি দৰ্শাই ব্যাখ্যা কৰাঁ (যি কোনো দুটা): (4×2=8)

(ক) “জগজনজীৱন অজন জনার্দন দনুজদমন দুখহাৰী। মহদানন্দ কন্দ পৰমানন্দ নন্দনন্দন বনচাৰী।”
(খ) “চৰায়ে তুলিলে ঐ ছ’ৰা পোৱালি, গছৰ ডাল শুৱনি কৰি, ৰতনীক তুলিলে মাকে বাপেকে, ধনাইৰ কালশত্ৰু কৰি।”
(গ) “নিজম দুপৰীয়া সুহুৰিটি মাৰি মাতিলে নো কোনে কাক? বিজন বনত কোন ক’ত আছে? হালিছে গছৰ আগ।”
(ঘ) “মন্ত্ৰিত্ব যাৰ শেষ কল্পনা; এছেমল্লী যাৰ আশা, সিনো কি বুজিব হে বীৰ, তোমাৰ ৰণ-দুৰ্মদ ভাষা?”
(ঙ) “এয়া আদেশ আহিছে। যাব লাগে। শত্ৰু-সৈন্যই চেলা গিৰিপথ অতিক্ৰম কৰিছে। চিঠিখন আজি ডাকত দিয়া নহ'ব।”

১১। তলৰ যি কোনো এটা কবিতাৰ মূলভাব লিখাঁ: (6×1=6)

(ক) বৰগীত : জয় জয় যাদৱ
(খ) লাচিত ফুকন
(গ) এখন চিঠি

১২। চমু উত্তৰ লিখাঁ (যি কোনো চাৰিটা): (1×4=4)

(ক) ‘গোম সাপৰ বংশ’ বুলি কাক কোৱা হৈছিল?
(খ) ‘কুশল কোঁৱৰ’ নাটকৰ ৩নং দৰ্শনত সন্নিৱিষ্ট কৰা গীতটিৰ ৰচক কোন?
(গ) কুশল কোঁৱৰে কোন চনত বিয়া পাতিছিল?
(ঘ) “আমি কিন্তু সংকল্পৰ দাস। অহিংসা-মন্ত্ৰত আমি আটায়ে দীক্ষিত হৈছোহঁক।” সংলাপটি কাৰ?
(ঙ) সুভাষ বসুক ভাৰতৰ নিৰ্যাতিত জনতাই কি নাম দিছিল?
(চ) “জাগ ডেকা তেজ, জাগ আজি জাগ...” গীতটি কাৰ ৰচনা?

১৩। তলৰ যি কোনো এটাৰ উত্তৰ লিখাঁ: (6×1=6)

(ক) ‘কুশল কোঁৱৰ’ নাটকখনত ৰে'ল বগৰোৱাৰ বিৱৰণ কোনটো দৰ্শনত আছে? এই দৰ্শনটিৰ মূল কথাখিনি যুকিয়াই লিখাঁ।

অথবা

(খ) ‘কুশল কোঁৱৰ’ নাটকৰ মূল নাৰী চৰিত্ৰ দুটিৰ বিষয়ে চমুকৈ লিখা।

১৪। তলৰ যি কোনো দুটা প্ৰশ্নৰ উত্তৰ লিখাঁ: (4×2=8)

(ক) “কোনে কয়—কোনে কয়—মূলা গাভৰুৰ মৃত্যু হৈছে—জয়মতীৰ মৃত্যু হৈছে...।” কোনে, কাক, কি প্ৰসংগত এইদৰে কৈছিল, লিখাঁ।
(খ) ১৯৪২ চনৰ ১০ অক্টোবৰৰ নিশা সুৰেন ফুকনে কুশল কোঁৱৰলৈ লিখা চিঠিখনৰ মর্মার্থ কি আছিল?
(গ) গাঁওবুঢ়া চৰিত্ৰটিৰ কুটিলতা ‘কুশল কোঁৱৰ’ নাটকখনিত কেনেদৰে প্ৰকাশ পাইছে, চমুকৈ লিখাঁ।
(ঘ) ‘কুশল কোঁৱৰ’ নাটকৰ ৰচয়িতাগৰাকীৰ সাহিত্যকৃতিৰ চমু পৰিচয় আগবঢ়োৱাঁ।

১৫। তলৰ যি কোনো চাৰিটা সমোচ্চাৰিত শব্দৰ অৰ্থৰ পাৰ্থক্য বিচাৰ কৰাঁ: (1×4=4)

(ক) চুটি, ছুটী
(খ) কাঁহ, কাহ
(গ) বাণ, বান
(ঘ) হাত, হাট
(ঙ) পানী, পাণি
(চ) ডৰ, দৰ
(ছ) নীৰ, নীড়

১৬। উপযুক্ত ঠাইত চন্দ্ৰবিন্দু আৰু অ'স্বৰ প্ৰয়োগ কৰি তলৰ বাক্যকেইটা পুনৰ শুদ্ধকৈ লিখাঁ (যি কোনো তিনিটা): (2×3=6)

(ক) চৰাইজনী মোৰ সো কাষেদি উৰি গল।
(খ) বেল বজাৰ আগতেই আমি পৰীক্ষাগৃহত সোমালো।
(গ) তুমি অহা হলে ময়ো গলোহেতেন।
(ঘ) বল খেলা চাওগৈ বল।
(ঙ) ‘দন্ত’ৰ পৰা দাত, ‘হংস’ৰ পৰা হাহ্ শব্দ নিষ্পন্ন হৈছে।

-0000-

Must Explore: AHSEC Class 11 All Subject PYQ's and Solved Papers


About the author

Team Treasure Notes
We're here to make learning easier for you! If you have any questions or need clarification, feel free to drop a comment we’d love to help!

Post a Comment