Class 11 Assamese (MIL) Question Paper 2023 AHSEC [HS 1st Year Assamese (MIL) Question Papers]

Class 11 Assamese (MIL) Question Paper 2023 AHSEC [HS 1st Year Assamese (MIL) Question Papers]

Assam Board Class 11 Assamese MIL papers from 2023 HS First Year Arts Stream PYQ's in PDF format

AHSEC Class 11 Assamese (MIL) Question Paper – Download & Prepare Smartly!

Looking for the ASSEB/AHSEC Class 11 Assamese (MIL) question paper 2023 to enhance your exam preparation? You’re in the right place! The Treasure Notes provides a complete collection of Assam Board Class 11 Assamese MIL papers from 2023 in PDF format. Our collection includes previous years’ papers, model papers, and sample papers to help you understand the exam pattern and focus on important topics. Whether you need the HS 1st Year Assamese MIL Question Paper 2023 or the latest ASSEB (erstwhile AHSEC) blueprint 2025, we’ve got you covered. Prepare smart and study confidently with The Treasure Notes, your trusted learning partner!

AHSEC Class 11 অসমীয়া (MIL) প্ৰশ্নকাকত – ডাউনল'ড কৰক আৰু স্মাৰ্টকৈ প্ৰস্তুতি লওক!

Assam Board 2023 চনৰ অসমীয়া (MIL) প্ৰশ্নকাকত PDF ৰূপত ডাউনল'ড কৰক, য'ত আগৰ বৰ্ষৰ প্ৰশ্নকাকত, মডেল পেপাৰ, আৰু নমুনা প্ৰশ্নকাকত উপলব্ধ। পৰীক্ষাৰ সফলতাৰ বাবে The Treasure Notes-ৰ ওপৰত ভৰসা ৰাখক!

Class 11 Assamese (MIL) Question Paper 2023 AHSEC [HS 1st Year Assamese (MIL) Question Papers]

23E-MASS
2023
ASSAMESE (Modern Indian Language)
Full Marks: 100
Pass Marks: 30
Time: 3 Hours

The figures in the margin indicate full marks for the questions.

ALLOTMENT OF MARKS

Q. No. 1 carries 1 mark each → 1×6 = 6

Q. No. 2 carries 2 marks each → 2×5 = 10

Q. No. 3 carries 4 marks each → 4×3 = 12

Q. No. 4 carries 6 marks each → 6×2 = 12

Q. No. 5 carries 1 mark → 1

Q. No. 6 carries 2 marks → 2

Q. No. 7 carries 4 marks → 4

Q. No. 8 carries 1 mark each → 1×3 = 3

Q. No. 9 carries 2 marks each → 2×4 = 8

Q. No. 10 carries 4 marks each → 4×2 = 8

Q. No. 11 carries 6 marks → 6

Q. No. 12 carries 1 mark → 1

Q. No. 13 carries 2 marks → 2

Q. No. 14 carries 4 marks each → 4×2 = 8

Q. No. 15 carries 6 marks → 6

Q. No. 16 carries 2 marks → 2

Q. No. 17 carries 4 marks → 4

Q. No. 18 carries 4 marks → 4

Total Marks = 100

১. তলৰ যি কোনো ছটা প্ৰশ্নৰ উত্তৰ লিখা : (1×6=6)

(ক) অৰ্থ ব্যৱহাৰৰ মূলমন্ত্ৰ কি ?
(খ) মহাত্মা গান্ধীয়ে কেতিয়া প্ৰথমবাৰৰ বাবে অসম ভ্ৰমণ কৰিছিল ?
(গ) ‘ডিভাইন কমেডি’ কাৰ ৰচনা ?
(ঘ) ‘কিতাপৰ কথা’ পাঠটোৰ লেখক কোন ?
(ঙ) এখন প্ৰাচীন ভাৰতীয় বিশ্ববিদ্যালয়ৰ নাম লিখাঁ ।
(চ) ড° হীৰেণ গোহাঁইৰ গৱেষণা গ্ৰন্থখনৰ নাম লিখাঁ ।
(ছ) পৃথিৱীৰ সৰ্বোচ্চ শৃংগ মাউন্ট এভাৰেষ্ট সমুদ্র পৃষ্ঠৰ পৰা কিমান ফুট উচ্চতাত অৱস্থিত ?
(জ) “বিহু আকৌ আহিল” গ্ৰন্থৰ লেখক কোন ?

২. তলৰ যি কোনো পাঁচটা প্ৰশ্নৰ উত্তৰ লিখা : (2×5=10)

(ক) কি দুটা কাৰণত মানুহে কৃপণালি কৰে ?
(খ) পদ্মনাথ গোহাঞিবৰুৱাই ৰচনা কৰা দুখন নাটকৰ নাম লিখা ।
(গ) হেলেন কেলাৰৰ আত্মজীৱনীত থকা কি কথাই মানুহক কিতাপ অধ্যয়নৰ বাবে অনুপ্ৰাণিত কৰিছিল ?
(ঘ) হোমেন বৰগোহাঞিৰ দুখন চুটিগল্প পুথিৰ নাম লিখা ।
(ঙ) ভাৰতবৰ্ষৰ চাৰিবিধ জনপ্ৰিয় খেলৰ নাম লিখাঁ ।
(চ) 'পেৰেডাইজ লষ্ট’ৰ ৰচক কোন ? এই কাব্যখন কি ছন্দত ৰচিত ?
(ছ) প্ৰথম অসমীয়া এভাৰেষ্ট আৰোহণকাৰী দুজন কোন কোন আছিল ?
(জ) ‘ধনৰ ব্যৱহাৰ’ পাঠটিৰ ৰচক কোন আৰু ক’ৰ পৰা পোৱা হৈছে ?

৩. তলৰ যি কোনো তিনিটা প্ৰশ্নৰ উত্তৰ লিখাঁ : (4×3=12)

(ক) মানুহে ঋণক কিয় পাপৰ লগত তুলনা কৰে ?
(খ) ‘গৌৰৱ’ প্ৰবন্ধটোত প্ৰকৃত গৌৰৱৰ কাৰণ কি বুলি কোৱা হৈছে ?
(গ) “ৰূপৰ কিবা আচৰিত চুম্বক শক্তি আছে।” ব্যাখ্যা কৰা ।
(ঘ) “... কিন্তু যি সজ কিতাপ এখন ধ্বংস করে, বিবেচনাকে হত্যা কৰে।” কথাষাৰ ব্যাখ্যা কৰা।
(ঙ) হিমানী সম্প্ৰপাতৰ পিছত অভিযানকাৰী দলটিয়ে নিজৰ কেম্পলৈ গৈ বৰফৰ দৈত্যৰ ধ্বংসলীলা কেনেকুৱা দেখিছিল, লিখাঁ।

৪. তলৰ যি কোনো দুটা প্ৰশ্নৰ উত্তৰ লিখাঁ : (6×2=12)

(ক) পুৰণি কালত বিহুৰ সময়ত কেনেধৰণৰ খেল অনুষ্ঠিত হৈছিল, বিৱৰি লিখাঁ ।
(খ) গান্ধীজিৰ প্ৰথম অসম ভ্রমণ সম্পর্কে এটি টোকা প্ৰস্তুত কৰা ।
(গ) এডৱাৰ্ড গিবনৰ চমু পৰিচয় দিয়া ।
(ঘ) ড° হীৰেণ গোহাঁইৰ সাহিত্য-প্রতিভা সম্পৰ্কে চমুকৈ লিখাঁ ।

৫. তলৰ যি কোনো এটা প্ৰশ্নৰ উত্তৰ লিখা : (1×1=1)

(ক) ‘বিয়াৰ প্লেজেন্ট’ গল্পটোত থকা অসুখ হোৱা ছোৱালীজনীৰ নাম কি?
(খ) ‘বিয়াৰ প্ৰেজেন্ট’ গল্পটোৰ গল্পকাৰ কোন ?

৬. তলৰ যি কোনো এটা প্ৰশ্নৰ উত্তৰ লিখা : (2×1=2)

(ক) চৈয়দ আব্দুল মালিকৰ দুখন চুটিগল্প সংকলনৰ নাম লিখাঁ ।

 অথবা
(খ) চৈয়দ আব্দুল মালিকে কোনখন উপন্যাসৰ বাবে আৰু কিমান চনত সাহিত্য অকাডেমী বঁটা লাভ কৰে ?

৭. তলৰ যি কোনো এটা প্ৰশ্নৰ উত্তৰ লিখা : (4×1=4)

(ক) “মই বিয়ালৈ নগ'লোঁ” – কাৰ, কিয় বিয়ালৈ যোৱা নহ'ল, চমুকৈ লিখা ।


অথবা


(খ) ‘বিয়াৰ প্ৰেজেন্ট’ গল্পটোত মানৱতাবোধৰ কেনেদৰে প্ৰকাশ ঘটিছে, আলোচনা কৰা ।

৮. তলৰ যি কোনো তিনিটা প্ৰশ্নৰ উত্তৰ লিখাঁ : (1×3=3)

(ক) মাধৱ কন্দলি কোন যুগৰ শ্ৰেষ্ঠ কবি ?
(খ) বৰগীতবোৰ কি ভাষাত ৰচিত ?
(গ) আধুনিক অসমীয়া কবিতাৰ ‘দুৱাৰ মুকলি কৰোঁতা’ কবিজন কোন ?
(ঘ) “প্ৰতিমাখন সৰু কিন্তু নিভাঁজ সোণৰ” – কাৰ উক্তি ?
(ঙ) ‘মালিতা’ বা ‘আখ্যানমূলক গীত’ সমূহক ইংৰাজীত কি বুলি কোৱা হয় ?

৯. তলৰ যি কোনো চাৰিটা প্ৰশ্নৰ উত্তৰ লিখাঁ : (2×4=8)

(ক) ‘মধুৰিপু’ শব্দৰ দ্বাৰা কাক বুজোৱা হৈছে ?
(খ) লক্ষ্মীনাথ বেজবৰুৱাৰ কবিতাপুথি দুখনৰ নাম লিখাঁ ।
(গ) ভৱানন্দ দত্তৰ “ৰাজপথ” নামৰ কবিতাটো কোনখন আলোচনীৰ কোন সংখ্যাত প্ৰকাশ পাইছিল ?
(ঘ) শব্দাৰ্থ লিখা: ভিখাঁ, জাঁজি, মেনি ।
(ঙ) চন্দ্ৰকুমাৰ আগৰৱালাৰ কবিতাৰ প্ৰধান বিষয়বস্তু কি ?
(চ) চন্দ্ৰকুমাৰ আগৰৱালাৰ কবিতাপুথি দুখনৰ নাম লিখাঁ ।

১০. প্রসংগ-সংগতি বিশ্লেষণ কৰা (যি কোনো দুটা) : (4×2=8)

(ক) জগজনজীবন অঙ্কন জনাৰ্দন দনুজ্ঞ দনন দুবাৰী । মহদানন্দ, কন্দ, পৰমানন্দ নন্দনন্দন বনচাৰী ।
(খ) ধনাইৰে ছাঁতে ৰতনী নাই ঐ, কোনে তোৰ মুখলৈ চায় ।
(গ) ফুটুকাৰ তলতে যখিনী ছোৱালী, টুকটুক চাপৰি বায় ।
(ঘ) আন্ধাৰ ৰাতিৰ সুযোগ লৈ সমাজৰ চকুত ধূলি দিয়া জীৱিকা সন্ধানী ভদ্র-বনিতাৰ চৰণাঘাত লভিছা কত !
(ঙ) মৃত্যুৱে যদি অভিনন্দন জনায়, সেই মৃত্যু পাৰিজাত ফুল তাত দেৱতাৰ আশীৰ্বাদ আছে ।

১১. তলৰ যি কোনো এটা কবিতাৰ মূল ভাব লিখা : (6×1=6)

(ক) ৰাৱণক বিভীষণৰ সজ উপদেশ
(খ) লাচিত ফুকন
(গ) বনকুঁৱৰী

১২. তলৰ যি কোনো দুটা প্ৰশ্নৰ উত্তৰ লিখাঁ : (1×2=2)

(ক) ‘গোম সাপৰ বংশ’ – এই উক্তিৰ দ্বাৰা কাক নিৰ্দেশ কৰা হৈছে ?
(খ) কুশল কোঁৱৰৰ পিতৃ আৰু মাতৃৰ নাম কি ?
(গ) “পৰাধীন দেশৰ স্বাধীনতাৰ অৰ্থে মই প্ৰাণ দিম” – কাৰ উক্তি আৰু কোনটো দর্শনত এই উক্তিটো আছে ?

১৩. ২০ ছেপ্তেম্বৰৰ দিনা গহপুৰ থানাত অহিংসাৰে উদ্বুদ্ধ হৈ পতাকা তুলিবলৈ যোৱা কোন দুজন ব্যক্তিৰ মৃত্যু হৈছিল ? (2×1=2)

১৪. তলৰ যি কোনো দুটা প্ৰশ্নৰ উত্তৰ লিখাঁ : (4×2=8)

(ক) কুশল কোঁৱৰে জীৱনৰ বিদায় পৰত দেশৰ বাবে কি বাণী আগবঢ়াইছিল ?
(খ) সৰুপথাৰৰ ৰে'ল দুৰ্ঘটনাৰ বিষয়ে এটি টোকা লিখা ।
(গ) কুশল কোঁৱৰে স্কুল এৰাত দেউতাকৰ কিয় খং উঠিছিল ?

১৫. তলৰ যি কোনো এটা প্ৰশ্নৰ আলোচনা আগবঢ়োৱা : (6×1=6)

(ক) ‘কুশল কোঁৱৰ’ নাটকৰ নাৰী চৰিত্ৰ
(খ) স্বাধীনতা সংগ্রামী বৈকুন্ঠ বিহাৰী সিং আৰু শংকৰ বৰুৱাৰ স্বদেশপ্ৰেম

১৬. তলৰ যি কোনো এযোৰ শব্দৰ অৰ্থ লিখি পার্থক্য দেখুওৱাঁ : (2×1=2)

(ক) অণু, অনু
(খ) কাঁহ, কাহ
(গ) টান, তান

১৭. ভাব-সম্প্ৰসাৰণ কৰা (যি কোনো এটা) : (4×1=4)

(ক) শুই থকা শিয়ালে হাঁহ ধৰিব নোৱাৰে ।
(খ) “স্বদেশ স্বজাতিৰ উন্নতিৰ মংগল মন্দিৰৰ সিংহদুৱাৰ হৈছে মাতৃভাষা।”

১৮. উদাহৰণসহ লিখাঁ (যি কোনো এটা) : (4×1=4)

(ক) অসমীয়া ভাষাত চন্দ্ৰবিন্দুৰ ব্যৱহাৰ ।
(খ) অসমীয়া ভাষাত ‘ব’ আৰু ‘য়’ৰ ব্যৱহাৰ ।

-000-

Must Explore: AHSEC Class 11 All Subject PYQ's and Solved Papers



About the author

Team Treasure Notes
We're here to make learning easier for you! If you have any questions or need clarification, feel free to drop a comment we’d love to help!

Post a Comment