Class 11 Assamese (MIL) Question Paper 2024 AHSEC [HS 1st Year Assamese (MIL) Question Papers]

Class 11 Assamese (MIL) Question Paper 2024 AHSEC [HS 1st Year Assamese (MIL) Question Papers]

Get, Assam Board Class 11 Assamese MIL papers from 2024 HS First Year Arts Stream PYQ's in PDF format

AHSEC Class 11 Assamese (MIL) Question Paper – Download & Prepare Smartly!

Looking for the ASSEB/AHSEC Class 11 Assamese (MIL) question paper 2024 to enhance your exam preparation? You’re in the right place! The Treasure Notes provides a complete collection of Assam Board Class 11 Assamese MIL papers from 2024 in PDF format. Our collection includes previous years’ papers, model papers, and sample papers to help you understand the exam pattern and focus on important topics. Whether you need the HS 1st Year Assamese MIL Question Paper 2024 or the latest ASSEB (erstwhile AHSEC) blueprint 2025, we’ve got you covered. Prepare smart and study confidently with The Treasure Notes, your trusted learning partner!

AHSEC Class 11 অসমীয়া (MIL) প্ৰশ্নকাকত – ডাউনল'ড কৰক আৰু স্মাৰ্টকৈ প্ৰস্তুতি লওক!

Assam Board 2024 চনৰ অসমীয়া (MIL) প্ৰশ্নকাকত PDF ৰূপত ডাউনল'ড কৰক, য'ত আগৰ বৰ্ষৰ প্ৰশ্নকাকত, মডেল পেপাৰ, আৰু নমুনা প্ৰশ্নকাকত উপলব্ধ। পৰীক্ষাৰ সফলতাৰ বাবে The Treasure Notes-ৰ ওপৰত ভৰসা ৰাখক!

Class 11 Assamese (MIL) Question Paper 2024 AHSEC [HS 1st Year Assamese (MIL) Question Papers]

24E-MAAS
2024
ASSAMESE (Modern Indian Language)

Full Marks: 100
Pass Marks: 30
Time: 3 hours

(The figures in the margin indicate full marks for the questions.)

ALLOTMENT OF MARKS

Q. No. 1 → 1×6 = 6

Q. No. 2 → 2×5 = 10

Q. No. 3 → 4×3 = 12

Q. No. 4 → 6×2 = 12

Q. No. 5 → 1×1 = 1

Q. No. 6 → 2×1 = 2

Q. No. 7 → 4×1 = 4

Q. No. 8 → 1×3 = 3

Q. No. 9 → 2×4 = 8

Q. No. 10 → 4×2 = 8

Q. No. 11 → 6×1 = 6

Q. No. 12 → 1×2 = 2

Q. No. 13 → 2×1 = 2

Q. No. 14 → 4×2 = 8

Q. No. 15 → 6×1 = 6

Q. No. 16 → 2×1 = 2

Q. No. 17 → 4×1 = 4

Q. No. 18 → 4×1 = 4

Total Marks: 100

১. তলৰ যি কোনো ছটা প্ৰশ্নৰ উত্তৰ লিখাঁ (1×6 = 6)

(ক) অসমীয়া সাহিত্যত ‘বেকন' হিচাপে পৰিচিত ব্যক্তিজন কোন ?
(খ) ‘অসমত মহাত্মা গান্ধীৰ পোনপ্ৰথম পদাৰ্পণ' পাঠটি ক'ৰ পৰা সংগ্ৰহ কৰা হৈছে ?
(গ) ‘গৌৰৱ’ প্ৰবন্ধটিৰ লেখক কোন ?
(ঘ) ‘অন্তৰাত্মা' শব্দৰ অৰ্থ কি ?
(ঙ) ‘গিবন' নামৰ পাঠটি ক'ৰ পৰা সংগ্ৰহ কৰা হৈছে ?
(চ) কে’ম্ব্ৰিজ বিশ্ববিদ্যালয় কোনখন নদীৰ উপত্যকাত অৱস্থিত ?
(ছ) অভিনৱ মানে কি ?
(জ) 'এভাৰেষ্টৰ সপোন আৰু বিভীষিকা' পাঠটোৰ লেখক কোন ?

২. তলৰ যি কোনো পাঁচটা প্ৰশ্নৰ উত্তৰ লিখাঁ (2×5 = 10)

(ক) ধনৰ দুই প্ৰকাৰৰ ব্যৱহাৰ কি কি ?
(খ) পদ্মনাথ গোহাঞিবৰুৱাই সম্পাদনা কৰা দুখন আলোচনীৰ নাম লিখাঁ ।
(গ) দেশ জয় কৰা বীৰসকলে প্ৰকৃততে দেশ ৰাখিব পাৰেনে ?
(ঘ) আল্বানিয়াত প্রচলিত কিতাপ সম্পর্কীয় যোজনাটি লিখাঁ ।
(ঙ) ‘পেৰাডাইজ লষ্ট’ৰ ৰচক কোন? গ্ৰন্থখন কি ছন্দত ৰচিত ?
(চ) গথিক স্থাপত্য বুলিলে কি বুজা ?
(ছ) ফুলফুলতী খেল কিদৰে খেলা হয় ?
(জ) হিমানী সম্প্রপাত মানে কি ?

৩. তলৰ যি কোনো তিনিটা প্ৰশ্নৰ উত্তৰ লিখাঁ (4×3 = 12)

(ক) অশিক্ষিত মানুহে ধন খৰচ কৰাৰ কৌশল সম্পৰ্কে কেনে ধাৰণা কৰে, লিখাঁ।
(খ) গান্ধীজী আৰু পদ্মনাথ গোহাঞিবৰুৱাৰ কথোপকথনখিনি তোমাৰ ভাষাত বুজাই লিখাঁ।
(গ) “অনাখৰী চহা লোকেও কিতাপৰ পৰা লাভ কৰিব পৰা জ্ঞানক অশ্রদ্ধা নেদেখুৱায়” পাঠটিৰ সহায়ত আলোচনা কৰা।
(ঘ) কে’ম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ কলেজবোৰ কোনে, কিদৰে প্ৰতিষ্ঠা আৰু পৰিচালনা কৰে, বুজাই লিখাঁ।
(ঙ) শেন মেলা খেলৰ বিষয়ে চমুকৈ লিখাঁ।

৪. তলৰ যি কোনো দুটা প্ৰশ্নৰ উত্তৰ লিখাঁ (6×2 = 12)

(ক) “ধন সুখ ভোগৰ উপায় নহয়, স্বয়ং ধনেই সুখ” —ব্যাখ্যা কৰাঁ ।
(খ) “ৰূপৰ কিবা আচৰিত চুম্বক শক্তি আছে।” — প্রসংগ-সংগতি দৰ্শাই ব্যাখ্যা কৰাঁ।
(গ) পুৰণি কালত বিহুৰ সময়ত কেনেধৰণৰ খেল অনুষ্ঠিত হৈছিল, লিখাঁ।
(ঘ) হিমানী সম্প্রপাতৰ পিছত অভিযানকাৰী দলটিয়ে নিজৰ কেম্পলৈ গৈ বৰফৰ দৈত্যৰ কেনে ধ্বংসলীলা দেখিছিল ?

৫. তলৰ যি কোনো এটা প্ৰশ্নৰ উত্তৰ লিখাঁ (1×1 = 1)

(ক) চৈয়দ আব্দুল মালিকৰ প্ৰথম প্ৰকাশিত চুটিগল্পৰ পুথিখনৰ নাম কি ?
(খ) ‘অঘৰী আত্মাৰ কাহিনী' কাৰ ৰচনা ?

৬. তলৰ যিকোনো এটা প্ৰশ্নৰ উত্তৰ লিখাঁ (2×1 = 2)

(ক) “আমাৰ দুজন একেলগে বিয়ালৈ যোৱাটো উচিত নহ’ব’–‘আমাৰ দুজন’ বুলি ইয়াত কাৰ কথা কোৱা হৈছে ?

অথবা

(খ) “ময়েই যাওঁ; আপুনি নেলাগে যাব।” — কোনে, ক’লৈ যোৱাৰ কথা কৈছিল ?

৭. তলৰ যিকোনো এটা প্ৰশ্নৰ উত্তৰ লিখাঁ (4×1 = 4)

(ক) নাজিয়াই বিয়ালৈ কিয় অকলে গৈছিল ?

অথবা

(খ) কি পৰিস্থিতিৰ বাবে নাজিয়াই বিয়ালৈ বুলি ওলাই বিয়ালৈ নগ'ল ?

৮. তলৰ যি কোনো তিনিটা প্ৰশ্নৰ উত্তৰ লিখাঁ (1×3 = 3)

(ক) “ৰাৱণক বিভীষণৰ সজ উপদেশ” পাঠটি মাধৱ কন্দলি বিৰচিত কোনখন পুথিৰ পৰা লোৱা হৈছে?
(খ) “মন মেৰি ৰাম চৰণহি লাগু” শীৰ্ষক বৰগীতটিৰ ৰচক কোন ?
(গ) প্ৰতিমাৰ খনিকৰ ৰূপে খ্যাত ব্যক্তিজন কোন ?
(ঘ) আধুনিক অসমীয়া কবিতাৰ ‘দুৱাৰ মুকলি কৰোঁতা' বুলি খ্যাত কবিজন কোন ?
(ঙ) ‘নচিকেতা' কাৰ ছদ্মনাম ?

৯. তলৰ যি কোনো চাৰিটা প্ৰশ্নৰ উত্তৰ লিখাঁ (2×4 = 8)

(ক) শংকৰদেৱ আৰু মাধৱদেৱে ৰামায়ণৰ কোন দুটা কাণ্ড ৰচনা কৰিছিল ?
(খ) ‘জলনিধিজা' মানে কি ?
(গ) ‘ধনবৰ আৰু ৰতনী’ কোনজন সাহিত্যিকৰ, কোনখন কাব্যপুথিৰ অন্তৰ্গত?
(ঘ) শব্দার্থ লিখাঁ :

মাতুল

গ্লানি
(ঙ) প্ৰগতিবাদী চিন্তাধাৰা বুলিলে কি বুজা ?
(চ) শব্দার্থ লিখাঁ :

  • মেঘাচ্ছন্ন

  • মোহনা

১০. তলৰ যি কোনো দুটা প্ৰশ্নৰ উত্তৰ লিখাঁ (4×2 = 8)

(ক) বিভীষণে ৰাজসভালৈ গৈ ৰাৱণক কি কি সজ উপদেশ দিছিল ?
(খ) তোমালোকৰ পাঠ্যপুথিৰ অন্তৰ্গত বৰগীতটিত শ্ৰীকৃষ্ণৰ অপৰূপ শাৰীৰিক অৱয়বৰ বৰ্ণনা কিদৰে কৰিছে, বুজাই লিখাঁ ।
(গ) “লাচিত ফুকন! লাচিত ফুকন! মোৰ স্বদেশৰ বীৰ
দেশৰ কাৰণে তাহানি এদিন যাচিলা নিজৰ শিৰ।”
—ব্যাখ্যা কৰা।
(ঘ) সমাজজীৱনৰ শ্ৰেণী-বৈষম্যৰ ছৱিখন ‘ৰাজপথ' কবিতাটিত কেনেদৰে প্ৰকাশিত হৈছে, বুজাই লিখাঁ ।

১১. তলৰ যিকোনো এটা কবিতাৰ মূল ভাব লিখাঁ (6×1 = 6)

(ক) ধনবৰ আৰু ৰতনী
(খ) বনকুঁৱৰী
(গ) এখন চিঠি

১২. তলৰ যি কোনো দুটা প্ৰশ্নৰ উত্তৰ লিখাঁ (1×2 = 2)

(ক) কুশল কোঁৱৰৰ পিতৃৰ নাম কি ?
(খ) “নহয় পণ্ডিতজী! বিপ্লৱ কৰিম বেংগলৰ দৰে।” — কাৰ উক্তি ?
(গ) সৰুপথাৰৰ ৰেল দুৰ্ঘটনা কেতিয়া হৈছিল ?

১৩. তলৰ যি কোনো এটা প্ৰশ্নৰ উত্তৰ লিখাঁ (2×1 = 2)

(ক) “দোষ কৰিলে—জগৰ লগালে, গৰু কিয় মানুহকো arrest কৰি ৰাখিব লাগিব।” — কোনে, কাক কৈছিল ?

অথবা

(খ) “কুশল কোঁৱৰ” নাটৰ দুটা নাৰী চৰিত্ৰৰ নাম লিখাঁ ।

১৪. তলৰ যি কোনো দুটা প্ৰশ্নৰ উত্তৰ লিখাঁ (4×2 = 8)

(ক) ‘কুশল কোঁৱৰ' নাটকখনৰ ‘সূচনা’ দৰ্শনটিৰ মূল কথাখিনি তোমাৰ নিজৰ কথাৰে লিখা।
(খ) ‘কুশল কোঁৱৰ’ নাটকখনৰ ১৩ নং দৰ্শন (যোৰহাট জেইল)ৰ কুশল কোঁৱৰ আৰু প্ৰভাৱতীৰ কথোপকথনখিনি তোমাৰ ভাষাৰে লিখাঁ।
(গ) চৰিত্ৰ-চিত্ৰণ কৰা (যি কোনো এজনৰ) :

  • প্ৰভাৱতী

  • কণপাহি

১৫. তলৰ যিকোনো এটা প্ৰশ্নৰ উত্তৰ লিখাঁ (6×1 = 6)

(ক) “ম‍ই ভাৰতবৰ্ষৰ কোটি কোটি মানুহৰ মুক্তিৰ অৰ্থে প্ৰাণ দিম। দেশৰ কাৰণে — মানুহৰ কাৰণে প্ৰাণ দিবলৈ পোৱাতকৈ জীৱনৰ ডাঙৰ সৌভাগ্য কি হ'ব পাৰে ?”

(খ) “স্বাধীনতা অনাৰ বাবে আমি আটায়ে ত্যাগ স্বীকাৰ কৰিছোঁহঁক। স্বাধীনতা পোৱাৰ পাছতো যেন আমি ত্যাগী হৈ থাকিব পাৰোঁ—ভোগী হ'বলৈ যেন হাবিয়াস নকৰোঁ।”

১৬. তলৰ যিকোনো এটা প্ৰশ্নৰ উত্তৰ লিখাঁ (2×1 = 2)

(ক) হাত, হাট
(খ) বাঁহ, বাহ
(গ) পাণি, পানী

১৭. ভাব-সম্প্ৰসাৰণ কৰা (4×1 = 4)

(ক) আপোন ভালেই জগত ভাল।
(খ) যত্ন কৰিলে ৰত্ন পায়।

১৮. উদাহৰণসহ লিখাঁ (4×1 = 4)

(ক) অসমীয়া ভাষাত চন্দ্ৰবিন্দুৰ দুটা ব্যৱহাৰ।
(খ) অসমীয়া ভাষাৰ বিভিন্ন শব্দত অ’কাৰৰ প্ৰয়োগ।

-0000-


About the author

Team Treasure Notes
We're here to make learning easier for you! If you have any questions or need clarification, feel free to drop a comment we’d love to help!

Post a Comment