AHSEC Class 11 Assamese (MIL) Question Paper – Download & Prepare Smartly!
Looking for the ASSEB/AHSEC Class 11 Assamese (MIL) question paper 2015 to enhance your exam preparation? You’re in the right place! The Treasure Notes provides a complete collection of Assam Board Class 11 Assamese MIL papers from 2015 in PDF format. Our collection includes previous years’ papers, model papers, and sample papers to help you understand the exam pattern and focus on important topics. Whether you need the HS 1st Year Assamese MIL Question Paper 2015 or the latest ASSEB (erstwhile AHSEC) blueprint 2025, we’ve got you covered. Prepare smart and study confidently with The Treasure Notes, your trusted learning partner!
AHSEC Class 11 অসমীয়া (MIL) প্ৰশ্নকাকত – ডাউনল'ড কৰক আৰু স্মাৰ্টকৈ প্ৰস্তুতি লওক!
Assam Board 2015 চনৰ অসমীয়া (MIL) প্ৰশ্নকাকত PDF ৰূপত ডাউনল'ড কৰক, য'ত আগৰ বৰ্ষৰ প্ৰশ্নকাকত, মডেল পেপাৰ, আৰু নমুনা প্ৰশ্নকাকত উপলব্ধ। পৰীক্ষাৰ সফলতাৰ বাবে The Treasure Notes-ৰ ওপৰত ভৰসা ৰাখক!
2015
ASSAMESE (MIL)
Full Marks: 100
Time: Three hours
(The figures in the margin indicate full marks for the questions.)
১। যিকোনো চাৰিটা প্ৰশ্নৰ উত্তৰ লিখাঁ : (4×2=8)
(ক) সত্যনাথ বৰাই ৰচনা কৰা গীতৰ পুথিখনৰ নাম কি?
(খ) কুৰ্মৱলী বধকাব্যৰ ৰচক কোন?
(গ) ‘বিহু' শব্দৰ উৎপত্তি সংস্কৃতৰ কি শব্দৰ পৰা হোৱা বুলি ঠাৱৰ কৰা হৈছে?
(ঘ) কনুৱা চৰাইৰ প্ৰিয় খাদ্য কি?
(ঙ) বিহুক ধর্মীয় অনুষ্ঠান বুলিব পাৰিনে? আলোচনা কৰাঁ।
(চ) সাহিত্যক ‘মানৱতাৰ মগজু’ বুলি কোনে কৈছে?
(ছ) পৰ্বতাৰোহণ অভিযানক কি বোলা হয়?
২। যিকোনো চাৰিটা প্ৰশ্নৰ উত্তৰ লিখাঁ : (4×2=8)
(ক) বিশ্বপুথিৰ ৰচক কোন? বিশ্বপাঠ কি পাঠৰ অন্তৰ্গত?
(খ) পুৰণি অসমীয়া নাটৰ নিজ নাম কি? এইবিধ নাটত কেইটা অংক থাকে?
(গ) “মই নিজেই এখন নৰক” – কোনগৰাকী কবিয়ে কোনটো চৰিত্ৰৰ মুখত এই সংলাপটি আৰোপ কৰিছে?
(ঘ) আহোম যুগত শেন মেলাৰ বাবে কাক কাক নিযুক্তি দিয়া হৈছিল?
(ঙ) ডান্টে কোন দেশৰ কবি? তেওঁ ৰচনা কৰা বিখ্যাত কাব্যগ্ৰন্থখনৰ নাম লিখাঁ।
(চ) ইন্দ্রধ্বজ পূজা কোন মাহত আৰু কিয় পতা হৈছিল?
৩। যিকোনো তিনিটা প্ৰশ্নৰ উত্তৰ লিখাঁ :(3×4=12)
(ক) বধকাব্য বুলিলে কি বুজা? যিকোনো দুখন বধকাব্যৰ নাম লিখাঁ।
(খ) “বিজেতাই মানুহকহে পৰাস্ত কৰে, মানুহৰ মনক পৰাস্ত কৰিব নোৱাৰে।” – এই কথাষাৰ ব্যাখ্যা কৰাঁ।
(গ) সাহিত্যৰ প্ৰকাশভংগী (Style) সম্পৰ্কে কি জানা লিখাঁ।
অথবা
(ঘ) “বিশ্বজনীনতা সাহিত্যৰ এটা ডাঙৰ লক্ষণ” – ব্যাখ্যা কৰাঁ।
৪। যিকোনো তিনিটা প্ৰশ্নৰ উত্তৰ লিখাঁ : (3×1=3)
(ক) মাধৱ কন্দলি কোন শতিকাৰ কবি?
(খ) “ধনবৰ আৰু ৰতনী” কোন শ্ৰেণীৰ কবিতা?
(গ) জোনাকী আলোচনীৰ প্ৰথম সম্পাদক কোন আছিল?
(ঘ) দেৱকান্ত বৰুৱাৰ কবিতা পুথিখনৰ নাম কি?
(ঙ) ‘ৰাজপথ' কবিতাটিৰ কবিগৰাকীৰ ছদ্মনাম উল্লেখ কৰাঁ।
৫। যিকোনো চাৰিটা প্ৰশ্নৰ উত্তৰ লিখাঁ : (4×2=8)
(ক) ভটিমাৰ দুটা বৈশিষ্ট্য উল্লেখ কৰাঁ।
(খ) বশিষ্ঠ মুনি কোন? বশিষ্ঠাশ্ৰম ক’ত অৱস্থিত?
(গ) দেৱকান্ত বৰুৱাৰ কবিতাত কোনগৰাকী ইংৰাজ কবিৰ কবিতাৰ আৰ্হি দেখা যায়? সেই আৰ্হিক কি বুলি কোৱা হয়?
(ঘ) ৰোমান্টিক কবিতাৰ দুটা লক্ষণ উল্লেখ কৰাঁ।
(ঙ) ‘ৰাজপথ’ কবিতাটিত আধুনিক যুগৰ কোন সময়ৰ চিত্ৰ অংকিত হৈছে? কবিতাটি প্ৰথমে ক’ত প্ৰকাশ পাইছিল?
৬। যিকোনো দুটা প্ৰশ্নৰ উত্তৰ লিখাঁ : (2×5=10)
(ক) হেম বৰুৱাৰ দুখন কাব্যপুথিৰ নাম লিখাঁ।
(খ) পৰিবেশ কেইবিধ আৰু কি কি?
(গ) বিভীষণে ৰাৱণক কি কি সজ উপদেশ দিছিল? আলোচনা কৰাঁ।
(ঘ) জীৱাশ্ম শব্দৰ অৰ্থ লিখাঁ।
৭। যিকোনো দুটা উদ্ধৃতি ব্যাখ্যা কৰাঁ :(2×4=8)
(ক) উত্তম অধম যে মধ্যম কহে মন্ত্ৰ।
সত্ত্বৰ ত্ৰিবিধ কৰিবাক লাগে তন্ত্র।।
(খ) মৰম ভিখাৰী, বিচাৰিছোঁ দেৱী
প্ৰাণৰ অমিয়া মাধুৰী।
(গ) যি মৃত্যুৱে দহক জীৱন দিয়ে,
সেই মৃত্যু আত্মাৰ দৰেই অবিনশ্বৰ।
(ঘ) ত্ৰিশ দিন আৰু এঘাৰ দিনৰ গচকত হায় পৰি,
দুখুনী অসম জননীৰ দেহি কোঙা হ'ল হাত-ভৰি।
৮। যিকোনো এটা প্ৰশ্নৰ উত্তৰ লিখাঁ :(1×6=6)
(ক) বনকুঁৱৰী নাইবা ‘ৰাজপথ’ কবিতাৰ মূলভাৱ লিখাঁ।
(খ) বোমা বিস্ফোৰণ কোন শ্ৰেণীৰ দুৰ্যোগ?
(গ) দুৰ্যোগকেইপ্ৰকাৰৰ আৰু কি কি?
৯। পৰিৱেশৰ যিকোনো এটা উপাদান বিষয়ে চমুকৈ লিখাঁ : (1×6=6)
অথবা
ভূমিকম্পৰ সৈতে জড়িত যিকোনো চাৰিটা সম্ভাৱ্য সমস্যা উল্লেখ কৰাঁ।
১০। ভূমিৰ অৱনতি বিষয়ে এটা টোকা যুগুত কৰাঁ :(1×6=6)
অথবা
দুৰ্যোগ ব্যৱস্থাপনাৰ তিনিটা স্তৰ সম্পৰ্কে আলোচনা কৰাঁ।
১১। যিকোনো চাৰিটা প্ৰশ্নৰ উত্তৰ লিখাঁ :(4×2=8)
(ক) ‘কুশল কোঁৱৰ’ নাটকৰ গাঁওবুঢ়াজনৰ নাম কি?
(খ) ভাৰত ত্যাগ আন্দোলন কিমান চনত আৰম্ভ হৈছিল?
(গ) বৈকুণ্ঠ বিহাৰী সিং আচলতে কোন আছিল?
(ঘ) কুশল কোঁৱৰ নাটকখন কেইটা দৰ্শনত শেষ হৈছে?
১২। যিকোনো এটা প্ৰশ্নৰ উত্তৰ লিখাঁ :
(1×6=6)
(ক) কুশল কোঁৱৰক কিয় ফাঁচীৰ হুকুম দিয়া হৈছিল?
(খ) কুশল কোঁৱৰ নাটকৰ পিতৃৰ চৰিত্ৰ বিশ্লেষণ কৰাঁ।
১৩। যিকোনো দুটা প্ৰশ্নৰ উত্তৰ লিখাঁ : (2×4=8)
(ক) ঐতিহাসিক নাটক কাক বোলে? এইবিধ নাটকৰ দুটা বৈশিষ্ট্য উল্লেখ কৰাঁ।
(খ) উত্তম বৰুৱাৰ নাট্যকৃতি সম্পৰ্কে চমুকৈ লিখাঁ।
(গ) পদ্মনাথ গোহাঞিবৰুৱাৰ নাট্যকৃতি সম্পৰ্কে এটি টোকা যুগুত কৰাঁ।
১৪। তলত দিয়া যিকোনো চাৰিটা শব্দৰ অৰ্থৰ পাৰ্থক্য লিখাঁ :(4×2=8)
(ক) দীন – দিন
(খ) কথা – কঠা
(গ) অনু – অণু
(ঘ) হাত – হাট
অথবা
যিকোনো চাৰিটা শব্দৰ শুদ্ধ/অশুদ্ধ নিৰ্ণয় কৰাঁ :
(ক) সঁচা – সচা
(খ) চিঞৰ – চিঞৰ
(গ) নেওগ – নেওঁগ
(ঘ) আঁঠোটা – আঠোটা
১৫। ভাৱ সম্প্ৰসাৰণ লিখাঁ :(1×6=6)
(ক) ৰাইজে নখ জোকাৰিলে নৈ বয়।
অথবা
(খ) অভ্যাসৰ নৰ কৰ্ণপথে কৰে শৰ।
-0000-
Must Explore: AHSEC Class 11 All Subject PYQ's and Solved Papers
- ASSEB Class 11 Assamese (MIL) Question Paper 2014
- ASSEB Class 11 Assamese (MIL) Question Paper 2015
- ASSEB Class 11 Assamese (MIL) Question Paper 2016
- ASSEB Class 11 Assamese (MIL) Question Paper 2017
- ASSEB Class 11 Assamese (MIL) Question Paper 2018
- ASSEB Class 11 Assamese (MIL) Question Paper 2019
- ASSEB Class 11 Assamese (MIL) Question Paper 2021
- ASSEB Class 11 Assamese (MIL) Question Paper 2022
- ASSEB Class 11 Assamese (MIL) Question Paper 2023
- ASSEB Class 11 Assamese (MIL) Question Paper 2024